গৃহিনী | এগৰাকী নাৰীৰ সঁচা কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 2 | Emotional Assamese Sad Story By Sabitri Kashyap - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

গৃহিনী | এগৰাকী নাৰীৰ সঁচা কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 2 | Emotional Assamese Sad Story By Sabitri Kashyap

গৃহিনী - এগৰাকী নাৰীৰ সঁচা কাহিনী | ধাৰাবাহিক উপন্যাস | দ্বিতীয় খণ্ড | সাবিত্ৰী কাশ্যপ


: মা বিশাল ক'ত গৈছে??


     ভাত গৰাহ মুখত ভৰাই অলপ কেৰাহিকে শতৰূপালৈ চাই শাহুয়ে ক'লে,


: আৰম্ভ হ'ল আৰু তোমাৰ। কোন ক'ত গৈছে, কিয় গৈছে..?? সকলোৱে তোমাক সুধি যাব লাগে যেন পাওঁ!!


: নহয় মা। সি ইমান ৰাতিপুৱা একো নোখোৱাকে ওলাই গৈছে সেয়েহে সুধিলো।


: হ'ব তোমাৰ প্ৰশ্নৰ বজাৰখন ইমানতে সামৰা আৰু মোক শান্তিমতে ভাতখিনি খাবলৈ দিয়া।


     শাহুৰ কটু কথাখিনি শুনি তাইৰ আৰু একো ক'বলৈ সাহ নহ'ল।


◆◆◆◆◆◆◆◆◆◆


     এইজনী আৰু গোটেই দিন ঘৰত থাকি, একো কাম বন নাই বাবে কোন ক'লৈ যায়, কি কৰিছে কেৱল সেইবোৰে চাই থাকে। শাহুয়েকে তামোলখন মুখত ভৰাই অকলেই কথাখিনি কৈ আছিল। তেনে সময়ত শহুৰ আহি ক'লে,


: কি হে বাপুকণৰ (শংকৰৰ ককায়েক)

মা!! অকলে অকলে কাৰ লগত কথা পাতি আছা।


: নাই হে, আমাৰ এইৰ কথাকে পাতি আছো।


: এই মানে বোৱাৰীৰ কথা কৈছা তো!!


: হু...


: কিনো জেং লগালে তাই আকৌ??


: নাই এনেই যা-তা কথা সুধি মূৰটো গৰম কৰি দিছে।


: হয় নেকি!! তাইয়ো যে তোমাৰ মূৰটো গৰম কৰিব পাৰে, কথাটো মই আজিহে গম পালো। (অলপ ধেমেলীয়া সুৰত ক'লে)


     গিৰিয়েকৰ কথা শুনি শাহুয়ে চকুকেইটা ডাঙৰ কৈ মেলি অলপ সময় চাই খঙেৰে ক'লে,


: আপোনাৰো একো কাম বন নাই, সেয়েহে যি-টি কথা কৈ আছে। সিফালে তাই আৰু ইফালে আপুনি, দুয়ো মিলি মোৰ মূৰটো শেষ কৰিব যেন পাইছো।


: হ'ব দিয়াহে, মইনো ক'ত তোমাৰ মূৰটো শেষ কৰিলো। এনেই ধেমালী অকন কৰিলো দিয়া, ধেমালীকণো কৰিব নোৱাৰো নে তোমাৰ লগত!!

কি হ'ল নো তোমাৰ?? যাৰ বাবে তোমাৰ মাথাটো গৰম হৈ আছে। বোৱাৰীয়ে কিবা বেয়াকে ক'লে নেকি তোমাক??


: নাই হে বেয়াকৈ একো কোৱা নাই।


: তেন্তে কিয় ইমান খং উঠিল??


: খং উঠাৰ কথা কৈছে বাবে খং উঠিছে। মানে তাই আমাৰ সৰুকণৰ কথা সুধি আছিল। ক'ত গৈছে, কিয় গৈছে এইবোৰেই মোৰ মূৰটো বেয়া কৰি দিছে। যেন তাইহে তাৰ মাক হয়।


: অ এয়া কথা!! তুমিয়ে আৰু দেই! এইবোৰ কথা সুধাত তুমি আকৌ খঙাব লাগে নে???


: বোৱাৰীয়ে আমাৰ সৰুকণৰ বিষয়ে ভাল চিন্তা কৰে বাবেহে এইবোৰ কৈছে। বোৱাৰীয়েই দেখোন ঘৰৰ সকলো কাম কৰাৰ লগতে, আমাৰ সংসাৰখনো চম্ভালি আছে।


: থোৱাহে আপোনাৰ সংসাৰ চলোৱাৰ কথাবোৰ। বোৱাৰীৰ ইমান পক্ষ ল'ব নালাগে। তাই নথকাত আমাৰ সংসাৰ চলা নাছিল জানো! এতিয়াহে চলিছে আৰু!! আপোনাৰ মৰমৰ বোৱাৰীৰ গুণানুকীৰ্তন মোৰ ওচৰত নকৰে যেন কৈ দিছো।।


: ক'ত নো গুণানুকীৰ্তন কৰিছো?? যিটো সঁচা সেইটোয়ে কৈছো। তোমাৰ পিছত, এই সংসাৰখন আমাৰ মাজু বোৱাৰীয়েই ধৰি ৰাখিছে। কথাটো তুমিও জানা আৰু ময়ো জানো। গতিকে এইটো কথা তুমি, মই কোনোদিনাই অস্বীকাৰ কৰিব নোৱাৰো।


     সঁচা কথাটো শুনি শাহুয়ে কি ক'ব নক'ব একো বিচাৰি নাপালে। সেই কথাটো আওকান কৰি বেলেগ কথালৈহে যাব ধৰিলে। সেয়েহে ক'লে,


: হ'ব আৰু এতিয়া বন্ধ কৰক আপোনাৰ গুণানুকীৰ্তনৰ দোকানখন। মই এফালে যাব লগাও আছে, অথনি গাঁওৰ পল্লৱৰ মাকে মাতি থৈ গৈছে।


     শহুৰেও বুজিছে যে বোৱাৰীৰ ভাল কথাবোৰ শুনিব নোৱাৰি কথাবোৰ আওকান কৰিছে। সেয়ে এই বিষয়ে আৰু বেছি একো কথা নকৈ তাৰ পৰা আঁতৰি আহিল।


     শহুৰ-শাহুয়েকৰ কথাখিনি শতৰূপাই খিৰিকীৰ ফাঁকেৰে শুনি আছিল। শাহুয়েকৰ কথাখিনি শুনি বেয়া লাগিছিল। কিন্তু শহুৰৰ কথাখিনি শুনি তাইৰ মনটো ভাল লাগি গৈছিল। অন্তত: শহুৰেতো তাইক বুজি পোৱাৰ লগতে নিজৰ ছোৱালীৰ নিচিনা মৰমো কৰে। শতৰূপাৰ আজিও সেই দিনটোৰ কথাবোৰ স্পষ্টকৈ মনত আছে। বিয়াৰ পিছত এদিনাখন শাহুয়ে ভাত খাওঁতে কৈছিল,


: এইবোৰ কি সবজী বনাইছা? আমাৰ ঘৰৰ মানুহে এইবোৰ নাখায়। ঘৰৰ পৰা ৰন্ধা-বঢ়াৰ কামখিনিও ভালকে শিকি আহিব পৰা নাই নে?? আমিতো সংসাৰৰ সকলো কাম কৰিব পৰা আৰু আমাৰ ঘৰখন ভালকৈ ধৰিব পাৰা বুলিয়েই তোমাৰ দৰে যেন-তেন কৰি মেট্ৰিক পাছ কৰা ছোৱালী এজনীক বোৱাৰী কৰি আনিলো। নহ'লে তোমাক আমি আনিলো নে?? আমাৰ শংকৰৰ বাবে ছোৱালীৰ অভাৱ নাছিল বুজিছা। তুমি বহুত কামিলা বুলি শুনিয়েই আমি তোমাক বোৱাৰী কৰি আনিছো।


     নতুন বোৱাৰী হৈ আহিয়ে সামান্য সৰু কথা এটাত ইমানবোৰ কথা শাহুয়ে শুনাই দিয়াত শতৰূপাৰ মনটো একেবাৰে ভাগি গৈছিল। সেয়েহে ৰুমত সোমাই হুকহুকাই কান্দিবলৈ ধৰিলে। তাইৰ কান্দোনৰ ৰোল শুনি শহুৰে ওচৰত গৈ ক'লে,


: মই জানো আই, শাহুৰ কথাখিনি শুনি তোমাৰ বহুত  বেয়া লাগিছে। আৰু তোমাৰ বেয়া লগাটোও স্বাভাৱিক। কিন্তু মোৰ এটা কথা সদায় মনত ৰাখিবা, তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী হয়।...


    ... এইখন এতিয়া তোমাৰো নিজৰ ঘৰ। সেয়ে এইখন ঘৰৰ সকলো মানুহ এতিয়া তোমাৰ নিজৰ হয়। আৰু নিজৰ কোনো আপোনজন বেয়া হ'ল বুলি বা কটু কথা শুনালে বুলিয়েই তাক পৰ বুলি ভাৱিব নোৱাৰি। ভাল-বেয়া লৈয়ে এখন সংসাৰ চলে। গতিকে এইবোৰ এৰা-ধৰা কৰিয়ে তোমাৰ এই নতুন যাত্ৰা চলাই নিব লাগিব।…


     … মই ক'ব বিচৰা কথাটো তুমি নিশ্চয় বুজি পাইছা। মই জানো তুমি জনা বুজা ছোৱালী হয়। গতিকে বেছি বুজোৱাটো প্ৰয়োজনবোধ নকৰোঁ।…


     .... আৰু এটা কথা কওঁ শুনা, তোমাক শাহুয়েকে যিমানে কথা নুশুনাক কিয়, তোমাৰ গিৰিয়েক অৰ্থাৎ মোৰ ল'ৰাই তোমাক সিমানে মৰমেৰে আঁকোৱালি ৰাখিব। মই ভাৱো তুমি ইমান চিন্তা কৰাৰ একো নাই। কাৰণ তুমি যাৰ লগত গোটেই জীৱন থাকিবা সি খাটি সোণৰ হয়।…..


       শহুৰৰ কথাখিনি কোনো মাতবোল নকৰাকে তাই মনে মনে শুনি গ'ল। তেওঁৰ কথাই তাইক কষ্টৰ পৰা বহুতখিনি সকাহ দিলে। মনৰ সকলো দুখ, কষ্ট ইফালে সামৰি থৈ আজি এক নতুন সাহসেৰে আগুৱাই যোৱাৰ সংকল্প কৰিলে। শাহুৰ কথাৰ দৰে যিমানে ধুমুহা নাহক কিয়, তাই কেতিয়াও হাৰ নামানে। তেতিয়াৰ সেই দৃঢ় পণে তাইক হাজাৰ ধুমুহাৰ মাজতো, আজি অ'ত বছৰ পাৰ কৰাৰ সাহসকণ দি গৈছে।


      শহুৰৰ কথাৰ আচল সাৰমৰ্ম বুজি পাই তাই আজিলৈকে এই সংসাৰখন, সেই ধৰণেই এৰা-ধৰাৰ মাজেৰে চলাই নি আছে।


     অৱশ্যে শহুৰে কোৱা ধৰণে শংকৰেও আজিলৈকে কোনো অভাৱ নিদিয়াকে সকলো দিশে সুখী কৰি ৰাখিছে। কথাখিনি ভাৱি থাকোঁতে হঠাৎ কাপোৰত ধৰি গাত থপৰাই দিয়াত শতৰূপাই তৎমৎ খালে। পিছ ফালে ঘূৰি দেখে পাহি। তাই ক'লে,


: মা মোৰ ভোক লাগিছে? খাবলৈ ভাত দিয়া।


: ব'লা দিম। কিন্তু তাৰ আগত স্কুলৰ কাপোৰ-কানি খুলি, হাত-মুখ ধুই লোৱা।


     পাহিক কোলাত লৈ শতৰূপা বাৰ্থৰুমৰ ফালে সোমাই গ'ল।


আগলৈ.....


[ "গৃহিনী"ক অতি সোনকালে সকলোৱে মৰমেৰে আদৰি লোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 8.00 pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব। ]



Follow on- INSTAGRAM

প্ৰথম খণ্ডৰ লিংক -
          Read Now :

তৃতীয় খণ্ডৰ লিংক -

সন্তান জন্ম দিয়া যন্ত্ৰ -
          Read Now :

No comments:

Post a Comment