গৃহিনী - এগৰাকী নাৰীৰ সঁচা কাহিনী | ধাৰাবাহিক উপন্যাস | প্ৰথম খণ্ড | সাবিত্ৰী কাশ্যপ
: হেৰা ক'ত আছা??? মোৰ চচমাযোৰ আৰু ৰুমালখন বিচাৰি পোৱা নাই, অলপ চাই দিয়াচোন।
: গৈছো ৰ'ব।
"এই মানুহজন দেই, নিজে নিজৰ বস্তুবোৰ থৈ, নিজেই বিচাৰি নাপায়। ওচৰতে থৈওঁ অ'ত ত'ত বিচাৰি ফুৰে। কি যে এই মতা মানুহবোৰ আৰু!!" - চাহৰ চচপেনটো নমাই গেছটো অফ কৰি শতৰূপাই গিৰিয়েক শংকৰক উদ্দেশ্যি কথাখিনি নিজৰ মাজতে ভোৰভোৰাই ক'লে।
: এয়া লওঁক। ওচৰতে আছে দেখোন আৰু আপুনি বিচাৰি পোৱা নাই!!
: অ' এয়া দেখোন ওচৰতে আছে আৰু মই ইফালে বিচাৰি ফুৰিছো!!
: হয়, আপুনি সদায়ে তেনেকুৱা কৰে। ওচৰতে বস্তুসোপা থৈ চিঞৰী থাকে।
ঘৈনীয়েকৰ কথাখিনিত গুৰুত্ব নিদি শংকৰে নিজৰ কামতে ব্যস্ত থাকিল।
তাইয়ো আৰু একো নকৈ পাকঘৰলৈ সোমাই ডাইনিঙত গিৰিয়েকলৈ ভাতখিনি বাঢ়ি পুনৰ ক'লে,
: ভাতকেইটা বাঢ়ি দিছো, আহক খাওঁকহি।
: হু ... গৈছো।
গিৰিয়েকে কাপোন-কানি পিন্ধি ৰেডি হৈ বাঢ়ি থোৱা ভাতখিনি খাই প্ৰত্যেক দিনাৰ দৰে বাইকেৰে স্কুললৈ ওলাই গ'ল। গিৰিয়েকে ঘৰৰ পৰা ১৫ কি°মি দূৰৰ হাই-স্কুল এখনত হিন্দী বিষয়ৰ শিক্ষক হয়।
১৩ জন সদস্যৰে এক সৰু যৌথ পৰিয়াল, মা-দেউতা, দাদা-বৌ, ভাইটি-বোৱাৰীৰ লগতে এজনী ভনীয়েক। তাৰোপৰি চাৰিটা ল'ৰা-ছোৱালী অৰ্থাৎ ককায়েকৰ দুটা ল'ৰা আৰু নিজৰ এটা ল'ৰা, এজনী ছোৱালীৰে ভৰপূৰ সংসাৰ শংকৰৰ।
মাক-দেউতাকৰ দ্বিতীয় সুযোগ্য সন্তান শংকৰৰ লগতে একুৰি বয়স নহওঁতেই শতৰূপাৰ বিয়া হৈছিল। ঘৰখনৰ মাজু বোৱাৰী হোৱাৰ উপৰি ঘৰৰ একমাত্ৰ গৃহস্থ্য কৰা বোৱাৰী। কাৰণ ডাঙৰ বোৱাৰীয়ে চাকৰি কৰে আৰু সৰু বোৱাৰী পঢ়ি থকা বাবে দেউতাকৰ ঘৰতে থাকে।
গিৰিয়েকক খোৱাই-বোৱাই পঠিয়াই দি,ইফালে আকৌ ল'ৰা-ছোৱালী কেইটাক খোৱা-বোৱা দিয়াৰ লগতে টিফিন বনাই স্কুললে পঠিয়াবলৈ লৰালৰি লাগিলেই। তৎক্ষণাতে শতৰূপাৰ ৰাজধানী একপ্ৰেছৰ দৌৰ আৰম্ভ হয়। খৰখেদাকে নিজৰ সন্তান দুটিৰ লগতে ডাঙৰ জা জনীৰ দুটি সন্তানকো সমানে সকলোখিনি কাম কৰি দিয়ে।
ভাত খোৱাৰ পৰা টিফিনলৈ সকলোখিনি শতৰূপাই কৰিব লগা হয়। চাকৰি কৰা বাবে জা জনীয়ে ঘৰৰ কামখিনি কৰিবলৈ কেতিয়াবা সময়কণ নাপায়।
চাকৰিসূত্ৰে কেতিয়াবা গোটেই দিনটোৱে অ'ত ত'ত ঘূৰি ফুৰিবলগীয়া হয়। অৱশ্যে ঘৰত থাকিলেও জা-জনীয়ে ঘৰৰ কাম-বন প্ৰায় নকৰেই। কাৰণ যিমানে নহওঁক কিয়, ঘৰখনৰ ডাঙৰ বোৱাৰী হোৱাৰ লগতে চাকৰি কৰা বোৱাৰী হয়। সেয়ে শাহু-শহুৰৰ লগতে পৰিয়ালৰ সকলোয়ে অলপ সন্মানৰ চকুৰে চায়। কোনোবাই কিবা কথা ক'বলৈ হলেওঁ ভাৱি চিন্তিয়েই কয়।
ৰাতিপুৱা দোকমোকালিতে উঠি ৰাতি শোৱা পাটিলে নোযোৱা লৈকৈ শতৰূপাৰ কেৱল কাম আৰু কামেই। বিয়াৰ পিছৰে পৰা এইদৰে কাম কৰি এতিয়া প্ৰায় অভ্যস্তত পৰিণতেই হ'ল। ফলত তাইয়ো কোনো বিৰাম নোলোৱাকে নিয়াৰিকৈ কাম কৰি থাকিব পাৰে।
: মা, মা মোৰ জোতাযোৰৰ ৰছীখিনি বান্ধি দিয়া না??
সৰু বাবে জোতাৰ লেচক তাই ৰছী বুলি কয়। কণমানী পাহিয়ে দৌৰি-দৌৰি আহি ক'লে। ছোৱালীজনী সৰু হোৱা বাবে তাইক সদায়ে জোতাৰ লেচখিনি বান্ধি দিব লগা হয়।
: চাওঁ আহা পাহি। আজি পাহৰিলোয়ে তোমাৰ কথাটো। ব'লা ব'লা, সোনকালে গাড়ীখন আহি পাবহি।
তেনেতে পেপ-পেপ কৈ, পদূলিত স্কুলৰ বাচখনে হৰ্ণ বজাব ধৰিলে। সিহঁতক লৈ লগালগি শতৰূপা বাহিৰলৈ ওলাই গাড়ীখনত উঠাই, ডাঙৰকৈ উশাহ এটা এৰি লৈ শতৰূপাই কৈ উঠিল,
: ওঁ দিনটোৰ ডাঙৰ কামটো শেষ কৰিলো। এতিয়া লাহে লাহে ঘৰৰ বাকীখিনি কামত ধৰোগৈ।
: বৌ, মোৰ বাবে ভাত কেইটা বাঢ়ি দিয়াহি। এনেই আজি মোৰ কলেজ যোৱাত দেৰি হৈ আছে।
: গৈছো মাইনী (ননন্দ)।
: মাইনী, বিশাল (দেওৰেক) ক'ত? ৰাতিপুৱা তাক দেখা নাপালো। চাহ দিবলৈ গৈ দেখো সি ৰুমত নাই!!!
: অ' যোৱা কালি ক'ৰবাত যোৱাৰ কথা মাক কোৱা শুনিছিলো। তাতে গ'ল চাগে!!
: অ' হয় নেকি!! মোক কোৱা হ'লে একাপ চাহ তো বনাই দিব পাৰিলো হয়। এতিয়া নোখোৱাকে গোটেই দিন থাকিব লাগিব। তালৈ বৰ বেয়া লাগি আছে অ!!
: এ... বৌ আপুনি এনেই ইমানবোৰ ভাৱিছে। গোটেইদিন ক'তনো নোখোৱাকে থাকিব!!
: তথাপিও!!
: হ'ব, আপুনি আপোনাৰ দেওৰেকৰ কথাকেই ভাৱি থাকক, মই যাওঁ, বহুত দেৰি হ'ল।
ভাতকেইটা খায়ে মাইনী কলেজলৈ ওলাই গ'ল।
আগলৈ.....
[ আজিৰ পৰা আৰম্ভ কৰিলো "গৃহিনী" নামৰ এই ধাৰাবাহিক উপন্যাসখন। ইয়াত চাকৰি নকৰা অৰ্থাৎ ঘৰত গৃহস্থী কাম কৰা এগৰাকী নাৰীৰ কামৰ কিছু ছবি উপস্থাপন কৰা হ'ব। কাৰণ আমাৰ মানুহে ঘৰৰ কাম কৰা নাৰীক একো কাম নকৰা বা এনেই ঘৰত থকা বুলি কয়। আশা কৰো সকলোৱে 'গৃহিনী'ক সহযোগিতা আগবঢ়াব বুলি।
লগতে এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 8.00 pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব। ]
No comments:
Post a Comment