ভালপোৱা অবুজন মন
১৯ বছৰীয়া ছোৱালী এজনী তাইৰ ভালপোৱা ল'ৰাজনক কলে-
: মোৰ ২০ তম জন্মদিনত তুমি মোক কি উপহাৰ দিবা?
ল'ৰাজনে মিছিকিয়া হাঁহি এটা মাৰি কলে-
: এতিয়ালৈ দেখোন বহুত সময় আছে, সময় হলেই তুমি তোমাৰ উপহাৰটো পাই যাবা।
ভালে কেইদিন যোৱাৰ পিছত এদিন হঠাৎ ছোৱালীজনীয়ে অজ্ঞান হৈ পৰে। ঘৰৰ সকলোৱে তাইকলৈ অস্থিৰ হৈ পৰে। একোৱে বুজি পোৱা নাছিল ঘৰৰ মানুহে, হঠাৎ কিনো হ'ল তাইৰ?
তাৰ পিছত সকলোৱে মিলি তাইক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে বহুতো পৰীক্ষা-নিৰিক্ষা কৰাৰ পিছত তাইৰ পৰিয়ালৰ অভিভাৱকক জনায় যে, তাইৰ হাৰ্টত এটা ফুটা হৈছে। এতিয়া যদি আপাতকালীন ভাবে হাৰ্ট পৰিবৰ্তন কৰা নহয় তেনেহলে ৰিনাক বচাব পৰাটো সম্ভৱ হৈ নুঠিব!
চিকিৎসকৰ কথা শুনি সকলোৱে কান্দি কান্দি ভাগি পৰিল। ৰিনাৰ মা-দেউতাই বিষয়টো কোনোমতেই মানি লব পৰা নাছিল।
ৰিনাই ভালপোৱা ল'ৰাজনৰ নাম দিলো। দিলোৰ বিষয়ে ৰিনাৰ অভিভাৱকে ডাক্টৰক সকলো কথাই অৱগত কৰে আৰু কয় যে, তেও কোনোমতেই এইটো হবলৈ নিদিয়ে। তাৰপিছত দিলোক খবৰ দি অনা হ'ল।
দিলো বেচেৰা পাগল প্ৰেমিক!
পাগলৰ দৰেই আহি উপস্থিত হ'লহি চিকিৎসালয়ত। ৰিনাই থকা কোঠাটোলৈ সোমাই গল। গৈ দেখিলে তাৰ ভালপোৱাজনী বিচনাত শুই চটফটাই আছে। দিলোৱে ওচৰলৈ যাওতেই তাই কলে-
: দিলো, মই চাগে আৰু জীয়াই নাথাকো!
ৰিনাৰ চকুৰ পানী মচি দিলে দিলোৱে।
: কোনে কৈছে তুমি জীয়াই নাথাকা বুলি? ধেইৎ আজলি জনী! তুমি অতি সোনকালে ভাল পাই যাবা চাবা! মোৰ জানটো!
কথাখিনি শুনিয়ে ৰিনাই কলে-
: তুমি কেনেকৈ জানিলা? চিকিৎসকে দেখোন কৈছেই মোৰ হাৰ্টত এটা ফুটা ওলাইছে, আৰু মোক জীয়াই ৰখোৱাটো সম্ভৱ নহয়!
: ধেইৎ আজলি জনী ! তোমাৰ একো নহয় , চাবাচোন তুমি ভাল হৈ যাবা!
এইদৰে কিছুদিন যোৱাৰ পিছত ৰিনাই সম্পূৰ্ণ সুস্থ হৈ গল। চিকিৎসকে তাইক লামা দি পৰিয়ালৰ সৈতে ঘৰত পঠিয়াই দিলে। ঘৰলৈ লৈ যোৱাৰ পিছত ৰিনাই দিলোক বিচাৰি থাকে। দিলোক নাপাই ৰিনাই তাৰ ঘৰলৈ যায়। দিলো হতৰ ঘৰত কোনেও নাছিল। অৱশেষত দিলোৰ সৰু ভন্টিক লগ পায় তাই।
: মাইনা, তোমাৰ দাদাই কলৈ গৈছে?
দিলোৰ ভন্টিয়ে মুখেৰে একো মাতিব নোৱাৰিলে। মাত্ৰ হাতেৰে দেখুৱাই দি কলে-
: সৌটো দাদাৰ ৰুম। ৰুমটোত চাবা এখন টেবুল আছে। তাৰ ওপৰত এখিলা কাগজত তোমাৰ বাবে কিবা লিখি থৈ গৈছে।
ৰিনাই কথাখিনি শুনি দৌৰি সেই ৰুমৰ ভিতৰলৈ গল। গৈ দেখে তাতে সচাই তাইৰ মৰমৰ ভালপোৱা দিলো নাই! আছে মাথো এখিলা কাগজ। তাত লিখা আছিল-
"মৰমৰ জানটো,
মৰম লবা। আশা কৰো তুমি সুস্থ হৈ উঠি বৰ্তমান ভালে কুশলে আছা। মই জানো যিদিনাখন তুমি মোৰ এই চিঠিখন পাবা সিদিনা তুমি সম্পূৰ্ণ সুস্থ হৈ উঠিবা। ঠিক যেন আগৰ দৰে। যেনেদৰে মই তোমাক কৈছিলো। মই কৈছিলো নহয় তোমাৰ একো নহয় বুলি! হৈছেনে কিবা? হোৱা নাই!
তুমি মোৰ পৰা তোমাৰ ২০ তম জন্মদিনৰ উপহাৰ বিচাৰিছিলা নহয়! মই বহুত ভাবিছো, কিন্তু তোমাক কি উপহাৰ দিম ভাবি পোৱা নাছিলো। তোমাৰ অসুস্থতাৰ কথা যেতিয়া চিকিৎসকে কলে আৰু যেতিয়া কলে এটা হাৰ্টৰ প্ৰয়োজন, তেতিয়া মনত পৰিল তোমাৰ বাবে ইয়াতকৈও ভাল আৰু কি উপহাৰ হব পাৰে?
মোৰ হার্টটোৱে আছিল একমাত্র শ্রেষ্ঠ উপহাৰ! যিটো মই তোমাক দি গলো।
মনটো বেয়া নকৰিবা। মই আকাশৰ সৌ সিপাৰৰ পৰা তোমালৈ চাই থাকিম। ভালে ভালে থাকিবা! মোৰ কাৰনে দোৱা ও প্ৰাৰ্থনা কৰিবা নেদেখা জনলৈ! তোমাৰ জীৱনটোত সদায় শান্তিয়ে বিৰাজ কৰক।"
চিঠিখন পৰি ৰিনাই হুক হুকাই কান্দি দিলে।
আজিকালি প্ৰতিটো ক্ষণ ৰিনাই মনে মনে থাকে, কাৰো লগত বেছি মাত-বোল নকৰে। মাথো তাই নেদেখা জনৰ ওচৰত সদায় প্রার্থনা কৰে।
ভালপোৱা জনৰ পৰা জন্মদিনৰ উপহাৰ
বিচৰাটোৱে কাল হল তাইৰ বাবে
তাইৰ জীয়া জীৱনৰ বাবে
তাইৰ প্ৰেমৰ বাবে
প্ৰিয়জনে জন্মদিনত
কি উপহাৰ দিব পাৰে তাৰে চিন্তাত
তাই ভাবি ভাবি হাৰ্টৰ ৰোগী হলে কিন্তু প্ৰিয়জনে
তাইক সুস্থ কৰাৰ স্বাৰ্থত তেওঁৰ হার্টটোকে
তাইক দি দিলে উপহাৰ হিচাপে
গোটেই জীৱনৰ বাবে
ইয়াতকৈ দুখ-বেদনা আৰু কিবা হব পাৰেনে
কাৰোবাক সঁচা ভালপোৱাৰ বাবে !!
সঁচাই…..
দুখন সঁচা হৃদয়ৰ মিলনক হাজাৰ বাধাও
ধৰি ৰাখিব নোৱাৰে
কিন্তু যেতিয়া মিলনত বিচ্ছেদ হয়
কোনো সুখে জীৱনত শান্তি দিব নোৱাৰে।
No comments:
Post a Comment