তুমি মোৰ মাথোঁ মোৰ | এটা সঁচা প্ৰেম কাহিনীৰ মৃত্যুৰ আঁৰৰ ৰহস্য | Tumi Mur Mathu Mur | Barnali Pathak | Sad Assamese Love Story | Heart Touching Assamese Story | Emotional Axomiya Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তুমি মোৰ মাথোঁ মোৰ | এটা সঁচা প্ৰেম কাহিনীৰ মৃত্যুৰ আঁৰৰ ৰহস্য | Tumi Mur Mathu Mur | Barnali Pathak | Sad Assamese Love Story | Heart Touching Assamese Story | Emotional Axomiya Love Story

তুমি মোৰ মাথোঁ মোৰ

এটা সঁচা প্ৰেম কাহিনীৰ আধাৰত

     কিয় জানো ফোনটো বাজোতেই বুকুখন চিৰিংকৈ উঠিল। কিবা এটা যেন বেয়া খবৰ আছে!


     মোৰ আশংকাক সত্য প্ৰমাণ কৰি চিঞৰি উঠিল নীহাৰ,


: কি? কেতিয়া? কেনেকৈ?


     উচপ খাই তাৰ কাষ চাপি গ'লোঁ। ঘৰৰ পৰা ফোন আহিছে নেকি? মা-দেউতা বা ভাইটীৰ কিবা হোৱা নাইতো?


     নাজানো ফোনৰ সিপাৰে কোনে কি কৈছে, আকৌ কৈছে নীহাৰে,


: অহ মাই গড, কি ভয়ানক !


     নোৱাৰিলোঁ নিজকে ৰখাবলৈ,


: নিৰ… কোনে ফোন কৰিছে? কাৰ কি হৈছে?


    হাতেৰে ৰ'বলৈ ইংগিত দি পুনৰ সুধিছে নীহাৰে,


: কেতিয়া মানে পাবিহি? এতিয়া কোনখিনিত তহঁত?


: …….


: আচ্ছা… আমি ওলাই যাম অলপ পিছতে। তই ধৈৰ্য ধৰ, উপায়তো নাই।


    ফোনটো কাটি দিলে নীহাৰে, অধৈৰ্য হৈ চিঞৰিছোঁ,


: কাৰ কি হৈছে নীহাৰ? মাহঁতৰ একো হোৱা...


: সৌৰভ দাৰ এক্সিডেন্ট হ'ল মমী… হি ইজ ন ম'ৰ।


: কি?


পাগলৰ দৰে চিঞৰিছোঁ মই ।

সৌৰভ দা নাই আৰু !

কেনেকৈ হ'ব পাৰে ?


     ৰাতিপুৱা কথা পাতিছোঁ ৰাগিনীৰ লগত। দুয়োৰে কি ধুনীয়া ফটোও পঠিয়াইছিল তাই কান্ঠিলাংছুৰ পাৰৰ পৰা।


     নীহাৰে বিতংকৈ কৈছে কথাবোৰ।


    পানীমূৰত ৱাটাৰফলৰ কাষৰ পৰা ফটো  উঠাবলৈ গৈ পিছলি পৰিল সৌৰভ দা। কোনো মানুহো নাছিল ওচৰত, দ্ৰাইভাৰেও গাড়ীত বহি খানা খাই আছিল। ৰাগিণীৰ বিকট চিঞৰ শুনি সি দৌৰি অহালৈ পানীৰ বুকুত নোহোৱা হৈ গ'ল সৌৰভ দা।


     ৰাগিণীৰো অৱস্থা ভাল নহয়, শ্বকত একো কথা ক'ব নোৱাৰা হৈ আছে বোলে এতিয়াও। সৌৰভৰ বডী স্থানীয় পুলিচে উদ্ধাৰ কৰি পোষ্ট মৰ্টেমৰ কাৰণে পঠিয়াইছে। সৌমাৰ গৈছে ৰাগিণীক লৈ আনিবলৈ। সিয়েই ফোন কৰি ক'লে।


     উশাহ নোলোৱাকৈ খবৰটো দি ধপকৈ মোৰ কাষতে বহি পৰিল নীহাৰ।


     চকুযোৰ ভৰি আহিছে তাৰ। সৌৰভ-সৌমাৰ সম্পৰ্কীয় মামাকৰ ল'ৰা নীহাৰৰ। একে বয়সৰ হোৱাৰ বাবে ভাইতকৈ বেছি বন্ধুৰ সম্পৰ্ক নীহাৰ আৰু সৌমাৰৰ।


     ৰাগিণী আৰু মই মেজৰমেট আছিলোঁ কলেজত। ৰাগিণীৰ বিয়াত মই কইনাধৰা। সিহঁতৰ বিয়াতে চিনাকি হৈছিলোঁ নীহাৰৰ লগত।


     ডিগ্ৰী কৰিয়েই বিয়াত বহিল ৰাগিণী। পিছৰ বছৰত নিয়ৰ আহিল সিহঁতৰ জীৱনলৈ। মই এম. এছ. ছি. কৰি কলেজত সোমালোঁ। চাকৰিৰ সমান্তৰাল ভাৱে পি. এইস. ডি. কৰি নীহাৰৰ লগত বিয়াত বহালৈ নিয়ৰ ক্লাছ ওৱান পাইছিলগৈ। বৰ্তমান সি ক্লাছ এইটৰ ছাত্ৰ। আমাৰ পলতকৈ পূৰা আঠবছৰে ডাঙৰ সি।


    ইস... নিয়ৰৰ বা কি অৱস্থা হৈছে দেউতাকৰ খবৰটো পাই?


    ভাগ্যভাল যে সি যোৰহাটৰ মোমায়েকৰ ঘৰত থকা বাবে ৰাগিণী হঁতৰ লগত কাৰ্বি আংলং যোৱা নাছিল। নহ'লে চকুৰ সন্মুখতে দেউতাকৰ ইমান ভয়ানক দুৰ্ঘটনা!


     কিন্তু সৌৰভ দা অবিহনে ৰাগিণী আৰু নিয়ৰৰ কি হ'ব এতিয়া?


     নিশ্চুপ হৈ বহি পৰা মোক উদ্দেশ্যি কৈছে নীহাৰে,


: মমী… ব'লা, মামীহঁতৰ তালৈ এতিয়াই যাওঁ। মামীৰ বা কি অৱস্থা হৈছে চাগে!


     লগালগ কাপোৰ সলাই যাবলৈ সাজু হ'লোঁ।

পলক মাৰ ঘৰতেই থৈ যাম বুলি ঠিক কৰিলোঁ। এনে অৱস্থাত মামীহঁতৰ ঘৰলৈ তাক নিয়াতো সমীচীন নহ'ব।


    পলৰ কাপোৰ দুটামান বেগতে ভৰাই ওলাই আহিলোঁ দুয়ো। আইতাক-ককাকক দিগদাৰ নকৰিবলৈ সকীয়াই মাৰ হাতত পলক  গতালোঁ। পলে অৱশ্যে ভালেই পায় এইখন ঘৰত থাকি।


    মাহঁতো আচৰিত হৈছে সৌৰভ দাৰ খবৰটো পাই। ৰাগিণীৰ কথা ভাবি চকু সেমেকিছে মাহঁতৰো। ভাইটীও ওলাল আমাৰ লগত।


     পলক মাত দি আগবাঢ়িলোঁ নুনমাটিস্থিত ৰাগিণীৰ ঘৰলৈ।


কি অৱস্থাত বা আছে তাই ?

চকুৰ সন্মুখতে নিজৰ জীৱনসংগীৰ

ইমান ভয়ানক পৰিণতি !


     হে হৰি… কেনেকৈ জীয়াব বাৰু তাই এতিয়া?


     সৌৰভ দাক কেন্দ্ৰ কৰিয়েই ঘূৰি থাকিল আজি ইমান বছৰ। সৌৰভ দাই কোৱাৰ লগে লগেই নিজৰ কেৰিয়াৰ জলাঞ্জলি দি বিয়াত বহিল ইমান কম বয়সতে!


     একৈশ বছৰতেই নো আজিকালি কোনোবাই বিয়াত বহেনে? তাতে ৰাগিণীৰ নিচিনা পঢ়াত ভাল ছোৱালী এজনী!


    মই কৈও চাইছিলোঁ এবাৰ অন্তত এম. এছ. ছি. টো কৰি ল'বলৈ।


    ওঁহো.. সৌৰভ দাৰ প্ৰেমত বাউলী আছিল তাই। তাই কিবা ক'লেই একাষাৰ কথাই কৈছিল,


"তই নুবুজিবি মমী, প্ৰেমত পৰিলেহে গম পাবি"


    হয়, মই প্ৰেমত পৰিও নুবুজিলোঁ চোন। নীহাৰৰ প্ৰেমত পৰিওচোন মই ইমান সলনি নহ'লোঁ। হয়তো ৰাগিণীৰ বাবে প্ৰেমৰ সংজ্ঞাই বেলেগ আছিল।


     নিজকে সম্পূৰ্ণ সলাই পেলাইছিল তাই সৌৰভ দাৰ কাৰণে। পাগঘৰত সোমাই নোপোৱা ছোৱালীজনী পাকৈত ৰান্ধনী হৈ পৰিছিল বিয়াৰ পিছতে। চকুৰ পচাৰতে বহু কেইবিধ বনাই পেলাব পৰা ৰাগিণীক চিলনীৰ জীয়েক নাম দিছিলো আমি লগৰবোৰে।


     অকল ৰন্ধা বঢ়াতে নে ৰাগিনী?


     ৰাগিণী মানুহজনীয়ে সলনি হৈ গ'ল বিয়াৰ পিছত। কেজুৱেল পোছাক পিন্ধি ভাল পোৱা ছোৱালীজনীয়ে সদায় মেখেলা চাদৰ বা শাৰী পিন্ধিহে ভাল পোৱা হ'ল। তাই কয়, সৌৰভ দাই হেনো বেছি ভাল দেখে তাইক এনে পোছাকত।


     ঘৰখনো কি ধুনীয়াকৈ সজাই পৰাই ৰাখে! সঁচা অৰ্থত লখিমী তাই সৌৰভ দাৰ ঘৰৰ। আনকি ৰাগিণী জীৱনত অহাৰে পৰা সৌৰভ দাৰো দোপতদপে উন্নতি হৈছিল। স্ত্ৰীভাগ্যই চুই গৈছিল সৌৰভ দাক। ব্যৱসায়ত দিনক দিনে সফলতা লাভ কৰি গৈছিল।


     ৰাগিণী-সৌৰভ…

     আইডিয়েল কাপ'ল,

     মেড ফ'ৰ ইচ্ছ আডাৰ…


ক'ত যে বিশেষণ গোট খাইছিল দুয়োৰে যোৰাটোৰ বাবে।


     ৰাগিণীৰ প্ৰতিটো কথা সৌৰভ দাৰ নামেৰে আৰম্ভ হয়।


"সৌৰভে যে এইটো ভাল পায়.. সৌৰভে যে সেইটো বেয়া পায়…"


     এক কথাত সৌৰভ দা তাইৰ বাবে সূৰ্যতকৈ কম নাছিল। সৌৰভ দাক কেন্দ্ৰ কৰিয়েই জীৱন অতিবাহিত কৰা ৰাগিণীৰ জীৱনৰ আজি সূৰ্যটো খহি পৰিল।


কি কৰিব তাই এতিয়া?

উচপিচাই উঠিলোঁ মই।


    ৰাগিণীহঁতৰ ঘৰ পোৱালৈ বহু মানুহ গোট খাইছিল। কান্দি কান্দি মামীৰ গা বেয়া হৈ পৰিছিল, সৌমাৰৰ পত্নী চয়ানিকাই ডক্টৰক খবৰ দি মতাইছিল।


     এক পলকতে মৰিশালী হৈ পৰা ঘৰখনত বহি অপেক্ষা কৰি ৰৈছিলোঁ সকলোৱে ৰাগিণীহঁত ঘূৰি অহালৈ। যোৰহাটৰ পৰা ৰাগিণীৰ মাক-দেউতাক আৰু ককায়েক-বৌয়েকো আহি আছে নিয়ৰক লৈ।


কি ৰূপত আহিব বাৰু ৰাগিণী ?

পাৰিবনে নিজকে চম্ভালিব ?...


    বহুদেৰিৰ মূৰত আহি পাইছিল সৌমাৰৰ গাড়ীখন। সৌমাৰ আৰু তাৰ লগৰ বিমানে ধৰি নমাই আনিছিল ৰাগিণীক।


    ওঁহো.. ৰাগিণী নহয়, ৰাগিণীৰ মৃতপ্ৰায় শৰীৰহে যেন এয়া। মই আৰু চয়ানিকাই গৈ ধৰি লৈ আহিলো তাইক। মাতবোল নাই তাইৰ, চকুত চকুপানী এটোপো নাই। এক নিশ্চল মূৰ্ত্তি মাথোন।


    তাইক দেখি মামীয়ে আকৌ ৰাউচি যুৰি কান্দিব আৰম্ভ কৰিলে। নাই তথাপি হেতকেত নাই তাইৰ। যেন শ্রৱন শক্তিও হেৰুৱাই পেলাইছে তাই। উপস্থিত মানুহবোৰে গুণ্ গুণাবলৈ ধৰিছে। কিবা প্ৰকাৰে তাইক নকন্দুৱালে, তাইৰ ক্ষতি হ'ব পাৰে বুলি তৎপৰ হৈ পৰিছে সকলো।


     নিয়ৰক লগত লৈ কান্দি কান্দি ঘৰ সোমাইছে ৰাগিণীৰ মাক-দেউতাক। ৰাগিণীক সাৱটি কান্দিছে দুয়ো, নিয়ৰেও মাকৰ বুকুত সোমাই কেৱল উচুপিছে।


     নাই… ৰাগিণীৰ কোনো লৰচৰেই নাই। ভয় লাগিছে তাইৰ অৱস্থা দেখি মোৰ। তাইৰ কাষতে বহি ৰৈছোঁ গোটেই সময়খিনি।


     পোষ্ট মৰ্টেম কৰি বডী ঘূৰাই দিয়ালৈ ৰাতিয়েই হ'ল। ডেকা বয়সৰ পুত্ৰৰ শৱদেহত পৰি হিয়ালি-জিয়ালিকৈ কান্দিছে মামী আৰু ৰাগিনীৰ মাকেও। নিয়ৰো উচুপি বহি আছে দেউতাকৰ ভৰি শিতানত।


     ভৰি দিবলৈ ঠাই নোহোৱাকৈ ভৰি পৰিছে ঘৰটো। আত্মীয়, ওচৰ চুবুৰীয়াৰ লগতে সৌৰভ দাৰ অফিচৰ মানুহবোৰ, সকলোৱে খবৰ পায়েই দৌৰি আহিছে। আনফালে গধুৰ মনেৰেই শেষ যাত্ৰাৰ যোগাৰ কৰি থৈছিল সৌমাৰ-নীহাৰহঁতে।


     ঘৰুৱা নিয়মখিনি কৰি উপস্থিত পুৰুষ সকলে লৈ গ'ল সৌৰভ দাৰ নিষ্প্ৰাণ দেহটো নৱগ্ৰহলৈ। নিয়ৰকো লৈ গ'ল, সি মুখাগ্নি কৰিব। কান্দোনৰ ৰোল উঠিছে চাৰিওদিশে। প্ৰতিযোৰ চকুপানীৰে উপচা, অকল ৰাগিণী বাদ দি। ঘৰত বাকী ৰ'লোঁ অকল আমি তিৰোতাখিনি। নীহাৰে বাৰে বাৰে ৰাগিণীৰ যত্ন ল'বলৈ কৈ গ'ল মোক। পাৰিলে সৌৰভ দাৰ কথা কৈ তাইক কন্দুৱাবলৈ চেষ্টা  কৰিব কৈছে।


     চয়নিকাই মামীক চম্ভালিছে। ৰাগিণীৰ মাকক বৌয়েকে। মই ৰাগিণীক তাইৰ ৰুমলৈ লৈ গ'লো। উকা কপালেৰে বগাসাজ পিন্ধি হাতেৰে আঠুযোৰ সাৱটি পকাতে বহি থকা ৰাগিণীলৈ চাই থাকিব পৰা নাই মই।


কি যে ভগৱন্তৰ লীলা!

ইমান সুন্দৰ যোৰাটো দুদিনতে ভাঙি ছিগি

কি শান্তি পালে বাৰু ভগৱান টোৱে?


     ৰাগিণীৰ কাষ চাপি বহিলোঁ। কি কওঁ... একো ভাবি পোৱা নাই। আমাৰ ইমান দিনৰ বন্ধুত্বত ইজনীয়ে আনজনীক নিসংকোচে ঠাট্টা, পেংলাই কৰো। কিন্তু আজি কি বুলি সান্ত্বনা দিওঁ তাইক? নিজৰ সমস্ত হেৰুৱাই শিল হৈ পৰা মানুহজনীক কি বুলি চম্ভালোঁ বাৰু?


     লাহেকৈ কৈ গ'লোঁ,


: ৰাগি… ঐ ৰাগি, ধৈৰ্য ধৰ। বিধিৰ বিধান কোনে খণ্ডাব পাৰে বাৰু?


     নাজানো তাই শুনিছেনে মোৰ কথা। পুনৰ কৈ গ'লো,


: তই সাহসী হ'ব লাগিব ৰাগি। নিজৰ বাবে নহ'লেও নিয়ৰৰ কথা ভাবি নিজকে ঠিকে ৰাখিব লাগিব তই। সৌৰভ দাৰ সকলো সপোন এতিয়া তয়েই পূৰা কৰিব লাগিব ৰাগি। সৌৰভ দায়ে চাই আছে তোক, থাকিব সদায় তোৰ লগত।


: ওঁ… সৌৰভ থাকিব সদায় মোৰ লগত। সি সদায় মোৰেই হৈ থাকিব।


     সকাহ পাইছোঁ তাইৰ মাতষাৰ শুনি। তাইৰ হাতত ধৰি কৈছোঁ,


: এবাৰ কান্দ ৰাগি… বুকুৰ কষ্টবোৰ বৈ যাব দে।


     মোৰ হাতখন আঁতৰাই মোক আচৰিত কৰি কৈ উঠিল তাই,


: কিয় কান্দিম? কান্দিবলৈ কি হ'ল মোৰ?


    তাইৰ কথাত বুকুখন চিৰিংকৈ উঠিছে মোৰ, ৰাগিণী ঠিকে আছেতো?


    আকৌ কৈ উঠিল তাই,


: সৌৰভ মোৰেই হৈ থাকিব এতিয়া। আন কোনো আহিব নোৱাৰে এতিয়া আৰু আমাৰ মাজত।


: ৰাগিণী… কি বকিব ধৰিছ এইবোৰ?


: ঠিক কৈছোঁ মমী। সৌৰভৰ জীৱনত এতিয়া আৰু কোনো প্ৰিয়াশ্রী আহিব নোৱাৰে।


: প্ৰিয়াশ্রী?


     সৌৰভ দাৰ অফিচত কাম কৰা প্ৰিয়াশ্রী?


সৌৰভ দাৰ মৃতবডী দেখি কান্দি কান্দি বিয়াকুল হোৱা অফিচৰ মানুহজাকৰো মাজত তাইও আছিলতো! কিন্তু তাইৰ আৰু সৌৰভ দাৰ কি সম্পৰ্ক?


     মোৰ খুদুৱনি মাৰ নিয়াবলৈ একো সুধিবই লগা নহ'ল। আপোনমনে কৈ গৈছে ৰাগিণীয়ে,


: সৌৰভ আৰু প্ৰিয়াশ্রীৰ এফেয়াৰ চলি আছিল আজি বহুদিন ধৰি মমী। বহুত আগুৱাই গৈছিল দুয়ো। সৌৰভৰ বিজনেছ টোৰ, ৰাতি দেৰিকৈ ঘৰ সোমোৱা… পিছতহে গম পালো ৰহস্যটো।


: কেতিয়া? কেনেকৈ গম পালি তই? কোনে ক'লে তোক? কিজানি মিছা...


: ওঁহো… কোনেও ক'ব লগা নহ'ল। এগৰাকী পত্নীক কোনো প্ৰমাণ নালাগে মমী গিৰিয়েকৰ বিশ্বাসঘাটকতাৰ। সৌৰভৰ চাল চলনতে গম পাইছিলোঁ সকলো। তথাপি মনত এটা আশা আছিল কিজানি….


: তাৰ পিছত?


: তাৰ পিছত আৰু কি? তাৰ লক কৰি ফোনত সিহঁতৰ অন্তৰংগ ফটো, মেছেজ, মোৰ পৰা লুকুৱাব খোজা হোটেলৰ বিল… এই সকলোবোৰেই কৈ গ'ল মোৰ সপোনৰ সমাধিৰ বতৰা। সৌৰভৰ ফোনৰ লকটো নিয়ৰে এদিন খুলি দেখুৱাইছিল মোক। হয়তো অসাৱধান বশত সৌৰভে তাৰ সন্মুখতে খুলিছিল। সৌৰভ বাথৰুমত থকা সময়ত এদিন খুলি চালোঁ ময়ো। ভৰিৰ তলৰ পৰা মাটি খহি পৰিছিল মোৰ মমী।


: তাৰ পিছত? সৌৰভ দাই কি ক'লে তোক ৰাগি?


: তাক একো নুসুধিলো মই। সি মোক একো গম নোপোৱা বুলি নজনাকৈয়ে আগৰ দৰেই চলাই থাকিল সকলো। প্ৰিয়াশ্রীৰ লগত শুই অহা দেহাটোৰেই মোকো...


     থোকা-থুকি হৈছে ৰাগিণীৰ মাত, মই ভাবি নাপালোঁ কি কওঁ।


সৌৰভ দা আৰু প্ৰিয়াশ্রী?

কেনেকৈ পাৰিলে বাৰু তেওঁ?


     ৰাগিণীয়ে নিজৰ সকলো সপোন বাদ দি আঁকোৱালি লৈছিল এই সংসাৰখন। নিজকে পাহৰি কেৱল সৌৰভ দাৰ পত্নী আৰু নিয়ৰৰ মাক হৈ কটালে ইমান দিন! কলেজৰ সেই চঞ্চলা ছোৱালীজনীয়ে নিজৰ অস্তিত্বকে সলাই দিছিল সৌৰভ দাৰ প্ৰেমত।


সেই প্ৰেমৰ এয়া প্ৰতিদান দিলে তেওঁ ?

সেয়ে হয়তো ভগৱানে আজি…!!


     মোৰ তন্দ্ৰা ভাঙি কৈ উঠিল ৰাগিণীয়ে,


: মই সহ্য কৰিব পৰা নাছিলো মমী। বহুত ভাল পাওঁ মই সৌৰভক। সি কেৱল মোৰ, আমাৰ মাজত আন কোনো আহিব নোৱাৰে। সেয়ে...


     বুকুখন কঁপিছে অনামী আশংকাত,


: সেয়ে কি ৰাগি?


: সেয়ে সৌৰভক সদায়ৰ বাবে মোৰ কৰি ৰাখি দিলো।


: মানে? কি কৈছ এইবোৰ তই? তাৰ মানে...


: অ' মই, পানীমূৰত যোৱাৰ প্ৰোগ্ৰেম সেইকাৰণেই বনাইছিলোঁ। ব্যস্ততাৰ মাজতো সৌৰভে মানা কৰা নাছিল। হয়তো সি মোৰ সন্দেহ হোৱা বুলি ধৰিব পাৰিছিল। সেয়ে অলপদিনৰ পৰা মোক বহুত সময় দিয়া কৰিছিল। বিনা কাৰণত উপহাৰ, মোক ফুৰাবলৈ নিয়া, মোক ভুলাবলৈ কি যে কৰা নাছিল সি। তাক মই...


: তই কি কৈছ এইবোৰ ৰাগি? তই পাগল হোৱা নাইতো?


: অ… পাগল হৈছোঁ মই মমী। মোৰ প্ৰতিটো সপোন ত্যাগ কৰি অশেষ কষ্টৰে বনোৱা এই সংসাৰখন কি এনেকৈয়ে থানবান হৈ যাবলৈ দিম? মোৰ অতদিনৰ সাধনাৰ প্ৰতিফল কি এনেদৰেই দিব সৌৰভে? সি মোক নিঃস্ব কৰি পেলাইছিল। মই ভাঙি পৰিছিলোঁ মমী, সৌৰভৰ লগত আন কাৰো নাম জড়িত হোৱা মই নোৱাৰো সহ্য কৰিবলৈ। বহুত বেছি ভাল পাওঁ তাক, সেয়ে এৰিও যাব নোৱাৰোঁ। মোৰ চকুৰ সন্মুখতে তাৰ বুকুত আনে শোৱাতো কেনেকৈ সহ্য কৰিব পাৰোঁ তইয়ে ক?


: জানো তই সৌৰভ দাক পাহৰিব নোৱাৰা...


: ওঁহো… নোৱাৰোঁ, সেয়ে তাৰ শৰীৰটোক চিৰদিনৰ বাবে বিদায় দি দিলোঁ। সৌৰভ আৰু মোৰ প্ৰেমৰ অনুভূতিবোৰত জীয়াই থাকিব সদায় সি। কিন্তু প্ৰিয়াশ্রীৰ হ'বলৈ তাক মই সুবিধা নিদিলোঁ। সি ভবাই নাছিল। খুব মনোযোগ দি নৈৰ পাৰৰ পৰা ফটো উঠাই আছিল। দ্ৰাইভাৰক ইচ্ছা কৰিয়েই সেই স্পটটোলৈ নিয়া নাছিলোঁ।

বচ্… এক মুহূৰ্ত্ত… আৰু সকলো ঠিক হৈ গ'ল।

সৌৰভ মোৰ হৈ থাকি গ'ল…

সৌৰভ মোৰ হৈ থাকি গ'ল…


বাৰে বাৰে দোহৰাইছিল শেষৰ বাক্যটো তাই।

থকথকাই কঁপি উঠিছোঁ মই।


ইমান ভয়ানক সত্য ?

কি কৰো বাৰু এতিয়া মই ?

নীহাৰক কোৱা উচিত হ'বনে ?


     নীহাৰক ক'লেই সি নিশ্চয় পুলিচক খবৰ দিব। সৌৰভ ককায়েক তাৰ। নে কোনো মানসিক ৰোগৰ ডক্টৰৰ লগত কথা পতা ভাল হ'ব? ৰাগিণীৰ মানসিক স্থিতি সুস্থ যেন লগা নাই মোৰ। কিন্তু ডক্টৰেই হওক বা পুলিচেই হওক, নিয়ৰৰ কি হ'ব?


এফালে দেউতাকৰ ছলনা, 

আনফালে মাকৰ প্ৰতিশোধ…

এইবোৰেচোন শেষ কৰি পেলাব তাৰ জীৱন, তাৰ ভৱিষ্যত!


     উফ… কি ধৰ্ম সংকটত পৰিছোঁ বাৰু!


     মুখেৰে অসংলগ্ন কিবাকিবি বিৰবিৰাই চকুমুদি বহি আছে ৰাগিণী।


     ফোন বাজিছে মোৰ, নীহাৰে কৰিছে। কঁপা কঁপা হাতেৰে উঠালোঁ,


: নিৰ...


: মমী, আমি ওলাইছোঁ শ্মশানৰ পৰা। মামীহঁত আৰু ৰাগিণী ঠিকে আছেনে?


: ওঁ.. সোনকালে আহা।


     ফোনটো থৈ ভাবিছোঁ কি ক'ম নীহাৰক! সত্যক উদঙাই দিম নে ঢাকি ৰাখিম? একো ভাবি নাপালোঁ, দুহাতেৰে চুলিখিনি খামুচী বহি পৰিলোঁ।


     ৰাগিণীয়ে তেতিয়াও বিৰবিৰাই আছিল,


"সৌৰভ, বহুত ভাল পাওঁ তোমাক। তুমি মোৰ মাথোঁ মোৰ।"

"তুমি মোৰ মাথোঁ মোৰ"

~~সমাপ্ত~~


✍️             

পুলিচ বিষয়াৰ পত্নী -
             Read Now:

ফুলসৰ্য্যা দুই ভিন্ন নিশা -
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ -
           Read Now:

তুমি মোৰ মাথোঁ মোৰ
An Assamese Emotional
Love Story
Heart Touching Assamese Story
Sad Love Story In Assamese
Axomiya Story
"You Are My Head"
Written By
Barnali Pathak
The Lession Of Story
RAGINI
Daily Assamese Status
Photo- Rifa Deka

Jonak Axom ৰ ছোৱালীজনী
Tumi Mur Mathu Mur By Barnali Pathak
Sad Assamese Love Story

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment