মই দেউতাৰ ছোৱালী
যিদিনা মোৰ জন্ম হৈছিল
সেইদিনা দেউতায়ে মোৰ দুভৰিত চুমা খাইছিল ।
মাৰ কপালত চুমা খাই দেউতায়ে কৈছিল
হেৰা ঘৰলৈ লক্ষ্মীৰ আগমন
ধন্য হ'ল মোৰ জীৱন ।
দেউতায়ে বুকুত মোক শুৱাই লৈ
মহান মানুহৰ জীৱনীবোৰ শুনাইছিল
কনকলতা, কল্পনা চাউলা, জয়মতীৰ
কাহিনীবোৰ বাৰে বাৰে কৈছিল ।
দেউতায়ে মোক বোকোচাত লৈ
আত্মৰক্ষাৰ পাঠ শিকাইছিল
মাজে মাজে মোৰ দুচকুলৈ চাই
আনন্দতে চকুলো টুকিছিল ।
দেউতায়ে মাক কৈছিল
ঘৰত ছোৱালী থাকিলে
বাপেকবোৰ ৰজাৰ দৰে থাকে
ঘৰলৈ সুখৰ বাতৰি আহে ।
ঘৰত ছোৱালী থাকিলে
দেউতাকৰ হাঁহিবোৰ বাঢ়ি যায়
মাকৰ দুটা কাম কমি যায় ।
দেউতায়ে মাক বাৰে বাৰে কৈছিল
ছোৱালী আমাৰ জীৱনৰ অমূল্য সম্পদ
ছোৱালী ঘৰখনৰ মূল দুৱাৰ
তাইক শিক্ষা দিয়া কৰ্তব্য আমাৰ ।
দেউতাৰ বাবে মই মহাৰাণী
দেউতাৰ বুকুৰ মই ধপধপনি
দেউতাৰ বুকুৰ মই এটুকুৰা কলিজা
অমাৱশ্যাৰ নিশা জিলিকি থকা এটুকুৰা হীৰা ।
মই দেউতাৰ ছোৱালী
দেউতায়ে মোৰ সাহস
দেউতাৰ বুকুখন মোৰ জ্ঞানৰ সঁফুৰা
দেউতাৰ মিঠা চুমায়ে মোৰ জীৱনৰ প্ৰেৰনা ।
যিদিনা মোৰ বিয়া হৈছিল
সেইদিনা দেউতায়ে কৈছিল
সাহসেৰে জীৱন আগুৱাই লৈ যাবি
সত্যৰ পথ কেতিয়াও নেৰিবি
মোলৈ যদি মনত পৰে
মহান মানুহৰ জিৱনী পঢ়িবি
তাতেই মোক দেখা পাবি ।
তই দেউতাৰ ছোৱালী
আত্মৰক্ষায়েই তোৰ শিক্ষা
সৎ চিন্তায়েই তোৰ কৰ্ম
মানৱতাই তোৰ পৰম ধৰ্ম ।
দেউতাৰ কথা মানি
চলাই আছো সংসাৰ
জ্ঞানৰ বাণী নিজৰ সন্তানক বিলাইছো
মানৱতাৰ পথেৰে জীৱন গঢ়িছো ।
প্ৰহ্লাদ জ্যোতি বৰা
No comments:
Post a Comment