এছ আই অঞ্জনা
চিঠিখনে অজয়ক অলপ সকাহ দিলে। অন্ততঃ অঞ্জু তাৰেই হৈ আছে। চকুৰ আঁতৰ হ'লে যে মনৰো আঁতৰ হয় এই কথাষাৰ সত্য কেতিয়াও নহয়। দুখন হৃদয়ৰ সঁচা হেঁপাহ আৰু সঁচা মৰম থাকিলে এইবোৰ জঁতুৱা ঠাঁচৰ কোনো মূল্য নাই।
ভাল লাগিল অজয়ৰ মনটো।
অঞ্জুৱে মাতিছে তাক, সি যাব। লগ কৰি তাৰ মনৰ সকলো বতৰা দিব অঞ্জুক; অঞ্জুৰো মনৰ বাতৰি লৈ উভতি আহিব। যদি তাই সহাঁৰি দিয়ে আইনীভাৱে বিয়াখন পাতি থৈ আহিব। যদি তাই বাধা দিয়ে জোৰ নকৰে।
বল প্ৰয়োগ কৰি সি অঞ্জুৰ পৰা ভালপোৱা পাব নোখোজে। সম্পূৰ্ণ স্ব-ইচ্ছাৰে, ফৰকাল মনেৰে অঞ্জুৱে সমৰ্থন জনালেহে তাৰো ভাল লাগিব, সংসাৰখনো সুখৰ হ'ব। সপোনৰ সংসাৰ খনত সি কোনো বেমেজালি নিবিচাৰে, হয়তো অঞ্জুৱেও নিবিচাৰিব সি জানে।
সপোনবোৰ তেনেই চোওঁ চোওঁ অৱস্থা। এই যেন এতিয়াই থাপ মাৰি আনি কাষত বহুৱাই থ'ব, হাঁহিব, কথা হ'ব! এনেকুৱাই লাগে চাগে সপোনবোৰ বাস্তৱ হোৱাৰ আগ মূহুৰ্তত!
অঞ্জনাই যেন পাছফালৰ পৰা মাত এষাৰ লগাব, চুলিখিনি ধেমালিতে আউল-বাউল কৰি দিব তেনে এক উষ্ণ শিহৰণে ধুই নিলে অজয়ৰ চৌপাশ।
কিয় হয় এনেকুৱা? আগতেও হয় কিন্তু আজি অলপ ব্যতিক্ৰম; আজি ক'ৰবাত যেন বাস্তৱৰ স্পৰ্শ আছে, কল্পনা আৰু বাস্তৱৰ সানমিহলি ঘটিছে! ভাল লাগিল আজিৰ সময়খিনি অজয়ৰ।
আৰু কিমান দিন এনেকৈ থাকিব লাগিব অঞ্জুৰ অবিহনে? দিনবোৰক সামৰি লৈ অজয়ৰ ৰাতিবোৰৰ প্ৰতিটো ক্ষণেই গাভৰু হয়, উমাল হয় হেঁপাহবোৰ। কেতিয়াকৈ যাব পাৰিব বাৰু সি মনতে হিচাপ এটা কৰি চালে অজয়ে।
অহা মাহৰ ৬ তাৰিখে যাব লাগিব, যাব লাগিব নহয় যাবই। কথাবোৰ ভাবি ভাবিয়ে সি নিজৰ ৰুমলৈ গ'ল। চিঠিখন তাৰ প্ৰয়োজনীয় কাগজ-পত্ৰ থোৱা ফাইলটোতে সযতনে ভৰাই থলে, খামটো আৰু খামটো ফালোতে হোৱা সৰু টুকুৰাও।
সচা প্ৰেমত ধুলিকণাটিও বৰ মূল্যবান। সি খামটোৰ ফটা সৰু টুকুৰাটোলৈ চাই ভাবিলে। এৰা এই টুকুৰাটোতো অঞ্জনাৰ মৰম মিহলি হৈ আছে, হেঁপাহবোৰ থুপ খাই আছে।
নিজৰা বাই ভাত খাবলৈ মতাত সি ডাইনিং টেবুলৰ কাষত বহিলহি। নিজৰা বাই মনে মনে থাকিয়ে খোৱাৰ যোগৰ কৰি দিছে অজয়ক। মনটো অলপ বেয়াও লাগিল তাৰ। কিন্তু কোনো প্ৰকাৰে আজি মনটো বেয়া কৰিব নোৱাৰি, বেয়া কৰিব নোখোজে সি।
হাজাৰটা বেয়া লগাৰ ভিতৰত আজি ভাল লগা সময় অকণ পাইছে সি সেইয়া বিষাক্ত কৰিব নোখোজে। আজি কাৰোৱেই কথা নাভাবে, এদিনৰ বাবে হ'লেও স্বাৰ্থপৰ হ'ব খুজিছে। সেয়ে অঞ্জনাৰ কথা ভাবি ভাবি মনটো ফৰকাল কৰি ভাত কেইটা খাই উঠি আহিল সি।
টক্ টক্ টক্।
দুৱাৰত টোকৰ শুনি দুৱাৰ খন খুলি দিলেহি তাই।
"অজয় তুমি?"
"ওম মই।"
"আহাচোন ভিতৰলৈ, আহা।"
"অঞ্জনাৰ খবৰ পাইছোঁ মীৰা। তাকেই জনাওঁ বুলি আহিলোঁ তোমাক!"
"কি? ক'ত আছে? কি কাম কৰিছে তাই আজিকালি? আহিম কৈছে নেকি?"
"লাহে লাহে মীৰা লাহে লাহে, ৰবা মই কম নহয় ধৈৰ্য্য ধৰা।"
"তাইক বৰ আপোন কৰি লৈছিলো অ। তাইক বচাবলৈয়ে সিদিনা পুলিচক খবৰ দিব লগা হৈছিল। সপোনবোৰ তাইৰ ডাঙৰ আছিল কিন্তু এই সৰু এন্ধাৰ-মুন্ধাৰ ঘৰটোত থাকিনো কি সপোন পূৰণ হ'ল হেঁতেন।"
নিজকে কৈ থাকিল মীৰাই। মানুহ গৰাকীক অলপ বয়সে ম্লান কৰিছে। চকুৰ গুৰিবোৰ কলা পৰিছে। ছালবোৰ অলপ নিস্তেজ হৈছে। মেকাপ কৰি থকাৰ বাবে বৰকৈ ধৰিব নোৱাৰি, কিন্তু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি।
"মই ছয় তাৰিখে এবাৰ গৈ লগ কৰি আহোগৈ। ক'ত থাকে, সুবিধা-অসুবিধাবোৰ চাই আহোগৈ। তাৰ পাছত এপাক যাম আকৌ তোমাক লৈ। হ'বনে?
"যি ভাল দেখা! কিন্তু এবাৰ লগ পাবই লাগিব।"
"হ'ব বাৰু। এতিয়া উঠো!"
"চাহ!!"
"হ'ব বেলেগ এদিন।"
অজয় ওলাই গ'ল গাড়ীখন ষ্টাৰ্ট দি। মীৰাই তললৈ অজয় যোৱাৰ ফালেই ৰ' লাগি চাই থাকিল।
(আগলৈ.....)
[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় "এছ. আই. অঞ্জনা" প্ৰতিদিনে নিশা ন বজাত (9 pm) আপলোড কৰা হৈ থাকিব। অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা DailyAssameseStatus লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]
No comments:
Post a Comment