ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 2 | Nayan Nath | Sad Assamese Love Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 2 | Nayan Nath | Sad Assamese Love Story | Daily Assamese Status

ফুলশয্যাৰ অভিশপ্ত নিশা

    বহুতো উৎকন্থাৰ মাজেৰে সময়বোৰ উকলি গৈ আছে । অংকিত আৰু ময়ুৰীৰ বিয়াৰ দিন আহি পালেই । যিমানে বিয়াৰ পৰ্ব চমু চাপি আহিছে সিমানে ময়ুৰীৰ বুকুৰ ধপ-ধপনি বাঢ়ি গৈছে । 


      ময়ুৰীৰ ভয়ত জীৱ নাই । কি কৰিব তাই ? সহজ সৰল স্বামী অংকিতৰ সৈতে বিয়াৰ প্ৰথম ফুলশয্যা নিশা তাইৰ কি হব ? কথাবোৰ ভাবি ভাবি ময়ুৰীয়ে কেতিয়াবা দুখত ভাগৰি পৰে, আনফালে অংকিতৰ মনত আনন্দৰ সীমা নাই । 


      অংকিতৰ ঘৰত আজি সকলোৰে মাজত এটা হেঁপাহৰ যোৱাৰ জাগিছে । কাৰণ আজি হৈছে অংকিত আৰু ময়ুৰীৰ জোৰন । কাইলৈ বিয়া । 


     বহুতো আনন্দ স্ফুৰ্তিৰ মাজতে ওদালগুৰী জিলাৰ অংকিতৰ ঘৰৰ পৰা জোৰনৰ গাড়ী যাত্ৰা কৰিছে মংগলদৈ লৈ, কইনা ময়ুৰীৰ ঘৰ অভিমুখে । কিচুসময়ৰ যাত্ৰাৰ অন্তত জোৰনৰ গাড়ী আহি কইনা ঘৰৰ সন্মুখত উপস্থিত হল ।


      জোৰনৰ গাড়ীত অংকিতে ময়ুৰীলৈ বুলি হেঁপাহ পলুৱাই বহু বস্তু দি পঠাইছে । 


      অংকিতৰ মনত অপাৰ আনন্দ,

সি দি পঠোৱা বস্তু বোৰ পিন্ধাত ময়ুৰীক বা দেখিবলৈ কেনেকুৱা লাগিছে ? এবাৰ দেখা পোৱা হলে ! এই আশা বুকুত বান্ধি বাৰে বাৰে হাতত মোৱাইল লৈ জোৰনৰ গাড়ীত যোৱা মোমায়েকৰ ছোৱালী শ্ৰুতিক সি ফোন, মেছেজ কৰি কৰি সুধিয়ে আছে । 


     অংকিতৰ ফোনত শ্ৰুতি একপ্ৰকাৰ অতিষ্ঠ হৈয়ে কৈছে,


"উফ !! ৰবাচোন দাদা গাড়ীৰ পৰা নামিছোহে । মৰমৰ নবৌ জনীক মই দেখাই নাই । মই আগত চাই লওঁ নেকি, তাৰ পিচত তোক ফটো দিম দে । এতিয়া ফোনটো ৰাখক চোন আমি ভিতৰলৈ যাওঁ ।"


     শ্ৰুতিয়ে অংকিতৰ সৈতে ফোনত ব্যস্ত হৈ থাকোতে জোৰনৰ গাড়ীত অহা আয়তি সকলে ভিতৰলৈ লৈ আসন গ্ৰহণ কৰাত লাগিছিল । তাকে দেখি শ্ৰুতিও ভিতৰলৈ একপ্ৰকাৰ দৌৰি গৈয়ে নিদিষ্ট এখন আসনত বহি ময়ুৰীক চাবলৈ অপেক্ষা কৰিলে ।


     ৰাতিপুৱাৰ পৰা মৰিশালিৰ দৰে হৈ থকা ঘৰখন হঠাৎ জোৰনলৈ অহা আয়তিৰ আগমনত ময়ুৰীৰ ঘৰখন সজিব হৈ পৰিল ।


     গাঁওৰ ডেকা সকল দৰাঘৰীয়া অতিথিৰ বাবে ব্যস্ত হৈ পৰিছে ।


     বেছিসংখ্যক ডেকাই ৰন্ধন প্ৰনালীৰ বাবে ইতো-সিতো বস্তু বিচাৰি আৰু যোগাৰ কৰাত দৌৰা দৌৰি কৰিছে । যিবোৰ দৃশ্য ময়ুৰীয়ে ৰুমৰ ভিতৰৰ পৰা দেখিয়েই উচুপি উচুপি কান্দিছে । নিজকে প্ৰশ্ন কৰিছে তাই বাৰে বাৰে,


: পাৰিম জানো মই সচাকৈ অংকিতৰ অৰ্ধাংগিনী হৈ থাকিবলৈ ?


: যেতিয়া মোৰ সমস্যাৰ কথাবোৰ অংকিতে গম পাব, তেতিয়াও মোক আজিৰ দৰে সি মৰম কৰিবনে ?


: এতিয়া মোক লৈ দেখা তাৰ কল্পনাৰ পৃথিৱীখন বাস্তৱত পৰিনত কৰিবলৈ মান্তি হবনে ?


: নে অংকিতে মোক কুলক্ষনী বুলি আজিৰ দৰে মোলৈ থকা মৰমখিনি নোহোৱা হৈ মোক লগত নাৰাখিব ?


: যদি সম্পৰ্কত কিবা হয় তাইৰ কি হব ? 


     এটাৰ পাছত এটা প্ৰশ্নৰ উত্তৰ বিচাৰি মনৰ মাজতে হাবাথুৰি খাইছে ময়ুৰীয়ে । এনেতে তাইৰ মোমায়েকৰ ল'ৰা এজনে আহি কৈছে


"বলা ভন্তি বাহিৰলৈ । বাহিৰত সকলোৱে তোমাৰ বাবে ৰৈ আছে ।" 


     ডাংকোলাকৈ ময়ুৰীক ৰুমৰ পৰা উলিয়াই আনি দাদায়েকে আয়তি সকলৰ আগত বহুৱাই দিলে । ময়ুৰীক দেখিয়ে দৰাঘৰীয়া আয়তি সকলে অংকিতৰ মাকলৈ চাই কলে,


"উফ!! বাইদেউ আপোনাৰ এইখন কপাল দে । পুত্ৰৰ বাবে একেবাৰে সাইলাখ স্বৰ্গৰ অপেশ্বৰী এজনী বোৱাৰী পালে, আপোনাক আৰু কি লাগে"


      গাঁওৰ সকলো মানুহৰ প্ৰশংসা শুনি অংকিতৰ মাকে এটি হাঁহি মাৰি জোৰনৰ বস্তুবোৰ এপদ এপদ কৈ ময়ুৰীলৈ বুলি আগবঢ়াই দিছে । অংকিতে ময়ুৰীলৈ জোৰনত পঠাই দিয়া সকলোবোৰ অলংকাৰ পিন্ধাই দিয়াত গোটেই ময়ুৰী জনী পূৰ্নীমাৰ জোনৰ দৰে উজ্বলি উঠিছে ।

     বহুসময় ধৰি শ্ৰুতিৰ পৰা অংকিতে কোনোধৰনৰ ফোন, মেছেজ নাপাই মনটো বাৰে বাৰে ময়ুৰীৰ ওচৰলৈ উৰা মাৰিছে । তাৰ উৰনীয়া মনক বান্ধিব নোৱাৰি পুনৰ ফোন লগাইছে,


"হেল্ল শ্ৰুতি"


"অ দাদা কোৱা ?"


"কোৱা মানে, "তুমি চোন ফটো দিয়াই নাই কিয় ?"


"ফটো দিয়া নাই ? মানে কাৰ ফটো ?"


"কিয় ময়ুৰীৰ আকৌ । নে এতিয়ালৈ ময়ুৰীক দেখাই নাই ?"


"ময়ুৰী ৱৌক দেখিছো বাৰু, কিন্তু আপোনাক ফটো দিব নোৱাৰিম ।"


"কিন্তু কিয় ?"


"বৌয়ে দিবলৈ মানা কৰিছে ।"


"কি কলা? ময়ুৰীয়ে দিবলৈ মানা কৰিছে । চাও এবাৰ তাইক ফোনটো দিয়াছোন, সোধো মই কিয় ফটো দিবলৈ মানা কৰিছে ।"


"তই বাৰু পাগল হলি নেকি দাদা । নৱৌ এ এতিয়া সকলো বাদ দি মানুহৰ মাজত তোৰ সৈতে কথা পাতিব ?? তোৰ মগজতো গল যেন পাইছো ।"


"মগজ যোৱা নাই ঠিকে আছে । ইমান ডাঙৰ ডাঙৰ কথা কব নালাগে । বাৰু কোৱাচোন, ময়ুৰীক দেখিবলৈ কেনেকুৱা লাগিছে ?"


"একেবাৰে মজা দাদা, তোৰ পচন্দ মানিব লাগিব ।"


"হয়নে !!"


"উম"


"ঐ শ্ৰুতি দিয়ানা এখন ময়ুৰীৰ ফটো, মোৰ চাবলৈ বৰ মন গৈছে ।"


"না নহব । বিয়াৰ আগত দৰাই কইনাৰ মুখ চাব নাপায় ।"


"ও হয় নেকি । কিন্তু এইটো নিয়ম মই আগতে কতো শুনা নাছিলো ।"


"মই নিজে উলিয়াইছো হিঁ-হিঁ-হিঁ"


"তই তাৰমানে সচাই ফটো এটা নিদিও?"


"না না, নিদিও । কলোচোন, বিয়াৰ আগত দৰাই কইনাৰ মুখ চাব নাপায় ।"


"ঠিক আছে নালাগে দিব তই ফটো দিব । কিন্তু মই তোলৈ এটা বস্তু আনি থৈছিলো যে সেইতো আৰু তোক নিদিওঁ । মৌচুমিকে দি দিম ।"


"ঐ দাদা, কি বস্তু আনিছ তই মোলৈ ??"


"কিয় কম? তই ফটো এটা দিয়া হলে দিলোহৈ তোমাক ।" 


"ঠিক আছে দিম বাৰু বৌৰ ফটো । তই কিন্তু মোলৈ অনা বস্তুতো মৌচুমিক নিদিবি ।"


     শ্ৰুতিয়ে অংকিতৰ ফোনৰ সংযোগটো কাটি ময়ুৰীৰ ওচৰলৈ গলে,


"চাওঁ নৱৌ, একপি তোমাক ফটো মাৰো, এবাৰ হাঁহি দিয়াছোন, তেতিয়া দাদাই আৰু পাগল হব তোমাক দেখি"


     শ্ৰুতিৰ কথা শুনি ময়ুৰীয়ে লাজতে ৰঙা চিঙা পৰিল । তাই শ্ৰুতিলৈ চাই এটি মিছিকিয়া হাঁহি মাৰিলে আৰু সেই চেগতে শ্ৰুতিয়েও ময়ুৰীৰ একপি ফটো মাৰি অংকিতলৈ পঠিয়াই দিলে ।


     শ্ৰুতিৰ পৰা যোৱা ফটোখন চাই অংকিতে চকু টিপ মাৰিবলৈয়ো পাহৰি গৈছিল । বাৰে বাৰে কৈ উঠিছিল সি,


"এইজনী এ মোৰ ময়ুৰীজনী হয়নে ! শিৰৰ সেন্দূৰ খিনিৰে চোন দেখিবলৈ কি ধুনীয়া লাগিছে !!"

     এনেকৈয়ে সুখ-দুখ, হাঁহি-কান্দোনৰ মাজেৰে 

জোৰনৰ দিন পাৰ হৈ বিয়াৰ দিন আহি পালে । আজি অংকিত আৰু ময়ুৰীৰ বিয়া ।


     অংকিতৰ ঘৰত ৰাতিপুৱাৰ পৰাই এক উখল-মাখল পৰিবেশ, পদূলি মুখতে বেণ্ড পাৰ্টিৰ জোৰাই গোটেই ঘৰখন ৰজন-জনাই কৰি তুলিছে ।


     বিয়ালৈ মানুহ আহিছে, খাইছে আৰু গৈছে । অংকিতৰ সেইবোৰ বেছি মন-কাণ নাই । বাৰে বাৰে তাৰ মনটোয়ে উৰা মাৰিছে ময়ুৰীৰ কাষলৈ ।


     গোটেই দিনটো তাৰ বহুতো উৎকণ্ঠাৰ মাজেৰে পাৰ হৈ গল । লাহে লাহে ধৰিত্ৰীৰ বুকুলৈ এন্ধাৰ নামিছে । সন্ধিয়াৰ সময়খিনি উলহ-মালোহেৰে পাৰ হৈ গল ।


     দৰাৰ যাত্ৰা লগ্ম পৰিছে ৯ বাজি ৩৪ মিনিট । কইনাৰ ঘৰ যাবলৈ সকলোৱে যা-যোগাৰ কৰিছে । ঘৰৰ পদূলি মুখত সময় মতে Ultra বাছখন আহি উপস্থিত হৈছে । অংকিতে সম্পূৰ্ন ৰূপে সাজু হৈ যোৱাৰ আগত আকৌ এবাৰ তাৰ ৰুমটোত সোমাই ময়ুৰীলৈ ফোন লগালে,

 

"ঐ কলিজা, কি কৰি আছা ?"


"কি বুলি মাতিলে মোক আপুনি ?"


"কিয় কলিজা বুলি । বেয়া পালা নেকি এনেকৈ মতাৰ বাবে ?"


"নাই পোৱা দিয়া ।"


"হুম, পিছে কি কৰি আছা নকলা যে ?"


"আজি আৰু কি কৰিম, নাজানে নেকি ?"


"নাজানো নো"


"আপোনালৈয়ে অপেক্ষা কৰি আছো ।"


"হুম এবাৰ ভিদিঅ' কল কৰো, চাৱলৈ বৰ মন গৈছে ।"


"ধেৎ, মানুহে কি ভাৱিব এতিয়া, এনেকৈ ভিদিঅ কল কৰিলে !! নালাগে দিয়ক ।"


     অংকিতে তাইক আৰু যোৰ নকৰিলে । "ঠিক আছে হব" বুলি কৈ সি ফোনটো ৰাখিলে । গোটেই ঘৰখন আয়তিৰ উৰুলিত জাওঁৰি মাৰি উঠিছে । দৰাৰ সাজেৰে অংকিত আগুৱাইছে পদূলি মুখত ৰখাই থোৱা ফুলেৰে সজ্জিত বাঁহন খনলৈ । 


যথাসময়ত পুৰোহিতৰ নিয়ম শেষ হল । অংকিত সখিয়েকৰ সৈতে এখন সৰু গাড়ীত বহাৰ লগতে অন্য বিশেষ বাহনখনে মংগলদৈ অভিমুখে ঢাপলি মেলিলে কইনা ময়ুৰীৰ ঘৰলৈ ।


     কিছুসময় যাত্ৰাৰ অন্তুত নিজৰ গন্তব্য স্থানত গৈ দুয়োখন গাড়ী উপস্থিত হৈছে । মুখত ৰুমাল লৈ সখিয়েকৰ কলা ছাতিৰ আৰত অংকিতে গাড়ীৰ পৰা নামিছে । কইনা ঘৰৰ পদূলিত পদধুলি দিয়াৰ লগতে বেণ্ডপাৰ্টিৰ সুৰৰ লহৰে পৰিবেশতো উখল-মাখল কৰিছে,


"শংকৰে সিছে নামৰ কঠিয়া"

"অসমীয়া হব বুলি ৰখিয়া"


     ময়ুৰীৰ সম্পৰ্কীয় ভনীয়েক এজনীয়ে আহি অংকিতৰ ভৰি ধুৱাই দিয়াৰ লগতে মোমায়েকৰ লৰাটোৱে আহি তাক ডাংকোলাকৈ আনি হোমৰ গুৰিত বহুৱাই দিলে ।


      পুৰোহিতে এফালৰ পৰা মন্ত্ৰ পাঠবোৰ কৰি গৈছে । দৰাৰ সকলো নিয়ম শেষ কৰি ময়ুৰীক হোমৰ গুৰিলৈ মৰমেৰে মাতিবলৈ পুৰোহিতে অংকিতক অনুমতি দিছে । পুৰোহিতৰ অনুমতি পাই অংকিতৰ খুব ভাল লাগিছে । সি হোমৰ গুৰিত থিয় হৈয়ে মাত লগালে,


"মইনা কলিজা, ওলাই আহা"


     অংকিতে ময়ুৰীক এনেকৈ মতাত কইনা ময়ুৰীক উলিয়াই অনাত ৰভাতলিত বহি থকা ডেকাল'ৰা সকলে চিঞৰ-বাসৰ লগাইছে,


"কইনাজনী বিউটিফুল"

"Wow কইনাজনী Beautifull"

"দৰা বৰ লাকি"

"দেখাইহে কান্দিছে কইনাই, ভিতৰি হাঁহি"

"ঐ ঐ ভিতৰি হাঁহি"


আগলৈ……..


[ বিঃদ্ৰঃ: এই উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


প্ৰথম খণ্ডৰ লিংক -

           
তৃতীয় খণ্ডৰ লিংক -

             Read Now :

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক
ব্যতিক্ৰমী কাহিনী


An Assamese Love & Sad Story
Heart Touching Assamese Story
Emotional Assamese Love Story New
Sad Assamese Love Story
Axomiya Story
"Cursed Nightmare -
Another Exceptional Story"
Serial Novel
Written By
Nayan Nath
The Lesson Of Story
MAYURI
Daily Assamese Status
Fulsajyar Ovisapta Nixha By Nayan Nath

No comments:

Post a Comment