এছ আই অঞ্জনা
সময়বোৰে বৰকৈ প্ৰতাৰণা কৰিছে অজয়ক। কি কৰিব ভাবিয়ে পাৰ পোৱা নাই। ক'ত ভুল হৈছে বাৰু তাৰ? অঞ্জনাক লগ নোপোৱা আজি প্ৰায় দুবছৰ তিনিমাহ হৈছে। ক'ত বা পষ্টিং হ'ল তাইৰ সেইয়াও নাজানে সি। গম পোৱা হলে লগ কৰিবলৈকে গ'ল হেঁতেন কিন্তু দুৰ্ভাগ্য সি নাজানে। সি বাৰু নাজানে কিন্তু অঞ্জনাই তো জানে তাৰ ঠিকনা, তাইতো আহিব পাৰে?
এইকেইদিন তাৰ অলপ বেছিকৈয়ে মনত পৰিছে অঞ্জনালৈ। হয়তো চলি থকা পৰিস্থিতিৰ বাবেই। কি কৰিব বাৰু সি? এনে পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব বুলি সি সপোনতো ভবা নাছিল। আপোন মানুহবোৰেই কৰে প্ৰতাৰণা, বিশ্বাসঘাটকতাৰ দৰে জঘন্য কামবোৰ।
অজয় এতিয়া সম্পূৰ্ণ সুস্থ। মিলনৰ সময়ত যিডাল শিৰেৰে শুক্ৰানু নিসৰণ হয় সেই শিৰডাল দুখ পোৱাৰ ফলত বন্ধ হৈ গৈছিল, তেজ অলপো গোট খাইছিল। মাজে মাজে বিষ হৈছিল অজয়ৰ কিন্তু লাজতে কাকো কোৱা নাছিল। অৱশ্যে ডাক্তৰৰ আগত সকলো মুকলিকৈ কৈছিল সি, যাতে কোনো ধৰণৰ খোট ৰৈ নাযায় পুনৰাই।
অজয়ে আকৌ এনে ভুল কৰিব নোখোজে। কিন্তু মুনুৰ লগত ঘটা ঘটনাটোৱেহে তাক বিমোৰত পেলাইছে। যদি পল্লৱে তাইক গ্ৰহণ নকৰে তেন্তে কি কৰিব বাৰু সি?
মুনুহতেঁ তাক নিজৰ ককায়েকৰ দৰে শ্ৰদ্ধা কৰে, ভক্তি কৰে। নিজৰা বাইক কথাটো ক'বলৈ কোনো শব্দই সি বিচাৰি নাপাই। কেনেকৈ উদ্ধাৰ কৰিব বাৰু সিহতঁক। নিজৰা বাইৰ চকুহাল সোমাই গৈ গাঁতত সোমাল। মুনুৰটো অৱস্থাই বেয়া। ভাত-পানী খাবলৈ এৰিয়ে দিছে।
অজয়ে যিমান পাৰে পল্লৱক বহুত বুজাইছে। কিন্তু পল্লৱে ভয় খাইছে মাকক লৈ। মাকে হেনো যিকোনো প্ৰকাৰেই মানি নলয়। গুৰি নথকা গছৰ ফল হেনো মাকে গ্ৰহণ নকৰে।
পল্লৱৰ মাকৰ মতে,
মুনুহত হেনো জাৰজ ; মাকে এনেকৈ ঘূৰি ফুৰোঁতে কাৰ লগত বা শৰীৰৰ ভাগ-বতৰা কৰি মুনুহতঁক জন্ম দিছে তাৰ কোনো ঠিকনা নাই।
অজয়ৰ সহ্য নহ'ল সেইদিনা সেইবোৰ কথা শুনি, অজয়ো বহুত কিবাকিবি কৈ দিছিল পল্লৱৰ মাকক।
পল্লৱে স্পষ্টকৈ মাকৰ আগত কৈছে যে
মুনুৰ লগত সি নিশা কটোৱাটো হয়, মুনুৰ গৰ্ভত যি সন্তান আছে সেইয়া পল্লৱৰে। কিন্তু মাকে মুনুকো গ্ৰহণ নকৰে, পল্লৱকো বেলেগে থাকিবলৈ এৰি নিদিয়ে।
অজয়ৰ চিন্তাতে মূৰটো ঘূৰোৱা যেন লাগিল। মুনুৰ চকুলৈ চাব নোৱাৰি, কাতৰ অনুৰোধ কৰে তাইৰ শুষ্ক চকুযুৰিয়ে পল্লৱক বুজাবলৈ, পল্লৱক তাইৰ কাষলৈ আনি দিবলৈ। অজয়ৰ অন্তৰখন থান-বান হৈ পৰে তাইৰ চকুযুৰিৰ পাৰা-পাৰহীন কাতৰ অনুৰোধত।
অঞ্জনা থকা হ'লে হয়তো কিবা এটা উপায় দিলেহেতেন। এইখিনি সময়ত সি বৰকৈ অকলশৰীয়া অনুভৱ কৰে আজিকালি। নিজৰা বাইয়ো এৰা-ধৰাৰ মাজেৰে আহি আছে। মনটো মাৰি মাৰি থাকে। কামবোৰ কৰি থকাৰ মাজতে চাদৰৰ আঁচলেৰে চকুপানী মোহাৰে। হয়তো ভাবে, অজয়ো স্বাৰ্থপৰ পল্লৱৰ দৰেই। নহ'লেনো বাৰু মুনুৰ ইমান ডাঙৰ সমস্যাটোৰ সমিধান এটা উলিয়াই নিদিয়েনে?
বুজাবলৈও একো ভাষা বিচাৰি নাপাই সি। বৰ নিষ্ঠুৰ সচাঁকৈ সময়বোৰ। ভগৱানে বাৰু কিয় আমাৰ দৰে দুৰ্ভগীয়া বোৰোকেই অকল টোপোলাই টোপোলাই কষ্টবোৰ, দুখবোৰ ভাৰ পাতি দি পঠিয়াই?
: অঞ্জু! ক'ত আছা তুমি? ইমান দিনে বাৰু মোলৈ এবাৰো মনত পৰা নাইনে? আহাচোন এবাৰ মোৰ কাষলৈ মোৰ মনৰ খবৰ লোৱাহি। কিমান অকলশৰীয়া হৈ কটাইছো তুমি যোৱাৰে পৰা এবাৰ জানো অনুভৱ কৰি পাইছা? বৰ প্ৰয়োজন হৈছে তোমাৰ সাহসৰ? আহা প্লিজ, এবাৰ চাই যোৱাহি মোক।
তলমূৰ কৰি মনতে আওঁৰালে অজয়ে কথাখিনি।
নে তাই বেলেগক ঠাই দিলে হৃদয়খনত?
যিখন হৃদয়ত মাথো তাক ৰখাৰ কথা, যিবোৰ মৰম কেৱল তাক দিয়াৰ কথা আছিল!!
নাই, অঞ্জু তেনেকুৱা ছোৱালী নহয়। তাই কেৱল মোক ভালপায়; তাই কেৱল অজয়ৰ, আন কাৰোৱেই নহয়, হ'বই নোৱাৰে। অসম্ভৱ অসম্ভৱ।
: মই এনেও নিঠৰুৱা প্ৰভু আৰু নিঠৰুৱা নকৰিবা। জনা হোৱাৰে পৰা মাত্ৰ ভালপোৱা, ভাল লগাবোৰ হেৰুৱাই আহিছোঁ আৰু নোৱাৰোঁ প্ৰভু পুৰুষ হ'লেও ইমান ভৰ সহিব। উশাহ লৈ থকা এটা মৃতদেহ হে মাত্ৰ মই আৰু নো কিমান মাৰিবা প্ৰভু??
ভগৱানৰ ওপৰতে আক্ষেপ কৰিলে অজয়ে।
: টিং টং টিং টং...
কলিং বেলৰ শব্দত অজয় বাস্তবলৈ উভতিল। নিজৰা বাইয়ে দৰ্জাখন খুলি দিলে।
অজয়ে ইমান পৰে নিজৰা বাই অহা নাই বুলি ভাবিয়ে আছিল কিন্তু আহিছে। অৱশ্যে সি ভাত ৰন্ধাৰ বাহিৰে আজি সকলোবোৰ কাম কৰিয়ে থৈছে। ভাত কেইটা লাহে-ধিৰে ৰান্ধি খাই-বই পল্লৱক লগ কৰিবলৈ যাম বুলিয়েই গাটো ধুই ৰুমত বহি আছিল। হয়তো তেতিয়াই নিজৰা বাই আহি নিজৰ কামত হাত ফুৰাইছে।
ল'ৰা জনক বহিবলৈ দিছে। এনেতে অজয়ক অহা দেখি নিজৰা বাই তলমূৰ কৰি পাকঘৰলৈ খোজ ল'লে। নিজৰা বাইৰ এনে ৰূপ দেখি অজয়ৰ মনটো মোচৰ খাই গ'ল।
এই ভাল মানুহ বোৰৰ লগত সদায় কিয় বেয়া হয় বাৰু? নিজক গঢ় দিবলৈ, সন্তানক ভাল শিক্ষা দিবলৈ ভগৱানৰ বিৰুদ্ধে গ'লেই ভুল হয় নেকি?
এজন পুৰুষে পত্নীৰ জীৱিত অৱস্থাতো আৰু এগৰাকী আনিব পাৰে বুলি সমাজে তাক স্বীকৃতি দিয়ে কিন্তু পুৰুষজনৰ ব্যৱহাৰত অতিষ্ঠ হৈ আনৰ সতে সংসাৰ নকৰি নিজেই চাকৰ কৰি ল'ৰা-ছোৱালী ডাঙৰ কৰা এগৰাকী মহিলাৰ গাঁট কি ভুল হ'ব পাৰে?
ভগৱানৰ ভাল বিচাৰ কেৱল ভুল মানুহ বোৰৰ বাবেহে; বেয়া বিচাৰৰ সন্মুখত বদনামৰ সন্মুখীন সদায় ভাল মানুহ বোৰহে হয়। ভগৱান কাৰ বাবে তেনেহ'লে??
ভগৱান কাৰ বাবে?
কিহৰ বাবে তেওঁ ভগৱান?
নে ভগৱানো স্বাৰ্থপৰ এই পৃথিৱীত?
আমাৰ বাবে ??.....
আগলৈ.....
[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় "এছ. আই. অঞ্জনা" প্ৰতিদিনে নিশা ন বজাত (9 pm) আপলোড কৰা হৈ থাকিব। অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা DailyAssameseStatus লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]
No comments:
Post a Comment