এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana Part 6 By Papari Phukan | Sad Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana Part 6 By Papari Phukan | Sad Assamese Story


এছ আই অঞ্জনা

এগৰাকী নাৰীৰ জীয়া কাহিনী
আগৰ খণ্ডৰ পৰা

"বাই" - কাম কৰা সবিতাৰ মাতত অঞ্জনাই তাইৰ ফালে চালে। 


      সবিতা বেংগলী মানুহ ওচৰৰে। ভাত-পানী বৰ সুন্দৰকৈ ৰান্ধিব আৰু পৰিবেশন কৰিব জানে। শাকৰ বাকলি অকণো নেপেলাই কিবা নহয় কিবা এটা ৰান্ধে জুতি লগাকৈ। মানুহ জন নাই। ডাঙৰ ল'ৰাটো কলেজত পঢ়ি আছে, ফ্লিপকাৰ্টৰ ডেলিভাৰী বয় হিচাপেও কাম কৰে। ভাল ল'ৰা নিৰ্জু প্ৰকৃতিৰ। 


     সৰু ছোৱালী জনী নাইনত পঢ়ি আছে সৌমাৰ বিদ্যাপিঠত। বন্ধৰ বাৰত তাইও আহে মাকৰ লগত, মাকক ইখন-সিখন কামত সহায় কৰি দিয়ে। দেখিবলৈও ধুনীয়া বগা বৰণৰ, চকু কেইটা গভীৰ কলা, কাজল লগাই ডাঠকৈ চুলিখিনি দীঘল কলা কিচকিচিয়া। 


    দেউতাক ঢুকুৱাৰ পাছত তিনিও এনেকৈয়ে সৰু সৰু কামবোৰ কৰি ঘৰখন চলাই আছে। অঞ্জনাই ছোৱালী জনীক তাইৰ লগতে থাকিবলৈ কেইবাদিনো জোৰ কৰিছে কিন্তু তাই মাক আৰু ককায়েকক এৰি নাথাকে; ককায়েকেও থাকিব নিদিয়ে। ছোৱালী জনীয়েও ৰাতিপুৱা টিউচন কৰে, তাৰেই নিজলৈ খৰচ কৰিবলৈ হৈ যায়।


"বাই ভাতটো হৈ গৈছে। খাব নেকি?"


"ইমান সোনকালে যে। আজি ছোৱালী জনী নানিলা?"


"আজি তাইৰ জন্ম দিন আছে। ল'ৰাটোৱে আহিব নালাগেই কৈছিলে, মইয়ে সোনকালে আহিম কৈ গুচি আহিলো। লগৰ ছোৱালী কেইজনীমান মাতিছে সেইকাৰণে সোনকালে যাম বুলি ভাবিছো বাই।"


"অ অ। তুমি যোৱা নহ'লে বাকীবোৰ কাম মই নিজেই কৰি লম। মোক যে নামাতিলা বাৰ্থদেলৈ।"


"এ আপোনাক কি মাতিমনো। আমি সৰু মানু লাজ লাগে।"


"মানুহ সৰুৰ পৰাইটো ডাঙৰ হয়। তোমাৰ ল'ৰা-ছোৱালী দুটা বৰ ভাল। সিহঁত ডাঙৰ মানুহ হ'ব পাছলৈ। তোমাক বহুত বুজে।"


"সেইটো হয় বাই। মোৰ নচিবত যে ভাল ল'ৰা-ছোৱালী দুটা দিলে, সেইটোৱে মোৰ কাৰণে বহুত।"


"হ'ব দিয়া সদায় ভালে থাকা তোমালোক।"


"ইহঁতৰ বাবাটো ভাল আছিলে, সেইকাৰণে সিহঁতৰ স্বভাৱটো বাবাকৰ নিচিনাই হৈছে।"


"কি কি যোগাৰ কৰিছা?"


"বেলেগ একো নাই বাই। এনেই আৰু অলপ। আপুনি যাব যদি মই ল'ৰাটোক পঠাই দিম।"


"হ'ব বাৰু। তুমি যোৱা এতিয়া।"


"ঠিক আছে বাই।" - তাই শাৰীৰ আঁচলখনেৰে নিজৰ তিতি থকা হাত দুখন মোহাৰি মোহাৰি বাহিৰলৈ বুলি খোজ ল'লে।


"ৰ'বাচোন।" - সবিতা বাৰান্দাতে ৰ'ল। অঞ্জনাই ভিতৰৰ পৰা আহি তাইৰ হাতত টকা কেইটকামান গুজি দিলে।


"বাই। এই মাহৰ প‌ইচাটো লৈছোঁ নহয়, আকৌ দিছে যে। এইটো ল'লে অহা মাহত চলিবলে কষ্ট হ'ব।"


"নহয়। এইটো পূজাক মৰমত দিছোঁ বুলি ক'বা। কিবা এটা কিনি নিবা যাওঁতে।"


"আপুনি নাযায়।"


"চাওঁচোন।"


"ফোন এটা কৰিম পাছত।"


"হ'ব। যোৱা এতিয়া।" - তাই মূৰটো লৰাই শলাগ লৈ গেটখন খুলি ওলাই গ'ল।


     অঞ্জনাই তাই যোৱাৰ ফালে কিছুসময় চাই ভিতৰলৈ গৈ বাকী ৰোৱা কামখিনি কৰি ল'লে এখন এখনকৈ। এই মাহৰে শেষৰ ফালে অজয়ৰো জন্মদিন। মুলিয়াবাৰীত থকা বৰ নামঘৰটোতে শৰাই এখন দিবগৈ লাগিব। কথাটো ভাবি হুমনিয়াহ এটা এৰিলে তাই।


     ভাতকেইটা খাই বিচনাত পৰি থাকোঁতেই কেতিয়ানো টোপনি আহিল ক'ব‌ই নোৱাৰিলে অঞ্জনা। টোপনিৰ পৰা সাৰ পাইও তাইৰ উঠিবলৈ মন নগ'ল। বৰ আলস্য লাগিছে তাইৰ।


     মনটোৰ কোনোবা খিনি ফৰকাল লাগি আছে দেখোন কিয় জানো। অজয় আহিব নেকি বাৰু? চিঠিখন বা পালে নাই এতিয়া? পালে সম্ভৱ? পালে যদি নিশ্চয় আহিব অজয় তাইক বিচাৰি। 


     কাষতে থকা লেপটপটো অন কৰি ল'লে তাই। প্ৰয়োজনীয় পি. ডি. এফ দুটামান চেক কৰি অফ কৰি থ'লে আকৌ। ফোন এটা কৰিব পৰা হ'লে ভাল আছিল। কিন্তু ফোন নম্বৰ যে নাজানে। লিখিও ৰখা নহ'ল ক'তোৱেই। আশ্ৰমৰ ফোন নম্বৰ থকা হ'লেও কথা নাছিল! 


"চেহ!!" - মুখৰ পৰা আপোনা-আপুনি ওলাই গ'ল তাইৰ। ভগৱানক হাতযোৰ কৰি কাকূতি কৰিলে অজয় যেন তাইক বিচাৰি আহে প্ৰভু, চকুমেলি চোৱা যেন।


     সময়বোৰে হয়তো ৰং চাইছে তাইক, বিপদত পেলায় আৰু তাইৰ ধৈৰ্য্যৰ পৰীক্ষা লয়। তাই আৰু সহ্য কৰিব নোৱাৰা হৈ আহিছে। আৰু কিমান দিন বাৰু এনেকৈ মৃতদেহৰ দৰে জীয়াই থাকিব? এটা সময়ত টকা-প‌ইচাই সকলো বুলি ভবা তাই; এতিয়াচোন তাইৰ হাতত প‌ইচাই প‌ইচা। কিন্তু মনৰ শান্তি নাই।


     সকলো বস্তুৱেই কিনিবলৈ সামৰ্থ আছে তাইৰ কিন্তু মনৰ শান্তিখিনি বাৰু কেনেকৈ, কাৰ পৰা কিনিব?? মনটোত আকৌ অশান্ত, উত্তাল ঢৌবোৰে সঘনাই খুন্দিয়াব ধৰিলে। সেয়ে তাই অকলে থাকিবলৈ বেয়া পায়, ভয় কৰে। অনবৰতে ইটো-সিটো কথাই দোলা দি থাকেহি।


     ডিউটিৰ পৰা আহি কামবোৰ কৰাত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ বাবে কাণত হেডফোন লগাই লৈ গান শুনে, গান গাই যায় গানটোৰ সমান্তৰালকৈ। শুৱাৰ সময়ত আকৌ হৰিনাম লগাই লৈ টোপনি যাব লগা হয়। 


     কেতিয়াবা নিজকে পাগলী যেন লাগে তাইৰ। এনেকৈনো বাৰু কিমান দিন জীয়াই থাকিব! কিছুমান কথা পাহৰো বুলিলেও পাহৰিব নোৱাৰি। মনত বাৰে বাৰে হেঁচা মাৰি থাকে।


     অজয়ৰ লগত নিজকে এক কৰি দিয়াৰ সময় আহি পাইছেহি। যদি অজয় আহে বিয়াৰ কথা সুধি চাব লাগিব। এনেকৈ আৰু অকলে অকলে কটাব নোৱাৰি সময়বোৰ। নিজৰ ছাঁটোকে বাঘটো যেন লগা হৈছে আজিকালি তাইৰ। ক'তো থাকিও শান্তি নাপায়, অনবৰতে মাত্ৰ যুক্তি-ভিত্তিহীন কথাবোৰে মনটো ঘোলা কৰি থাকেহি।


     নাই তাইৰ আৰু সহ্য নহয়। দেওবাৰ লৈকে চাব, নহ'লে তাই নিজেই অজয়ৰ ওচৰলৈ যাব। ড্ৰাইভাৰটোকো ক'ব লাগিব। আশ্ৰমত গৈয়ে সোমাবগৈ লাগিব প্ৰথমে, অজয়ৰ ঘৰটো তাই ভালকৈ দেখা নাই। ৰাস্তাটো জানে কিন্তু গৈহে পোৱা নাই। দৃঢ়তাৰে কথাষাৰ ভাবি তাই স্বস্তিৰ নিশ্বাস এটা এৰি দিলে।


আগলৈ…..


[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় "এছ. আই. অঞ্জনা" প্ৰতিদিনে নিশা ন বজাত (9 pm) আপলোড কৰা হৈ থাকিব। অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা DailyAssameseStatus লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on-  INSTAGRAM 


বেশ্যা - প্ৰথম খণ্ডৰ লিংক 

             Read Now :

এছ আই অঞ্জনা - পঞ্চম খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা - সপ্তম খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা -
এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Love Story
"S. I. Anjana -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী


Special Thanks-

মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
S. I. Anjana Volume 2 | Heart Touching
Daily Assamese Status

No comments:

Post a Comment