এছ আই অঞ্জনা
প্ৰতি,
অজয় দা
সৰ্বপ্ৰথমে মোৰ আন্তৰিক মৰম গ্ৰহণ কৰিবা। আশা ও কামনা কৰোঁ তুমি যেন যুগ-যুগান্তৰলৈ কুশলে থাকা। মইও বৰ্তমান ভালেই আছোঁ।
আশ্ৰমৰ খা-খবৰ কেনেকুৱা? সকলো ভালেই আছে নহয়। নাজানো অজয় দা তোমাক মই এই জনমত লগ পাম নে নাপাম। বৰ কষ্ট হয় তোমাৰ সতে পাৰ কৰা মুহূৰ্তবোৰৰ কথা মনত পৰিলে।
তোমাক লগ নোপোৱা আজি দুবছৰ তিনিমাহ পূৰা হৈছে, চিঠিখন তোমাৰ হাতত পৰেগৈ মানে হয়তো ঘন্টা হিচাপেও হিচাপ কৰিব পৰা যাব। নিয়তিয়ে কিয় বাৰে বাৰে প্ৰতাৰণা কৰিবৰ বাবে মোকেই বাচি লয় নাজানো। ভৰ যৌৱনৰ প্ৰেমৰ দৰে প্ৰেম কৰাৰ আমাৰ বয়স নাই যদিও কওঁ তোমাক অজয় দা তুমি মোৰ নহ'লে মই আধৰুৱা হৈ ৰম, মই মৰি যাম সচাঁকৈ।
তোমাক নেওচি মই এটা উশাহো মুক্তভাৱে ল'ব নোৱাৰোঁ। তুমি মোক তোমাৰ বুকুত কিমান সযতনে ৰাখি কঢ়িয়াই লৈ ফুৰিছা নাজানো, কিন্তু মই! মই তোমাক মোৰ ভিতৰত তুমি অলপো কষ্ট নোপোৱাকৈ মৰমেৰে, বৰ আলফুলে সামৰি থৈছোঁ।
তোমাৰ ভালপোৱাই দিনবোৰ সামৰি লৈ ৰাতিটো ধুনীয়া কৰে মোৰ, সপোনবোৰে নিতৌ নতুন নতুন গজালি মেলে। সপোনৰ এই সেউজীয়া কোমল বীজবোৰ কিমান লহপহকৈ বাঢ়িব নাজানো কিন্তু এটা কথা ঠিক যে তোমাৰ মৰমৰ, ভালপোৱাৰ এটা মিঠা স্পৰ্শই বীজবোৰ জীপাল কৰি তোলাত সহায় কৰিব।
আশা কৰোঁ এই মনোকামনা মোৰ পূৰণ হ'ব। অপেক্ষা কৰিবলৈও সাজু তোমাৰ বাবে যুগৰ পাছত যুগলৈ।
চুলিবোৰ বাৰু তুমি আউল-বাউল কৰিয়ে ৰাখা নেকি? খোৱা-লোৱাবোৰ ভালকৈ কৰিবা। নিজৰ যতন ল'বা। বৰকৈ মনত পৰে তোমালৈ। অন্ধকাৰৰ সুযোগ লৈনো আৰু কিমান কান্দিম কোৱাচোন। তোমাৰ বুকুৰ মাজত সোমাই মুক্ত আকাশৰ তলত হিয়া উজাৰি কান্দিবৰ মন গৈছে।
তোমাক হেৰুৱাব নোখোজো মই অজয় দা, মোক অকলশৰীয়া নকৰিবা। তোমাৰ অবিহনে সময়বোৰ কেনেকৈ পাৰ কৰিছোঁ নিজেই নাজানো। ওৰে ৰাতিটো অনুভৱৰ হৃদয়খনত তোমাক বিচাৰি বিচাৰি হাবাথুৰি খাওঁ। এনেকৈ আৰু কিমান দিন অজয় দা। তুমি পাৰিছা জানো মোৰ অবিহনে সময়বোৰ পাৰ কৰিব?
চলন্ত জীৱনৰ সপোনবোৰে আৰু কিমানলৈ হাত মেলিলে তোমাক চুব পাৰিব সেইয়া নাজানো। কিন্তু তোমাক ভাবি থাকিলে কিয় জানো এনে লাগে যেন তুমি আহি এতিয়াই মোক সাৱটি ধৰিবা, মৰম কৰিবা, সাহস দিবা জী থাকিবলৈ। মোৰ বাবে তোমাৰ মাতষাৰেই সাহস, হাঁহি, ভালপোৱা আৰু অসংখ্য উৎসাহৰ উৎস।
মই ডিগবৈত আছোঁ অজয় দা। পাৰা যদি আহিবাচোন এপাক। ইয়াত সঘনাই ইটো-সিটো ঘটনা হৈ থাকে। চুটি বুলি নাপাম বিশেষ।
এদিনলৈ গৈ তোমাক এৰি উভতি আহিবৰো সাহস নহ'ব, নোৱাৰিমো। সেয়ে তুমি আহিবাচোন এমাহ মানৰ কাৰণে। বহুত কথা ক'বলৈ আছে তোমাক, ভালপোৱা দিবলৈ আছে বুকু উজাৰি। বেছি নিলিখোঁ। তুমি আহিবা বুলি বাট চাম মই। শেষত বহু মৰমেৰে -----
তোমাৰ অঞ্জু।
অঞ্জনাৰ চিঠিখনে এপলক স্তব্ধ কৰি পেলালে অজয়ক। ইমান দিনৰ অন্তত তাৰ ভালপোৱা মানুহজনীৰ মাত এষাৰ শুনিছে সি। শুনা নো কি পঢ়িছেহে কিন্তু মাতটো তাৰ কাণত বাজি থকা যেন লাগিছে। অজয়ৰ ভিতৰত এটা কোমল আৱেগে হেঁচা মাৰি ধৰিলে। দুটোপাল চকুপানী নিগৰি আহি চিঠিখনত পৰিলহি।
কেতিয়াকৈ সময় হ'ব বাৰু তাইক লগ কৰিবলৈ যাবৰ বাবে? যাব লাগিব অঞ্জুৰ কাষলৈ, ইমানদিনে ৰাখি থোৱা ভালপোৱা বোৰ দি আহিবগৈ লাগিব। প্ৰয়োজন হ'লে এইবাৰেই ক'ৰ্ট মেৰিজটো কৰাই ল'ব লাগিব। ঠিকেই... কৰাইয়ে ল'ব। অজয়ে মনতে ভাবি থাকিল।
সপোন বোৰক পূৰ্ণতা দিব লাগিব, দুয়োটা জীৱনক পূৰ্ণাংগ ৰূপ দিব লাগিব এইবাৰ। দুয়ো এক হ'ব লাগিব।
ভগৱানকে সকলো সিদ্ধান্ত ল'বলৈ দিব নোৱাৰি। জীৱনটো সিহতঁৰ গতিকে অলপ-অচৰপ নিজৰ মতেও কৰিব লাগিব। অন্ততঃ নিজৰ ভাল লগাবোৰ, ভালপোৱা বোৰৰ বাবে!!
[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় "এছ. আই. অঞ্জনা" প্ৰতিদিনে নিশা ন বজাত (9 pm) আপলোড কৰা হৈ থাকিব। অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা DailyAssameseStatus লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]
No comments:
Post a Comment