ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 1 By Nayan Nath | Sad Assamese Love Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 1 By Nayan Nath | Sad Assamese Love Story | Daily Assamese Status

ফুলশয্যাৰ অভিশপ্ত নিশা


     ওদালগুৰি জিলাৰ মাজ মজিয়াত থকা এখন উচ্চাকাংশিত ঘৰৰ ল'ৰা অংকিতৰ বিয়া ঠিক হল । অংকিত মাক-দেউতাকৰ একমাত্ৰ সন্তান । অংকিতে ওদালগুৰি কলেজতে প্ৰবক্তাৰ চাকৰি কৰে ।


      মাক-দেউতাকৰ আলাসত ডাঙৰ হোৱা অংকিতৰ নাছিল কোনো ছোৱালীৰ লগতে প্ৰেমৰ সম্পৰ্ক । সেয়েহে মাক-দেউতাকে পচন্দ কৰা ছোৱালীজনীৰ লগতে বিয়াত বহিবলৈ মান্তি হৈছে অংকিত ।


      কইনা মংগলদৈৰ । নাম ময়ুৰী ।


       ময়ুৰী মাক-দেউতাকৰ একমাত্ৰ কন্যা সন্তান । পঢ়া শুনাত বৰ আগ্ৰহ থকা ছোৱালী ময়ুৰীয়ে বিজ্ঞান শাষাত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী পঢ়াৰ মানসেৰে গুৱাহাটীলৈ বুলি ওলাই গৈছিল । 


     শিক্ষাৰ ব্যস্ততাৰ বাবে এদিন দুদিন কৰি ময়ুৰীৰ ৫ বছৰে হৈছিল গুৱাহাটীৰ হোষ্টেলত থকা । এই ৫ বছৰত মাজে মাজে তাই ঘৰলৈ আহিছিল যদিও সিদিনা যোৱাৰ পিছদিনাই পুনৰ উভতি আহিছিল । এতিয়া ঘৰত বিয়াৰ যো যা চলোৱাৰ কথা গম পাই তাই একেবাৰে ঘৰলৈ বুলি উভতিলে । 


     ময়ুৰী পঢ়া শুনাৰ লগতে দেখিবলৈ এজনী বহুত মৰম লগা ছোৱালী । দেউতাকৰ বুকুৰ মাজত থাকি ডাঙৰ হোৱা ময়ুৰীক বিয়া দি এখন ঘৰলৈ উলিয়াই দিব পৰা হল; এতিয়াও তাই ঘৰত থাকিলে দেউতাকক সৰু ছোৱালীজনীৰ দৰেই সাৱতি ধৰি শুৱে । 


    দেউতাকৰ ভাতৰ কাহিৰ পৰা এগৰা ভাত তাইক খুৱাই নিদিলে তাইৰ পেট নভৰে । সেইজনী ময়ুৰীক কেনেকৈ এখন ঘৰলৈ বিয়া দি উলিয়াই দিব তাৰ চিন্তাত দেউতাকৰ মনত ভয়ৰ শংকা জাগি উঠিছে । 


    অংকিত আৰু ময়ুৰীৰ বিয়ালৈ মাজত মাত্ৰ পোন্ধৰ টা দিন বাকি আছে । এনেতে এদিন দুপৰীয়া সময়ত অংকিতৰ ময়ুৰীলৈ ফোন আহিল ।


"হেল্ল ময়ুৰী"


"উম কোৱা"


"কি কৰি আছা ?"


"নাই এনে শুই আছো, আপুনি ?"


"মই কলেজতে আছো দিয়া"


 "উম"


"ময়ুৰী মই এটা কথা ভাৱিছো ।"


"কি কোৱা ।"


"আমি দুয়ো এদিন লগ হও দিয়া । আমি চোন আৰু পোন্ধৰ টা দিনৰ পিছতে বিৱাহ নামৰ এক পবিত্ৰ বান্ধোনত বান্ধ খাম !"


"উম…"


"সেয়ে বিয়াৰ আগতে আমি দুয়ো ইজনে সিজনক বুজি লোৱাতো উচিত বুলিহে তোমাক কথাতো কলো, যদি তোমাৰ কিবা আপত্তি আছে লগ নকৰো । এয়া মাথো মোৰ মনৰ ধাৰনা হে ।"


"অহ, মোৰ আকৌ কি আপত্তি থাকিব ! যিহেতু আমাৰ দুয়োৰে বিয়া দুখন ঘৰৰ সন্মতি মৰ্মেই হৈছে, সেয়েহে ইয়াত চিন্তা আৰু আপত্তি কৰিব লগীয়া মোৰ বিশেষ একো নাই । কত আৰু কোনদিনা লগ হব কওক ?"


"মই ভাৱিছো অহাকালি ৰবিবাৰ । সেয়ে তোমাৰ যদি আপত্তি নাই কালিলৈ লগ হওঁ, মোৰ কলেজ ও বন্ধ থাকিব । মই কালি ৰাতিপুৱা দহ বজাত মংগলদৈ যাম, তুমি ৰেদি হৈ থাকিবা হবনে ?"


"উম হব দিয়া"


"ঠিক আছে তেন্তে এতিয়া ৰাখিছো by"

 

"উম by"


     এনেকৈয়ে ফোন কৰি ময়ুৰীক লগ ধৰিব বিচৰাত ময়ুৰী এবাৰতে মান্তি হোৱা দেখি অংকিতৰ মনটো ভাল লাগিল ।


     সেইদিনা গোটেই ৰাতি ময়ুৰীৰ কথা ভাৱি ভাৱি অংকিতৰ আৰু টোপনি নাহিল । অনিদ্ৰাতে সময় বোৰ উকলি গৈ পূৱৰ আকাশত সূৰ্য্যৰ ৰঙীন কিৰনে আহি পোহৰাই তুলিলে । খৰধৰকৈ অংকিত শোৱাপাতিৰ পৰা উঠি আহি প্ৰেয়সীক লগ কৰিবলৈ মংগলদৈ যাব সাজু হৈছে । 


      কিছুসময়ৰ অন্তুঃত অংকিত সম্পূৰ্নৰূপে সাজু হৈ বাইকৰে মংগলদৈ অভিমুখে ধাপলি মেলিছে । 


    সময়মতে গৈ অংকিত মংগলদৈ পাৰ্কৰ সন্মুখতে ময়ুৰীলৈ অপেক্ষা কৰি আছে । তেনেতে হঠাৎ অংকিতৰ চকু পৰিল, হালধীয়া পাৰিৰ চাদৰ মেখেলা এজোৰ পৰিধান কৰা ধুনীয়া হাঁহিমুখীয়া ছোৱালী এজনী পাৰ্কৰ সন্মুখত আহি ইফালে সিফালে চাই আছিলে । 


      অংকিতে ভাবিলে কেনেবাকৈ "এইজনী এ মোৰ ময়ুৰী নহয় তো" বুলি পকেতৰ পৰা মোৱাইলতো উলিয়াই অলপ মান আঁতৰ হৈ ময়ুৰীৰ নম্বৰত ডাইল কৰিলে ।


"হেল্ল ময়ুৰী"


"উম কোৱা" 


"তুমি আহি পালানে ?


"উম মাত্ৰ আহি পালো" 


"আপুনি আহি পোৱাই নাই নেকি ?"


"নাই পোৱা কিন্তু পাম আৰু অলপ সময় ৰখিব লাগিব তুমি"


"হুম"


"তুমি পিচে ক'ত আছা ?"


"মই পাৰ্কৰ সন্মুখতে ৰৈ আচো দিয়া"


 "হয় নেকি ?'


"পিচে মই তোমাক এতিয়া কেনেকৈ চিনি পাম ?"


"কিয় মোৰ ফটো দেখা নাই নেকি ?"


"ফটো দেখিচো হয় কিন্তু ফটোত দেখা আৰু দিঠকত দেখা বহুত কথা আছে । সকলোকে ফটো চাই চিনি পোৱা হলেই কথা নাচিল । বাৰু তুমি কি পিন্ধি আহিচা ?"


"মই হালধীয়া পাৰিৰ চাদৰ মেখেলা পিন্ধি আহিচো । টিকেত কাউণ্টাৰৰ সন্নুখতে ঠিয় হৈ আচো । আপুনি আহি পালে আকৌ মোক ফোন কৰিব"


"আকৌ ফোন কৰিব নালাগে । তুমি এবাৰ পাচফালে ঘূৰি চোৱাচোন..."


     অংকিতৰ কথা শুনি ময়ুৰীয়ে তৎসনাত পিচলৈ ঘূৰি চাইচিল আৰু কলা চশমা পৰিধান কৰা সুন্দৰ মুখৰ চেহেৰাৰে এজন অচিনাকি লৰা ৰৈ থকা দেখি লাজতে ফোনটো কাটি তলমুৰ কৰিচিল । 


     দেখিবলৈ এজনী পৰীতকৈ কম নাছিল ময়ুৰী। অংকিতেও লাজে লাজে ময়ুৰীলৈ চাই সুধিছিল,


"তুমিয়ে নেকি ময়ুৰী"


"উম মই এ ময়ুৰী"


"উম মই অংকিত, তোমাৰ হৱলগীয়া স্বামী । বলা পাৰ্কৰ ভিতৰলৈ সোমাই যাও"


"উম বলা"


      অংকিত আৰু ময়ুৰী দুয়ো পাৰ্কৰ ভিতৰলৈ সোমাই গৈছিল । ময়ুৰীক ওছৰত পাই অংকিত আপোন পাহৰা হৈ গৈছিল । কোনো ছোৱালীকে ভাল নলগা অংকিতৰ ময়ুৰীক দেখিয়ে সেইদিনা বহুত ভাল লাগি গৈছিল । মনতে ভাৱিছিল, মা-দেউতাই মোৰ বাবে ঠিকেই ছোৱালী চাইছে। অংকিতে ময়ুৰীক সুধিছে,


"ময়ুৰী তুমি ইমান ধুনীয়া কিয় ?"


"ধেৎ…" - অংকিতৰ কথাত ময়ুৰীয়ে লাজতে তলমুৰ কৰি কৈছে ।


"ও সচাই ধুনীয়া তুমি ময়ুৰী ।"


"কি যে কথা কয় নহয় আপুনি ! মইতো নিজকে কেতিয়াও ধুনীয়া বুলি ভৱা নাই । আপুনি মোক কেনেকৈ ধুনীয়া দেখিলে ?"


     অংকিতে পুনৰ কৈছে "হয় তুমি ধুনিয়া" । 


      আচলতে মানুহে কাৰোৱাক ধুনীয়া তেতিয়া বেছি দেখে যেতিয়া সেইজনক মনে প্ৰানে বেছিকৈ ভালপোৱা যায় ।


"আপুনি হয়টো মোৰ কথা মা-দেউতাৰ মুখত শুনিয়ে মোক আপুনি ধুনীয়া বুলি কৈছে ।"


"হলেও তুমি সঁচাই বহুত ধুনীয়া ময়ুৰী" 


"চেহঃ আপুনি যে একেটা কথাকে কৈ আছে, মোৰ লাজ লাগে ।"


"সচাকৈ মই একো মিচা কথা কোৱা নাই ময়ুৰী । মোৰ কি সৌভাগ্য চোৱাচোন মোৰ চকু জুৰিৰে ভাল দেখা ছোৱালীজনীকে আজি পত্নীৰ ৰূপত পাবলৈ গৈ আছো ।"


"আকৌ…!!"


"উম । আৰু তোমাক দেখি মোৰ লগৰবোৰে কব,

বা অংকিত... তোৰে দিন দে... ইমান ধুনীয়া পত্নী এজনী পাইছ… তোক আৰু কোনে পাই ।"


"আপুনি মোক ঠাট্টা কৰি জোকাই আছে হয়নে ?"


"কি যে কথাবোৰ কোৱা নহয় ময়ুৰী । মই তোমাক কেলেই ঠাট্টা কৰিম বাৰু ! দুদিন পিচত তুমি মোৰ পত্নী হবা, সেয়েহে মই মোৰ পত্নীক লৈ গৌৰব কৰিচো । প্ৰকৃততে যি সছা মই তোমাক সেইটোহে কৈছো । হয়টো তোমাক লগত লৈ মই কাল্পনিক পৃথিৱীত উতি ভাহি ফুৰিছো ।"


       অংকিতৰ আনন্দ আৰু কল্পনাবোৰ দেখি ময়ুৰীৰ হৃদয় খনে নীৰৱে কান্দি উঠিল । তাইৰ বাৰে বাৰে মনলৈ ভয়ৰ শংকা আহিবলৈ ধৰিছে । অংকিতে ভৱাৰ দৰেই তাই তাক ধুনীয়া পত্নী জনী হৈ হিয়া ভৰাই মৰম দিব পাৰিবনে ! তাই যে এজনী বহুত দুৰ্ভগীয়া ছোৱালী ।


      ময়ুৰীয়ে ঘৰৰ পৰাই মনে মনে ভাবি গৈছিল

অংকিতক লগ ধৰি তাইৰ বিষয়ে সকলো কথা খুলি কব, যাতে অংকিতে তাইক বিয়া পাতি কেতিয়াও দুখত থাকিব নালাগে ।


      কিন্তু ময়ুৰীয়ে ভৱা ধৰনে অংকিতৰ আগত একো কব পৰা নাছিল। কাৰণ অংকিত তাইৰ প্ৰেমত ইমানেই মচগুল হৈ পৰিচিল যে পাৰিলে তাইক যেন আজিয়ে লগত লৈ যাব তাৰ ধুনীয়া পত্নী জনী কৰি । তেনে অবস্থাত যদি ময়ুৰীয়ে নিজৰ বিষয়ে সকলো বোৰ কথাই কৈ দিয়ে অংকিত একেবাৰেই ভাগি পৰিব ।


      ময়ুৰীয়ে উপায়ন্তৰ হৈ মাথো ভগবানক খাটিছে….


"প্ৰভূ মোৰ ভিতৰৰ ময়ুৰী জনী সলনী কৰি দিয়া, অংকিতে ভৱা ধৰনে ধুনীয়া পত্নী এজনী হবলৈ মোক সাহস দিয়া, নহলে মোৰ বহুত ডাঙৰ বিপদ হব । মোৰ আগৰ বিষয়ে দেউতাই গম পালে হয়তো আত্মহত্যা কৰিব, মা জনীও হয়টো পাগলী হৈ যাব, লগতে অংকিতৰ দৰে সহজ সৰল লৰাজনৰ জীৱনতো নষ্ট হৈ পৰিব ।"


     ময়ুৰীয়ে এইবোৰ কথাকে চিন্তা কৰি কৰি অংকিতৰ আগত জড় পদাৰ্থৰ এটিৰ দৰে বহি আছিল । অংকিতে অকলেই বহু কথা কৈ আছিল । 


     এটা সময়ত ময়ুৰীৰ কোনো সহাৰি নাপাই অংকিতে তাইৰ মুখৰ ফালে চাই দেখিছিল যে ময়ুৰী কিবা অন্যমনস্ক ভাৱনাত চিন্তিত হৈ বহি আছে । অংকিতে ময়ুৰীক মাত লগালে,


"ময়ুৰী, অ' ময়ুৰী..."


"????" - উচপ খাই উঠিল ময়ুৰীয়ে ।


"তুমি একো কোৱা নাই যে !"


"অ'হ কিবা কৈছে ?"


"কি হল ?"


"নাই একো হোৱা ।"


"তুমি চোন মন মাৰি আছা । এনেকৈ কি ভাৱনাত ব্যস্ত হলা ময়ুৰী কোৱাচোন ? নে তোমাৰ মোক পচন্দ হোৱা নাই । যদি মোক সছাকৈ ভাল লগা নাই এতিয়াও সময় আছে কোৱা, কিন্তু তুমি এনেকৈ মন মাৰি বহি থাকিলে মোৰ ভাল নালাগে নহয় ।"


"নাই নাই, আপুনি আৰু এইবোৰ কি কৈছে ? আপুনি ভৱা ধৰনে মই সেই ধাৰনা মনলৈ অনাই নাই । মোক বিশ্বাস কৰক মোৰ কলেজৰ বান্ধবী কেইজনী লৈ হঠাৎ মনত পৰি গৈছিল । সেয়েহে সিহতৰ কথাবোৰ ভাবি ভাবিহে এনেকৈ অন্যমনস্ক হৈ পৰিচিলো ।


"সময় আছে নো, কিবা আপত্তি থাকিলে কবা !"


"আমাৰ দুয়োৰে বিয়াৰ মাজত পোন্ধৰ তা দিন আছে বুলি আৰু সেইবোৰ ধাৰনা মনলৈ নানিবচোন । মই আপোনাৰ সৈতেই বিয়াত বহিম আৰু মোৰ আপোনাক পচন্দও হৈছে ।"


      অংকিতৰ মুখৰ ফালে চাই এইবাৰ লাজুকীয়া হাঁহি মাৰিলে ময়ুৰীয়ে ।


      ময়ুৰীৰ মুখত লাজুক মিছিকিয়া হাঁহি দেখি অংকিতেও সকলো পাহৰি থাকিল তেওঁ যে কিবা কৈ আছিলে । এপলক চালে দুয়ো চকুৱে চকুৱে,


"বলা তেন্তুে এতিয়া ঘৰলৈ যাও সন্ধিয়া হবৰে হল ।"


"উম বলা"


     অংকিত আৰু ময়ুৰী দুয়ো পাৰ্কৰ পৰা ওলাই আহিল । মংগলদৈৰ চহৰৰে মাজমজিয়াত থকা ভাল ৰেষ্টোৰা এখনত সোমাই দুপৰীয়াৰ আহাৰ তাতেই খাই দুয়ো ঘৰৰ অভিমুখে ৰাঁওনা হল । 


     অংকিতে ময়ুৰীক বাইকেৰে লৈ গৈ তাইৰ ঘৰৰ পদূলি মুখত সন্ধিয়াৰ আগে আগে থৈ বিদাই ললে । সি পুনৰ কলাইগাঁও ৰোড টোৰে উভতি আহিল ওদালগুৰিৰ নিজ ঘৰলৈ ।


     অংকিত গুছি যোৱা পিছত ময়ুৰীয়ে ৰুমৰ ভিতৰত সোমাই গাৰুটোকে সাৱতি লৈ ইচ্ছা মতে কান্দিছে । তাই বাৰে বাৰে ভগৱানক স্মৰন কৰি কৈছে,


"প্ৰভূ মোৰ লগতে অংকিতৰ জীৱনতো নষ্ট নকৰিবা । অংকিত বহুত ভাল লৰা । অকনমান সময়ৰ ভিতৰতে মোক আপোন কৰি লৈছে । মোক লৈ বহুত সপোন দেখিছে । তাৰ সেই সপোন কলিতে মৰহাই নেপেলাৱা প্ৰভূ । মোক নিজকে সলনী কৰিবলৈ সাহস দিয়া ।"


     ময়ুৰীয়ে ভাগ্যক ধিয়াই কান্দি আছে । আনফালে অংকিতে তাইক পত্নী হিচাপে পোৱা আনন্দত সুখৰ ঢাপলি মেলিছে । তাৰ চকুলৈ বাৰে বাৰে ময়ুৰীৰ মৰম লগা মুখখনি ভাহি আহিবলৈ ধৰিছে । 


"ময়ুৰী দেখিবলৈ ইমান ধুনীয়া ! তাই মোৰ সৈতে যেতিয়া কৰবালৈ ফুৰিব যাব, সকলোৱে তাইক লৈ মোক প্ৰশংসা কৰিব । "বা" "বা" অংকিত, তোৰ এইখন কপাল দে । ইমান ধুনীয়া ছোৱালী জনীক পত্নীৰ ৰূপত পাইচ, তোক আৰু কোনে পাই ।"


     ময়ুৰীৰ কথাবোৰকে ভাৱি ভাৱি অংকিতৰ চকুত আজি টোপনি নাই । বহু সময়লৈ টোপনি নহাত "ময়ুৰীয়ে বা কি কৰি আছে !" বুলি ভিদিঅ কলত কথা পতাৰ মানসেৰে মোৱাইলৰ ডাটাতো সি অন কৰিলে ।


     তাই ফোন নুঠালে । ঘড়ীটোলৈ চালে, নিশা দুটা বাজি শিপাৰ হৈছে । তথাপি অংকিতৰ চকুত টোপনি নাই ।


(আগলৈ...)

[ বিঃদ্ৰঃ: এই উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


দ্বিতীয় খণ্ডৰ লিংক -

দ্বিতীয় খণ্ডৰ লিংক -

             Read Now :

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক
ব্যতিক্ৰমী কাহিনী


An Assamese Love & Sad Story
Heart Touching Assamese Story
Emotional Assamese Love Story New
Sad Assamese Love Story
Axomiya Story
"Cursed Nightmare -
Another Exceptional Story"
Serial Novel
Written By
Nayan Nath
The Lesson Of Story
MAYURI
Daily Assamese Status
Fulsajyar Ovisapta Nixha By Nayan Nath

No comments:

Post a Comment