এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana | Papari Phukan Part 2 | Sad Assamese Story | Emotional Axomiya Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana | Papari Phukan Part 2 | Sad Assamese Story | Emotional Axomiya Story


বেশ্যা
দ্বিতীয় অধ্যায়

এছ আই অঞ্জনা - খণ্ড ২


"ভীষণ ধুনীয়া তুমি। কথাবোৰ, তোমাৰ মাতটোও ইমান ভাল লগা মই বুজাব নোৱাৰিম!!"


     ৰাতিপুৱা দৌৰ মাৰিবলৈ গৈ আহি দীঘলীয়া ঘৰটোৰ বাৰান্দাতে বহি আছিল অঞ্জনা। লগত সিহঁতৰ লগত দৌৰিবলৈ যোৱা নিৰ্বাৰণ বুলি কোৱা মানুহজনৰ মাতত তাই কাষলৈ চালে।


     অঞ্জনাৰ কাষতে বহি তাইৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিছে, হয়তো আওপকিয়াকৈ তাৰ সতে নিশা কটোৱাৰ নিবেদনো কৰিছে।


"জানো মই যে ধুনীয়া। চুলিকোছা মেলি থলে মোৰ লগৰ ছোৱালী বিলাকেই মোৰ প্ৰেমত পৰে। আপোনাৰ মুখৰ পৰা শুনাটো তেনেই স্বাভাৱিক কথা। যেতিয়া ছোৱালীয়ে ছোৱালীৰ প্ৰশংসা কৰিব আপুনি জানিব যে তাই সচাই ধুনীয়া বা ভাল ছোৱালী। এনেইটো নাৰীয়ে নাৰীক কেতিয়াও প্ৰশংসা নকৰে সেইয়া নাৰীৰ এক প্ৰবৃত্তি বা এগৰাকী নাৰীয়ে আনগৰাকী নাৰীৰ প্ৰতি হিংসা বুলিও ভাবিব পাৰে।"


"ওম। ইমান ধুনীয়াকৈ কোৱা তুমি কথাবোৰ!"


"বৌৱে ফোন নাই কৰা নেকি?"


     নিৰ্বাৰণ বোলা মানুহজন অঞ্জনাৰ ভাল নালাগে। প্ৰথম দিনাৰ পৰাই তাই লক্ষ্য কৰিছে মানুহ জনে যেন তাইৰ প্ৰতিটো সৰু সৰু কথাৰ হিচাপ ৰাখে। সেইয়ে ভাল নালাগে তাইৰ।


     তাই এই অধিকাৰ মাত্ৰ অজয়ক দিছে আৰু কাকোৱেই নিদিয়ে। তাইৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰাৰ কোনো সুৰুঙাই পাৰ হৈ যাব নিদিয়ে মানুহ জনে। সুবিধা পালেই প্ৰশংসা কৰি মন জয় কৰিব খোজে। সেয়ে তাই কথাৰ মাজতে পত্নীৰ কথা সুধিলে মুখখন পুৰা বেঙেনাটোৰ দৰে হয়, তাইৰ প্ৰশংসা কৰা পত্ৰ খনৰ সামৰণি পৰে। তাইয়ো আজৰি হয়।


"কৰিছিল। তাইক খুউব ভাল পাওঁ মই।"


"তেন্তে আনৰ প্ৰশংসা কিয়?"


"নাজানো তোমাকো হয়তো তাইৰ সমান্তৰালকৈ…..??" - মনে মনে ৰ'ল নিৰ্বাৰণ।


"কি?"


"ভুল বুজিবা?"


"কিহৰ বাবে?"


"কথা এটা সুধিব খুজিছো!"


"কেনে ধৰণৰ?" - অঞ্জনাই পোনেই কৈ উঠিল।


"সাধাৰণ।"


"সাধাৰণ প্ৰশ্ন সুধি অসাধাৰণ উত্তৰৰ কিন্তু আশা নকৰিব!"


"নিশ্চয় নকৰোঁ।"


"ক'ব পাৰে তেন্তে!"


"প্ৰেমিকা কৰিব খোজিছো তোমাক!"


     মানুহ জনে তাইৰ ফালে চাই ক'লে। অঞ্জনা থৰ লাগিল। কি কথাবোৰ কয় এই মানুহ জনে। নিজৰ পত্নী থকাৰ পাছতো অলপো সংকোচ নকৰাকৈ কেনেকৈ ইমান মুক্তভাৱে প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে?


     মানুহ গৰাকী প্ৰাইভেট স্কুল এখনৰ শিক্ষয়িত্ৰী, লগতে কাপোৰো চিলাই। এই তিনিটা মাহে মানুহ গৰাকীয়েই তেওঁলৈ নিজৰ কষ্টৰ টকা কেইটা দি চলাই আছে। যিহেতুকে ট্ৰেইনিঙৰ সময়ত দৰমহা হিচাপে যিখিনি টকা পায় সেইয়া সিহতে পোৱা নাই।


     এই তিনিটা মাহে মানুহ গৰাকীয়েই মাহিলী ৬,০০০ কৈ টকা তেওঁলৈ খৰচ পঠিয়াই আছে। ইমান বিশ্বাস থকা, ভালপোৱা মানুহ জনীক নেওচি তাইক প্ৰেমিকা ৰূপত বিচাৰে? কেনে ধৰণৰ প্ৰেম বাৰু এইয়া!!


     আগতে তাই প্ৰায়েই শুনিছিল মানুহ জনীক মানুহ জনে পঢ়াইছে বুলি অৰ্থাৎ মানুহজনে খৰচ কৰি পঢ়োৱা কথাটো শুনিবলৈ ভাল, কিন্তু নিজৰ মানুহ জনক যে এগৰাকী পত্নীয়ে খৰচ দি ট্ৰেইনিং দিবলৈ পঠিয়াইছে সেইয়া তাই প্ৰথম শুনিছিল। নিৰ্বাৰণ বহুত লাকি বুলি সকলোৱেই কৈছিল। কিন্তু তেনে এগৰাকী পত্নীকো যে আঁতৰত ৰাখিব পাৰিছে। 


     সচাই পুৰুষ জাতিটো হয়তো মাত্ৰ নাৰীৰ সৌন্দৰ্য্যৰ পাছতেই দৌৰে। যদি কেনেবাকৈ গম পায় মানুহ জনীয়ে, তাই কিমান কষ্ট পাব সেই কথা নিৰ্বাৰণে বাৰু ভাবি চাইছে নে??


     সাত মাহৰ গৰ্ভৱতী মানুহ গৰাকী। যোৱা মাহত আহিছিল নিৰ্বাৰণক প‌ইচা দিবলৈ, গা-টোৰ পৰা প্ৰায় কেঁচুৱাটো ওলালেই বুলিব পাৰি। ইমান দূৰৰ পৰা মানুহ জনৰ মৰমত সেই দেহাৰে ইয়াত পাইছেহি। কিন্তু মানুহ জনীৰ ইমানবোৰ ত্যাগকো নিৰ্বাৰণে আওকাণ কৰি প্ৰেমত মত্ত হ'ব খুজিছে। কি আচৰিত??


"আপুনি আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে নেকি?"


"কিয় ক'লা তেনেকৈ?"


"আৰু কেনেকৈ কম বুলি আশা কৰিছিল?"


"বুজিছোঁ মই। বিবাহিত হ'লেও প্ৰেমত পৰিব নোৱাৰি বুলিতো কথা নাই।"


"হয়। কিন্তু বৌৰ গৰ্ভত যে আপোনাৰ ঔৰসৰ সন্তানে এদিন-দুদিনকৈ ডাঙৰ হৈ আহিছে সেইয়া গম পাইনে আপুনি?"


"পাওঁ।"


"তথাপি.......?"


"তথাপি তোমাৰ প্ৰেমত পৰি চোৱাৰ হেঁপাহ।"


"কাৰণটো?"


"নাজানো। প্ৰথম দিনাৰ পৰাই তোমাৰ হাঁহিৰ, কথাৰ গভীৰতাই মোক হাহাকাৰ কৰাইছে।"


"কিয়?"


"আচৰিত নহ'বা। মাত্ৰ মোৰেই নহয় আমাৰ পুৰুষ হোষ্টেলটো তুমি প্ৰেমত ধুৱাই পেলাইছা। কিন্তু তোমাক কোনেও ক'বলৈ সাহস কৰিব পৰা নাই।"


"আপুনি ক'ৰ পৰা সাহস কৰিলে?"


"মোক ভাল পোৱা বা নোপোৱা মোৰ কোনো কথা নাই। মোৰ মনত হেন্দুলনি তুলি থকা কথাষাৰ ক'লো, ভুল বুজি নাথাকিবা।"


     কথাখিনি কৈয়েই নিৰ্বাৰণ নিজৰ হোষ্টেললৈ খোজ ল'লে। সহজে প্ৰেমত পৰিব পৰা এটা ব্যক্তিত্ব। ইয়াত প্ৰায়বোৰ কামৰ বাবে লিডাৰ হিচাপে বাচি দিয়া হৈছে নিৰ্বাৰণক। 


     অবিবাহিত হোৱা হ'লে তাইৰে লগৰ কেইবাজনীও নিৰ্বাৰণক উপযাচিয়ে প্ৰেমৰ প্ৰস্তাৱ দিবলৈ আগবাঢ়ি আহিল হেঁতেন। কাৰণ ছোৱালীবোৰৰ মাজত এইবোৰ কথাৰ আলোচনা হয় প্ৰায়েই। নিৰ্বাৰণৰ ব্যক্তিত্ব‌ই এজনী ছোৱালীক সহজে প্ৰেমত পেলাব পাৰে। 


     মাগুৰ বৰনীয়া সুঠাম দেহ, সৰু সৰু চকু, হাঁহিলে চকুকেইটা আৰু সৰু হৈ পৰে, ঠৰঙা চুলি অনৰবতে জেল লগাই আৰু ঠৰঙা কৰি থয়। হাঁহিটোও বৰ ধুনীয়াকৈ মাৰে। প্ৰতিটো কথাৰ পাছতেই 'আটচ্ছা', 'আটচ্ছা' বুলি কোৱা কথা কেইটা তাইয়ো শুনি বেয়া নাপায়। 


     আঁৰ চকুৰে চাইচেও নিৰ্বাৰণলৈ। কিন্তু পাছ মূহুৰ্ততে আকৌ পৰপুৰুষৰ বাবে আসক্ত হোৱাত ভগৱানক ক্ষমা বিচাৰিছে। কাৰণ অজয়হে তাইৰ আপোন পুৰুষ, আপোন হেঁপাহ। তাত আনৰ স্থান দিব নোৱাৰি।


"বাইদেউ।"


     হাবিলদাৰ বিৰেণ বৰুৱাৰ মাতত তাই বাস্তৱলৈ আহিল। ইমান সময়ে মনটো দেৰগাঁওত ভ্ৰমি ফুৰিছিল।


"কোৱাচোন ককাইদেউ।"


"ভাত খাবলৈ নাযায় নেকি?"


"তুমি মোক আপুনি নক'ব ককাইদেউ বহুবাৰ কৈছোঁ তোমাক মই এই কথাষাৰ। সকলোৰে আগত নহয় বাৰু কিন্তু অকলশৰীয়াকৈ থাকিলে বাইদেউ বুলি নক'বা।"


"নহয় বাইদেউ এবাৰ লাজ পাই থৈছোঁ। সেয়েহে আজিকালি আপোনত্ব নেদেখুৱাও।"


"লাজ! কাৰ পৰা?"


"আপোনাৰ আগতেও ইয়ালৈ মাইকী মানুহ এগৰাকী আহিছিল কিন্তু ভুলক্ৰমে এদিন তুমি বুলি কৈ পালোঁ। বৰ বেয়াকৈ ক'লে। এনে বয়সত কিছুমান কথা শুনিলে মনটোৱে কষ্ট পায়।"


"হয় নেকি। কিন্তু মইতো তোমাক নিজেই মাতিব কৈছোঁ সেয়ে ভয় নাই।"


"হ'ব বাৰু চেষ্টা কৰিম। ভাত খাই আহকগৈ।"


"মোৰ খাবলৈ মন যোৱা নাই। তুমি খাই আহাগৈ।"


"অ। মই খাই আহোগৈ তেনেহ'লে। ৰাতিপুৱাও ভালকৈ খোৱাই নহল প্ৰায়।"


"যোৱা যোৱা। স্বাস্থ্যৰ যতন ল'বা অলপ। বেমাৰি দেহা নোখোৱাকৈ নাথাকিবা।"


"হ'ব বাইদেউ।" - বিৰেন ওলাই গ'ল।


     বিৰেন মানে হাবিলদাৰ বিৰেণ বৰুৱা। আৰু দুবছৰৰ পিছত ৰিটায়াৰ হ'ব। বৰ নিৰ্জু মানুহ জন। ইয়াতেই ঘৰ। আগতে বেলেগত আছিল। ইয়ালৈ যেনে তেনে কৰি ট্ৰান্সফাৰ লৈছে। সকলোৱে সন্মান কৰে। সকলোৱে ককাইদেউ বুলিয়ে তেওঁক মাতে।


     তাইৰ শৰীৰৰ মাজেৰে অজয় নামৰ ভাল লগা শিহৰণ এটা পাৰ হৈ গ'ল। মানিবেগটোৰ পৰা অজয়ৰ ফটোকপি উলিয়াই ল'লে তাই। 


কেনেকুৱা হৈ থাকিব পাৰে বাৰু মানুহ জন?

চুলিবোৰ বাৰু খেলি-মেলিকৈয়ে ৰাখে নেকি?

আশ্ৰমলৈ আগৰ দৰেই যায় নে নাযায় বাৰু?

মনত পৰেনে তাইলৈ?

তাইৰ দৰেই কান্দে জানো আন্ধাৰৰ আঁৰত লুকাই?


     হয়তো নাকান্দে। চিগাৰেট এটা জ্বলাই লৈ বাহিৰলৈ ৰ' লাগি চাই থাকে হয়তো!! 


     এদিন এইবুলিয়ে কৈছিল তাইক। তাইলৈ মনত পৰিলে বোলে বেডৰুমৰ লাইট অফ কৰি খিৰিকীৰ পৰ্দা আঁতৰাই চিগাৰেট এটা জ্বলাই লৈ অন্য এখন পৃথিৱীলৈ গুচি যায়। 


     পুৰুষৰ চকুপানী সস্তীয়া নহয় বাবেই কঠিনত কৈও কঠিন পৰিৱেশ নহ'লে চকুপানী কেতিয়াও নোলায়। তথাপি কেতিয়াবা কান্দিছিল তাইৰ আগত। কিন্তু তৎমুহুৰ্ততে চকুপানী মোহাৰি পেলাইছিল।


অজয়ক লগ কৰিব তাই। 

আপোন কৰি ল'ব। 

দুখবোৰ ভগাই ল'ব, 

সুখবোৰ দুয়ো মিলি উপভোগ কৰিব। 

নালাগে তাইক শৰীৰৰ সুখ। 

নালাগে তাইক তৃপ্ত কৰিব অজয়ে 

তাৰ দেহৰ উষ্ণতাৰে। 

মাত্ৰ অজয়ক লাগে। 

তাৰ মৰমবোৰ লাগে, হেঁপাহ বোৰ লাগে।

সপোনবোৰক খেদি খেদি ধৰিব দুয়ো। 


অজয় দা…!!!

অজানিতে ওলাই গ'ল অঞ্জনাৰ মুখৰ পৰা অজয়ৰ নামটো।


আগলৈ……


[ "বেশ্যা" এই জীয়া কাহিনীৰ ধাৰাবাহিক উপন্যাস খনক আগতকৈও অধিক বেছি "এছ. আই. অঞ্জনা"ক মৰমবোৰ দিয়াৰ বাবে সকলোকে এবাৰ অশেষ ধন্যবাদ 🙏🙏 লগতে এই অঞ্জনাৰ জীয়া কাহিনীৰ ধাৰাবাহিক উপন্যাসখন প্ৰতিদিনে নিশা ন বজাত (৯ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on-  INSTAGRAM 


বেশ্যা - প্ৰথম খণ্ডৰ লিংক 

             Read Now :

এছ আই অঞ্জনা - প্ৰথম খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা - তৃতীয় খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা -
এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Love Story
"S. I. Anjana -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী


Special Thanks-

মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
S. I. Anjana Volume 2 | Heart Touching
Daily Assamese Status

No comments:

Post a Comment