এছ আই অঞ্জনা - প্ৰথম খণ্ড
দুবছৰ হ'ল অজয়ক অঞ্জনাই লগ নোপোৱা। অজয়ৰ ফোন নাম্বাৰো নাই তাইৰ ওচৰত। এদিন কিবাকৈ আশ্ৰমৰ ফাইল এটাৰ কাগজত অজয়ৰ হাফ ফটো একপি আঠা লগাই থৈ দিয়া আছিল, তাই অজয়ে নেদেখাকৈ ফটোকপি লৈছিল।
পাছতহে তাই গম পাইছিল সেইখন কাগজ হেনো কৰ্টৰ পৰা লিখোৱাই লোৱা কাগজ, যিখনত আশ্ৰমৰ মাটিডোখৰ আইনী প্ৰক্ৰিয়াৰে তাৰ নাম কৰা হ'ল বুলি লিখা আছিল। অজয়ে পাছত ফটোকপিটো বিচাৰি ফুৰাতহে তাই গম পাইছিল। কিন্তু অজয়ৰ খং দেখি তাই ভয়তে কোৱা নাছিল।
কিমান যে সংগ্ৰাম কৰি কৰি তাই এইটো পজিছন পাইছে। যদি সেই ৰুমত থকা ছোৱালী কেইজনীয়ে তাই নজনাকৈ যদি এই কামটো কৰি নিদিলেহেতেন তেতিয়া জানো তাই আজি তৈলনগৰীৰ এছ. আই. অঞ্জনাজনী হ'ল হেঁতেন।
ক'ত আছে বাৰু সেই ছোৱালী কেইজনী? আশ্ৰমলৈ গ'লে ৰুমৰ মালিকৰ পৰা ছোৱালী কেইজনীৰ ডিটেইলচ্ ল'ব লাগিব। মীৰা দিদি? তেওঁকো এইবাৰ লগ কৰি ইয়ালৈকে লৈ আহিব লাগিব।
দেৰগাঁওতো ট্ৰেইনিঙৰ সময়ছোৱাত কমখন লটি-ঘটি হৈছিল নে। পুৱা চাৰি নাবাজোতেই উঠি দৌৰ মৰা, নিজৰ কামবোৰ সামৰি ক্লাচলৈ যোৱা। আকৌ কেতিয়াবা কেন্টিন চলোৱাৰো দায়িত্ব পৰে। তাৰ মাজতে সৰু-সুৰা ঘটনাৰতো হিচাপেই নাই। কোন কেতিয়া আহি কাৰ লগত শুই থাকেহি গমেই নাপায়।
নাৰীক সংযমি শক্তি থকা বুলি কোৱা হয় যদিও তাত থাকোঁতেচোন কেতিয়াবা সিহতঁৰ লগতে থকা কোনে কেতিয়া গৈ ট্ৰেইনিঙলৈ অহা পুৰুষৰ লগত শৰীৰৰ ভাগ-বতৰা কৰে গমকে নাপায়। সচাই একপক্ষীয় ভাৱে কাকোৱে দোষাৰোপ কৰিব নোৱাৰি আজিকালি।
আজিৰ দিনত কি পুৰুষ কি মহিলা সকলোৰেই নিজক ধৰি ৰাখিব পৰা ক্ষমতা নোহোৱাৰ দৰেই হৈছে। শতকৰা হিচাপত ক'বলৈ গ'লে এশৰ ভিতৰত পঞ্চাশ জনীও যে ওলাব, সেইয়াও সন্দেহ হে।
বাহিৰত কিন্ কিনিয়া বৰষুণ। অঞ্জনাই ওচৰৰ চাহৰ দোকান খনলৈ ওলাই আহিল। একাপ জালুক দিয়া চাহ খাবৰ মন গৈছে তাইৰ। কালি স্কুলৰ ল'ৰা-ছোৱালী লৈ ছাত্ৰনেতা সকলে ডিগবৈ স্থিত আই. অ. চি. মেইন গেটত ধৰ্ণা দি প্ৰতিবাদ কৰিছে, স্থানীয় ইমানবোৰ শিক্ষিত নিবনুৱা থাকোতেওঁ বাহিৰৰ মানুহক নিযুক্তি দিয়াৰ বাবে।
আজি অসম বন্ধ। থানাত তাই আৰু হাবিলদাৰ এজনহে আছে।
তাই চাহ খাই থাকোতে কাষেৰেই আৰ. ডি. কলেজৰ ল'ৰা দুটা পাৰ হৈ গ'ল। অসম বন্ধ, ভাৰত বন্ধ হ'লেও প্ৰায়বোৰ শিক্ষানুষ্ঠান খোলাই থাকে ইয়াত। শিক্ষাগুৰু সকলে হাজাৰটা বাধা নেওচিও আহে নিজৰ কৰ্মক্ষেত্ৰলৈ। পাছে পাছে সৌমাৰ বিদ্যাপিঠ, আৰ. ডি. জুনিয়ৰ কলেজ, অমেন'চ কলেজৰ প্ৰানচঞ্চলা এজাক গাভৰু।
বন্ধ বাৰত প্ৰায় সিহতেঁ খোজ কাঢ়ি সৌন্দৰ্য্য উপভোগ কৰি ঘৰলৈ উভতে। তাতে ওচৰতে এখন মিউজিয়াম, তাৰ কাষতে চাকৰিয়াল সকলৰ এখন কেন্টিন য'ত অইল আই. অ. চি. ৰ ধুনীয়া ধুনীয়া ফিটনেছ থকা ডেকালৰাবোৰে খাবলৈ আহি বাহিৰত ৰৈ থাকে। মন গ'লে জোকাৰে দুয়োপক্ষই।
এটা ধুনীয়া পৰিৱেশ। আগলৈ শ্বিলং ৰোড আছে। তাই মাত্ৰ এদিনেই গৈছে শ্বিলং ৰোডেদি পাৰ্কলৈ।
সচাই বৰ ধুনীয়া ডিগবৈৰ এইছোৱা অঞ্চল। পাহাৰীয়া টিংবিলাকত চিংফৌ মানুহৰ দৰে চাং ঘৰ সজা আছে। তাত হেনো এতিয়াও ব্ৰিটিছৰ দিনৰ মানুহ আছে এংলো-ইণ্ডিয়ান।
থকাটো সচাঁকৈয়ে আছে তাইয়ো দেখিছে। চানগ্লাছ পিন্ধি হিৰো' ৰেঞ্জাৰ চাইকেল চলাই বজাৰ কৰি ফুৰা, চকু চেলাউৰি পৰ্যন্ত বগা বগা ল'ৰা-ছোৱালী দেখিছে স্কুললৈ যোৱা। হিন্দী আৰু ইংৰাজীৰ বাহিৰে অসমীয়া ভাষাটো কিন্তু আজিলৈকে তেওঁলোকে স্পষ্টকৈ কোৱা শুনা নাই তাই।
চঞ্চলা গাভৰুজাক পাৰ হৈ গ'ল। তাই এপলক সিহত যোৱাৰ ফালে চাই থাকিল। তাইৰো বয়স আহিছিল এনেকৈ স্ফূৰ্তি কৰাৰ কিন্তু বিষাক্ত সময়বোৰে তাইক সেইয়া কৰিব নিদিলে। জনা হোৱাৰে পৰা লঞ্ছিতা-বঞ্ছিতা-ৰক্ষিতা হৈ থাকোতেই গ'ল। এতিয়া আৰু সেই বয়স নাই।
ত্ৰিশৰ ঘৰ চোওঁ চোওঁ হোৱা দেহটোত অৱশ্যে তাই এতিয়াও বয়সৰ আচোঁৰ পৰিব দিয়া নাই। অজয়কো দিব লাগিব তাইৰ সৌন্দৰ্য্যৰ এভাগ।
সৌন্দৰ্য্য বৰ্ধনৰ বাবে ৰাস্তাটোৰ সোমাজতে শ্বাৱাৰৰ দৰে জিৰি-জিৰিকৈ ওলাই থকা পানীখিনিলৈ চাই ৰ'ল তাই। অন্যমনস্ক ভাৱেই জেপৰ পৰা দহ টকা এটা পানীত দলিয়াই দি আকৌ থানাৰ ভিতৰলৈ বুলি খোজ ল'লে অঞ্জনাই।
আগলৈ.....
[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় আজিৰ পৰা প্ৰতিদিনে নিশা ন বজাত (9 pm) পাব "এছ. আই. অঞ্জনা" ৰ ৰূপত। লগতে এই অঞ্জনাৰ জীয়া কাহিনীৰ ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]
No comments:
Post a Comment