তাই বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 17 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তাই বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 17 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Story


বেশ্যা

ধাৰাবাহিক উপন্যাস | খণ্ড 17


     অজয় অফিচলৈ ওলাই গ'ল। আশ্ৰমত কোনেও ভাত খোৱা নাই আজি, খাবলৈ আগ্ৰহো কৰা নাই। অজয়ে দেৰিকৈ হ'লেও এপাক মাৰি আঁহোগৈ বুলিয়ে ওলাই গ'ল।


     অফিচৰ পৰা ঘৰলৈও পাক এটা মাৰিব লাগিব বুলিয়ে অজয়ে ভাবি ভাবি গাড়ী চলাই গৈ থাকিল। অঞ্জনাই মনটো বেয়া কৰি আছে সেয়ে অজয়ৰো মনটো একেবাৰেই ভাল লগা নাই। কেনেকৈনো অঞ্জনাৰ লগত ইমান একাকাৰ হ'ল সি তলকিব‌ই নোৱাৰিলে। কিন্তু আশ্ৰমৰ এই অভাৱনীয় ঘটনাই সকলোকে এক মুহূৰ্তৰ বাবে বাকৰুদ্ধ কৰিছিল।


     আশ্ৰমত আজি ভাত ৰন্ধা হোৱা নাই। অজয়ে অকণ বাইক ভাত-পানী ৰান্ধি থবৰ বাবে এক প্ৰকাৰৰ টানকৈ অৰ্ডাৰেই দি থৈ আহিছে বুলিয়ে ক'ব পাৰি।


"মৰাৰ লগত মৰিব দিব নোৱাৰি জীয়াই থাকিবলৈ হেঁপাহ কৰা সকলক। অঞ্জনাক বাৰু এইকেইদিনতে সি লৈ আনিলে ভাল হ'ব নেকি বাৰু?" - মনতে ভাবিলে সি।


     মানসিক ভাৱে অঞ্জনা একেবাৰে ভাগি পৰা যেন লাগিল আজি। কিন্তু অঞ্জনা ইমান সোনকালে ভাগি পৰা বিধৰ অৱশ্যেই নহয়, তথাপি মনটো খুদোৱাই থাকিল অজয়ৰ। অঞ্জনা অলপ সময়ৰ বাবে ভাগি পৰিলেও নিজক সংযত কৰি খাপ খোৱাই ল'ব জানে। কিবা এটা ভাবিব লাগিব।


      কথাবোৰ ভাবি ভাবিয়েই সি অফিচ পালেগৈ। কেবিনলৈ গৈ বাথৰুমত সোমাই অলপ ফ্ৰেচ হৈ ল'লে অজয়। টেবুলত ফাইল দুটামান আছিল। সি চাই ল'লে আৰু চাইন কেইটা মাৰি দি বাহিৰৰ কামবোৰত চকু ফুৰালে। 


     সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। অজয়ৰ ভাল লাগিল। প্ৰাইভেট কোম্পানী বিলাকৰ এইবোৰ নীতি-নিয়মেই তাৰ ভাল লাগে, সকলোৱে নিজৰ কামবোৰ নিয়াৰিকৈ কৰে, সময়ত উপস্থিত থাকে। অৱশ্যে কষ্টটো অলপ বেছি; বেছি মানে বহুত বেছি। কাম চাই দাম দিয়ে।


"কি হৈছেগৈ আশ্ৰমৰ কথাবোৰ?"


"ধৰা পৰিলে!"


"কোন?"


"নীলা!"


"?????"


      পল্লৱ কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিল। নিৰ্জু প্ৰকৃতিৰ ছোৱালী জনীয়ে এই কাম কৰিছে?


      অজয়ৰ লগত এদিন আশ্ৰমলৈ গৈয়েই নীলাৰ প্ৰেমত পৰিছিল সি। কিন্তু মাকে কথাবোৰ গম পোৱাত তাক আশ্ৰমলৈ যাবলৈ নিদিয়া হ'ল, আৰু পল্লৱৰ প্ৰেমো তাতেই ইতি পৰিল। তাৰ পৰা আৰু সি কোনোদিনে অজয়ক নীলাৰ কথা সোধাও নাই। আজি এই কথাটো শুনি পল্লৱৰ বিশ্বাসত লব পৰা নাই।


"হয় জানো!"


"কিয় সুধিলি সেইবুলি?"


"নহয়, তাই এনে কৰিবলৈ সাহস থকা যেন নালাগে দেখিলে।"


"আজিকালি সকলো সম্ভৱ পল্লৱ। ম‌ইও বিশ্বাস কৰিব পৰা নাই। কিন্তু অঞ্জনাৰ প্ৰতি কিহৰ ক্ষোভ থোপ খাইছিল সেইয়াহে নাজানিলোঁ!"


"জানো দেই। এই মাইকী মানুহ বিলাকৰ হিংসা-প্ৰতিহিংসাটো অলপ বেছিকৈয়ে আছে। এইয়া সিহঁতৰ সহজাত প্ৰবৃত্তি বুলিলেও বহলাই কোৱা নহ'ব নেকি?"


"ওম। মইহে ভাবি পোৱা নাই কি কৰোঁ!"


"অঞ্জনাক লৈ আন।"


      পল্লৱৰ কথাত অজয়ে এইবাৰ আচৰিত ভাৱেৰে তালৈ চালে। কি কয় ই? কেনেকৈ জানিলে অঞ্জনাৰ কথা!


"কি চাই আছ' গম পাওঁ সব কথা। সেইবোৰ বাদ দি সংসাৰখন পাতিবলৈ যত্ন ক'ৰ। সময় সদায় একে হৈ নাথাকে অজয়।"


"তাকেহে।"


"প্ৰতিটো কথাৰেই চমু উত্তৰ দিয় যে!"


"কি কম একো উপায়ে নাপাইছোঁ।"


     হয়, অজয় উপায় বিহীন। কেনেকৈ ক'ব তাক তাৰ অক্ষমতাৰ কথা। বহুত সাহস গোটাই অঞ্জনাক ক'লে কিন্তু সিহঁতক ক'ব নোৱাৰে।


     অজয়ে প্ৰায়ে নিৰৱ হৈ থাকে বাবেই পল্লৱ আৰু অৰুণে এদিন তাক বেশ্যালয়ৰ ঠিকনা আৰু ছোৱালীও ঠিক কৰি দিছিল। জানোচা শাৰীৰিক মিলনৰ তৃপ্তি পালেই সি তাৰ সংসাৰৰ প্ৰতি অলপ মন-কাণ দিয়ে।


      তেওঁ বেশ্যালয়লৈ গৈছিল ঠিকেই কিন্তু শাৰীৰিক সুখৰ বাবে নহয়, পল্লৱ আৰু অৰুণৰ কথা পেলাব নোৱাৰিহে সিদিনা অজয়ে যাব বাধ্য হৈছিল। আৰু তাতেই এই অঞ্জনা বোলা ছোৱালীজনীৰ সৈতে তাৰ প্ৰথম চিনাকি আছিল।


      এতিয়া তাইক আপোন কৰি লোৱাৰ প্ৰচেষ্টা, কিন্তু আপোন হওঁ হওঁ অৱস্থাতে নানান বাধাই আগুৰিছে।


       শাৰীৰিক মিলন কি বা ইয়াৰ তৃপ্তি নাপায় সি, তথাপি অঞ্জনাক নিজৰ কৰাৰ সিদ্ধান্ত লৈছিল, অঞ্জনাও সমৰ্থন কৰিছিল। কিন্তু এতিয়াচোন তাৰ ভয়হে লাগিছে, কিবা এটা যেন হেৰুৱাইছে সি। বুকুত হাতখন দি চালে সি নাই হেৰুৱা নাই একো, তাৰ অঞ্জনা তাৰ বুকুত আছে সি হেপিয়াই স্পৰ্শ কৰিব পাৰিছে।


      ভাল লাগিল মনটো অজয়ৰ। তাক একো নালাগে এতিয়া মাত্ৰ অঞ্জনাক বুকুত লৈ আজীৱন ধুনীয়াকৈ কটাব বিচাৰে। শাৰীৰিক সম্পৰ্কক বাদ দি অঞ্জনাক সি একৰে অভাৱ হ'বলৈ নিদিয়ে, শৰীৰ হীনতাত তাইক ভুগিব নিদিয়ে।


      এইবোৰ সকলো এৰি এদিন তেওঁ গাঁওলৈ যাব অঞ্জনাৰ সৈতে। তাতেই দুয়ো জীৱন পাৰ কৰিব সুখে দুখে। এনেতে অজয়ৰ মনত দোলা দিয়া কথাৰ যতি পৰিল।


"ছাৰ, কফি?"


"অহ, ধন্যবাদ। ভালে আছানে?"


"আছোঁ ছাৰ, আপোনাৰ কৃপাত।"


"তেনেকৈ কিয় কৈছা?"


"আপুনি নথকা হ'লে জানো আমিবোৰ আমি হৈ থাকিলোহেতেন নে!"


"হ'ব। ছোৱালী জনী ডাঙৰ হ'ল চাগে!"


"ওম ছাৰ, তিনিবছৰ হ'ল।"


"হয় নেকি। হ'ব দিয়া যোৱা এতিয়া।"


"ভাল বাৰু ছাৰ।"


     চামেলি গ'লগৈ।


     আজি চাৰি বছৰ আগৰ কথা। স্বামীৰ এক্সিডেন্ট এটা হৈ এখন ভৰি নাছিল। অজয়ে ৰাস্তাত চাহৰ দোকান দি স্বামী আৰু সন্তানৰ খৰচ উলিওৱা চামেলিক এদিন আনি অফিচৰ কেন্টিনত কাম দিছিল।


      বেছি নহয় ৫০০০ দিয়ে মাহিলী তাইক। তাতেই সুখী তাই। মানুহ জনো বহি থকা ঠাইতে বাঁহৰ বৰ ধুনীয়া ধুনীয়া বস্তু সাজে, চালনি, খৰাহী, দলা আদি সাজে; দেওবাৰে ইয়াৰ উপৰি ওচৰৰে বজাৰত বহে তাই। মানুহজনে পেং লৈয়ে চামেলিক তাতো সৰু-সুৰা কামত সহায় কৰি দিয়ে।


      ভাত ৰন্ধা-বঢ়া কাম মানুহ জনেই বেছি কৰে, তাই সকলোবোৰ ওচৰত যোগাৰ দি বাকী কামবোৰ কৰে। গৰু এৰাল দিয়া, খৰি ফলা, জেওৰা-জপনা দিয়া এই সকলোবোৰ।


     অজয়ে এদিন তাইৰ জীয়েকৰ বেমাৰ হ‌ওঁতে খবৰ ল'বলৈ গৈ তাইৰ সংসাৰখন দেখি মাকলৈ মনত পৰি ৰাতি কান্দিছিল সি। চামেলি বয়সত সৰু। অঞ্জনাতকৈও সৰু হ'ব। বয়স ২০-২২ মান হব চাগে। চামেলি বাগানীয়া, ল'ৰাটো অসমীয়া। ঘৰত সোমাব নিদিয়াত সিহঁতে ঘৰৰ পৰা আঁতৰত সৰুকৈ ঘৰ এটা সাজি সপোন ৰচিবলৈ আৰম্ভ কৰিছিল। অজয়ে বুজি পাইছিল তেতিয়া_____


     "ভালপোৱা থাকিলে, বিশ্বাস থাকিলে

      এনেকৈও মানুহ সুখী হ'ব পাৰে।"


    "এটা ডাঙৰ অট্টালিকা কেতিয়াও

     সুখৰ সমল হ'ব নোৱাৰে,

     ডাঙৰ ডাঙৰ কু-কৰ্মবোৰ আৰু কৰ্দয্যময়

     জগতখন,

     এখন গোন্ধোৱা পৃথিৱীৰ আঁৰত থাকে।"


      এন্ধাৰে আগমণ কৰিছে ধৰালৈ। প্ৰাৰ্থনা কৰি অকণ পেহীৰ লগত দুজনীমান ভাত-পানী ৰন্ধা-মেলাত ব্যস্ত হৈ আছে। অঞ্জনাৰ আজি পাকঘৰলৈ যোৱাৰ ইচ্ছা নহ'ল একেবাৰে। পানী এগিলাচৰ বাহিৰে একোৱেই মুখত দিয়া নাই তাই। 


      বাৰে বাৰে নীলাৰ ক্ষোভৰ উত্তৰ উলিয়াবলৈ যত্ন কৰিছে তাই, কিন্তু পৰা নাই। কিবা ভুল হৈছে তাইৰ, কিন্তু কি? উত্তৰ নাপায় তাই।


     গেটৰ সন্মুখত অজয়ৰ গাড়ীৰ পোহৰ। তাই উঠি ভিতৰলৈ গুচি আহিল। এই মুহূৰ্তত তাই কোনো ধৰণৰ প্ৰেমালাপ কৰিব খোজা নাই। ইচ্ছা নোহোৱা হৈছে জীয়াই থাকিবলৈ। ইমান সংগ্ৰাম কৰিব লাগে দুদিনমান জীয়াই থাকিবলৈ? কি আচৰিত জীৱন এইয়া! মায়া-মোহ এৰি যাওঁ বুলিলেও যাব নোৱাৰি।


     অঞ্জনাই এতিয়া তাইৰ জীৱনটো এটা চেলেঞ্জ বুলিয়েই লৈছে। তাই চাব খুজিছে জীৱনে তাইক কিমান বাৰ হেৰুৱাব খুজিছে।


     যিমান বাৰ হেৰুৱাব তাইও সিমান বাৰেই উঠি দৌৰিব, মুঠৰ ওপৰত তাই জীৱনক হেৰুৱাইহে এৰিব। এইয়া তাইৰ দৃঢ় প্ৰতিজ্ঞা। তাই জিকিব, জিকিব‌ই লাগিব। মুঠৰ ওপৰত ভাবি থৈছে, জিকিবলৈ হ'লে তাই এই কৃত্ৰিমতাৰে ভৰি থকা পৃথিৱীখনৰ পৰা ওলাব লাগিব।


      তাই বেশ্যা আছিল, কাৰণ সেই সময়ত তাই বাধ্য আছিল। আনকি কাকোৱেই তাই চিনি নাপাইছিল ইয়াত। কিন্তু এতিয়া চিনি পাইছে, বহল হৈছে তাইৰ পৃথিৱীখন। এতিয়া আৰু তাই সেই আন্ধাৰ গলিত দেহ বিকিবলৈ নাযায়। কোনো ধৰণৰ বেশ্যালয় বা পৰি মহলত নোসোমাই। এতিয়া তাই মূৰ তুলি থিয় হৈ কথা পাতিব, সাহসেৰে আগবাঢ়ি যাব। 


"অঞ্জু, কেবিনলৈ আহা।"


"নাযাওঁ।"


     অজয়ৰ বুকুখন ধিপিং কৰি উঠিল। কি হ'ল তাইৰ, কোনোদিনে কটাক্ষ নকৰা অঞ্জনাৰ আজি কথাৰ সুৰ বেলেগ।


"কিয়? কি হ'ল?"


"মন যোৱা নাই। তাত আকৌ কিবা হ'বলগীয়া কি থাকিল।"


"কথাবোৰ ইমান খহটাকৈ কিয় কৈছা?"


"মিহিকৈ সদায় কম বুলিতো কেতিয়াও তোমাক কথা দিয়া নাই।"


"অঞ্জু?" - অজয়ৰ খং উঠিল।


"বাহিৰলৈ যোৱা তুমি। আশ্ৰমত আছো, ইয়াৰ অৰ্থ এইটো নহয় যে মই তোমাৰ কথামতে উঠা-বহা কৰিম।"


"সেইবুলিটো মই তোমাক কোৱা নাই!"


"যোৱাচোন তুমি ইয়াৰ পৰা!"


"কি হৈছে কোৱাচোন অঞ্জু?'


"প্লিজ।"


     অজয় ওলাই গ'ল। মনটোৱে কান্দি উঠিল তাৰ। তাই বাৰু এৰি যাব নেকি তাক? নহয়, নহয় তাই মেনটেলি ডিচটাৰ্ব হৈ আছে সেয়ে কৈছে। কাইলৈ ভাল হ'ব। কাইলৈ পাতিব কথা। নিজকে সান্তনা দিলে সি।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১৬ খণ্ডৰ লিংক -
             Read Now :

১৮ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment