তাই বেশ্যা | অঞ্জনাৰ হৃদয় চুই যোৱা বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 18 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তাই বেশ্যা | অঞ্জনাৰ হৃদয় চুই যোৱা বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 18 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Story


বেশ্যা

অঞ্জনাৰ জীয়া জীৱন কাহিনীৰে
খণ্ড 18

      মানুহৰ যেতিয়া বিশ্বাস ভাঙি যায় তেতিয়া স্বভাৱ বোৰ খিঙ-খিঙিয়া হৈ পৰে। কিন্তু তাতোকৈ বেছি খিঙ-খিঙিয়া হয় যেতিয়া আপোন মানুহৰ পৰা আঘাট আৰু অজুহাত পোৱা যায়।


      অঞ্জনাৰো ঠিক তেনেকুৱাই হৈছে। অজয়ক তাই বেয়া নাপায়, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাইছে। ওচৰলৈ অহাৰ লগে লগে খং উঠে তাইৰ।


     নীলাহঁতৰ দৰেই অজয়ো এদিন তাইক বিশ্বাসঘাটকতা কৰিব সেয়া তাইৰ বিশ্বাস। সেয়ে সময় থাকোঁতেই তাই নিজকে আঁতৰাই ৰাখিবলৈ বিচাৰিছে। নালাগে তাইক সংসাৰ, মৰম, ভালপোৱা এইবোৰ। তাই অকলশৰীয়া আৰু অকলেই জীৱনৰ পাতনি মেলিব।


     অজয়ক তাইয়ো খুব ভাল পায়। অজয়ক বেয়াকৈ কৈ বা টানকৈ কোৱাৰ পাছত অজয়তকৈ তাইৰহে কষ্ট বেছিকৈ হয়।


      বৰ কষ্ট হৈছে তাইৰ সচাকৈ। কেনেকৈনো সমস্যাৰ সমিধান উলিয়াব তাই নিজেও গম পোৱা নাই। দুদিনমান ভাল দিন আহে হে আকৌ সমস্যাবোৰ আহি পায়হি।


     নাই নাই, যেনে-তেনে ওলাব‌ই লাগিব ইয়াৰ পৰা। নাথাকে তাই কোনো আপোন মানুহৰ সংস্পৰ্শত। ভাত-পানী খাই কাইলৈ ওলাই যাব লাগিব। সময়বোৰক বাৰে বাৰে তাইৰ লগত খেলিবলৈ দিব নোৱাৰে। চকীখনতে বহি পৰিল তাই,


"অঞ্জনা!"


      ৱাৰডেনৰ মাত শুনি তাই উভতি চালে। তেওঁক দেখি চকীখনৰ পৰা উঠি আহি শেঁতা হাঁহি এটা মাৰিলে।


"বহক। থিয় হৈ আছে যে!"


"তোমাৰ হয়তো আমাৰ ওপৰত খং উঠিয়েই আছে নহয়। উঠিবৰে কথা। কিন্তু মই ক'ত ভুল কৰিলোঁ নিজেও ভাবি পোৱা নাই। নীলাই যে এনেকুৱা এটা কাম কৰিব সপোনতো ভবা নাছিলোঁ।"


"নাই বাইদেউ, সেইবোৰ আৰু ভবাৰ ইচ্ছা নাই। কথাবোৰ আকৌ নাপাতো নেকি?"


"বুজি পাইছোঁ তোমাৰ মনৰ অৱস্থা। নীলাৰ ফালৰ পৰা মই তোমাক ক্ষমা বিচাৰিছোঁ। মোক পাৰিলে ক্ষমা কৰিবা।"


     এজনী মাতৃৰ বাবে এইটো মূহুৰ্ত কিমান কষ্টকৰ সেইয়া মাত্ৰ জেউতীয়েহে বুজিছে। কাষত দুজনী ছোৱালী নিজৰেই পেটৰ। ন মাহ, দহ দিন যি সন্তানক তাই অতি আলফুলে কঢ়িয়াই লৈ ফুৰিছিল, জন্ম হোৱাৰ পাছতো সিহঁতৰ সপোনবোৰত সৰগ বিচাৰি ফুৰিছিল সেই সন্তানকে আজি অচিনাকিৰ দৰে ব্যৱহাৰ কৰিব লগা হৈছে।


     জেউতীৰ ভুল হৈছিল, ভুল হৈছিল; অঞ্জনাৰ বিৰুদ্ধে তাই ষড়যন্ত্ৰ কৰিছিল। কিন্তু নীলাইটো বিৰোধিতা কৰিছিল। তাৰ পাছত কি হ'ল তাইৰ? কেনেবাকৈ তাইয়ো অজয়ক ভাল পাইছিল নেকি? জেউতীৰ মূৰটো ঘূৰোৱা যেন লাগিল। তাতেই শুই দিলে।


      আগতেই যদি অঞ্জনাৰ ড'কোমেন্টবোৰ তাই ভালদৰে চালেহেতেন তেতিয়া হ'লে হয়তো এতিয়া দুইজনী তাইৰ কাষত থাকিলহেতেন। ভগৱানে গঢ়িব খোজা ঘৰখন তাই নিজেই ভাঙি দিলে। 


      নীলা। এইজনী বা ক'লৈ গ'ল এতিয়া? নিজৰ মাজতেই কথাবোৰ জুকিয়াই থাকোঁতে তাইৰ দুৰ্বল যেন লাগিল নিজকে।


      হাতত বেগটো লৈ অঞ্জনা ওলাই গ'ল টাউনৰ ফালে। ডাক্তৰৰ তালৈও যাব লাগিব এপাক। ৱাৰডেন কালি অচেতন হৈ পৰিল তাইৰ ৰুমতে। 


      যাবলৈ ইচ্ছা নাই তাইৰ কিন্তু মানৱীয়তাৰ খাতিৰত যাব লাগিব। তাইৰ দুখৰ দিনবোৰত এই মানুহ গৰাকীয়েই তাইৰ পেন্টি পৰ্যন্ত ধুই দিছিল। কথাবোৰ মনত পৰাৰ লগে লগে অঞ্জনাৰ মনটো বেয়া লাগিল।


      ইমান ভাল সংস্কাৰ দিয়া মানুহৰ ছোৱালীৰো ইমান বিভৎস মন এটা থাকিব, ভাবিলে আচৰিত লাগে। অঞ্জনাই কথাবোৰ ভাবি ভাবিয়ে টাউনৰ ফাললৈ ঘূৰি দিলে। চাই গ'ল ক'ৰবাত "টু লেট" লিখা আছে নেকি?


      কলেজত পঢ়ি থাকোঁতে এই "টু লেট" লিখা প্লেটবোৰত সিহঁতে "আই" টো বহাই "টয়লেট" কৰি দিছিল। কথাটো মনত পৰাত তাইৰ ইমান দুখৰ মাজতো হাঁহি উঠিল। ছেহঃ, সেইবোৰ দিনেই ভাল আছিল। হুমনিয়াহ এটা ওলাল তাইৰ।


      অঞ্জনাই ওচৰৰে গলি এটালৈ সোমাই গ'ল। তাত ৰুম পাবলৈ সহজ হ'ব কাৰণ কলেজৰ প্ৰায়বোৰ ছোৱালী তাতেই থাকে। সেইটো গলিত ল'ৰা নাথাকে। চাৰি নম্বৰ গলিটো পাৰ হ'লেহে ল'ৰা থকা ৰুমবোৰ পায়। ঘৰ এটাৰ গেটখন খুলি তাই সোমাই গ'ল।


     দুৱাৰত টোকৰ মৰাত মধ্য বয়সীয়া মানুহ এগৰাকী ওলাই আহি দুৱাৰখন খুলি দিলে।


"নমস্কাৰ বাইদেউ।"


"আহাচোন ভিতৰলৈ!" - মানুহ গৰাকীয়ে কলে।


"ধন্যবাদ।"


"বহাচোন। পানী খাবা নেকি?"


"নাখাওঁ বাইদেউ। মই মানে ৰুম বিচাৰি আহিছিলোঁ!"


"ৰুম? ৰুমৰ কথাটো এতিয়া ক'ব নোৱাৰিম। আগৰ কলেজৰ ছোৱালী কেইজনীয়ে আছে। অৰুণাচলৰ নগা ছোৱালী দুজনী অৱশ্যে বেলেগ ৰুমলৈ যোৱাৰ কথা আছে কিন্তু চাৰি-পাঁচদিনৰ পাছত হে পাব পালেও।"


"তেতিয়া পালেও হ'ব। ইমাৰজেঞ্চি নহয়। কিন্তু লাগে।"


"আগতে ক'ত আছিলা?"


"আগতে মানে আশ্ৰমতে থাকো। কিন্তু এতিয়া তাৰ পৰা ওলাই দিব বিচাৰিছোঁ।"


"কিয়? কিবা কৰা নেকি চাকৰি-বাকৰি?"


"নকৰোঁ। কিন্তু সৰুকৈ পাইছোঁ এটা।" - এনেয়ে ক'লে তাই।


"এই যে প্ৰশান্তি আশ্ৰমখন তাত থাকা নেকি?"


"হয় তাতেই।"


"আশ্ৰমখন বৰ ভাল দেই। সকলোৱে কয়।"


"ওম ভালেই।"


     ওপৰত ৰঙচঙীয়া বস্তুবোৰৰ মাজত হে

     পৃথিৱীৰ আটাইতকৈ বেয়াখিনি থাকে

     সেইয়াটো কোনেও নাজানে।


      ___ অঞ্জনাই মনতে কলে,


     ফুল আৰু পখিলাকহে হেনো বাহ্যিক সৌন্দৰ্য্য‌ই জুখিব লাগে মানুহক নহয়। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আৰু কৰ্দয্য মন কেৱল মানুহৰ মাজত থাকে। মানুহ জীৱশ্ৰেষ্ঠ কিন্তু চিন্তাবোৰ, কামবোৰ পশুতকৈও অধম। অঞ্জনাই ভাবে,


      "মানুহৰ সংগ চেন্দেলৰ দৰে,

      লগত থাকি সংগ দিব কিন্তু পাছফালৰ পৰা

      নিজকে বোকা চটিয়াই থাকিব।"


     বেয়া দিনেই চলি আছে নে তাইৰ জন্মৰ ক্ষণটোৱেই বেয়া আছিল তাই নাজানে। দুখ লাগে অঞ্জনাৰ। সকলোকে আপোন কৰিব খোজা তাইক চোন কোনেও আপোন কৰি নলয়। কি নাই তাইৰ ওচৰত, কি কমকৈ আছে যাৰ বাবে তাই সঘনাই প্ৰতাৰনাৰ বলি হয়। সেইয়া লাগিলে মানুহৰ দ্বাৰাই হ‌ওঁক বা সময়ৰ দ্বাৰাই হ‌ওঁক!


"বাইদেউ, মই উঠোঁ তেন্তে, কেইদিন মান পাছত খবৰ কৰিম!"


"ঠিক আছে।"


     অঞ্জনাই মানুহগৰাকীৰ পৰা উঠি আহি আশ্ৰমলৈ খোজ ললে।


       এফালৰ পৰা কথাবোৰ ভাবি আছে জেউতীয়ে। কথাবোৰ ভাবি ভাবি কষ্টবোৰো বাঢ়ি যায় জেউতীৰ।


     তাইৰ নাম জেউতী হ'ব নালাগিছিল। তাইচোন কাৰোৱেই জীৱনত জেউতী চৰাব পৰা নাই। তৰুণৰ কাষৰ পৰা আঁতৰি আহি তাই বৰ ডাঙৰ ভুল কৰি পেলালে। এতিয়া এজনী ছোৱালীও নাই তাইৰ কাষত, ধৰি ৰাখিব নোৱাৰিলে তাই কাকোৱেই।


     সুৰঞ্জনা গ'ল, ৰঞ্জনা মানে নীলা গ'ল; এতিয়া অঞ্জনাও হয়তো আঁতৰি যাবগৈ। থাকিলেও অচিনাকি হৈহে থাকিব লাগিব। আগৰ দৰেনো ক'ত বিশ্বাস কৰিব!!


"বাইদেউ!" - অঞ্জনাৰ মাত শুনি চকু মেলিলে জেউতী।


"অ, তুমি। মোৰ ৰুমত নাহিবা বুলি ভাবিছিলো!"


"নাহো বুলিয়ে কালি আহি উভতি গলোগৈ। কিন্তু মানৱীয়তা বুলি জানো কথা এটা নাই, সেয়ে আহিলো।"


"হয় দিয়া। মোৰ চিনাকিতে ক'ৰবাত ভুল হ'ল। ক্ষমা কৰিবা মোক অঞ্জনা।"


"ভুল? হ'ব আৰু বাইদেউ এইবোৰ। গা কেনে এতিয়া?"


"কালিতকৈ অলপ শক্তি অহা যেন পাইছোঁ গা-টো। এইটোৰ পাছত আৰু এটা দিব হেনো চেলাইন। কিবা মাল্টিভিটামিন মিহলাই দিব বোলে। পাছবেলালৈ যাব পাৰিম।"


"যি হ'ব লগা আছিল হ'ব‌ই, সেইবোৰ কথা আৰু ভাবি নাথাকিব বাইদেউ।"


"তুমি জানো ক্ষমা কৰি দিব পাৰিবা মোক নিজৰ মা বুলি ভাবি?"


     শেষলৈ মাতটো সেমেকি উঠিল জেউতীৰ। অঞ্জনাই জেউতীৰ চকুপানী মচি দি মৌনতাৰেই বুজাবলৈ যত্ন কৰিলে "চেষ্টা কৰিম ক্ষমা কৰিবলৈ"।


     অঞ্জনাই ৰুমটো সাৰি লৈ মচি দিলে, বাথৰুমত থকা কাপোৰ কেইটা ধুই দি বাহিৰত মেলি থৈ আহিলগৈ। বাহিৰৰ পৰা আহি জেউতীৰ ওচৰতে বহিল। জেউতীয়ে চকুহাল মুদি দিলে। চকুহাল সোমাই যোৱাৰ দৰে লাগিল জেউতীৰ।


     অঞ্জনাই নিজৰ মাকক বিচাৰিবলৈ যত্ন কৰিলে। সৰুতে পোৱা মা'কৰ মুখ খনৰ কথা ভাবিলে। কেনেকুৱা আছিল বাৰু তাইৰ মাকজনী? মাকৰ ধূসৰ মুখখন তাইৰ চকুৰ আগত ভাঁহি উঠিল। মনটোৱে ক'লে,


"মোৰ মা জেউতী বাইদেউৰ নিচিনাই আছিল নেকি!!"


আগলৈ…..…….


[ বেশ্যা - অঞ্জনাৰ এই ব্যতিক্ৰমী জীয়া জীৱন কাহিনীৰে গঢ়া ধাৰাবাহিক উপন্যাস খনৰ আৰু তিনিটা (৩ টা) খণ্ড বাকী আছে। কিন্তু ইমানতেই শেষ হবনে অঞ্জনাৰ সমস্ত সুখ-দুখ আৰু নানা যন্ত্ৰণাৰে ভৰা বিষাদ ভৰা কাহিনী?


অন্তিম 21 নং খণ্ডত মই অঞ্জনাৰ নিজাববীয়া বহু কথাও উল্লেখ কৰিম। এই অঞ্জনা জনীৰ আদি আছে, কিন্তু অন্ত নাই। অপেক্ষা মাথোঁ পৰৱৰ্তী সময়ৰ। আগলৈ, আৰু আগলৈ.....


লগতে এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ আছে। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১৭ খণ্ডৰ লিংক -
             Read Now :

১৯ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Heart Touching Assamese Love Story
Axomiya Dukhor Kahini
Sad Assamese Story
With Love
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment