সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 9 By Gayatri Sharma - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 9 By Gayatri Sharma


সূৰ্যফুলৰ দেখলৈ

নৱম খণ্ড

এটা ৰৌদ্ৰোজ্জ্বল পুৱা।


      চৰাইবোৰৰ কিচিৰ মিচিৰ মাতে টোপনি ভাঙিলে মোৰ। খিৰিকীৰে এচেৰেঙা ৰ'দ সোমাই মজিয়াত পৰিছিল। ভেন্টিলেশ্যন খনৰ ফুলকটা লোহাৰ ৰডবোৰে ৰ'দৰ ওপৰত নক্সা কিছুমান কাটিছিল। বিচনাৰ পৰা উঠি সেই ঠাইখিনিতে ভৰি দিলোঁ।


      এইবাৰ ৰড বোৰৰ সেই জালিকটা নক্সাই মুহূৰ্ততে মজিয়া এৰি মোৰ ভৰিৰ ওপৰত থিতাপি লৈছিল। এনে লাগিছিল ভৰিখনত ৰ'দে যেন কইনা এজনীৰ ভৰিত অঁকাৰ দৰে জেতুকাৰ ফুল বাচিছিল।


     প্ৰতিদিনাৰ দৰে মাছৰ বেপাৰী, পাচলিৰ বেপাৰীৰ চিঞৰবোৰে মুখৰিত কৰি তুলিছে ৰাতিপুৱাটো।


      দেৱাশ্ৰী বাৰ কোঠাটোৰ কাষৰ কোঠাটোত ল'ৰা এজন থাকে। অনিৰ্বাণ নামৰ ল'ৰাজন এই চৌহদৰ আটাইবোৰ আৱাসীতকৈ পুৰণা। কোনোবা বেংক এটাত চাকৰি কৰি আছে। প্ৰতিদিনে পুৱাই তেওঁ ডাঙৰকৈ গান বজায়। আজিও তেওঁৰ কোঠাৰ পৰা ভাঁহি আহিছিল গানৰ সুৰ।


      চোতালত খবৰ কাগজ পঢ়ি বহি ৰোৱা ভাড়াঘৰৰ মালিকজন, তেওঁলোকৰ ঘৰলৈ কাম কৰিবলৈ অহা মানুহগৰাকীয়ে ফোনত চিঞৰি চিঞৰি পতা কথাবোৰ; এই সকলোবোৰ কথাই সদায় হোৱাৰ দৰেই হৈ আছিল।


       প্ৰতিদিনৰ দৰেই নিয়াৰিকৈ চলি আছিল প্ৰত্যেকজন মানুহৰ জীৱন।


      মাত্ৰ মোৰ বাবেহে আজিৰ পুৱাটো এটা সচৰাচৰ পুৱাতকৈ বেলেগ আছিল।


      আজি মোৰ 'হেপী ইণ্ডিয়া ডট কম'ত চাকৰিৰ প্ৰথম দিন। মনত পৰিল 'খবৰ 24×7' ৰ চাকৰিৰ প্ৰথম দিনটোলৈ। আগদিনাৰ পৰা উৎকণ্ঠাত টোপনি অহা নাছিল। সুখৰ বানে পাৰ ভাঙিছিল। বুকুৰ উখল মাখলবোৰ থ'বলৈ ঠাই নাছিল। 


      অকলে যেন ব'ব নোৱাৰিছিলো ইমানবোৰ আনন্দৰ ভৰ। বাৰে বাৰে ফোন কৰি মা, দেউতাৰ উপৰিও মামা আৰু পেহীহঁতৰ ঘৰলৈকো জনাইছিলোঁ মোৰ উলাহৰ বতৰা।


      আজিও এটা চাকৰিৰ প্ৰথম দিন। মাথোঁ চাকৰিটো বেলেগ। যি চাকৰিৰ প্ৰথম দিনৰ আনন্দই হওক বা বেজাৰেই হওক সেই ভৰ সহিব লাগিব মই অকলেই। সেই দিনটোৰ দৰে আজি নাছিল গেইটৰ সন্মুখত আহি জোৰেৰে হৰ্ণ বজাই ৰৈ থকা 'খবৰ 24×7' বুলি লিখি থোৱা গাড়ীখন। দুভৰিত নাচনী উলাহ লৈ দেও দি দি গাড়ীত বহিবলৈ যোৱা ছোৱালীজনী আজি নাছিল।


     ইতিমধ্যে ঘৰতে চাৰে ছয় বাজিছিল। 'হেপী ইণ্ডিয়া ডট কম'ৰ মানুহজনে মোক চাৰে ছয় বজাত অফিচলৈ গৈ পাবলৈ কৈছিল।


     সময়ক লৈ সদাসতৰ্ক মোৰ যেন আজি সেই কথা গাতেই লগা নাছিল। যেন একো দেৰিয়েই হোৱা নাই, এনে এটা ভাৱত ধীৰে সুস্থিৰে মই গা ধুবলৈ সোমালোঁ। আচলতে সিদ্ধান্ত এটাৰ নব্বৈ শতাংশ লৈও ক'ৰবাত দহ শতাংশ মই চাগে তেতিয়াও দোমোজাত আছিলোঁ। 


      যিমান প্ৰয়োজন কাম এটাৰ বাবে আছিল সিমানেই ভয় আৰু অসহজ মোৰ নতুন কামটো কৰিবলৈ লাগিছিল। তাতোকৈও মই ভয় খাইছিলোঁ মোৰ সঘনাই হোৱা মূৰৰ বিষটোৰ বাবে। ৰ'দলৈ ওলালেই হোৱা ভয়ংকৰ মাইগ্ৰেইনৰ বিষ লৈ কেনেকৈ প্ৰত্যেক দিনাই মই ওলাই যাম? 



     গা ধুই থকাৰ গোটেই সময়খিনি নিজকে বুজাই থাকিলোঁ। ওলাই আহি অভ্যাসবশতঃ থাপনাখনৰ সন্মুখত বহি পৰিলোঁ। ধূপ এডাল জ্বলাই দি ঈশ্বৰলৈ চাই থাকিলোঁ কেৱল। ঈশ্বৰক যেন ক'বলৈ আজি মোৰ একোয়েই নাই।


      ৰাতিয়েই ইস্ত্রি কৰি থোৱা গুলপীয়া কুৰ্তী আৰু বগা প্লাজ'টোৰ লগত কাণত অকণমানি ঝুমকা এযোৰ পিন্ধি আইনাখনত চাই নিজকে কৈ উঠিলোঁ


"ধুনীয়া লাগিছে তোক"।


     মই যেন নিজকে ফুচুলাবলৈহে চেষ্টা কৰিছিলোঁ।


      প্ৰতিটো নতুন কামলৈ ওলাই যাওঁতেই মা আৰু দেউতালৈ ফোন এটা কৰা মোৰ পুৰণি সেই অভ্যাস আজি মই কেনেকৈ এৰো? ফোন লগালোঁ দেউতালৈ।


: কি কৰিছ মা? অফিচলৈ যাবি নে? আজি ৰাতিপুৱা যাব নালাগে নহয়?


      আজি বুধবাৰ। দেউতাৰ হিচাপ আছে মোৰ যে বুধবাৰে ৰাতিপুৱাৰ ডিউটি নাথাকে। ডিউটি লিষ্টখন মই এবাৰলৈ চাবলগীয়া হ'লেও গোটেই লিষ্টখন মা আৰু দেউতাৰ জিভাৰ আগত থাকে। থৰবৰাই উঠিলোঁ মই। যেনেতেনে নিজকে চম্ভালি ক'লো,


: দে'তা শুনাচোন… মা ক'ত আছে? আজি অফিচত মই এটা নতুন কাম কৰিম। সেইকাৰণে ফোন কৰিলোঁ। 


      "আশীৰ্বাদ কৰিবা" বাক্যশাৰী নোকোৱাকৈয়ে দেউতাই বুজে মই দেউতাৰ আশীৰ্বাদ বিচৰাৰ কথা। ইথাৰৰ সিপাৰে দেউতাই অনুভৱ কৰে মোৰ দুহাতেৰে তেওঁৰ চৰণ স্পৰ্শৰ।


: ভাল হওক মা। যি কাম কৰিবলৈ লৈছ সফল হ। ঈশ্বৰ সহায় হওক। মাৰক মই ক'ম। চোতাল সাৰি আছে মাৰে।


      মই 'হ'ব' বুলি ফোনটো ৰাখোঁতেই দেউতাই আকৌ কৈ উঠিল


: টিভিত ওলাবি নেকি আজি? সময়তো জনাবি।


     প্ৰায়েই দুপৰীয়াৰ মহিলাৰ অনুষ্ঠানটো মোৰ ভাগত পৰে। দেউতাই জানিবলৈ বিচাৰিছিল, আজিও মই ওলাম নেকি টিভিত?


      দুপৰীয়াৰ অনুষ্ঠানটোত বেছিভাগ সময়ৰ অতিথি কোনোবা এগৰাকী ফেশ্যন ডিজাইনাৰ হয়। অনুষ্ঠানটো কৰাৰ সময়ত তেওঁলোকৰ প্ৰচাৰৰ বাবেই এংকৰগৰাকীয়ে পিন্ধি লয় তেওঁলোকে সুকীয়াকৈ লৈ অহা তেওঁলোকৰেই ডিজাইন কৰা কাপোৰ এসাজ ।


     প্ৰতিবাৰে বেলেগ বেলেগ আৰু বৰ ধুনীয়া সেই কাপোৰবোৰ পিন্ধি ওলোৱা মোক দেখিলেই দেউতাই অনুষ্ঠানটোৰ পিছত কৰা ফোনটোত প্ৰায়েই কৈ উঠে,


: ৰংটোৰে বৰ ভাল লাগিছে অ' আইজনী! বৰ শুৱাইছে।


      এবাৰ এযোৰ এজাৰৰঙী কাপোৰেৰে টিভিত ওলোৱাৰ পিছত দেউতাই মোক কাপোৰযোৰ কিনি পেলাবলৈ বৰ জোৰ কৰিছিল। আৰু মই উত্তৰত কৈ পেলাইছিলোঁ,


: কাপোৰযোৰ বৰ এটা ভাল নহয় দে'তা। নলওঁ দিয়া।


     মই ক'ব নোৱাৰিলোঁ কাপোৰযোৰৰ দাম যে দেউতাৰ পেঞ্চন টোতকৈও বেছি। সেই কথা ক'বলৈ কিয় জানো বুকুত সাহ গোটাব নোৱাৰিলোঁ মই।


     দুপৰীয়াৰ অনুষ্ঠানটোৰ পিছত কৰা দেউতাৰ সেই ফোনটোলৈ মই প্ৰতিবাৰেই বৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছিলোঁ। 


     এইবাৰ মোৰ ওচৰত উত্তৰ নাছিল। মই মাথোঁ ক'লো


: কেইদিন মানলৈকে কেৱল ডেস্কৰ ডিউটি দে'তা। এংকৰিং নাই।


: বাৰু বাৰু, হ'ব মা। ভালে থাক। - বুলি ফোন সামৰিলে দেউতাই। 


     আৰু মই থৰ হৈ ৰ'লো।


      কিমান দিন? কিমান দিন মানুহক মিছা কোৱা যায়? কিমান দিন আপোন মানুহৰ পৰা এনেকৈ পলাই থকা যায়?


      ঘৰতে সাত বাজিছিল। যাবলৈ মন নোযোৱা ঠাই এখনলৈ মাকে জোৰ কৰি নিবলৈ খুজিলে গপ পাতি, অভিমান কৰি একেঠাইতে বহি থকা ছোৱালী এজনীৰ দৰে মোৰ মনটোও যেন ক'ৰবাত অভিমান কৰি মোৰপৰা নিলগত বহি আছিল।


      সেই মুহূৰ্তত অকণমানি ছোৱালীজনীৰ কাষতে বহি মাকে বুজাবলৈ চেষ্টা কৰাৰ দৰে ময়ো যেন মোৰ মনটোৰ কাষত আঁঠু কাঢ়ি বহি পৰিলো আৰু থুঁতৰিত দাঙি ধৰি সৰু ছোৱালী এজনীক বুজোৱাৰ দৰে মনটোক বুজাবলৈ ধৰিলোঁ


: ধেৎ! নাপায় নহয়! কেইদিনমানৰ হে কথা। আমি আকৌ অফিচৰ গাড়ীত যাম, টিভিত ওলাম। হ'ব?


      বুজাই থকা মাকজনীৰ ডিঙিত সাবটি ধৰি ঠেনঠেনাই উঠা ছোৱালীজনীৰ দৰে মনটোৱে যেন মোক কৈ উঠিল


: মোক নিনিবা। মোক কিতাপ বেচিবলৈ নিনিবা। মই বাতৰি পঢ়িবলৈ বিচাৰো। মই হাতত বুম এটা লৈ খবৰ সংগ্ৰহ কৰি ঘূৰি ফুৰিবলৈ বিচাৰো। মোৰ যে সেয়াহে কৰিবলৈ মন তুমি বুজিছানে? কিতাপ বেচিব নোৱাৰিম অ' মই!


     বুজাব নোৱাৰি জীয়েকক প্ৰায় চোঁচৰাই নিয়া মাক এজনীৰ দৰে মই যেন চোঁচৰাই আনিলোঁ মনটোক। আৰু মোৰ পিছে পিছে চুচুক চামাক খোজেৰে আহোঁ নাহোঁকৈ যেন মনটো আহি থাকিল।


     সময় তেতিয়া সাত বাজি পোন্ধৰ মিনিট ইতিমধ্যেই পাৰ হৈছিল। ৰ'দটোৱে ৰাতিপুৱাই খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহিছিল। ছাতিটো মূৰৰ ওপৰত মেলি লৈ লাহে লাহে মই খোজ পেলালো 'হেপী ইণ্ডিয়া ডট কম' নামৰ মোৰ নতুন চাকৰিৰ ঠিকনালৈ।


     মহানগৰী ৰাতিপুৱাই জীৱন্ত হৈ উঠিছিল।


    গাখীৰৱালা, পেপাৰ দিয়া মানুহজন, মন্দিৰত ফুল দিয়া মানুহজন, ৰাতিপুৱাই খোজ কাঢ়িবলৈ অহা স্বাস্থ্য সচেতন মানুহবোৰ, সকলোৰে যেন মিচিল লাগিছিল ৰাস্তাত।


      মানুহবোৰক বৰ সজীৱ দেখা গৈছিল। মুখবোৰত নাছিল কোনো ৰ'দৰ প্ৰভাৱ, ৰাতিপুৱাই ওলাই অহা এইহেনটো মূৰৰ ওপৰৰ বেলিয়েও যেন কাকোৱেই ভাগৰাব পৰা নাছিল। 


     মনত পৰিল প্ৰায় দুমাহমানৰ আগতে দেৱাশ্ৰী বা আৰু মই খোজকাঢ়িবলৈ ওলোৱাৰ কথা। হঠাৎ এদিন দেৱাশ্ৰী বাৰ অনুভৱ হৈছিল যে তাই শকত হৈছে। পেটটো অকণমান ওলাইছে আৰু যিটো লৈ অসন্তুষ্ট আছিল প্ৰেমিক হিমাংশু দা। হুলস্থুল লগাই দিছিল মৰ্ণিং ৱাকত যাবলৈ।


     মোক লগ ধৰি প্ৰথম দিনা অলপ দূৰ গৈয়েই ঘূৰি আহি পিছদিনাৰ পৰা সাৰেই পাব পৰা নাছিল তাই। সেই এদিনীয়া আমাৰ মৰ্ণিং ৱাকৰ কথাটোৱে মোৰ মুখত এটি মিঠা হাঁহি সানি দিলে।


     গণেশগুৰি প্ৰাণচঞ্চল হৈ উঠিছিল। 


     সদায় ৰাতিপুৱা গাড়ীৰে পাৰ হোৱা এই ঠাইবোৰ আজি খোজকাঢ়ি যাওঁতে এনেকুৱা লাগিছিল মই যেন কাহানিও দেখাই নাই এইবোৰ ঠাই। কাহানিও পাৰ হোৱা নাই এইবোৰ ঠাইৰে। এইজনী যেন নতুনকৈ গুৱাহাটীলৈ আহোঁতে গুৱাহাটীখন থৰ লাগি লাগি চোৱা তিনিবছৰৰ আগৰ কৃষ্ণাক্ষী বৰুৱাহে আছিল। 


     গণেশগুৰিৰ 'B K Tower' ৰ মোৰ অতিকৈ প্রিয় মিঠাইৰ দোকান 'প্ৰিয়া চুইটছ'খন বাল্টি এটাৰে পানী মাৰি মাৰি ল'ৰা এজনে ঝাড়ু দি আছিল। চাফা বাবেই আচলতে এই দোকানখন মোৰ প্ৰিয়। দিনত সদায় দোকানখন চাফাকৈয়ে দেখা মানুহবোৰে বাৰু জানেনে, চাফা হৈ থকা দোকানখনৰ আঁৰৰ এই ল'ৰাজনক? 


      অকণমান আগুৱাই আহিয়েই নাকত বেয়া গোন্ধ এটা লাগিল। ঠাইখিনিৰ এই গোন্ধটো বৰকৈ চিনাকি। দিছপুৰ কলেজলৈ সোমাই যোৱা পথটোৰ কাষৰ ডাষ্টবিনটোৰ এই চূড়ান্ত বেয়া গোন্ধ গুৱাহাটীৰ প্ৰতিজন মানুহৰে চিনাকি। 


      নাকত হাত দি লৰালৰিকৈ ঠাইখিনি পাৰ হ'বলৈ চেষ্টা কৰোঁতেই চকুত পৰিল জুটুলা জুটুলি চুলি, অবিন্যস্ত গাৰ কাপোৰেৰে আজি অত বছৰে দেখি অহা মানসিক বিকাৰগ্ৰস্ত মানুহগৰাকীক। সদায়েই মুখেৰে কিবা এটা ভোৰভোৰাই পাৰ হৈ যোৱা এই মানুহজনীৰ গাৰ পৰা বাহিৰ হয় এটা অতি বেয়া গোন্ধ। কলেজত পঢ়াৰে পৰা প্ৰতিদিনেই মানুহগৰাকীক দেখি আহিছো। এই ডাষ্টবিনটোৰ কাষৰ লেতেৰা ঠাইখিনিয়েই মানুহজনীৰ স্থায়ী ঠিকনা।


     কিন্তু আজি মই মানুহগৰাকীক দেখিছিলোঁ এটা বেলেগ ৰূপত। লেতেৰা ডাষ্টবিনটোৰ পৰা কিবা এটা খুচৰি খুচৰি খাই আছিল তাই। হয়তো কোনোবা হোটেলে পেলাই থৈ যোৱা ৰাতিৰ বাহি ভাত।


      নিজে খোৱাৰ উপৰিও কাষতে থকা চেৰেলা কুকুৰটোকো সমানেই খুৱাইছিল এগৰাহ এগৰাহকৈ ভাত। তাকে দেখি আৰু দুটামান কুকুৰ মানুহজনীৰ কাষ চাপি আহিছিল। মানুহজনীয়ে কুকুৰকেইটাৰ গাত হাত ফুৰাই দি আটাইকেইটাকে অকণ অকণ ভাত খাবলৈ দিলে। কুকুৰকেইটাই আগুৰি ধৰিছিল মানুহজনীক। এনে লাগিছিল  যেন সেয়া কুকুৰ নহয়,মানুহজনীৰ সন্তানহে আছিল! 


     মই ৰৈ গৈছিলো। ক'ব নোৱাৰাকৈ কিমান দেৰি যে সেই দৃশ্য চাই মই তাতেই থিয় দি থাকিলোঁ।


      হঠাৎ গুলিসদৃশ গতিৰে একেবাৰে কাষেৰে পাৰ হৈ যোৱা গাড়ী এখনৰ শব্দত উচপ খাই উঠিলোঁ। গাড়ীখনে অলপৰ বাবে মোক খুন্দিয়াই থৈ যোৱা নাছিল। উদণ্ড চাৰি পাঁচজন যুৱক। 


      খিৰিকীৰে মূৰ উলিয়াই চিঞৰ বাখৰ কিছুমান কৰি হাতেৰে দাঙি দেখুৱাইছিল মদৰ বটল। জোৰেৰে পাৰ হৈ যোৱা গাড়ীখনৰ পৰা দলিয়াইছিল আধা খোৱা হোটেলৰ খাদ্য বান্ধি অনা কাগজৰ পেকেটৰ দৰে দুটা পেকেট।


      দৌৰি গৈছিল মানুহজনী। গাড়ীখনে দলিয়াই যোৱা পেকেট দুটা বুটলি আনিছিল। মানুহগৰাকীৰ হাতৰ পেকেটটোলৈ জুমি চাইছিলোঁ মই। সেয়া আছিল আধা খাই পেলাই দিয়া চিকেন বিৰিয়ানি। বহু বছৰৰ পিছত তৃপ্তিৰে কিবা এটা খোৱাৰ দৰে চুপি চুপি খাইছিল আধা চুপি থোৱা কুকুৰাৰ ঠেং। 


      পাৰ হৈ আহিছিলোঁ মই। দিনৰ ভাগত অতি ব্যস্ত ভৃগু মাৰ্কেট, গণেশ মাৰ্কেট আদিবোৰো নিজম পৰি আছিল। বাহিৰত কাঠৰ তক্তাপোচৰ বিছনা পাৰি বনোৱা জোতা চেন্ডেল, বেগৰ দোকানবোৰৰ ওপৰত ভতুৱা কুকুৰে ৰাতিটোৰ বাবে আশ্ৰয় লৈছিল। চকুত পৰিল পাইজামা, ঘৰত পিন্ধা টি-চাৰ্ট আদি বিক্ৰী কৰা মোৰ চিনাকি ছোৱালীজনীয়ে দোকান দিয়া ঠাইখিনিলৈ। নীলা টিৰপাল এখনেৰে ঢাকি তাই ঠাইখিনি তাইৰ নামত সংৰক্ষণ কৰি থৈছিল।


      অভাৰ ব্ৰিজৰ তলেৰে মোৰ নতুন অফিচলৈ বুলি আগবাঢ়ি গ'লো।


      প্ৰতিবাৰৰ দৰে অভাৰ ব্ৰিজখন পাৰ হৈ যাওঁতে আজিও মনলৈ আহিল ২০০৮ চনৰ সেই ধাৰাবাহিক বোমা বিস্ফোৰণ। চকুলৈ ভাঁহি আহিল টিভিৰ স্ক্ৰীনত দেখা সেই শিহৰণকাৰী দৃশ্য। ছিন্ন ভিন্ন শৰীৰেৰে টুকুৰা টুকুৰকৈ পৰি ৰোৱা হাত ভৰি,আত্মীয়ক হেৰুৱাই চিঞৰি চিঞৰি বুকু ফালি মৰা কান্দোন নামৰ সেই চিঞৰবোৰ এতিয়াও ভাঁহি আহে চকুলৈ।


      আৰু মনত পৰে তাৰ মাজে মাজে নিজৰ জীৱনলৈকো ভয় নকৰাকৈ হাতত সংবাদ মাধ্যমৰ বুমবোৰ লৈ দৌৰি দৌৰি খবৰ সংগ্ৰহ কৰা সাংবাদিকসকল। এতিয়াও মনত পৰিলে শ্ৰদ্ধাত মূৰ দোঁ খাই উঠে। সেই সময়ৰ পৰাই বহুকেইগৰাকী সাংবাদিক আজিলৈকে প্রিয় হৈ থাকিল মোৰ।


      মোৰ নতুন অফিচৰ গেইটৰ কাষ পাইছিলোঁহি। কালিৰ দৰে আজিও অফিচ এটা যেন লগা একোৱেই চকুত নপৰিল। না কোনোবা অফিচলৈ অহা মানুহ, না বেলেগ মানুহ। কোনো এজন মানুহো সেই ঠাইত নাছিল।


      গেইটখন খুলি সোমাই গ'লো। আজি কুকুৰকেইটাও নাছিল। হয়তো কোনোবাই সিহঁতক চিৰিৰ কাষৰ পৰা আঁতৰাই পঠিয়াইছিল নতুবা সিহঁতে নিজেই আঁতৰি গৈ আশ্ৰয় লৈছিলগৈ অন্য ঠাইত। চিৰি বগাই অফিচটোৰ দুৱাৰখনৰ সন্মুখত থিয় দিলোঁগৈ। ভিতৰৰ পৰা বন্ধ আছিল দুৱাৰখন।


      আচৰিত লাগিল! কোন অফিচৰ দুৱাৰ অফিচ চলি থকাৰ সময়ত ভিতৰৰ পৰা বন্ধ থাকে?


      দুৱাৰ খনতে কাণখন লগাই মই শুনিবলৈ চেষ্টা কৰিলোঁ ভিতৰত কিবা কথা বতৰা বা মানুহৰ উমঘাম আছে নেকি? 


     কিবা গান আৰু টুকুৰা-টুকুৰি কথা-বতৰা কিছুমান উফৰি আহিছিল ভিতৰৰ পৰা। মই দুৱাৰ খনৰ কাষতে থকা কলিং বেলটো বজালোঁ। মুহূৰ্ততে ছোৱালী এজনীয়ে খুলি দিলে দুৱাৰখন। 


      দুৱাৰ খনৰ পৰা যেনেতেনেহে তাইক দেখা পোৱা গৈছিল। সম্পূৰ্নকৈ দুৱাৰখন খোলা নাছিল তাই। এটা পুৰণা আৰু প্ৰায় লেতেৰাৰ শাৰীত পৰা গুলপীয়া দীঘল ফ্ৰক আৰু তলত লেগিংচ পিন্ধা ছোৱালীজনী খুব বেছি ষোল্ল বা সোতৰ বছৰীয়া হ'ব। মোক সুধিলে, 


: কাক বিচাৰিছে বাৰু?


      অফিচ এটাৰ দুৱাৰ মুখত এই প্ৰশ্ন আশা কৰা যায় নে? ভিতৰলৈ নোসোমোৱাকৈয়ে কোনোবাই সোধে নে মই কিয় আহিছোঁ? ছোৱালীজনীক কওঁ নকওঁকৈ ক'লো,


: এইটো হেপ্পী ইণ্ডিয়া ডট কমৰ অফিচ নহয় জানোঁ!


      এইবাৰ ছোৱালীজনীয়ে গোটেই দুৱাৰখন খুলি দিলে আৰু ভিতৰলৈ মাতিলে। ভিতৰ সোমাই দেখোঁ সন্মুখৰ খালি কোঠাটোত প্ৰায় দহজন মান ল'ৰা ছোৱালী।


     প্ৰত্যেকৰে হাতে হাতে কিতাপৰ একোটাকৈ টোপোলা। প্ৰায় পাঁচ মিনিট সময় মই কোঠাটোৰ এচুকত থিয় হৈ থাকি উমান ল'বলৈ চেষ্টা কৰি বুজিলোঁ যে দিনটোলৈ সেয়া বস্তু বিক্ৰী কৰাৰ প্ৰস্তুতি চলিছে। বেৰখনৰ এটা মূৰত কোনোবা এজনক গ্ৰাহক সজাই আন কোনোবা এজন কিতাপৰ টোপোলা এটা লৈ বিপৰীত দিশৰ পৰা দৌৰি আহিছে আৰু কৈ উঠিছে,


: ছাৰ মই গণেশগুৰিৰ পৰা আহিছোঁ। মেনেজমেণ্টৰ ষ্টুডেন্ট। এই কাম আমাৰ প্ৰেক্টিকেলৰ ভিতৰত পৰে। কিবা এটা বস্তু সকলোকে দেখুৱাইছোঁ আপোনাকো দেখুৱাব পাৰোঁ নেকি?


      মই হতভম্ব হ'লো।

      মেনেজমেণ্টৰ ষ্টুডেন্ট? 


     কথাবোৰ বৰ সৰু সৰুকৈ ফুচফুচাই কোৱাৰ দৰে কৈছিল তেওঁলোকে। প্ৰতিটো কথা কওঁতে যেন সকলোৱে অতি সাৱধানতা অৱলম্বন কৰিছে। যাতে বাহিৰলৈ ঘূণাক্ষৰেও নাযায় এই কথা বতৰাৰ কোনো অংশ।


      কোঠাটোত থকা একমাত্ৰ প্লাষ্টিকৰ ৰঙা চকীখনত মোবাইল এটাত অতি জোৰেৰে বজোৱা হৈছে এটা হিন্দী গীত। যাতে বাহিৰৰ পৰা কোনোবাই উমান ল'লেও গীতটোৰ বাহিৰে আন একো শব্দ বা কাৰোৰে মাত শুনা নাযায়। 


     প্ৰায় পোন্ধৰ মিনিটমানৰ পিছত মোক ইণ্টাৰভিউ লোৱা মানুহজন কোঠাটোলৈ সোমাই আহিল। মই তেতিয়াও হাতত বেগ আৰু ছাতিটো লৈয়েই একোণত থিয় দি আছিলোঁ। মানুহজন ওলাই আহি মোলৈ চাই হাঁহিলে মোক সকলোৰে লগত মোক চিনাকি কৰাই দিলে


: এয়া কৃষ্ণাশ্ৰী বৰুৱা দেই। নতুনকৈ আহিছে। আজিৰ পৰা জইন কৰিছে।


     মানুহজনৰ কথাত মেনেজমেণ্টৰ ষ্টুডেন্ট বুলি দৌৰা ঢপৰা কৰি থকা ল'ৰা ছোৱালী খিনিয়ে এখন্তেক ৰৈ মোলৈ চাই অভিবাদন জনালে।


: ছাৰ কৃষ্ণাক্ষী। কৃষ্ণাশ্ৰী নহয়। কৃষ্ণাক্ষী বৰুৱা। 


: চৰি চৰি! কৃষ্ণাক্ষী। এওঁক মই জইনিং ফৰ্মেলিটিজ খিনি কৰোৱাই দিওঁ। তাৰ পিছত তোমালোকে কামবোৰ ভালকৈ শিকাই দিবা। 


     মোক ভিতৰলৈ লৈ গ'ল মানুহজনে। আজি পৰ্দাৰ ভিতৰৰ কোঠাটোত মানুহ গৰাকী নাছিল। তাৰ পৰিৱৰ্তে কোঠাটোত শাৰী শাৰীকৈ সজাই ৰখা হৈছিল বেচিবলৈ থোৱা বিভিন্ন কিতাপ আৰু কিবা বেলেগ বস্তুৰ এসোপা টোপোলা।


      মানুহজনে মোক জইনিং ফৰ্মেলিটিজৰ বাবে বহিবলৈ চকী এখন আঙুলিয়াই দিলে। মই যদিও বহি পৰিলোঁ তথাপি মোৰ দৃষ্টি যেন নিবদ্ধ হৈ ৰৈছিল সেই বিভিন্ন ৰঙী টোপোলাবোৰত।


      মোৰ চকুহাল সেই টোপোলাবোৰৰ ওপৰে ওপৰে ঘূৰি ফুৰিল। জানিবলৈ ব্যগ্ৰ হৈ উঠিছিলোঁ কিতাপৰ লগত সেয়া কিহৰ টোপোলা?


(আগলৈ...)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


অষ্টম খণ্ডৰ লিংক -

দশম খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment