বেশ্যা | অঞ্জনাৰ হৃদয় চুই যোৱা বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৬ | Tai Besya Asil | Assamese Sad Novel By Papori | Emotional Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অঞ্জনাৰ হৃদয় চুই যোৱা বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৬ | Tai Besya Asil | Assamese Sad Novel By Papori | Emotional Assamese Story


বেশ্যা

ধাৰাবাহিক উপন্যাস | খণ্ড ১৬

       আশ্ৰমত গোমা গোমা পৰিৱেশে বিৰাজ কৰিছে। এক অভাৱনীয় ঘটনা ঘটি গ'ল আজি হঠাতে। কোনেও কল্পনা কৰা নাছিল, কোনেও সন্দেহ নকৰা ছোৱালীজনীয়ে যে এনে কাম এটা কৰিব পাৰে সেই কথাটোনো বাৰু কোনে ভাবিব পাৰিছিল?


     কিন্তু স্পষ্টকৈ তাই চিঠিটো লিখি যোৱা নাই, ক'লৈ গৈছে। মাত্ৰ এটুকুৰা কাগজত লিখি থৈ গৈছে


"মই অঞ্জনাৰ অপৰাধী, সেয়ে নাৰ্কো টেষ্ট নকৰাওঁ মই। কেতিয়ানো তাইৰ প্ৰতি হিংসা, ক্ষোভবোৰ বাঢ়ি গৈছিল নিজেও নাজানিলোঁ। এতিয়া আৰু চিন্তা নাই মই আঁতৰি আহিলোঁ।_____


      ইমান নিখুঁতকৈ যে মই কেতিয়ানো অভিনয় কৰিব শিকিলোঁ ভাবিলে নিজৰেই মোৰ আচৰিত লাগে। অঞ্জনাৰ প্ৰতি কোনো বেয়া ভাৱ নাছিল আৰু নাইয়ো। কিন্তু সেইদিনা হঠাতে জানো তাইৰ প্ৰতি ইমানবোৰ ক্ষোভ ক'ৰ পৰা থোপ খাইছিল নাজানো, নিজকে বুজাব পৰা নাছিলোঁ।_____


      সকলোৰে পৰা ক্ষমা ভিক্ষা কৰিছোঁ, জানো মই যে ক্ষমাৰ যোগ্য নহয় তথাপি। নিজৰ ভুলৰ বাবে আকৌ এবাৰ অনাথ হ'লো মই। কষ্ট হৈছে বহুত কিন্তু কি কৰিম আশ্ৰমৰ পৰা ওলাই দিব‌ই লাগিব।_____


      মা, আনে ক্ষমা নকৰিলেও তুমি ক্ষমা কৰি দিবা মোক। তুমি ইমান কষ্টৰে মোক বুকুত লৈ নিজক বিসৰ্জন দিলা তথাপি তোমাৰ কথা এবাৰো নাভাবিলোঁ মই। এতিয়াৰ পৰা অঞ্জনাই তোমাৰ ছোৱালী হ'ব মা, মই আহিলোঁ অঞ্জনাক মৰম দিবা। তাই বৰ নিৰ্জু, খুব ভাল ছোৱালী। শেষত বিদায় সকলোলৈকে_____


সকলোৰে অপৰাধী

নীলা"



      স্তব্ধ হৈ পৰিছিল অঞ্জনা।

কিন্তু কিহৰ বাবে তাইক হত্যা কৰিব খুজিছিল বাৰু? ইমান আবদাল কৰা, একে তেজ-মঙহৰ নিচিনা লগা সেই ভাল লগা ছোৱালী জনীয়েই তাইক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল!


      কি আছেনো তাইৰ, তাইক যে নীলাই মাৰিব বিছাৰিছিল? তাইৰতো মাকেই আছে কিন্তু অঞ্জনাৰটো কোনোৱেই নাই। ইমান অনাথ এগৰাকীক হত্যা কৰিনো তাই কি পালেহেতন বাৰু?


       নাই নাই নীলাই তেনে কৰিব নোৱাৰে! কিন্তু চিঠিখন? সেইখনটো তাইৰ হাতৰ আখৰৰেই হয়??


       অঞ্জনাই উচুপি উচুপি কান্দিছে। তাই পুনৰবাৰ মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। তাই জী থকাৰ যোগ্য নহয়, তাই বেশ্যা বৃত্তিৰ বাবেই যোগ্য। এনে ভাল আৰু সেউজ পৰিৱেশ তাইৰ বাবে যোগ্য নহয়; আচলতে তাই যোগ্য নহয়, এনে উপযুক্ত পৰিৱেশৰ বাবে। কিন্তু তাইৰ সপোনবোৰ?


      নাই নাথাকে আৰু তাই এই আশ্ৰমত। তাইও ওলাই যাব মনে মনে আশ্ৰমৰ পৰা। এগ্ৰিমেন কৰা প‌ইচা অলপ আছে তাৰেই তাই চলিব পাৰিব। সেই টকাৰেই কিবা এটা কৰিব লাগিব। চিলাইটো চুই চালে তাই, শুকালেই প্ৰায়। চিলাই পৰিছিল চাৰিটা।


      মনতে থিৰাং কৰিলে, তাই ওলাই যাব। কি ঠিক অজয়ো এদিন হয়তো তাইক বিশ্বাসঘাটকতা কৰিব!


      আনে বিশ্বাসঘাটকতা কৰিলে তাই জী থাকিব পাৰিব কিন্তু অজয়ে কৰিলে মৰি যাব তাই। সেয়ে আঁতৰি যাব। নালাগে তাইক আপোন মানুহ, আপোনত্বৰ মুখা পিন্ধা নম্ৰ মানুহৰ ভালপোৱা। কাইলৈকে তাই কলেজলৈ গৈ তাইৰ ৰিজাল্টৰ মাৰ্কচিট-চাৰ্টিফিকেট খিনি আনি গোটাই ল'ব। তাইক মাত্ৰ এই ড'কোমেন্ট বোৰেহে নঠগে, বাকী সকলোৱেই জীৱনত ঠগি আছে। চকুপানী খিনি মচি ল'লে অঞ্জনাই।


      নীলাৰ ঘটনাটোৰ পৰা ৱাৰডেনে কান্দিয়েই আছে, বাহিৰলৈ ওলোৱাই নাই। তথাপি তাইৰ মন নগ'ল ৱাৰডেনক সান্তনা দিবলৈ যাবৰ বাবে। কোনে জানে, কোনে কিমান নিখুঁতভাবে অভিনয় কৰিব পাৰে!


     অঞ্জনা অভিনেত্ৰী নহয়, কিন্তু যি কয় তাই স্পষ্টকৈ কয়, ওপৰত যি তলতো সেয়াই। কিন্তু নীলাই তাইক চুৰি মাৰি লৈও পাছত ইমানকৈ কিয় কান্দিছিল?!


      এহ, বাদ দিয়া।

অভিনয় কৰা মানুহৰ বাবে এইবোৰ তেনেই সহজ কথা, নিজকে খাপ খোৱাবলৈ। কথাবোৰ ভাবি ভাবি তাই ৰুমলৈ গৈ বিচনাত বাগৰ দিলে। কাইলৈ ওলাই গ'লে ৰুম এটাও বিচাৰিব লাগিব। মীৰা দিদিকো এপাক লগ কৰি আহিব লাগিব। কিন্তু তালৈ দেখাকৈ যাবতো নোৱাৰে, কিবা এটা ব্যৱস্থা কৰি যাব‌ই লাগিব দিদিৰ ওচৰলৈ।


      সময়বোৰে, মানুহবোৰে বৰকৈ ঠগিব ধৰিছে তাইক। তাই আৰু সুবিধা দিব নোখোজে কাকো। কিবা এটা কৰি দেখুৱাব লাগিব সকলোকে। নিজকে আৰু এই উপৰুৱা প্ৰেম, ভালপোৱা, আৱেগৰ নদীখনত উটুৱাই নিদিয়ে তাই। সকলোবোৰ মিছা।


     প্ৰেম, সম্পৰ্ক এইবোৰ স্বাৰ্থপৰতাৰে ভৰি থকা একো একোটা ফটা চোলা, কেতিয়া কোনফালে ফিচিকি গৈ গা ওলাব ক'ব নোৱাৰি।


"নীলাৰ কথা ভাবিছা?"


      অজয়ৰ মাতত তাই বিচনাৰ পৰা উঠি বহি ল'লে।


"নাই ভবা। আপুনি ঘৰলৈ নাযায়?"


"তোমাক এৰি যোৱাৰ ইচ্ছা হোৱা নাইচোন! ব'লাচোন অলপ অকলশৰে কথা দুটামান পাতো।"


"এই মুহূৰ্তত মোক অলপ অকলশৰে থাকিবলৈ দিয়া প্লিজ অজয় দা। সকলোৰে ওপৰত বিশ্বাস হেৰুৱাই পেলাইছো মই।"


      অঞ্জনা হুকহুকাই কান্দি উঠিল। নিজৰ আপোনজনৰ পৰা পোৱা এই অকলশৰে কথা পতাৰ সুবিধাকণো ল'বলৈ তাইৰ ভয় লাগিল। জানোচা অজয়ো তাইক কষ্ট দি আঁতৰি যায়? অঞ্জনা উঠি গৈ খিৰিকীৰে বাহিৰলৈ চালে।


"মই বুজিব পাৰিছোঁ অঞ্জু। মোক অবিশ্বাস নকৰিবা প্লিজ। মই সচাই বৰ অকলশৰীয়া অ' তুমিয়ে বুজিছা মোক একমাত্ৰ। সকলোবোৰ জানিও আদৰি লৈছা, অলপ স্বস্তিৰে জিৰাব দিয়া মোক। মোৰ জীৱনৰ ভিক্ষা কৰিছোঁ তোমাৰ ওচৰত অঞ্জু, প্লিজ প্লিজ..."


      অজয়ে কান্দি উঠিল অঞ্জনাৰ ভৰিত সাৱটি ধৰি। এইয়া তাই দ্বিতীয়জন পুৰুষক কন্দা দেখিছে। কিন্তু পাৰ্থক্য এটাই দেউতাকে মনে মনে কান্দিছিল, আৰু অজয়ে শব্দ কৰি কান্দি উঠিছে।


      কিমান অসহায় হ'লে এজন পুৰুষৰ চকুপানী ওলাব পাৰে অঞ্জনাই বুজে। তথাপি ভয় লাগিল তাইৰ। এই পৃথিৱীত নিজক ধ্বংস কৰি হ'লেও আনক কষ্ট দিয়া মানুহৰ অভাৱ নাই। অঞ্জনাই অজয়ক উঠাই বুকুলৈ চপাই আনিলে। মনতে ভাবিলে এইয়াই হয়তো দুয়োৰে মাজৰ সুন্দৰ আৰু শেষ মুহূৰ্ত? অঞ্জনাৰো চকুপানী ওলাল।


      অজয়ে সৰু ল'ৰাৰ দৰে ফেঁকুৰি ফেঁকুৰি কান্দিছে। অঞ্জনাই যিমান পাৰে তাক সিমান জোৰেৰে সাৱটি ল'লে। অঞ্জনাই অজয়ৰ চকুপানী মোহাৰি চুমা এটা দিলে। অজয়েও অঞ্জনাক সাৱটি ল'লে।


"মোক এৰি নাযাবা অঞ্জু, মই মৰি যাম। তোমাক বহুত ভালপাওঁ মই অঞ্জু বহুত। তোমাক হেৰুৱাব নোখোজো প্লিজ এৰি যোৱাৰ কথা নাভাবিবা। মই কেতিয়াও তোমাক মিছা মৰম দিয়া নাই। গোটেই জীৱন তোমাকেই ভাল পাম মই।"


      অজয়ে অঞ্জনাক সাৱটি ধৰি থাকিল। অঞ্জনাৰো এই শেষ সময়কণ অজয়ৰ দুবাহুৰ আৱেষ্টনিৰ পৰা নিজকে মুক্ত কৰিব নোখোজিলে। তাইয়ো সাৱটি ল'লে অজয়ক।


      দুখন সঁচা হৃদয়ৰ মিলনক হাজাৰ বাধাও ধৰি ৰাখিব নোৱাৰে। কিন্তু যেতিয়া বিশ্বাসঘাটকতা হয় তেতিয়া পলকতে সকলো সম্পৰ্কৰ সুন্দৰতাই ম্লান পৰি যায়। উপায় নাই, এইয়াই মানুহৰ জীৱন!!


      অজয় গ'লগৈ। বহুত বুজাই-বঢ়াই শান্ত কৰি অঞ্জনাই অজয়ক ঘৰলৈ পঠিয়ালে। অঞ্জনাই বিচনাৰ তলৰ পৰা তাইৰ প্ৰয়োজনীয় নথি-পত্ৰবোৰ উলিয়াই ফাইলটোত একেলগে সামৰি থলে। কিন্তু যাব কেনেকৈ তাই? আৰু দুই-তিনিদিন ৰব লাগিব। ভাৰা ৰুম ইমান সোনকালে পোৱা নাযায়। সকলো বিলাকতে কলেজৰ ল'ৰা-ছোৱালী থাকেই।


      কেইদিনমান ৰেগুলাৰ যাব লাগিব ৰুম বিচাৰি তেতিয়াহে পায় যদি। তাই কথাবোৰ ভাবি ভাবি চকীখনতে বহি ল'লে। ৱাৰডেনৰ ওচৰলৈ যাবলৈ একেবাৰেই মন নাই যোৱা তাইৰ।


     কি সংস্কাৰত ডাঙৰ-দীঘল হৈছে জানো নীলাই? মৰম নুবুজিলে, হেঁপাহবোৰ বুজিবলৈ যত্ন নকৰিলে। হুহ… ক'তনো বুজিব নীলাই! সৰুৰে পৰাই দেখোন আশ্ৰমতে ডাঙৰ-দীঘল হৈছে, অঘৰী মানুহৰ হেনো মৰম-চেনেহ বেছি আছে। কিন্তু নীলাৰ নাই!


      অঞ্জনা যিমান হ'লেও আপোন মানুহৰ সংস্পৰ্শত আছিল। দেউতাক ঢুকুৱাৰ পাছতহে সকলোবোৰ ওলট-পালট হৈছিল। দেউতাকৰ কথা মনত পৰাত অজানিতে চকুপানীয়ে হেতা-পৰা লগালে তাইৰ দুচকুত। দেউতাকৰ চেহেৰাটোৱে আৱেগিক কৰি তুলিলে অঞ্জনাক।


"দেউতা, আজি তুমি মোৰ ওচৰত নাই। মা'ৰো আজিলৈ একো খবৰ নাই। সৰুতে মোক মাৰি নেপেলালি কিয়? দেউতা….."


      সজোৰে কান্দি উঠিল অঞ্জনাই। জীৱনত ঘটা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে নিজকে তাই, কিন্তু উত্তৰ নাই নাই নাই…!!


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১৫ খণ্ডৰ লিংক -
             Read Now :

১৭ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
New Axomiya Love Story
In Assamese
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment