সূৰ্যফুলৰ দেশলৈ | অসমীয়া ধাৰাবাহিক উপন্যাস | Serial Assamese Novel | Part 10 By Gayatri Sharma - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া ধাৰাবাহিক উপন্যাস | Serial Assamese Novel | Part 10 By Gayatri Sharma


সূৰ্যফুলৰ দেশলৈ


     মানুহজনে জইনিং ফৰ্মেলিটিজৰ কামখিনি কৰি আছিল। মোৰ দৃষ্টি বাগৰি গৈছিল কোঠাটোত থকা প্ৰতিটো বস্তুৰ ওপৰেৰে।


: ইয়াতে এটা চহী কৰা।


     মানুহজনৰ মাতত ঘূৰি চালোঁ তেওঁলৈ। মোলৈ কাগজ এখন আগবঢ়াই দিছিল তেওঁ। চহী কৰিবলৈ আঙুলিৰে ঠাইখিনি দেখুৱাই দিছে। 'চহী' শব্দটো মানুহজনে উচ্চাৰণ কৰোঁতেই মোৰ আকৌ মনলৈ আহিল গীতাৰ্থ ভৰদ্বাজৰ কোঠাৰ ভিতৰৰ কথাখিনি। 


     মই বাৰু জীৱনত কেতিয়াবা সেই কোঠাটোৰ ভিতৰত হোৱা কথাখিনি পাহৰিব পাৰিম নে? কিবা এটা দুখে কিমান ভিতৰলৈকে ঘুকুটি গ'লে বাৰে বাৰে মনত পৰিব পাৰে সেই কথা! কিমান 'দ' কৈ সাঁচ বহুৱাই যায় কিছুমান দুখে? সেই কথা বাৰু দুখ দিয়া মানুহবোৰে বুজেনে?


      তেওঁলোকে বাৰু বুজেনে, যে তেওঁলোকে হাঁহি হাঁহি জীৱন উদযাপন কৰি থকাৰ সময়ত তেওঁলোকে দিয়া দুখবোৰ মনত পেলাই কোনোবাই ক'ৰবাত যে অহৰহ উচুপি থাকে নিৰলে? 


    নিজৰ চহীটো কৰি ভাল পাইছিলোঁ মই। কৃষ্ণাক্ষী নামটোৰ 'K' আখৰটো বিভিন্ন ডিজাইনত লিখি ভৰাই পেলাইছিলো স্কুল কলেজৰ বহীবোৰৰ পিছফালৰ পৃষ্ঠা।


     সেই একেজনী ছোৱালীয়েই চহী শব্দটোৰ নামত আজি কঁপি উঠোঁ। 


: চহীটো কৰা।


     মানুহজনে আকৌ এবাৰ কৈ উঠিল। এইবাৰ মই তেওঁ আঙুলিয়াই দিয়া সেই নিৰ্দিষ্ট ঠাইকণত চহী এটা কৰি পেলালোঁ। কাগজখন ফাইল এটাৰ ভিতৰত আলফুলে ভৰাই থাকি মানুহজনে মোক সুধিলে


: পইচা দিনৰ হিচাপত ল'বা নে মাহৰ হিচাপত?


    মই মানুহ জনৰ মুখলৈ চাই ৰ'লো। দৰমহা দিনৰ হিচাপতো যে ল'ব পাৰি সেই কথা মই নাজানিছিলোঁ। মানুহজনে মোক বুজাই গ'ল, 


: যিটো ফিক্সদ দৰমহা দুহেজাৰ টকা, সেয়া মাহৰ মূৰতে দিয়া হ'ব। কিন্তু বস্তু বিক্ৰী কৰাৰ বাবদ যি ইনছেন্টিভ পাবা সেয়া তুমি ইচ্ছা কৰিলে দিনৰ হিচাপতো ল'ব পাৰা। নহ'লে সেইখিনিও মাহৰ শেষত ল'ব পাৰা, কিন্তু নিজৰ লগত হিচাপ এটা সদায় ৰাখি যাবা।


: ছাৰ বস্তু যদি সদায় বিক্ৰী নহয়?


     মানুহজনক ভয়ে ভয়ে সুধিলোঁ।


: নহ'লে কেইদিনমান চাই তোমাক উলিয়াই দিয়া হ'ব।


     অকণো নোৰোৱাকৈ বৰ সাধাৰণ কথা এটাৰ দৰে তপৰাই কৈ উঠিল মানুহজনে।


     মৌন হৈ ৰ'লো। মই যেন মুহূৰ্ততে মনৰ ভিতৰত হিচাপ এটাহে কৰি পেলালো; ইয়াৰ পৰা উলিয়ালে আৰু এটা চাকৰি বিচাৰি ক'লৈ যাম মই।


: চিন্তা নকৰিবা। বিক্ৰী হ'বই। তাতে ধুনীয়া চেহেৰাৰ মানুহে বিহ দিলেও সকলোৱে খাই থয়।


     নিজৰ ৰসিকতাত ঢেকঢেকাই হাঁহি পেলোৱা মানুহজনৰ ওচৰত সাংঘাতিক অসহজ অনুভৱ কৰিলোঁ মই।


     অন্যদিনা হোৱা হ'লে ইমানখিনি শুনাৰ পিছত হয়তো চিঞৰি বাখৰি মানুহজনক গালি পাৰিলোঁহেতেন, নহ'লে 'নকৰো তোৰ চাকৰি' বুলি গপগপাই ওলাই আহিলোঁ হয়। আজি মই সেইকাম কৰিবও নোৱাৰোঁ। অন্ততঃ কোনোবা এটা সংবাদ মাধ্যমৰ পৰা ফোন এটা অহালৈ মই যে ৰ'বই লাগিব। ধৈৰ্য ধৰিবই লাগিব। 


     মানুহজনে নোকোৱাকৈয়ে চকীখনৰ পৰা ঘপকৈ থিয় দিলোঁ। 


: কেইবজাত ওলাই যাব লাগিব ছাৰ?


: চাৰে ন বজাত। তাৰ আগতে এখন মিটিং হ'ব। মেডামে ল'ব মিটিংখন।


    ওলাই আহিলো মই সন্মুখৰ কোঠাটোলৈ। ডাঠ মেৰুণ ৰঙৰ পৰ্দাখন ঠেলি মানুহজনো মোৰ পিছে পিছে ওলাই আহিছিল। 


    ভুনভুনকৈ কথা পাতি থকা ল'ৰা ছোৱালীহঁতে মানুহজনক দেখি মুহূৰ্ততে মনে মনে ৰৈছিল। ক্ষণিকতে নিতাল মাৰিছিল কোঠাটো। তেওঁ মৰমলগা মুখৰ ছোৱালী এজনীক উদ্দেশ্যি কৈ উঠিল


: দেৱলীনা... এওঁক কাম শিকোৱাৰ দায়িত্ব তোমাৰ দেই। আজি তোমাৰ লগতে ফিল্ডলৈ নি কামবোৰ ভালকৈ বুজাই দিবা।


     'এওঁক' বুলি মানুহজনে মোৰ কথা বুজাইছিল।


     ছোৱালীজনীৰ নাম দেৱলীনা। মই ছোৱালীজনীৰ মুখলৈ চালোঁ। প্ৰায় সমবয়সৰে হ'ম চাগৈ আমি। মানুহজনৰ কথাত তাই আগবাঢ়ি আহিল আৰু  মোৰ হাতত ধৰি এচুকলৈ মোক টানি নিলে। মই তাইলৈ চাই হাঁহি কৈ উঠিলোঁ,


: হাই দেৱলীনা। মই কৃষ্ণাক্ষী। কৃষ্ণাক্ষী বৰুৱা।


     মোৰ চিনাকি পৰ্বত কোনো সঁহাৰিয়েই নিদিলে তাই। তাৰ সলনি মোৰ কথাবোৰ আওকাণ কৰি অহৰহ বুজাই থাকিল কেনেকৈ গ্ৰাহকক বস্তু এটা ল'বলৈ ক'ব লাগে, কোনোবাই ল'বলৈ ইচ্ছা নকৰিলেও আঁতৰি নাহি কেনেকৈ বাৰে বাৰে জোৰ কৰিব লাগে ইত্যাদি কথাবোৰ। মই হঠাৎ সুধিলোঁ,


: কোনোবাই ল'বলৈ নুখুজিলে মই কিয় জোৰ কৰিম? কিজানি তেওঁক বস্তুটোৰ প্ৰয়োজনেই নাই?


     এইবাৰ দেৱলীনাই ইফালে সিফালে চাই মানুহজনক নেদেখি ফুচফুচাই মোৰ কাণৰ কাষত কৈ উঠিল,


: মোৰ লগত আজি যাবা নহয়। মই তোমাক সকলো কথা বুজাই দিম। এতিয়া ইয়াত কথা পাতি থাকিলে মেডাম আহি কেনেবাকৈ দেখিলে বৰ ডাঙৰ কথা হ'ব। ইয়াত কোনেও কাৰো সৈতে কথা নাপাতে।


     মই চিনাকি হ'বলৈ মৰা হাঁহিটোত তাই সঁহাৰি নিদিয়াৰ অৰ্থ যেন মই বুজি পাইছিলোঁ। ক্ষণিকতে বুজিছিলোঁ অফিচটোত কোনেও কাৰোৰে সৈতে কথা নপতাৰ অৰ্থ। 


      মানুহজন আকৌ সোমাই আহিছিল আৰু সকলোকে মিটিঙৰ বাবে মাতি থৈ গৈছিল। হাতত লৈ থকা কিতাপৰ টোপোলাবোৰ এটা এটাকৈ কোঠাটোৰ একোণত সযতনে থৈ সকলো সোমাই গ'ল পৰ্দাৰ সিপাৰৰ কোঠালৈ। লগে লগে ময়ো সোমাই গৈ সকলোৰে পিছফালে থিয় দিলোঁগৈ ।


      কোঠাটোৰ বৰ্ডখনৰ সন্মুখত ক'লা মাৰ্কাৰ এডাল লৈ সকলোৱে মেডাম বুলি সম্বোধন কৰা মানুহগৰাকী থিয় দি আছিল।


      সকলোৱে সমস্বৰে সম্ভাষণ জনালে তেওঁক। সেই সম্ভাষণ কোনো অফিচৰ এগৰাকী উচ্চখাপৰ মানুহক জনোৱা সম্ভাষন যেন লগা নাছিল। 


     'গুড….. মৰনিং….. মেম….'  বুলি সকলোৱে একেলগে কৈ উঠা মাতটোত স্কুলৰ শ্ৰেণীকোঠা এটালৈ শিক্ষয়িত্ৰী এগৰাকী সোমাই অহা যেনহে লাগিছিল। হঠাৎ মোৰ হাঁহি উঠি গ'ল। 


     মানুহগৰাকীয়ে সকলোকে প্ৰতি সম্ভাষণ জনাই মোলৈ চাই খুব কঠিন স্বৰেৰে কৈ উঠিল,


: তুমি গুড মৰ্ণিং নোকোৱা?


     লগে লগে মই খপজপাই কৈ উঠিলোঁ,


: গুড মৰ্ণিং মেম।


     মোৰ সম্ভাষণত এটা বিজয়িনীৰ হাঁহি মাৰিলে মানুহ গৰাকীয়ে। যেন মোৰ পৰা এইটো বাক্য নুশুনালৈকে কোনোপধ্যেই ভাল হৈ উঠা নাছিল তেওঁৰ ৰাতিপুৱাটো।


     ৰূমৰ পৰা খোজকাঢ়ি আহি প্ৰায় আধা ঘণ্টাৰ ওপৰ সময় থিয় হৈ থকাৰ বাবেই নেকি মোৰ কিবা এটা অশান্তি লাগিছিল।


      অফিচটোত ল'ৰা ছোৱালীখিনি এখন্তেক বহিব পৰাকৈ এখনো চকী নাছিল। একমাত্ৰ চকীখনৰ ওপৰত ৰাখি থোৱা আছিল অনবৰতে উচ্চস্বৰত হিন্দী গীত বাজি থকা মোবাইলটো। 


      সন্মুখৰ চকীখনত কোনো উচ্চ পদস্থ বিষয়াৰ দৰে বহি থকা মানুহগৰাকী ঘপককৈ এইবাৰ থিয় হৈ ল'ৰা ছোৱালীখিনিক নীতিশিক্ষা থকা সাধুকথা এটা ক'বলৈ ধৰিলে। প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে সাধুকথা এটা মন দি শুনাৰ দৰে গোটেইবোৰে বৰ মন দি শুনি থাকিল সাধুকথাটো। কিন্তু কিয় জানো প্ৰেৰণা দিবলৈ কোৱা সেই সাধুটো শুনি সাংঘাতিক অস্বস্তি লাগিছিল মোৰ।


     কাহিনীটোৰ মাজেৰে মানুহ গৰাকীয়ে বুজাবলৈ বিচাৰিছিল আমি কৰি থকা কিতাপ বিক্ৰী কৰা চাকৰিটোতকৈ ভাল চাকৰি এই পৃথিৱীত দ্বিতীয় এটা নাই। এই চাকৰি পাই আমি কিমান যে সৌভাগ্যশালী সেই কথা বাৰে বাৰে দোহাৰিছিল তেওঁ।


     সাধুটো শেষ কৰি হাতৰ মাৰ্কাৰডালেৰে সন্মুখৰ বৰ্ডখনত মানুহ গৰাকীয়ে লিখি লিখি বুজাই গ'ল কাৰ হাতত আজি কিমান বস্তু বিক্ৰী কৰিবলৈ দিব আৰু বিক্ৰী কৰিব নোৱাৰিলে যে কথা বেয়া হ'ব এনে ধৰণৰ এষাৰ কথাও মানুহগৰাকীয়ে কৈ উঠিল।


     সাধুকথা আৰু নীতিশিক্ষাৰ সকলো জ্ঞান লৈ শেষ হোৱাৰ পিছত এটা সময়ত খৰধৰকৈ ল'ৰা ছোৱালীবোৰ সন্মুখৰ কোঠাটোলৈ উভতি গ'ল। সিহঁতৰ পাছে পাছে ময়ো আগবাঢ়ি গ'লো। 


      এইবাৰ সকলোৱে নিজৰ বেগবোৰ খুচৰি মোবাইলবোৰ বাহিৰ কৰিছিল। দেৱলীনা মোৰ কাষ চাপি আহিল আৰু সৰুকৈ মোৰ কাণৰ কাষত কোৱাদি কৈ উঠিল,


: তোমাৰ মোবাইলটো চুইটছ অফ কৰি সৌ টেবুলখনত জমা দি থৈ আহা।


     তাই মোক আঙুলিয়াই দেখুৱালে পৰ্দাৰ সিপাৰৰ মানুহ গৰাকী বহি থকা কোঠাটোৰ টেবুলখনলৈ। এইবাৰ প্ৰায় সজোৰেই প্ৰতিবাদ কৰি উঠিলোঁ মই,


: মোবাইলটো কিয় থ'ম? 


     দেৱলীনাই প্ৰায় বিৰক্তিৰ সুৰ এটাত মোক ক'লে,


: কিয় থ'ম মানে? এইটো এই অফিচৰ নিয়ম। ইয়াত কাম কৰিব খুজিলে মোবাইল জমা দিবই লাগিব। 


     এইবাৰ মই গপগপাই সোমাই গ'লো পৰ্দাৰ আঁৰৰ মানুহহালৰ ওচৰলৈ। 


:এক্সিউজ মি মে'ম! 


     ল'ৰা ছোৱালীবোৰে বিক্ৰীৰ বাবে লৈ যাবলগীয়া বস্তুবোৰ হিচাপ কৰি আছিল তেওঁলোকে। কাৰ হাতত কিমান বস্তু দিব কাগজ এখনত তাৰ সংখ্যা লিখি আছিল। মোৰ মাতত ঘূৰি চালে,


: কোৱা।


: মে'ম মোবাইলটো জমা দিয়াত মোৰ অলপ আপত্তি আছে। মোৰ মোবাইলটোত কিছুমান বিশেষ কল আহিবলগীয়া আছে। তদুপৰি ঘৰৰ পৰা দিনত ফোন কৰিলে মোক নাপালে মাহঁতে চিন্তা কৰিব।


     'বিশেষ কল' বুলি মই ইতিমধ্যে ইণ্টাৰভিউ দি অহা সংবাদ মাধ্যমৰ অফিচ বোৰৰ কথা মনলৈ আনিছিলোঁ।


     মানুহগৰাকী মোৰ কাষ চাপি আহিল। মোৰ একেবাৰে গাত গা লগাই সন্মুখত থিয় দিলে আৰু লাহে লাহে কিন্তু প্ৰচণ্ড শক্তিৰে কৈ উঠিল,


: তুমি যাব পাৰা। যদি মোবাইল ৰাখিব নোৱাৰা, ইয়াত কাম কৰিবলৈ দিয়া নহ'ব। সেই কথা তুমি অকণমান সময়ৰ আগতে চহী কৰা কাগজখনত স্পষ্টকৈ লিখা আছিল। বাকী তোমাৰ সিদ্ধান্ত।


     দুখত, চিন্তাত কঁপি উঠিছিলোঁ মই। ঘূৰি অহাৰ পিছত মোবাইলটো হাতত পৰে মানে দিনটো প্ৰায় শেষেই হ'ব। তাৰ মাজতে মোৰ বাবে কিবা ভাল খবৰ লৈ ফোন এটা আহিলেও মই গমেই নাপাম।


     আৰু মোৰ সিদ্ধান্ত? চাকৰি এটাৰ সিদ্ধান্ত ভাবি চিন্তি ধীৰে সুস্থিৰে ল'ব পৰা পৰিস্থিতি মোৰ জানো আছে!


    তথাপি "যি হ'বলগীয়া আছে হ'ব। লাগিলে চাকৰিয়েই নকৰোঁ, কিন্তু মোবাইলটো দিব নোৱাৰোঁ" - বুলি ভাবোঁতেই মনলৈ আহিল হাতত থকা টকা কেইটাৰ কথা। 


     ইমান যে অসহায় মই! সঁচাকৈ চিঞৰি চিঞৰি কান্দিবলৈ মন গ'ল। মনলৈ আহিল গীতাৰ্থ ভৰদ্বাজে কোৱা সেই কথাষাৰ,


"আঃ। কৈছোতো এতিয়া আমাক আৰু এংকৰৰ প্ৰয়োজন নাই। তুমি বেলেগ চাকৰি বিচাৰিব পাৰা। নহ'লে ৰৈ দিয়া এবছৰমান। ঘৰলৈ যোৱা, এনজয় কৰা। তাৰ মাজত দৰকাৰ হ'লে খবৰ দিম।"


     তেওঁ কোৱাৰ দৰে সঁচাকৈয়ে মই যদি এবছৰমান ঘৰত বহি চাকৰি বিচাৰি থাকিব পৰা ছোৱালী এজনী হ'লোহেতেন! কিন্তু গীতাৰ্থ ভৰদ্বাজৰ দৰে বহু মানুহে হয়তো নাজানে, এই সৌভাগ্য সকলোৰে নাথাকে। সকলো ল'ৰা ছোৱালী ইমান ভাগ্যশালী নহয়।


     লাহে লাহে ওলাই আহি বেগটো খুচৰি উলিয়াই পেলালোঁ মোবাইলটো। চুইটছতো অফ কৰি দিলোঁ। বিশেষ শব্দ এটা কৰি ফোনটো আন্ধাৰ হৈ পৰিল ।


     এইবাৰ ভিতৰৰ পৰা মানুহজনে প্ৰত্যেকৰে নাম ধৰি মাতিলে। এজন এজনকৈ সোমাই গৈ একোটাকৈ পলিথিনৰ মোনাত ভৰাই আনিলে বিক্ৰী কৰিবলগীয়া কিতাপৰ টোপোলাবোৰ। 


     দেৱলীনা নামৰ ছোৱালীজনী ওলাই অহাৰ পিছতে মোৰ নামেৰে মাতি উঠিল মানুহজনে। 


     সোমাই গ'লো মই। চুইটছ অফ কৰি নিয়া মোবাইলটো টেবুলখনত ৰাখি থ'লোঁ। মোবাইলটো জমা দিয়াৰ পিছতেই তেওঁ মোৰ হাতত "মা কালী শাড়ী এম্পৰিয়াম, ক'লকাতা" বুলি লিখা এটা পলিথিনৰ মোনা গুজি দিলে। মোনাটোত এটা কিতাপৰ টোপোলা আছিল। টোপোলাটো দি মানুহজনে কৈ উঠিল ,


: দেৱলীনাই কেনেকৈ বিক্ৰী কৰে চাবা। তোমাৰ হাততো এটা টোপোলা দিছোঁ। চেষ্টা কৰিবা। নোৱাৰিলেও কোনো কথা নাই। লাহে লাহে দুই এদিনতে শিকি যাবা।


     মোনাখন লৈ ওলাই আহিলোঁ মই। ল'ৰা ছোৱালীবোৰে টোপোলাবোৰ হাতত লৈ দুপদুপাই নামি গৈছিল তললৈ। 


     দেৱলীনাইও মোৰ হাতখনত মুঠি মাৰি ধৰি প্ৰায় টানি নিয়াদি তললৈ লৈ গৈছিল। যেন এক চেকেণ্ড দেৰি কৰিলেও বৰ ডাঙৰ কথা হৈ যাব। মোৰ হাতত পলিথিনৰ মোনাখন থমাই দিয়া মানুহজনো আমাৰ লগে লগে আহি আছিল। 


     গেইটখনৰ বাহিৰ ওলায়েই মানুহজনে পেন্টৰ জেপত হাত ভৰাই সুহুৰিয়াই সুহুৰিয়াই গাই আহিছিল বাংলা গায়ক নাচিকেটাৰ সেই বিখ্যাত গীত,


      "সে প্রথম প্রেম আমাৰ নীলাঞ্জনা

       সে প্রথম প্রেম আমাৰ নীলাঞ্জনা।।"


      হাজাৰ খঙৰ মাজতো গানটোৱে দি গ'ল কিবা এটা ভাল লগা অনুভৱ। মানুহজনে আমাক গণেশগুৰিৰ অভাৰ ব্ৰিজৰ ওচৰৰ চিটি বাছ ষ্টপেজটোলৈকে আগবঢ়াই দিবলৈ ওলাই আহিছিল।


মই লাহেকৈ দেৱলীনাক সুধিলোঁ,


 :আমি আজি ক'লৈ যাম দেৱলীনা?


 : বেলতলা। লক্ষ্মী মন্দিৰৰ ওচৰলৈ।


 : মানে কোনটো অফিচলৈ?


 : অফিচ নহয়। সেইখিনিৰ দোকান বোৰত আৰু ৰাস্তাৰে অহা যোৱা কৰা মানুহবোৰক বস্তু বিক্ৰী কৰিম।


     স্তব্ধ হৈ ৰৈছিলোঁ মই। 


     আকৌ সুধি পেলালোঁ তাইক-


: দোকানে দোকানে বস্তু বিক্ৰী কৰিম?


: দোকানত বিক্ৰী কৰিবলৈ ভাল। মানুহৰ ঘৰবোৰলৈ যাবলৈহে ভয় লাগে। ৰিস্ক থাকে।


: মানুহৰ ঘৰলৈকো যোৱা?


: উমম। যেতিয়া দোকান, অফিচ বা ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিও টাৰ্গেট সম্পূৰ্ন কৰিব নোৱাৰো, আমি তেতিয়া ঘৰে ঘৰেও যাব লগীয়া হয়।


     কথা পাতি পাতি আমি দুয়োজনী চিটি বাছ এখনত উঠিছিলোঁ। বৰ ভিৰ থকা বাছখন ৰওতেই মানুহ এজন নামি খালি হৈ পৰা বাছখনৰ একমাত্ৰ খালি আসনখনত মোক ঘপকৈ বহুৱাই দিলে দেৱলীনাই। মই বহি পৰাৰ পিছতেই গাত বস্তুৰ বেগটো জাপি দি থিয় হৈ বাছখনৰ ওপৰৰ ৰেলিংডালত ধৰি ল'লে তাই।


     বাহিৰলৈ চালোঁ। 

     বাছখন বৰ জোৰত চলিছিল। 

বাছখনৰ গতিবেগৰ লগে লগে দ্ৰুতগতিত পিছলৈ গৈছিল দোকান পোহাৰ, মানুহ সকলোবোৰ।


      হঠাৎ মোৰ অনুভৱ হ'ল এয়া যেন দোকান পোহাৰ বা মানুহ নাছিল। আগবাঢ়ি গৈ গৈ হঠাৎ দ্ৰুতগতিত পিছলৈ গুচি যোৱা এয়া মোৰ জীৱনটোহে আছিল।


(আগলৈ........)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


নৱম খণ্ডৰ লিংক -

১১ খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment