সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 13 | Gayatri Sharma | Sad Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 13 | Gayatri Sharma | Sad Assamese Story


সূৰ্যফুলৰ দেশলৈ -

খণ্ড ১৩


     গেইটৰ শলখাত হাত দি ৰৈ গ'লো মই। সেই ছায়ামূৰ্তিয়ে পুনৰ মাত দিলে,


: কৃষ্ণাক্ষী...


     মানুহজন আগবাঢ়ি আহিল। 


     দুচকু বহল হ'ল মোৰ। আনন্দত! সেয়া আছিল 'খবৰ 24×7' ত চাকৰি কৰা গৌতম দা।


: আৰে! গৌতম দা। আপুনি? ইয়াত কেনেকৈ ক'ৰ পৰা?


     মাৰ লগত কথা পাতি থকাৰ পৰা ফোনটো নমাই একপ্ৰকাৰ চিঞৰি উঠিলোঁ মই। 


     অফিচটো এৰাৰ পাছত প্ৰথমবাৰলৈ সেই অফিচৰ কোনোবা এজন মানুহ লগ পাইছোঁ। তাকো গৌতমদাক।


: ঘৰলৈ গৈছিলোঁ মই। ছুটিত আছিলোঁ। কালি মাত্ৰ জইন কৰিলোঁ। আহিয়েই শুনিলোঁ তুমি হেনো অফিচ এৰিলা। কথাটো শুনি ভাল নালাগিল মোৰ। 


     স্বাভাৱিক! মই এনেকৈ হঠাৎ অফিচটো এৰিবলগীয়া কথাটোত নতুবা মোক এনেকৈ কোনো আগজাননী নিদিয়াকৈ উলিয়াই দিয়া বিষয়টোত গৌতম দাই দুখ পোৱা স্বাভাৱিক।


     বৰ মৰম কৰে তেওঁ মোক। জইন কৰাৰ দুদিনমানৰ পিছতে কৈছিল তেওঁৰ গাঁৱৰ ঘৰত এৰি থৈ অহা ভনীয়েকৰ সৈতে বোলে মোৰ মুখৰ অসম্ভৱ সাদৃশ্য আছে। মোৰ সোঁ গালত থকা তিলটোলৈকে গৌতম দাৰ ভনীয়েকৰ সৈতে মিল। সেই গৌতম দাই মই ওলাই অহাৰ কথাটোত দুখ পোৱাটো নিতান্তই স্বাভাৱিক কথা। 


: তোমাৰ ওচৰত মোৰ ফোন নম্বৰ নাই? মই যেনিবা ছুটিতে থাকিলোঁ কিন্তু তুমিতো ফোন এটা কৰি মোক ক'ব পাৰিলাঁহেতেন। ইমানবোৰ হৈ গ'ল আৰু মই একোকে গম নাপালোঁ।


     গৌতম দাৰ মাতত স্পষ্ট অভিমানৰ সুৰ। 

     তলমূৰ কৰিলোঁ মই।

     কি উত্তৰ দিওঁ?


     গৌতম দাৰ পত্নী সন্তান সম্ভৱা। ডেলিভাৰীৰ তাৰিখ পৰিছিল। সন্তানসম্ভৱা পত্নীৰ কাষলৈ ঢপলিয়াই যোৱা মানুহ এজনক, আসন্ন পিতৃত্বৰ আনন্দৰে উজ্বল হৈ থকা মানুহ এজনক এইবোৰ কথা কৈ দুখ দিবলৈ মোৰ একেবাৰেই মন যোৱা নাছিল। সেই সময় গৃহলৈ সন্তান আদৰাৰ সময়। 


     ভনীয়েকৰ দৰে মুখৰ মিল থকাৰ বাবেই ছোৱালী এজনীয়ে নিজৰ দুৰৱস্থা কান্দি কাটি বৰ্ণনা কৰাৰ সময় যে সেয়া নাছিলেই। 


     তদুপৰি চাকৰি এটা বিচৰাত মই ইমানেই ব্যস্ত হৈ পৰিছিলোঁ যে কাৰোলৈকে নিজেই ফোন কৰি খবৰ এটা দিবলৈ অৱকাশেই দেখোন নাছিল।


: কথাবোৰ বৰ আচম্বিতে হৈ গৈছিল গৌতম দা। মই তত ধৰিব পৰাৰ আগতেই ,কিবা এটা চিন্তা কৰিব পৰাৰ আগতেই ঘটি গৈছিল সকলোবোৰ।


: কথাবোৰ মই অলপ চলপ গম পাওঁ। কিন্তু তোমাৰ মুখৰ পৰা শুনিম বুলিহে আজি এইখিনি ওলালোঁহি।


     কিমান দিনৰ পিছত মোৰ দুখবোৰ কোনোবাই শুনিবলৈ বিচাৰিছিল। কিমান দিনৰ পিছত কোনোবাই ল'বলৈ বিচাৰিছিল মোৰ মনৰ উমান। 


     ক'বলৈ আৰম্ভ কৰিছিলোঁ কথাবোৰ। হঠাৎ গৌতম দাই কৈ উঠিল, 


: এনেকৈ গেইটৰ ওচৰতে ৰৈ ৰৈ কথা পাতিম নে? বহুদেৰি হ'ল তোমালৈ এনেকৈ ৰৈ থকা। চাহ একাপ নুখুওৱা? ডিঙি একেবাৰে শুকাই গৈছে।


     মই তেতিয়াহে মন কৰিলোঁ, ষ্ট্ৰিট লাইটৰ পোহৰে ঢুকি নোপোৱা আন্ধাৰ ঠাই এডোখৰত ৰৈ আছোঁ আমি। বাটেৰে ইতিমধ্যে পাৰ হৈ গৈছিল এহাল ল'ৰা- ছোৱালীয়ে কথা পাতিলেই আচৰিত দৃষ্টিৰে চোৱা কেইবাযোৰো সন্দেহবাদী চকু। 


     ঘড়ীলৈ চালোঁ। চাৰে সাত বাজি গৈছে। বৰ বেছি দেৰি হোৱা নাই। সন্ধ্যা লাগি ভাগিছেহে। তথাপিও যেন দোমোজাত পৰিলোঁ মই। মোৰ ৰুমলৈ কেতিয়াও কোনো পুৰুষ বন্ধু অহাৰ নজিৰ নাছিল। 


     যদিও মহানগৰীৰ আন ভাড়াকোঠাৰ দৰে এই ৰুমলৈ পুৰুষ অহাত মালিকপক্ষই কোনো বাধা বা নিষেধাজ্ঞা কেতিয়াও আৰোপ কৰা নাই তথাপি আজি এবছৰে এই কথা সকলোৱে জানিছে যে কৃষ্ণাক্ষীৰ ৰুমলৈ পুৰুষ বন্ধু নাহে। আৰু ময়ো যেন নিজৰ অজানিতেই এই কথা ধৰি ৰাখিবলৈ বদ্ধপৰিকৰ আছিলোঁ।


: একাপ চাহ খুৱাবলৈ ইমান টান পাইছা নে? বাৰু নালাগে দিয়া। 


     মই মনে মনে ৰোৱা দেখি ঘূৰিছিলেই গৌতম দা।  হাঁহাকাৰ কৰি উঠিলোঁ মই। এই গুৱাহাটীহেন মহানগৰীত সন্ধ্যা চাৰে সাত বজাত চিনাকি মানুহ এজনক একাপ চাহ খুৱাবলৈ ইমান অস্বস্তি পাইছোঁ নে মই? তাকো সেইজন মানুহক যি নিজৰ টিফিনটো খাবলৈ মোলৈ যিমান দেৰি হ'লেও ৰৈ থাকিছিল।


     মই লোকেল মুৰ্গীৰ মাংস খাই ভাল পাওঁ বুলি টিফিনত মাংস নিয়াৰ দিনা আছুতীয়াকৈ নোখোৱাকৈ থৈছিল। কতদিন অফিচৰ পৰা আহোঁতে নিজৰ বাইকেৰে আগবঢ়াই দিছিল মোক ৰুমলৈ । 


     ক'ৰবাত যেন এতিয়াও মই সেই সন্ধ্যা ডবা কোবোৱাৰ পিছত ফলি পুথি মেলি লোৱা, ছয় বজাৰ পিছত ঘৰৰ পৰা নোলোৱা আইজনী জনীয়েই হৈ আছিলোঁ। বেয়া লাগিল মোৰ। ঘূৰিবলৈ লোৱা মানুহজনক কৈ উঠিলোঁ


: আহক গৌতম দা। আচলতে ৰাতিপুৱাই ওলাই যাওঁ যে ৰূমৰ কি অৱস্থা হৈ আছে নাজানোঁ। সেয়ে মাতিবলৈ বেয়া পাইছিলোঁ। 


     মিহিকৈ হাঁহি মোৰ পিছে পিছে সোমাই আহিল তেওঁ। দুৱাৰ খুলি লাইট আৰু ফেনখন চলাই চকীখন আগবঢ়াই দিলোঁ। ৱাশ্বৰুমলৈ গৈ মুখ হাত ধুই আহি দেখোঁ, বহিবলৈ আগবঢ়াই দিয়া চকীত বহা নাছিল গৌতম দা। ৱালত আউজি জোতাযোৰ নোখোলাকৈয়ে গাৰুটো কোঁচত লৈ ভৰিখন ওলোমাই বিছনাখনত বহি পৰিছে তেওঁ। 


     কিবা এটা ভাল নালাগিল মোৰ। একেটা কোঠাতে পাকঘৰ, গোঁসাই ঘৰ সকলো হোৱাৰ বাবে কোনোদিনেই কোঠাটোলৈ জোতা চেন্ডেল পিন্ধি সোমাই পোৱা নাছিলোঁ মই। সদায় বাহিৰতে খুলি হাতত দাঙি লৈহে ভিতৰলৈ আহিছিলোঁ।


     দুৱাৰখনলৈ চালোঁ। খিলি লগোৱা নাছিল যদিও জাপ খাই আছিল দুৱাৰখন। চাহকাপ কৰিবলৈ লৈও প্ৰথমতে দুৱাৰখনৰ ওচৰলৈ গৈ সম্পূৰ্নকৈ খুলি পেলালো সেইখন। মোবাইলটোত কিবা এটা চাই থকা গৌতম দাই কৈ উঠিল


: ল'ৰা এটা হ'ল নহয়! গম নোপোৱা চাগৈ।


     চাহ কৰিবলৈ লৈ সিফালে মুখ কৰা মানুহজনী এইবাৰ চাৎকৈ ঘূৰিলোঁ। ফিল্টাৰটোৰ তলত চচটো পাতিবলৈ লোৱা হাতখন ৰৈ গ'ল।


     মই সঁচাকৈয়ে গম পোৱা নাছিলোঁ। একো গম নাপাওঁ মই। আনৰ কথা বাদ, আজিকালি নিজৰ খবৰ ল'বলৈকে আহৰি নাই মোৰ। 


    খবৰটোত সাংঘাতিক সুখী হৈছিলোঁ মই। কণ্ঠতো যেন ফুটি উঠিল সেই উচ্ছলতা,


: মই গম নাপাওঁ গৌতম দা। ইম্মান ভাল খবৰটো মই ইমান দেৰিকৈ পাইছোঁ। কি নাম ৰাখিছে?


: ৰিদ্ধিশ।


: গণেশ বাবাৰ নাম ন? 


: উম। তুমিতো জানাই গণেশ বাবাৰ মই কিমান ডাঙৰ ভক্ত।


     জানো। আচলতে গৌতম দাৰ লগত চিনাকীও এই কাৰণতেই হৈছিল। মোৰ চাবিৰ ৰিং,অফিচৰ বহা ঠাইখিনিত থকা গণেশৰ অকণমানি মূৰ্ত্তিটো দেখিয়েই চিনাকি হ'বলৈ আগবাঢ়ি আহিছিল মানুহজন আৰু সুধি পেলাইছিল-


'গণেশ বাবাক বৰ বিশ্বাস কৰা ন তুমি?'


     মোৰ আজিও খুব ভালকৈ মনত আছে সেই দিনটো। 


     গৌতম দাৰ ফালে পিঠি দি চাহ কৰিবলৈ ল'লো। হঠাৎ বৰ অপৰাধবোধ হ'ল। মোক ভগ্নীৰ স্থানত ৰখা এই মানুহজন সন্তানৰ পিতৃ হ'বলৈকে ঘৰলৈ গৈছিল। মই নিজেই সোধা উচিত নাছিল নে সেই খবৰ? 


     উচিত নাছিল নে মোলৈ তৰহে তৰহে খাদ্য ৰান্ধি পঠিওৱা মানুহ এজনীৰ খবৰ এটা নিজেই লোৱাৰ। ইমান স্বাৰ্থপৰ কেতিয়া হৈ পৰিলোঁ মই?


     চাহৰ উতল আহিছিল। ওফন্দি অহা চাহখিনি ফুঁৱাই ফুঁৱাই গেছটো বন্ধ কৰি থাকোঁতেই এহাতে খিৰিকীৰ পৰ্দাখন সামান্য কোঁচাই দিলোঁ। বাহিৰলৈ চাই আকৌ এবাৰ অনুমান কৰিবলৈ যেন চেষ্টা কৰিলোঁ কিমান সন্ধ্যা হৈছে! কিমান আন্ধাৰে মোৰ চোতালত চকী পাৰি বহিছিল খিৰিকীৰে জুমি তাৰ যেন উমান ল'লো মই।


      চাহখিনি কাপ এটাত বাকিলোঁ। টেবুলৰ ড্ৰয়াৰত থকা বিস্কুটৰ পেকেটটো আনিবলৈ বুলি ঘূৰি চাই দেখোঁ খুব সন্তৰ্পনে বিছনাৰ পৰা উঠি মই খুলি থৈ অহা দুৱাৰৰ খিলি লগাইছে গৌতম দাই।


     মই যেন সচকিত হৈ উঠিলোঁ।


"কিয়? কিয় জপাব লাগে বন্ধ দুৱাৰ? কি প্ৰয়োজনত আলহীয়ে বন্ধ কৰিব লাগে গৃহস্থই ইচ্ছা কৰি খুলি অহা সেই দুৱাৰ?"


     মই চাই থকাৰ উমান লৈ মানুহজনে ঘূৰি কৈ উঠিল


: এই অকণমান সময়তে মহে খাই ডবলা ডবল কৰিলে অ'। চাহকাপতো অন্ততঃ শান্তিৰে খাওঁ। 


     একো নামাতিলোঁ মই। আচলতে আজিকালি প্ৰত্যেক মানুহলৈকে বুকুত অহেতুক সন্দেহ এটা মই চাগৈ কঢ়িয়াই ফুৰিবলৈ লৈছোঁ। কিন্তু পুৰুষ হ'ল বুলিয়েই সন্দেহ কৰিবলগীয়া মানুহৰ শাৰীত নপৰে এই ব্যক্তি। গৌতম দাক সন্দেহ কৰা নাযায়। 


     বিস্কুটেৰে চাহৰ প্লেটখন সজাই চাহকাপ যতনাই দিবলৈ মানুহজনৰ ফালে ঘূৰি দেখোঁ বিছনাত হেলান দি ৰাতিপুৱা খৰধৰকৈ বিছনাখনৰ এচুকত থৈ যোৱা মোৰ অন্তৰ্বাস এটা হাতত লৈ নাকত গুঁজিছে তেওঁ। 


      হাতত চাহৰ কাপ লৈ শিল হৈ ৰ'লো মই। যেন কোনোবাই আগবাঢ়িব নোৱাৰাকৈ টানি পেলাইছিল এডাল অদৃশ্য লক্ষ্মণ ৰেখা। লৱৰিব নোৱাৰাকৈ একে ঠাইতে ৰৈ গ'লো মই। কোনোবাই যেন চিঞৰি উঠিল


"আগবাঢ়ি নাযাবি কৃষ্ণাক্ষী। আগত বিপদ। ভয়ংকৰ বিপদ"


     তথাপি কেনেকৈ কেতিয়া কোন মুহূৰ্তত চাহকাপ তেওঁৰ হাতত তুলি দিলোঁগৈ মই নাজানোঁ। এটা হাতত চাহৰ কাপ লৈ মানুহটোৱে আনখন হাতেৰে তেতিয়াও খামুচি ৰৈছিল মোৰ গুলপীয়া অন্তৰ্বাস। মই যেন পাহৰি গৈছিলোঁ কি কৰা উচিত! কেনেকৈ আচৰণ কৰা উচিত?


: গুলপীয়া ব্ৰা সকলো কাপোৰৰ লগত মিলে জানোঁ? জিলিকি থাকে চাগৈ!


     মই মাথোঁ অস্ফুট স্বৰেৰে মুখেৰে উচ্চাৰিলোঁ


: গৌতম দা....


: বহুমাহ হ'ল হে বৌৱেৰাৰ সংগ নোপোৱা। প্ৰথমতে প্ৰেগনেঞ্চি তাৰ পিছত বাচ্চা। মই পাগল হৈ গৈছোঁ কৃষ্ণাক্ষী। 


     হঠাৎ মোৰ হাত এখনত ধৰি বিচনাত বহুৱাই দিলে তেওঁ। মুহূৰ্ততে জাঁপ মাৰি বিচনাৰ পৰা থিয় হৈ দুৱাৰৰ ওচৰ পালোগৈ মই। এইবাৰ বিছনাত চাহৰ কাপ থৈ উঠি আহিল মানুহজন। দুৱাৰ খুলিবলৈ লোৱা মোৰ হাতৰ ঠাৰিত বৰ জোৰেৰে খামুচি ধৰিলে তেওঁ। কাণৰ কাষত ফুচফুচালে


: এবাৰতো দিয়া। মাত্ৰ এবাৰ। 


     এইবাৰ মোৰ মুখেৰে ওলাল মাথোঁ দুটা বাক্য


: আপুনি মোৰ দাদা। নিজৰ দাদাতকৈ কোনোদিনে কম ভৱা নাই মই আপোনাক। 


     মানুহজনৰ যেন চকু দুটা দপকৈ জ্বলি উঠিল


: দাদা মাই ফুট্‌। নিজৰ দাদাতো নহয়। মোক বিমুখ নকৰিবা কৃষ্ণাক্ষী। লাগিলে পইচাকে...!


     এইবাৰ চিঞৰি দিলোঁ মই। খুব জোৰেৰে। গাৰ সমস্ত শক্তিৰে। কাক শুনাবলৈ বা কোনে শুনিব বুলি এনেকৈ চিঞৰিছিলোঁ মই নাজানোঁ। 


কিন্তু চিঞৰিছিলোঁ। 

প্ৰচণ্ড আক্ৰোশত। 

মৰণ কাতৰ আছিল সেই চিঞৰ। 


     মোৰ চিঞৰত যেন অকণমান ভয় খালে তেওঁ। শিথিল হ'ল মোৰ হাতৰ ঠাৰিত ধৰি থকা সেই বজ্ৰকঠিন হাত। গাৰ সমস্ত শক্তিৰে মই তেওঁক গতা মাৰি দিলোঁ। 


     কোঠাটোৰ একাষে মানিপ্লেণ্ট এটাৰে ধুনীয়াকৈ সজাই থোৱা মাটিৰ টাবটোত উজুটি খাই কৰ্ফাল খাই পৰিল মানুহজন। সেই সুযোগতে খটককৈ মই খুলি পেলালোঁ দুৱাৰখন। একেচাতেই দৌৰি বাহিৰ ওলাই চিৰিৰ কাষত থিয় দিলোঁগৈ।


     পৰাৰ পৰা উঠি খোলা দুৱাৰৰ দুৱাৰদলিত খপজপাই ৰ'লহি মানুহজন আৰু সৰু অথচ বৰ স্পষ্ট মাতেৰে দাঁত কৰচি কৈ উঠিল


: সুদীপ্ত চৌধুৰীৰ লগত শোৱা নাছিলি তই? যি কথা চৈতালীক নিজেই কৈছিলি। সুদীপ্ত চৌধুৰীয়ে শুবলৈ প্ৰস্তাৱ দিয়া আৰু তই বহুদিন শোৱা বুলি কৈ চৈতালীকো জোৰ কৰা নাছিলি সেইকাম কৰিবলৈ? চৈতালীক শিকোৱা নাছিলি সফলতাৰ চিৰি বগোৱাৰ সেই সহজ উপায়?


     এইবাৰ মোৰ আৰু অকণমান কাষ চাপি আহি চকুহাল একেবাৰে সৰু কৰি ক'লে


: সেই বুঢ়াতকৈ অন্ততঃ মই হেণ্ডছাম দেই কৃষ্ণাক্ষী বৰুৱা। নে কেৱল তেওঁক হে দিয় তই? আচ্ছা বুজিছোঁ। এই গৌতম তালুকদাৰে তোক নি একেচাতেই চিনিয়ৰ এংকৰ বনাবগৈ নোৱাৰেতো! নহয় জানো? থুই চাল্লা সতী সবিত্ৰী দেখুৱাইছ। চালি ৰে...।


     তেনেতে দেখিলোঁ এসোপা আন্ধাৰৰ মাজতে উধাতু খাই দৌৰি আহি মোৰ দুৱাৰমুখ পাইছেহি দেৱাশ্ৰীবাৰ কাষৰ কোঠাত সদায় ৰাতিপুৱা গান বজাই থকা ল'ৰাজন।


: কৃষ্ণাক্ষী। কি হ'ল? চিঞৰ এটা শুনিছিলোঁ। ঠিকেই আছা নে?


     একো কোৱা নাছিলোঁ মই। খং আৰু দুখত মাথোঁ থৰথৰাই কপিছিলোঁ আৰু কঁপা কঁপা হাতেৰেই আঙুলিয়াই দিছিলোঁ ল'ৰাজনক দেখি ৰূমৰ পৰা খৰধৰকৈ খোজকাঢ়ি ওলাই যোৱা গৌতম দাৰ ফালে। ল'ৰাজনে যেন কিবা এটা বুজি উঠিছিল। দৌৰি গৈ পিছফালৰ পৰা খামুচি ধৰিছিল গৌতম দাৰ শ্বাৰ্টত। 


     শকত আৱত, প্ৰায় ছয়ফুট ওখ ল'ৰাজনৰ হাতৰ খামোচত ৰৈ গ'ল তেওঁ। এইবাৰ ল'ৰাজনে একে আজোৰে গৌতম দাক নিজৰ ফালে ঘূৰাই ল'লে আৰু গৰজি উঠিল


: কিয় আহিছিলি?


     মনে মনে ৰ'ল গৌতম দা। এখন হাতেৰে শ্বাৰ্টত ধৰি থকাৰ অৱস্থাতেই ল'ৰাজনৰ আনখন হাতৰ মুঠি ক্ৰমান্বয়ে টান হৈ আহিছিল। এইবাৰ লাহে লাহে অথচ সাংঘাতিক এক শক্তিশালী মাতেৰে মুখখন গৌতম দাৰ একেবাৰে কাষলৈ নি সুধিলে


: কিয় আহিছিলি অকলশৰীয়া ছোৱালীজনীৰ ৰুমলৈ? কি সাহসত?


     এইবাৰ হাঁহি পেলালে গৌতম দাই। নিৰ্লজ্জৰ হাঁহি।  আৰু ল'ৰাজনৰ হাতখন শ্বাৰ্টৰ পৰা দুয়োহাতেৰে এৰুৱাই কৈ উঠিল


: তয়ো তেনেহ'লে কৃষ্ণাক্ষী বৰুৱাৰ মজা ভালকৈ পাই থৈছ!


     এইবাৰ ল'ৰাজনে আগ পিছ নুগুনি প্ৰচণ্ড এটা ঘোঁচা শোধালে গৌতমদাৰ মুখত। ঘটনাৰ আকস্মিকতাত তত্‌ হেৰুৱালে তেওঁ। 


     সুস্থিৰ হ'বলৈ নাপাওঁতেই ল'ৰাজনে আকৌ এটা ঘোঁচা মাৰিলে। চৌহদৰ ৱালখনত হামখুৰি খাই পৰিল মানুহটো। এইবাৰ ল'ৰাজনে চোলাৰ আস্তিন কোঁচাই লওঁতেই খৰধৰকৈ সেই ঠাইৰ পৰা আঁতৰ হৈছিল গৌতম দা। তেজ ওলাইছিল বোধহয়। এখন হাতৰ তলুৱাৰে নাকৰ তল অংশ মোহাৰি আনখন হাতেৰে ল'ৰাজনক আঙুলি টোৱাঁই কৈ গৈছিল


: চিনি পোৱা নাই মোক। মিডিয়াৰ মানুহ। চাল্লা তোৰ জান খাই দিম চাই থাক। সস্তীয়া ছোৱালী এজনীৰ কাৰণে নিজৰ জীৱন বৰবাদ কৰি ল'লি।


     মই তেতিয়াও কোঠাৰ বাহিৰৰ চিৰিত বহি টিৰটিৰকৈ কঁপি ৰৈছিলোঁ। এইবাৰ ল'ৰাজন মোৰফালে আগবাঢ়ি আহিল আৰু বৰ কোমলকৈ ক'লে


: ভিতৰলৈ যোৱা কৃষ্ণাক্ষী। আজি ৰাতি কোনোবাই দুৱাৰ খটখটালেও খুলি নিদিবা। মানুহটো বৰ খঙত গৈছে। তুমি ক'ৰবাত দুখ পালা নেকি? কিবা মলম অকণমানকে...!


     একো উত্তৰ নিদিলোঁ মই।

ক'ত ক'ত মলম লগাব পাৰিব তেওঁ?


আচলতে মই নিজেই নাজানিলোঁ ক'ত মলম লগালে উপশম পাম এই বিষ আৰু যন্ত্ৰণাৰ পৰা।


     বহি থাকিলোঁ। বহিয়েই থাকিলোঁ। অকণমান সময় কাষত ৰৈ থাকি আঁতৰি গ'ল ল'ৰাজন। দেৱাশ্ৰীবাৰ কোঠালৈ চালোঁ। আন্ধাৰ। হয়তো অফিচৰ পৰা আহি পোৱা নাছিল তাই।


     কাণত বাজি থাকিল গৌতম দাৰ মুখৰ প্ৰতিটো বাক্য।


     এসময়ত ভিতৰলৈ উঠি আহিলোঁ। নিজলৈকে বৰ ঘিণ লাগিল মোৰ। বিছনাখনত তেতিয়াও পৰি ৰৈছে একাপ সৰ উঠি ঠাণ্ডা হৈ যোৱা চাহ আৰু এটা অন্তৰ্বাস। মানিপ্লেণ্টৰ টাবটো উবুৰি খাই পৰি ভাগি আছিল। হাতৰ ঠাৰিত তেজ মৰি সেৰা পাতি ৰৈছিল পুৰুষৰ কঠিন হাতৰ আঙুলিৰ চাপ।


     বাথৰুমলৈ সোমাই গ'লো। পানীৰ টেপটো খুলি বাল্টিটো পাতি দিলোঁ। এপদ এপদকৈ আঁজুৰি খুলিলো গাৰ কাপোৰ। থিয় দি থাকিলোঁ পানীৰ টেপটোৰ সন্মুখত। বাল্টিটো ভৰ্তি হৈ পানী বাগৰি বাথৰুমৰ মজিয়া ভৰিছিল। 


      লেপেটা কাঢ়ি বহি পৰিলোঁ মই। হুৰহুৰাই পানী ঢালি নিজকে যেন শুচি কৰিবহে খুজিলোঁ। চাবোন ডোখৰ কিমান দেৰি গাত সানি থাকিলোঁ মই নাজানোঁ।চাবোনেৰে ঘঁহি ঘঁহি যেন আঁতৰাবলৈ বিচাৰিলোঁ চৈতালী নামৰ প্রিয় বান্ধৱীয়ে জীৱনত সানি দিয়া সেই দাগ। 


      বুকুৰ সোঁমাজতে মোৰ এটা তুলসীৰ পাত। আইতাই কয় এয়া বোলে কলীয়া গোঁসায়ে মৰমতে দিয়া চিন। আজি যেন চৈতালী আৰু সুদীপ্ত চৌধুৰীয়ে সানি দিয়া দাগবোৰ ক'লা হৈ থূপ পাতি ৰৈছেহি সেই কণমান তুলসীৰ পাতত। ঘঁহি ঘঁহি তেজ উলিওৱাৰ উপক্ৰম কৰিলোঁ সেই অকণমানি দাগটো।


     বিছনাৰ ওপৰত পৰি ৰোৱা ফোনটো বাজিছিল। মাৰ ফোন! মাৰ ফোনটো আহিলে নেদেখাকৈয়ে গম পাবৰ বাবে এটা বেলেগ ৰিংট'ন মই লগাই থৈছিলোঁ। সেই ৰিংট'ন বাজে কেৱল মাৰ বাবে। অথনি খৰধৰকৈ ৰখাৰ বাবে চাগৈ আকৌ ফোন কৰিছিল তেওঁ। বাজিয়েই আছিল ফোনটো আৰু সেই বিশেষ ৰিংট'ন


"গান এটি গোৱা না অ' মা

হাত বুলাই দিয়া না অ' মা

সপোন হেৰালে কেনিবা

বিচাৰি আনি দিয়া না

মই শুব পৰা নাই অ' মা

বুকুখন বিষাইছে মা....."


     প্ৰথমে উচুপি উচুপি তাৰ পিছত চিঞৰি কান্দি উঠিলোঁ মই।


     মনলৈ আহিল সুদীপ্ত চৌধুৰীক লগ পোৱা সেই অভিশপ্ত দিনটো। 


     সেই মানুহটো। 

     সেই লেতেৰা কথাবোৰ। 


     মোৰ দেহৰ প্ৰতিডাল সিৰাৰে মাথোঁ বৈ ৰৈছে এটাই নাম-


"সুদীপ্ত চৌধুৰী"...


     বাথৰুমৰ মজিয়াভৰ্তি পানীত লেপেটা কাঢ়ি বহি একেথিৰে মজিয়ালৈ চাই ৰ'লোঁ। লাইটটো জ্বলাবলৈ পাহৰি গৈছিলোঁ। আন্ধাৰ বাথৰুমটোৰ প্ৰতিটো কোণৰ পৰাই যেন মোলৈ আঙুলিয়াই দাঁত নিকটাই হাঁহি থাকিল চৈতালী আৰু সুদীপ্ত চৌধুৰীয়ে।


আগলৈ…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


12 খণ্ডৰ লিংক -

14 খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment