বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 20 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 20 | Assamese Sad Novel | Papori Phukan | Emotional Assamese Love Story


বেশ্যা


      সিদিনা কেবিনৰ পৰা ওলাই আহি অঞ্জনা বাহিৰতে বহিল। আজিকালি নিসংগতাই ভাল লাগে তাইৰ। আগতে কৰবী, নীলা আৰু তাই বহি লৈ কিমান যে কথা পাতিছিল, হাঁহিছিল কিন্তু এতিয়া কাৰোৰে লগত অঞ্জনাৰ কথা পাতিবলৈ মন নাযায়।


     কৰবীয়েও আজিকালি তাইৰ লগত কথা বৰকৈ নাপাতে, অঞ্জনাও আগ্ৰহ প্ৰকাশ নকৰে। এইখন পৃথিৱীত কোনে, কেতিয়া, কাক অনিষ্ট কৰিব পাৰে কোনেও নাজানে।


     অজয়ে মাজে মাজে লগ কৰাৰ কথা কৈছে কিন্তু তাইৰ মন নাই চিনাকি মানুহৰ সংস্পৰ্শত থকাৰ। অৱশ্যে অজয় তাইৰ মাত্ৰ চিনাকি মানুহ নহয়, তাইৰ এজন শুভাকাংশি, ভালপোৱা, হেঁপাহ সকলো। আঁতৰি যাবলৈ মন নগলেও যাব লাগিব। কাৰণ ইয়াত অঞ্জনাৰ দিনে দিনে ভয়বোৰ বাঢ়ি গৈছে।


      ৰাতি হ'লে অলপ কিবাহৰ শব্দতে সাৰ পাই, তাৰ পাছত আৰু টোপনি যাব নোৱাৰা হয়। ভয় লাগে জানোচা আকৌ কোনোবাই তাইক মাৰিবলৈ আহিব।


     নাই, এনেকৈ মানসিক অশান্তিত আৰু জীয়াই থাকিব নোৱাৰি। স্বাস্হ্যটোও যথেষ্ট বেয়া হৈছে তাইৰ টোপনি ভাল নোহোৱাৰ বাবেই। মূৰটো অনবৰতে ঘূৰাইয়ে থাকে। টেবলেট খালেও ভাল নহয়।


     কাইলৈ সন্ধিয়া অজয় চিকিৎসাৰ বাবে বাহিৰলৈ যাব। ইতিমধ্যে Flight বুক কৰি থৈছেহি। তাইও আশ্ৰমত নাথাকিব, ভাড়াঘৰৰ মালিকানিক কাইলৈ ৰূমটোত সোমোৱাৰ কথা কৈ থৈ আহিছে। অজয় যোৱাৰ পাছত তাই খুব অকলশৰীয়া হব।


"অঞ্জু, সন্ধিয়া হ'বৰেই হৈছে। বলা নহ'লে মোৰ ঘৰৰ পৰাই এপাক আহোঁগৈ আজি।" - অজয়ৰ মাতত অঞ্জনাই ঘূৰি চালে।


"নাযাওঁ দিয়া অজয় দা। আজিকালি একোৱেই চোন ভাল নালাগে।"


"সময় লাগিব অঞ্জু। মনটো ভাল কৰিবলৈ ওলাই যাব লাগে, হাঁহিব লাগে, গান শুনিব লাগে। তেতিয়াহে আগৰ অৱস্থালৈ আহিবা। ইয়াত নিজৰ শৰীৰৰ, মনৰ নিজেই যতন ল'ব লাগিব।"


"কিয় জানো ইমান অকলশৰীয়া হ'লো। নিজৰ জীৱনটোৰ ওপৰত ধিক্কাৰ জন্মে।"


"তেনেকৈ নক'বাচোন। ম‌য়োতো অকলশৰীয়া। মইও অনাথ। নিজকে কেতিয়াও তললৈ নানিবা। ভাল দিন সকলোৰে আহে এদিন নহলেও এদিন।"


"বয়সৰ আধাচোন গ'লেই কেতিয়া আহিব ভাল দিন?" - অঞ্জনাই কলে।


"ধৈৰ্য্য ধৰা। সকলো ঠিক হ'ব। যোৱা ওলাই লোৱাগৈ। আমাৰ ঘৰতো সোমাম, অলপ ফুৰিমো।"


"যাওঁ জানো!"


"ওলোৱাগৈ। মই ৱাৰডেনক ক‌ওঁগৈ। যোৱা সোনকালে।"


      অজয়ে ৱাৰডেনৰ ওচৰলৈ গ'ল। অঞ্জনাই ৰুমলৈ গৈ কাপোৰবোৰ চালে। কি পিন্ধি যাব বাৰু তাকেই চাই ল'লে। বিচনাত কেইবাযোৰো কাপোৰ উলিয়াই ল'লে, কিন্তু তাইৰ পছন্দৰ নহল।


"এইযোৰ পিন্ধা।"


     অজয়ে মুগা ৰঙৰ লং কুৰ্টিটো তুলি দিলে অঞ্জনাক। তাইৰো ভাল লাগে অৱশ্যে এইটো; মুগা ৰঙটোত কুলা আৰু কফি ৰঙৰ সৰু সৰু এম্ব্ৰয়দাৰী আছে সেৰেঙাকৈ।


      অজয়ে বাচি দিয়া কাপোৰযোৰ লৈ পিন্ধিবলৈ ল'লে। অজয়ক ইংগিতেৰে বাহিৰলৈ যাবলৈ ক'লে। অজয় ওলাই গ'ল। তাই কুৰ্টিটো পিন্ধি তলত কুলা ৰঙৰ জীনচ্ এটা পিন্ধি ল'লে। কুৰ্টিটোৱে ভৰিলৈকে ঢাকিয়ে থয় তথাপি ভাল নালাগে বাবে পিন্ধি ল'লে তাই। দীঘল চুলিখিনি মেলি ল'লে সৰু বেল এডাল মাৰি।


      বহুদিনৰ মূৰত তাই আজি চুলি খিনি মেলিলে। যতন ল'বলৈ এৰাত শুকান হৈ পৰিছে, অলপ ফাটিছেও। চকুত কাজল ল'লে, চকুযুৰো কলা পৰিছে অলপ। তাই আজিহে আইনাখন ভালকৈ চাইচে বহুদিনৰ মুৰত। কুলা ৰঙৰ পাতল কটনৰ দুপাত্তাখন বাওঁ কান্ধত লৈ ওলাই আহিল।


      অজয়ে গাড়ীখনৰ কাষতে ৰৈ আছেগৈ। অঞ্জনাই ওলাই যোৱাৰ আগতে ৱাৰডেনক কৈ আহিলগৈ।


"নোযোৱা নেকি?" - অঞ্জনাৰ ফালে চাই থকা অজয়ক হাঁহি মাৰি ক'লে তাই।


"ইমান ধুনীয়া লাগিছে তোমাক। পাৰ্লাৰত সোমাবা আজি বোল?"


"কিয়?"


"চেলাউৰি খিনি থ্ৰেদিং কৰি আহিবা।"


"নালাগে। ভয় লাগে। যিহে জোৰেৰে উভালি আনে।"


"হয় নেকি? কি ক্ৰীম লগোৱা তুমি?"


"কিয়?"


"এনেয়ে।"


"লেক্মি।"


"অ।" - অজয়ে এনেইয়ে সুধিলে কথাখিনি। 


      অঞ্জনাক সাধাৰণভাৱে থাকিলেও ধুনীয়া দেখি। যেতিয়া আদি ছোৱালী বোৰৰ দৰে চুলিখিনি ওপৰত পকাই লৈ কাটাডাল মাৰি থয় তেতিয়া আৰু বেছি ধুনীয়া দেখে অজয়ে। হাঁহিলে বেলেগ ধৰনেৰে মৰম লাগে, অজয়ে সেইয়া বুজাব নোৱাৰে।


      অজয়ে গাড়ী চলোৱাৰ মাজে মাজে তাইলৈও চাইছে। অঞ্জনাই একান্ত মনে বাহিৰলৈ চাই গৈছে। অজয়ে বাওঁ হাতখনেৰে অঞ্জনাৰ সোঁ হাতখন খামুচি ধৰিলে। অঞ্জনাই অজয়লৈ চালে, তাইয়ো খামুচি ধৰিলে অজয়ৰ হাতখন।


     এক অবুজ শিহৰণ,

     এক অনামী ভালপোৱা পাৰ হৈ গ'ল

     দুয়োৰে শৰীৰৰ মাজেৰে।...


     অজয় অঞ্জনাৰ বাবে, অঞ্জনা অজয়ৰ বাবে এইয়া বাস্তৱ। এক সুগভীৰ ভালপোৱা, এক বুজাব নোৱাৰা ত্যাগ দুয়ো-দুয়োৰে বাবে। কিন্তু অজয়ে চিকিৎসাৰ বাবে বাহিৰলৈ যাব ওলাইছে। যদি সি সুস্থ হৈ পৰে, যদি এই সম্বন্ধত যতি পৰে? যদি পাছত সি অঞ্জনাক নিবিচাৰে? যদি ভাল কাম এটা পায় অঞ্জনাই, যদি পাছত অজয়ক নিবিচাৰে??


     সময়বোৰ যেন এনেকৈয়ে থাকক!

অজয়-অঞ্জনাও এনেকৈয়ে থাকক আজীৱন ইজনে-সিজনৰ হৈ। দুখবোৰ ভগাই লৈ, সুখবোৰ দুয়োৰে মাজত বিলীন হৈ ৰৈ যাওঁক সময়বোৰ, স্তব্ধ হ‌ওঁক ভালপোৱাবোৰ বেয়া ক্ষণবোৰ; আঁতৰি নোযোৱালৈকে।


     হয় হয়। সময়বোৰে ঘনে ঘনে ঠগিছে দুয়োকে, ভাগি পৰিছে আকৌ নতুনকৈ জন্মিছে অজয় আৰু অঞ্জনা। জীৱনটো উপলব্ধি কৰিব পৰা হোৱাৰে পৰা কেৱল Adjust কৰিব শিকিছে দুয়ো। নিজে ভালপোৱা বা বিচৰা বুলি নহয়। জন্ম হোৱাৰ পৰা এই ভালপোৱাই মাত্ৰ সিহঁতৰ বাবে নিজে বিচৰা, অন্তৰেৰে কামনা কৰা সময়, সেয়ে ৰৈ যাওঁক যেন সময়বোৰ দুয়োৰে মাজত।


"অঞ্জু?"


"হুম!"


"আঁতৰি যাবা মোৰ পৰা তুমি যদি নিজকে প্ৰতিষ্ঠা কৰিব পাৰা তেতিয়া?"


"কিয় সুধিলা?"


"জীৱনটো জনা হোৱাৰ পৰাই ভগৱানৰ ওচৰত একো বিচাৰি পোৱা নাই। কিন্তু এতিয়া বিচাৰোঁ, তোমাক হেৰুৱাম বুলি ভয় লাগে।"


"আঁতৰি যোৱাৰ কথা ভবা নাই কিন্তু সময়ৰ কথা ক'ব নোৱাৰিম। সময়বোৰে দেখোন কষ্ট দিবলৈ মোকহে বিচাৰি পাই।"


"যিমান দীঘলীয়া কৈ ৰ'বলৈ ক'লেও ৰ'বলৈ মই সাজু আছো, কিন্তু তুমি আঁতৰি নিদিবা।"


"মইতো জানি-বুজি কেতিয়াও আঁতৰি নিদিওঁ। মোৰ উপস্থিতিত সকলোৰে অপকাৰ হয়, সেয়ে ভয় লাগে।"


"ভগৱানে যাক শক্তিশালী বুলি ভাবে তেওঁকহে পৰীক্ষা লয়। পৰীক্ষা ল'বলৈ বাচি লয়। তেওঁৰ ওপৰত বিশ্বাস ৰাখা হয়তো ভাল সময় আনিবৰ বাবেই এই নতুন যাত্ৰালৈ পঠিয়াব লৈছে তোমাক।"


"নাজানো। তথাপি ভয় লাগে আজিকালি।"


"মই তোমাৰ সাৰথি হৈ সদায়ে থাকিম। দুখবোৰ, কষ্টবোৰ ভগাই লম।"


"????"


     অঞ্জনা নিৰৱ হৈ আঁতৰৰ ফালে চাই থাকিল। কিয় ভাল পাই অজয়ে বাৰু তাইক ইমানকৈ। কষ্ট হয় তাইৰ। এই ভালপোৱাই তাইক বাৰু কেতিয়াবা শেষ কৰিব নেকি?


     অজয়ৰ ফালে চালে তাই, অজয়ো দূৰৰ ক'ৰবালৈ চাই আছে। কাষলৈ গৈ অজয়ৰ বাওঁ বাহুটোত মূৰটো পেলাই দিলে অঞ্জনাই। অজয়ো সোঁ হাতখনেৰে অঞ্জনাৰ গালখনত মৰমেৰে মোহাৰি দিলে। অঞ্জনাৰ চকুহাল সেমেকি উঠিল, তাই চকুহাল মুদি কলে,


"কেতিয়া ঘূৰি আহিবা তুমি তাৰ পৰা?"


"গলেহে গম পাম! হলেও দুই বছৰ মান থাকিব লাগিব বুলি জনাইছে।"


"সম্ভৱ জানো ইমান দিন!"


"চেষ্টা কৰিম, মনটো ধৰি ৰাখিবলৈ। তুমিও নিজৰ দেহটোৰ কেয়াৰ লবা।"


"ওম, ভালদৰে থাকিবা তুমি।"


     অঞ্জনাই ভগৱানকে ধিয়ালে, অজয়ে যেন সোনকালে সুস্থ হৈ ঘূৰি আহে।


     আহিবনে ঘূৰি অঞ্জনাৰ প্রিয় মানুহজন?

     হ'ব জানো জীৱন লগৰী তাইৰ জীৱনত?

     সময়ত অজয়ে তাইক পাহৰি যাব,

     নে তাই অজয়ক পাহৰিব??


     বিধিৰ লিখন কোনেও নাজানে, কাৰ কপালত কি লিখা আছে। দেউতাকলৈ মনত পৰিল তাইৰ। দেউতা, আজি লগত থকা হলে! নিজৰ ভিতৰতে প্ৰতিজ্ঞা কৰিলে অঞ্জনাই,


"দেউতা, যদি মই তোমাৰ সন্তান হয় তেন্তে মই নিজে কিবা এটা কৰি দেখুৱাব পাৰিম; মোৰ দৃঢ় বিশ্বাস! তুমি মোৰ ওচৰলৈ ওপৰৰ পৰা ঘূৰি আহিব নালাগে, মাত্ৰ আশীৰ্বাদ এটা লাগে যাতে মই তোমাৰ সন্তান বুলি এদিন আন দহজনক মুখ মেলি হাঁহি হাঁহি কব পাৰো!"


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ আছে। আগৰ খণ্ডবোৰ চালেনে? আগৰ বা পিছৰ খণ্ডবোৰ পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব।


অঞ্জনাৰ এই জীয়া কাহিনীৰ ধাৰাবাহিক উপন্যাস খন কাইলৈ যৱনীকা পৰিব। কিন্তু ইমানতেই শেষ হবনে অঞ্জনা জনীৰ বিষাদ যন্ত্ৰণাৰ অন্তিম কাহিনী? আগলৈ..... ]



Follow on- INSTAGRAM

19 খণ্ডৰ লিংক -
             Read Now :

21 তথা অন্তিম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Love Story
Axomiya Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment