অস্তিত্ব ৰক্ষাৰ যুঁজ | এটা সঁচা কাহিনী | Osthista Rakshar Juj | Sad Assamese Story | Axomiya Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অস্তিত্ব ৰক্ষাৰ যুঁজ | এটা সঁচা কাহিনী | Osthista Rakshar Juj | Sad Assamese Story | Axomiya Story | Daily Assamese Status


অস্তিত্ব ৰক্ষাৰ যুঁজ
এটা সঁচা কাহিনী

: এক্সকিউজ মি, শুনকচোন, মোৰ মানে এ.টি.এমত ৯০০০ টকাটো কাটিলে বুলি মেচেজ আহিছে কিন্তু পইছা টো নোলাল। 


: এনেকুৱা কেতিয়াবা হয় বাইদেউ, নেটৱৰ্ক প্ৰব্লেমৰ কাৰনে। আপুনি নহলে ৰিট্টেন কমপ্লেইন এটা দি যাওক মেনেজাৰৰ ওচৰত। তেতিয়া ৰেকৰ্ডটো থাকিব।


: অকে। ঠিক আছে। মেনেজাৰৰ ৰুম কোনটো?


: সেইফালে কৰ্নাৰৰ ৰুমটো। বাইদেউ ৰুমতে আছেই। লগ পাবই আপুনি।


: থেংকিউ চ মাচ্।


     মেনেজাৰৰ ৰুমৰ দুৱাৰমুখ পাওঁতেই, মেনেজাৰে মোলৈ মূৰ তুলি চালে। আৰু মই কিবা কবলৈ পোৱাৰ আগতেই,


: হাৰে, মেৰিনা বা.....


: অ মাই গড্ শ্বেতা চোন এইজনী??


     ফুৰ্তিতে এনে লাগিল, যেন সৰু ছোৱালী এজনীৰ দৰে দৌৰ মাৰি গৈ সাৱটি ধৰিম, মোৰ সন্মুখত মেনেজাৰৰ চকীত বহি থকা ছোৱালীজনীক... 


: আস্...... কেইবছৰ হল বাৰু?


     মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গবেষনা কৰি থকা দিনৰে কথা। গবেষক ছাত্রীৰ হোষ্টেলটোত মোৰ কাষৰ ৰুমৰ পাৰুলৰ ওচৰলৈ প্ৰায়ে ছোৱালী এজনী আহিছিল, তাইৰ বেষ্টি, শ্বেতা জৈন। খীন কৈ ওখ মৰমলগা মাৰোৱাৰী ছোৱালী এজনী। আমি তেতিয়া একেলগে কফি বা মেগী বনাই খাইছিলো। ৰাতি থকাকৈও আহিছিল দুবাৰমান। সেইদিনা আমি ঢেৰ কথা পাতো! 


     কাহিনীবোৰ শুনি শুনি মৰমলগা ছোৱালী জনীলৈ আৰু বেছিকৈ মৰম লাগিব ধৰিছিল। 


     শ্বেতা হঁত আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ। তাইৰ দেউতাক তাই সৰু থাকোতেই ঢুকাইছিল। জইন ফেমিলি আছিল যদিও পিছলৈ আইতাক, মাক আৰু শ্বেতা হঁতৰ পাকঘৰ বেলেগ হৈছিল।


     শ্বেতাই কোৱা মতে সিঁহতৰ মাৰোৱাৰী মানুহবোৰে ছোৱালী বোৰক সৰুৰ পৰাই বিয়াৰ উপযোগী হোৱাকৈ কেৱল ৰন্ধন প্ৰকৰন শিকাত গুৰুত্ব দিয়ে। আৰু মাত্র নুন্যতম পঢ়া শুনা খিনি কৰায়েই বিয়া দি দিয়ে। জইন ফেমিলিয়েই থাকে বেছিভাগৰে। তাইৰ মাকো তেনেকুৱাই আছিল। সেয়েহে ঘৰ চলোৱা মেইন মানুহজন, মানে তাইৰ দেউতাক ঢুকাই থকাত সিঁহতৰ অৱস্থা পানীত হাহঁ নচৰা যেন হৈছিল।


     সৰুতেই বিয়া হৈ অহা তাইৰ মাকে খানা বনোৱাৰ বাহিৰে সংসাৰৰ একোকে নাজানিছিল। খুৰাক হঁতেও তাৰেই সুবিধা ললে। বিজিনেছৰ ভাগ বতৰা একোৱেই নিদিলেও নজনালেও মাকক। জইন ফেমিলি আছিল বুলি খুৰাক দুজনে থাকিবলৈ ৰুম টো, আৰু মাহৰ জোখাৰে ৰেচন টো দিছিল নিজৰ দোকানৰ পৰা। 


     শ্বেতাই এদিন আমাৰ আগত কৈ কৈ বহুত দুখ কৰিছিল।


     এবাৰ পেডচ্ কিনিবলৈও পইছা নাছিল তাইৰ মাকৰ হাতত। ইপিনে পৰীক্ষা আছিল সেইদিনা তাইৰ। উপায় নাপাই ফটা কাপোৰ এখনকে লগাই পৰীক্ষা দিবলৈ গৈছিল। ইউনিফৰ্মৰ কাপোৰে কানিয়ে লাগি সেইবাৰ কিমান যে লাজ পাইছিল তাই ক্লাছত!


     লগৰ ছোৱালীয়েই তাইৰ পীঠ্ পিচ্ছে ঠাট্টা কৰি হাঁহিছিল,


: আজিৰ যুগতো কাপোৰ ব্যবহাৰ কৰেনে?


: ইমান ডাঙৰ দোকান থাকোতে ও ইমান চিকতা…


: মাৰোৱাৰী মানুহবোৰ সচাকে বৰ কনজুচ হয় ঔ!


     আৰু তাই বান্ধৱীবোৰৰ কথাত লাজত ৰঙা পৰি গৈছিল।


     একে ক্লাচতে পঢ়া আকাশে সেইদিনা তাইক নিজৰ চুৱেতাৰটোকে খুলি দি দিছিল,


: এইটো লোৱা, ককালত মাৰি ঘৰলৈ যাব পাৰিবা!


     আৰু… সেই তেতিয়াৰ পৰাই আকাশৰ লগত তাইৰ ফ্ৰেণ্ডচিপ হৈছিল। কিন্তু মাৰোৱাৰী ছোৱালীৰ আকৌ অসমীয়া লৰাৰ লগত কিহৰ হলিগলি? খুৰাকে কিবাকৈ গম পালেই স্কুল এৰোৱাই তাইক ৰাজস্থানৰ পেহীয়েকৰ ঘৰলৈ পঠাই দিব। আৰু তাৰপিছত বিয়া। যেনেকৈ অঞ্জু দিদিৰ লগত কৰিছিল...!


     অঞ্জু দিদিয়ে লৰা এজনক ভাল পায় বুলি জানি হায়াৰ চেকণ্ডাৰী পাছ কৰাৰ পিচতে কলেজ এৰুৱাই পেহীয়েকে নিজৰ লগত লৈ গৈছিল ফুচুলাই। ইঞ্জিনিয়াৰিং পঢ়াম বুলি। তাত নি নিজৰ লগত দুমাহ ৰাখি, লৰা এটা চাই বিয়া দি দিছিল। ঘৰলৈ এবাৰো আহিব নোপোৱাকৈয়ে! 



     সৰুৰ পৰাতো ভয়, সংকোচ, ঘৰে বাহিৰে ঠাট্টা মস্কৰা শুনিয়ে ডাঙৰ হৈছে। লগতে আইতাকৰ ৰঙা চকু। মাক আৰু তাইক যে কিমান ঠুকিছে আইতাকে!


     পৃথিবীত তাই আতাইতকৈ বেয়া পোৱা মানুহজনীয়ে হল তাইৰ আইতাক।


     দেউতাকৰ মৃত্যুৰ বাবেও মাককে দোষ দি দি কয় কথাবোৰ। তদুপৰি মাৰোৱাৰীৰ বিধবা... নিয়মৰ নামতো মাকক কম শাস্তি দি আহিছে নেকি!! মুঠতে শ্বেতাৰ ঢেৰ কাহিনী। আৰু যেতিয়াই তাই আহে নতুন কাহিনী এটা লৈহে আহে। 


     এবাৰ হেনো তাই ৰাজস্থানৰ সেই বিয়া হোৱা অঞ্জু দিদিৰ ঘৰত ফুৰিবলৈ গৈছিল। দিদিৰ দেইলী ৰুটিন খন দেখি তাই পাগল হৈ গৈছিল..!


     বৰ ধনী ঘৰ এখনলৈ বিয়া দিছিল অঞ্জু দিদিক। একোৰে অভাৱ নাছিল। শহুৰ শাহুকে ধৰি চাৰিজন দেওৰৰ সৈতে ঘৰৰ ডাঙৰ বোৱাৰী। চাকৰ নাকৰ ঢেৰ। কিন্তু হলেনো কি হব, সম্ভ্ৰান্ত ঘৰৰ মানহে চাকৰৰ হাতেৰে বনোৱা খাব নে কিবা? তাকো বোৱাৰী থাকোতেও!


     ঘৰৰ গোটেইসোপা মানুহলৈ বিধে বিধে খানা বনাব লাগে। কোনোবাই যদি ৰুটি খাই, কোনোবাই চ্ছাৱল। কোনবাই পৰঠা। কোনবাই জুচ্…!!


   কোনোবা যদি ৰাতিপুৱা ৫ বজাত উঠে, কোনোবা ১০ বজাত। খানা কিন্তু গৰমেই লাগিব! ৰাতিপুৱা, দুপৰীয়া, আৰু গধূলী।


     তিনি টাইম খানাৰ উপৰিও, মাৰোৱাৰী মানুহৰ বিশেষ ৰুচি হল বিভিন্ন ধৰনৰ মিঠাই বনোৱা! 


     মুঠতে খানা বনোৱাৰ বাহিৰে একোকে কৰিব নালাগে অঞ্জু দিদিয়ে। ইমান গাল চাকৰ বাকৰ আছে, কম সুখ হৈছেনে দিদিৰ, চবেই কয়।


     অৱশ্যে সম্ভ্ৰান্ত মানুহৰ ঘৰ বুলি অলপ ৰেচট্ৰিকচন আছে আৰু... যেনে সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীয়ে এহাত দীঘল উৰনি অনবৰতে লৈ থাকিব লাগিব। ঘৰৰ পৰা বাহিৰলৈ নোলায়েই। মাহত কেতিয়াবা ১ বা ২ ঘন্টাৰ বাবে এদিন ওলালেও ৬ বজাৰ আগত ঘৰ সোমাবই লাগিব। আৰু যোৱাৰ আগত সকলোকে খানা পিনা খুৱাই, চাফ চিকুন কৈ অটাই আকৌ পিছৰ সাজৰ বাবেও সকলোৰে কাৰনে বনাই মেলি থৈহে যাব পাৰিব…।


     সেইবোৰ দেখি আহিয়ে শ্বেতাই বৰ ভয় খাইছিল। তাইতো সৰুৰে পৰা অসমতে ডাঙৰ হোৱা, এনেকুৱা পৰিবেশ নিজে কেতিয়াও পোৱা নাছিল।


     অসমীয়া ফেমিলী বোৰ বৰ ভাল লাগে তাইৰ। ইমান আজাদী দিয়ে বোৱাৰীক, ছোৱালীক। তাই অসমীয়া মানুহৰ ঘৰলৈকেই বিয়া হবৰ মন, কিন্তু এয়া তো অসম্ভৱ কথা!!


     মাৰোৱাৰীৰ বাহিৰে বেলেগলৈ বিয়া দিয়াতো সপোনৰো অগোচৰ তাইৰ বাবে।


     বিয়াৰ কথা কলেই তাইৰ আকাশলৈ মনত পৰে… আকাশৰ মৰমীয়াল ঘৰখন..... তাতোকৈ মৰমীয়াল মাকজনী..... এবাৰ যে সৰু থাকোতে আকাশৰ বাৰ্থডে খাব যাওঁতে মাকে তাইক গালে মুখে মৰম কৰি কপালত চুমা খাই দিছিল সেয়া তাই কেতিয়াও নাপাহৰে!!


     আকাশৰ মাকক তাইৰ দ্বিতীয় জনী মাক যেন লাগে! আকাশৰ লগতে তাৰ মাকেও জানিছিল তাইৰ ঘৰৰ কন্ডিচন বোৰ, আকাশৰ পৰাই। সেয়ে চাগে পৰীক্ষাত কলম এটা, মেত্ৰিকৰ আগত জ্যামিত্ৰি বক্স এটা, পিচ্ বৰ্ড এখন ইত্যাদি মাজে মাজে তাৰ মাকে তাইলৈও দি পঠাইছিল। 


     কিন্তু সৰুৰে পৰা ঠেকা খাই ডাঙৰ হোৱাৰ বাবেই চাগে শ্বেতা আছিল একদম ডেয়াৰিং! ইমানখিনি ৰেচট্ৰিকচন থকাৰ পিছতো তাই আকাশক ভাল পাব পৰাকৈ সাহসী আছিল।


     আচলতে, আকাশেও সেই স্কুলৰ ঘটনাটোৰ পিছৰ পৰাই তাইৰ লগত ঘটা প্ৰতিটো দুৰ্যোগত ধাল হৈ থিয় দিছিল তাইৰ কাষত! তায়ো যিকোনো ঘৰুৱা সমস্যাৰ বিষয়েও খুলি কব পাৰিছিল তাক। মাত্র কেতিয়াও কব পৰা নাছিল তোমাকেই বিয়া পাতিম বুলিহে! 


     হায়াৰ চেকণ্ডাৰী পাছ কৰিছিল দুইটাই একেখন স্কুলৰ পৰা। ঘৰত শ্বেতাৰ বিয়াৰ কথা উলাইছিল। শ্বেতাত কৈ দুবছৰ ডাঙৰ কাজিন এজনীৰ বিয়া ঠিক হৈছিল বিৰাট ধনী লৰা এটাৰ লগত। আইতাকে উধাই মুধাই মাকক গালি দিছিল।


: জীয়েৰক ঘৰতে বুঢ়ি কৰিবলৈ ৰাখিছ নেকি? দৰা নিবিচাৰ কিয় সোনকালে? লগৰ ছোৱালী চবৰে বিয়া হৈ গৈছে। বেচেৰী মাকে কৰ পৰা তেনেকুৱা এটা লৰা বিচাৰি আনি দিব?


     আইতাকৰ কথাত পৰিয়াল চজন যত যিমান আছে শ্বেতাৰ দৰা বিচাৰিবলৈ সকলোকে খবৰ দিয়া হল। 


     দুঃশ্চিন্তাত শ্বেতাৰ চকুৰ টোপনি হৰিল! চকু মুদিলেই চোন সমুখত অঞ্জু দিদিৰ ঘৰ্মাক্ত মুখখন ভাঁহি আহে...। মাজ ৰাতিও জাপ মাৰি উঠি বহে তাই,


: নাই নাই মই অঞ্জু দিদি হব নোৱাৰো!!



     ফলত... সাহসী শ্বেতা দুঃসাহসী হৈ উঠে। পুনেই ১৮ বছৰত ভৰি দিয়া ছোৱালীজনীয়ে মনে মনে গৈ আকাশৰ লগত কৰ্ট মেৰিজ কৰি থৈ আহেগৈ।


: কি?? কৰ্ট মেৰিজ কৰি ললা তুমি? ইমান সৰুতে?? ভয় লগা নাছিল তোমাৰ? ঘৰত গম নাপালেনে কোনেও??


     চিঞৰি দিছিলো মই কথাটো শুনি। হাঁহি হাঁহি কৈছিল শ্বেতাই, 


: ভয়তো লাগিছিল বহুত বেছি। সৰুও আছিলো তেতিয়া। কিন্তু অঞ্জু দিদিৰ ঠাইত নিজক দেখাতকৈ কমকে ভয় লাগিছিল। আৰু ঘৰৰ কথা নকবাই আৰু! গম পোৱা হেতেন মোক কি কৰিলেহেতেন ঠিক নাই!!


: তাৰ পিছত কি হল? 


: দৰা ওলাইছিল ভালেবোৰ। পিছে কইনাৰ লগত দিব লগা যৌতুকৰ বাবে পইছা নোহোৱাত এজনো ফিক্সড নহল।


: আৰু তাৰ পাছত…


: তাৰ পাছত আইতাই পুনৰ মাক বকিলে। দেউতা জীয়াই থকা হলে তেতিয়া চিঅৰ মোৰ বিয়া হৈয়ে গলহেতেন!


: উম, আৰু??


: জানা, মই সেইদিনা খনেই ভাবিছিলো, সচাকে ভগবানে যি কৰে ভালৰ কাৰনেই কৰে!! আৰু মোক বিয়া দিব নোৱাৰি কলেজতে এডমিচন দি দিছিল খুৰাই। 


: হাঃ হাঃ (মোৰ মুখেৰে হাঁহি ওলাই গৈছিল)


     কাজিন জনীৰ বিয়া হৈ গৈছিল। বছৰত এবাৰকৈ ফৰেইন ট্ৰিপ। বাকীকেইদিন সেই একেই অঞ্জু দিদি!! অথচ তাই আছিল ইকোনমিক্সৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। কিন্তু সম্ভ্ৰান্ত মানুহৰ বোৱাৰীয়ে চাকৰি নকৰে নহয়, খুউব বেছি গিৰিয়েকৰ বিজিনেছৰ পইছা পাতিৰ হিচাব নিকাচ ৰাখিব পাৰিব!!


     শ্বেতাৰ মাকে ফোন কৰি কৰি জীয়েকৰ সুখৰ কথা জহাই তত নাপায়। আৰু শ্বেতাৰ যে দৰাই ঠিক নাই হোৱা, সেয়া লৈ দুখ কৰিবলৈকো নাপাহৰে।


     চাওঁতে চাঁওতে তাই বি এ পাছ কৰিলে। তেতিয়াও দৰাই পোৱা নাই। সেয়েহে মাহী, পেহী, জেঠাই, মামী ইত্যাদি গোটেই ফেমিলীৰ মাইকী মানুহবোৰে ফোন কৰি কৰি মাকক কথা শুনাই! লগত আইতাকে তো তাইৰ মাকক কুকুৰেও নোখোৱা গালি পাৰি পাৰি জীনা হাৰাম কৰি দিছিল।


     এপিনে বিয়াৰ টেনচন, ইপিনে আকৌ কৰ্ট মেৰিজৰ কথা ঘৰত গম পোৱাৰ ভয়!! তাৰ মাজতে বি এ পাছ কৰি শ্বেতাই বেংকৰ পৰীক্ষা দিবলৈ এপ্লাই কৰে।


     পৰীক্ষাৰ দিনাখনেই পিছে কিবা কৈ গম পালে নহয় আইতাকে… "কলৈ যাৱ তই" বুলি পৰীক্ষা দিবলৈ ওলোৱা শ্বেতাক দুৱাৰ মুখতে ঠাচ্ কৈ দিয়ে গাৰ জোৰে এক চৰ!!


: আইতা, বেংকৰ পৰীক্ষা, যাওঁ নেকি...


: ঘৰৰ মান সন্মান পানী কৰি ছোৱালী মানুহ হৈ তই টকা ঘটিবলৈ ঘৰৰ বাহিৰ ওলাইছা হা? নোৱাৰ যাব কতো আজিৰ পৰা। মাকেই তোক ইমান সাহ দিছে। এইবোৰ জহতে তই ঘৰতে বুঢ়ী হৈ আছ। এনেকে তোক কোনেও বিয়া নাপাতে! 


     কিন্তু শ্বেতা!! ইমান সহজতে হাৰ মনা ছোৱালী আছিল জানো? আগদুৱাৰ বন্ধ কৰি ৰাখিছিল আইতাই। কিন্তু শ্বেতাই পিছ দুৱাৰেদি গৈ চৰ খোৱা ৰঙা গালেৰে পৰীক্ষা দি আহিল। 


     পাছ নকৰিলে সেইবাৰ! লগৰবোৰে কচিং কৰি উঠি পৰীক্ষা দিছিল, তাইৰ ভাল কিতাপ এখনেই নাছিল চোন! হব আকৌ দিব তাই। দিয়ে থাকিব নোপোৱালৈকে। দৃঢ় হৈছিল তাই।


     আকাশৰ ছাপৰ্ট দেখি আছেই তাইৰ লগত। তাৰ ঘৰতো ইতিমধ্যে জানিছিল সিহঁতে কৰ্ট মেৰিজ কৰি থোৱা বুলি। সহজ সৰল পৰিয়াল টোৱে মানি লৈছিল মাৰোৱাৰী ছোৱালীজনীক বোৱাৰী বুলি। পঢ়াত দুৰ্বল পুতেকৰ বিপৰীতে চোকা বোৱাৰী জনীক ভাল কৈ পঢ়ি চাকৰিটো পাবলৈ শাহুৱে নিজেই কিতাপ কিনি দিছিল। 



     স্বেতাই আমাক কয়,

বোৱাৰী হলে তাই চব কৰিব। ৰাতিপুৱা ৫ বজাতে উঠি ঘৰ চোতাল সাৰি সকলোকে খানা পিনা বনাই খুৱাব। দূপৰীয়াৰ কাৰনেও ৰাতিপুৱাই বনাই মেলি থৈ যাব। আকৌ অফিছৰ পৰা আহিও চাহ, ভাত বনাই খুৱাব চবকে। মাত্ৰ তাইক চাকৰি টো কৰিব দিলেই হব আৰু একোকে নালাগে তাইক! 


     আৰু আমি অকল আচৰিত হবহে পাৰো, এটাৰ পিছত এটা কৈ থকা তাইৰ জীৱন কাহিনী কথাবোৰ শুনি শুনি!!!


      পৰীক্ষা কেইবাটাও দিও পাছ কৰিবলৈ পৰা নাছিল শ্বেতাই। ইপিনে বিয়াৰ বাবে খুৰাক হতেই যো জা চলাইছে এইবাৰ! ভতিজাক বিয়া নোহোৱাকৈ থাকি গলে তাঁহাতৰ জীয়েক কেইজনীলৈও তো ভয়!


     ইপিনে ঘৰত গমেই নাপায় ভতিজাকে যে কত বছৰ আগতেই কৰ্ট মেৰিজ কৰি থৈ দিছে! গম পালে যে কিমান ডাঙৰ বম ফুটিব তাই কল্পনাই কৰিব নোৱাৰে!!


     সম্পূৰ্ণ অনিশ্চয়তাত দিন ৰাতি পাৰ কৰি আছে তাই! আৰু কিমান দিনৰ লৈকে ধৰা নপৰাকৈ থাকিব পাৰে তাই নাজানে!! পৰীক্ষা তো পাছ কৰিলেও এটা ৰাষ্টা ওলাল হেতেন! 


     তেনেকুৱাতে, গবেষনাত সোমোৱাৰ দ্বিতীয় বছৰতে মই জি. এছ. আইত চাকৰি পালো। গতিকে গবেষনাৰ কাম সিমানতে সামৰি চাকৰিত জইন কৰিলোগৈ,  ইউ পিত। লগতে ন মহীয়া ট্ৰেইনিঙত পাহাৰে পৰ্বতে ইমানেই বিজি হৈ গলো, যে মোবাইলৰ কন্তেক বোৰো ঘৰৰ মানুহ কেইটাই সিমিত হৈ পৰিল। আনকি পাৰুল অথবা শ্বেতা হঁতৰ খবৰ লোৱা আৰু নহল! 


     এনেতে হঠাত আজি পাছ বছৰ পিছত!!


    বেংকৰ মেনেজাৰৰ ৰূপত শ্বেতাক দেখি কিমান যে ভাল লাগিছে বুজাব নোৱাৰিলো মই। তাৰমানে অৱশেষত শ্বেতাই কৰি দেখালে! নিজৰ অস্তিত্ব ৰক্ষাৰ হেতু আইতাক, মাক লগতে গোটেই ফেমিলীৰ বিপক্ষে গৈও অৱশেষত জয়ী হলগৈ!!


     শ্বেতাও মোক দেখি অলপ নষ্টালজিক হৈ পৰিল। বিয়েৰাৰ জনক দুকাপ কফি দি যাবলৈ কৈ তাই মোক বেংকলৈ অহাৰ কাৰন টো শুধিলে, 


     মই পিছে তাৰ ঠাইত ওলোটাই তাইক হে শুধিলো, 


: তোমাৰ বাকী খবৰ কোৱাচোন? আকাশৰ ভাল নে? তোমাৰ ঘৰত টো গম পোৱাই নাছিল নহয় কথাবোৰ.....!!


: সকলোৰে ভালেই বা। আপুনি যোৱাৰ অলপ দিন পিছতেই IBPS ক্লিয়াৰ হল মোৰ। ইপিনে খুৰাহঁতে দৰা এজনো ঠিক কৰিলে। তেতিয়ালৈকে ঘৰত গমেই নাপাই নহয়। ময়ো কবলে সাহেই হোৱা নাই!! বিয়া নোহোৱালৈকে চাকৰিটো কৰি থাকিব পাৰিম বুলি জানিবা ঘৰত পাৰমিচন দিলে কোনোমতে। চাকৰিটোৰ পৰাই যৌতুকৰ পইছাও জমা কৰিব পৰা যাব যে!! কিন্তু চাকৰিত জইন কৰাৰ অলপ দিন পিছতে এদিন গম পালে ঘৰত...


: কেনেকে গম পালে নিজেই কলা নে? 


: নাই নাই। সেইদিনা ফাইল টো মই হাতত লৈ চাই থাকোতেই হাতৰ পৰা কাগজ এখন পৰি গল। মায়ে বুটলি দিওঁতে দেখে, সেইখনেই মেৰেজ চাৰ্টিফিকেট আছিল।


: উফ্… তাৰ পিছত? 


: তাৰ পিছত আৰু কি হব... হাংগামা হল ঢেৰ! বুজাব নোৱাৰা… তাতেই বিয়াৰ ডেট লোৱাও হৈ গৈছিল! হলেও আৰু হৈ যোৱাটো তো নোহোৱা কৰিব নোৱাৰে!! আৰু সেইদিনা প্ৰথমবাৰৰ কাৰনে মোৰ মায়েও মাত মাতিলে মোৰ হৈ সকলোৰে বিপক্ষে। লাহে লাহে কথাবোৰ সহজ হল!


: সহজ হল মানে শ্বেতা ঘৰত মানি লল নি??


: সহজ হোৱাৰ কাৰণ আছে। সহজ হোৱাৰ কাৰনটো আচলতে চাকৰিটো পোৱাৰ পিছত সকলোকে মোৰ সহায়ৰ দৰকাৰ হল তো!! কাৰোবাক যদি গাড়ী কিনিবলৈ, কাৰোবাক ঘৰ বনাবলৈ ল'ন লাগে! কাৰোবাক আকৌ ধাৰলৈকে পইছাহে লাগে!! তাৰ পিছৰ বছৰেই জানিবা আকাশ আৰু মই দুইটাই মিলি থূলমূলকৈ ৰিচিপচন এটা দি ৰাজহুৱা কৈ বিয়া পাতিলো। এতিয়া আৰু সকলো ভালেই বাৰু। ছোৱালী এজনী আছে আমাৰ, এইবাৰ স্কুলত দিছো...


     আঃ কিমান যে ভাল লাগিছিল শ্বেতাৰ খবৰবোৰ শুনি। তাইৰ কথাবোৰে মনটো মোৰ ভৰাই তুলিছিল।


     শ্বেতাই প্ৰমাণ কৰি দিলে যে,

নিজ অস্তিত্ব ৰক্ষাৰ হেতু নাৰীয়ে কেতিয়াবা নিজ ঘৰখন বা পৰিয়ালৰে বিপক্ষে যুজ দিব লগা হলেও জিকিব পাৰে। মাত্ৰ শ্বেতাৰ দৰেই নিৰ্ভিক আৰু ডিটাৰমাইন্ড হোৱাৰ দৰকাৰ।


     শ্বেতা হঁতৰ দৰে সফল নাৰীৰ কাহিনীবোৰ আচলতে আমাৰ পুৰুষ তান্ত্রিকতাত পৃষ্ট নাৰী সকলক জনোৱাটো খুবেই দৰকাৰ।।


------সমাপ্ত------


✍️             

Visit On Instagram


আধৰুৱা স্মৃতি -
প্ৰেমে শিকায়, প্ৰেমে বুজায়

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস

      
নিয়তিৰ বাট আৰু আৰ্তনাদ

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

অস্তিত্ব ৰক্ষাৰ যুঁজ
An Assamese Short Story
Short Story In Assamese
"The Struggle For
Survival"
Written By
Mousumi Gogoi
The Lession Of Story
SWETA
Women sometimes have to fight against their own homes or families for their own survival.
Daily Assamese Status

অস্তিত্ব ৰক্ষাৰ যুঁজ
Photo- বন্দিতা দাস
Photo- Bandits Das

     এটা সঁচা ঘটনাৰ আধাৰত

অস্তিত্ব ৰক্ষাৰ যুঁজ
শ্বেতাৰ এটা সঁচা কাহিনী

Photo - ৰাজলক্ষ্মী বৰা

Photo- Rajlaxmi Borah

Photo- সোনালী মণ্ডল

Jonak Axom ৰ ছোৱালীজনী
Daily Assam | Axomiya Story
Osthista Rakshar Juj
News 18 Assam | Janambhumi
অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ
অসমীয়া ভাষা
Asomiyapratidin
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment