অভিশপ্ত জীৱনৰ আৰ্তনাদ | এটা দুখ লগা সঁচা কাহিনী | Avisapta Jibonor Aartanad By Nirupoma Deka - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অভিশপ্ত জীৱনৰ আৰ্তনাদ | এটা দুখ লগা সঁচা কাহিনী | Avisapta Jibonor Aartanad By Nirupoma Deka


অভিশপ্ত জীৱনৰ আৰ্তনাদ


     চাকৰি নকৰাৰ সিদ্ধান্তটো লৈ মনিষাই নিজৰ বাবে ভালেই কৰিলে নে বেয়াই কৰিলে তাকে ভাবি অন্ত নোপোৱা হ’ল । তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি ঘৰখনৰ আন এটা চিন্তাই মনটো খুলি খুলি খাব আৰম্ভ কৰিছিল মনিষাক ৷


     পৰিমল ল’ৰাটো ঘৰখনৰ দৃষ্টিত মুঠেই ভাল ল’ৰা নহয়, কিন্তু সেই কথা বুজাই কোনেও তাইক পতিয়ন নিয়াব পৰা নাই ৷


     মনিষাৰ দৃষ্টিত সি ভাল ৷ অলপ আৱাৰাগিৰি কৰে, সময়ত ঠিক হৈ যাব ৷ ধনী ঘৰৰ ল’ৰা অলপ খৰচী আৰু বন্ধু-বান্ধৱ বেছি ৷ তাই গৈ সীমাবদ্ধ কৰিব সকলো ৷ তাইৰ আত্মবিশ্বাস দেখি মণিষাই সকলোকে বুজাবলৈ যত্ন কৰিছে।


: তাইক সুখী হোৱাৰ পথটো ল’বলৈ দিয়ক, তাই তাক আমাতকৈ বেছি জানে, বেছি বুজে। গতিকে তাইক আমি বিশ্বাসত লৈ আগবাঢ়িব দিওঁ ৷


     অৱশেষত মাকৰ কথাত তাইৰ বিয়া তাৰ লগতে হ’ল ৷ ডেকা বয়সত অলপ চঞ্চল-চপল হৈ পৰা ল’ৰাটো লাহে লাহে গহীন হ’ল আৰু এসময়ত সকলোৰে মনত ভাল জোৱাই হৈ সিয়েই নাম পালে ৷ এয়া মাত্ৰ মনৰ কথা আৰু নিজকে শুধৰাবলৈ নিজৰ মনটোক থিৰ কৰাৰ কথা ৷ কিন্তু সকলো সময়তে ভাল বুলি পৰিচিত পৰিমল বাৰু সঁচাকৈয়ে ভিতৰৰ পৰা ভাল নে ? 


     তাইৰ অন্তৰঙ্গ বান্ধৱী স্নেহাই তাইক বাৰ বাৰ সকিয়াই আছিল,


: সময় আছে, এতিয়াও ভাবি চা, নিজৰ যোগ্যতাৰ বলত পোৱা চাকৰিটো হাত পাতি ল’ ৷ পৰিমলে তোক চাকৰি নকৰিবলৈ বহুত উৎসাহিত কৰে মই জানো ৷ কিন্তু জান নে তই, সি তোক এতিয়াও ফাঁকি দিবলৈ এৰা নাই ৷ চকু থাকিও অন্ধ নহ’বি মণি ৷ বিয়াৰ আগতে তই তাক নাজানিছিলি, এতিয়াতো জানিছ ৷ এই মূৰ্খামি নকৰিবি ৷ পিছত কিন্তু এই সুযোগ তোৰ জীৱনলৈ আহে নে নাহে ঠিক নাই ৷ সময় আৰু সুযোগ হাত পাতি নোলোৱাজন মুৰ্খ ৷


     পৰিমলৰ দুই এটা কথা জানিও তাই স্নেহাক কয় -


: এইবোৰ কি ধৰণৰ কথা ?? এওঁৰ ইমান সুন্দৰ চাকৰি, ময়ো যদি চাকৰিটো লৈ ব্যস্ত হৈ পৰোঁ শাহু আৰু অকমানি দুটাৰ যত্ন কোনে ল’ব ৷ নাই মই নোৱাৰিম দেই ঘৰখনক পিছ কৰি এনে সিদ্ধান্ত ল’বলৈ ৷ এওঁ পুৰুষ মানুহ, অলপ অচৰপ কিবা মোৰ ভাল নলগা কৰিব পাৰে, তাকে লৈ মই মোৰ সংসাৰৰ সুখখিনি নষ্ট কৰিব নোৱাৰোঁ ৷ আমাক এৰি আনৰ নহয়গৈ তেওঁ ৷


     সৰুৰে পৰাই এটা ইচ্ছা আছিল তাইৰ, যদি টকা-পইচাৰে অভাৱহীন ঘৰ এখন সৌভাগ্য হয় তাই একঘেমীয়া চাকৰি এটাত নিজকে সমৰ্পণ নকৰে ৷ স্বাধীনচিতীয়া কৈ কিবা এটা কৰিব যাতে নিজৰ লগতে আন দুজনকো সংস্থাপন আৰু সহায় কৰিব পাৰে ৷


     এই পৰিকল্পনাৰে তাই আগুৱাই গৈ থাকিল ৷ ঘৰুৱা লেঠাবোৰ মাৰিও তাই নিজৰ কৰ্মদক্ষতাৰে নিজৰ হাত খৰচটো উলিয়াই লয় কিবাকিবি কৰি ৷


     তাই এগৰাকী উচ্চ পদস্থ বিষয়াৰ পত্নী ৷ সেইখিনি কাম নকৰাকৈ তাই সুন্দৰ কৈ চলি থাকিব পাৰে ৷ কিন্তু তাইৰ আত্ম সন্মানত লাগে স্বামীৰ ওচৰত সকলো কথাতে হাত পাতিব ৷ সেয়ে কচিং চেণ্টাৰ এটা খুলি আৰু দুজনমান শিক্ষক লৈ তাই প্ৰিয় কামটোৰ সৈতে জৰিত হৈ পৰিল ৷ 


     তাইৰ সিদ্ধান্তত ঘৰখনৰো বিশেষ আপত্তি নাই, "কৰক তাই যি ভাল পায়" ৷ কিন্তু সকলো জানো ভবা ধৰণে পাৰ হয় বা এইটোৱেই ভাল সিদ্ধান্ত বোলা কথাষাৰ কেতিয়াবা জানো স্থায়ী হয় ! নিশ্চিত হয় ! আজিৰ ভাল সিদ্ধান্ত বুলি গণ্য হোৱা কথা এটা কিছুদিন পিছত সাংঘাতিক বেয়া সিদ্ধান্ত বুলিও পৰিগণিত হয় ৷ এয়াই বাস্তৱ ৷


     মনিষাৰ জীৱনটোৰ পোন বাটটোত তাই নভবা ধৰণে এটা ভাঁজ ল’লে আৰু তাই আহি আহি এটা এনে কেকুঁৰিত ৰৈ গ’ল য’ৰ পৰা তাই তাইৰ নিৰাপত্তাৰ বাবে নিৰাপদ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হ’ল ৷


     সিদিনা তাই বাৰে বাৰে নিজকে গালি দিছিল, কিয় তাই নিজৰ বাবে চাকৰি কৰাৰ সিদ্ধান্তটো ঠিৰাং কৰিব নোৱাৰিলে ৷



     কোনো কাৰো আপোন নহয়, যাৰ ভৰষাত জীৱনটো চকু মুদি পাৰ কৰিব পাৰি ৷ আচলতে নিজৰ চকুৰে দেখা সুখখিনিয়েই সকলো নহয় ৷ জীৱনৰ দুখৰ পৰিসৰ সুখতকৈ বহু বেছি বহল ৷ জীৱনত আটাইতকৈ ভৰষা কৰা সম্পৰ্কটোৱে যেতিয়া প্ৰশ্ন হৈ সন্মুখত ধৰা দিয়ে তেতিয়া আৰু বাট ক’ত পোহৰ হয় !


     ঘটনাবোৰ ক’ৰ পৰা কেনেকৈ কি পালেগৈ তাকেই মনিষাই তৎ ধৰিব নোৱাৰিলে আজিও ৷ সিদিনা তাই বিবাহ-বিচ্ছেদ পত্ৰত চহী কৰিলে ৷ তাই মুক্ত এটা সামাজিক বান্ধোনৰ পৰা ৷ কিন্তু সঁচাকৈয়ে তাই সকলো বান্ধোনৰ পৰা মুক্ত হ’ব পাৰিব জানো !!


     পৰিমলে তাইৰ অস্তিত্বক তাৰ লগত সামৰি একাকাৰ কৰি থৈছে এটা সম্পৰ্কৰে ৷ কাগজত চহী কৰি দিলেই জানো পানীৰ লগত দ্ৰৱীভূত হোৱা চেনিৰ সোৱাদ হেৰাই যায় ? সম্পৰ্কৰ অস্তিত্বও মনৰ গভীৰত ৰৈ যায় ঠিক চেনীৰ সোৱাদৰ দৰে ৷


     সোৱাদত কিবা বেক্টেৰিয়া মিলি যদি তিতা বা বেয়া সোৱাদযুক্ত হয়, তেন্তে খোৱাজনেহে বুজিব, দেখাজনে মুঠেই বুজিব নোৱাৰে এই তিতা সোৱাদ ৷ সেয়ে তাইৰ পৰিয়াল বা পৰিমলৰ পৰিয়ালে বাৰে বাৰে সিহঁতক কৈছে এই সম্পৰ্ক চলাই নিবলৈ ৷ অন্ততঃ সন্তান দুটাৰ কথা ভাবি একেলগে থাকক দুয়ো ৷ এয়ে সকলোৰে কামনা ৷


     যিজনী মণিষাই সন্তান আৰু পৰিয়ালৰ বাবে পোৱা চাকৰি ত্যাগ কৰিব পাৰিলে, সেইজনী মণিষাই সেই সন্তান আৰু পৰিয়ালকে ত্যাগ কৰিবলৈ ওলাইছে ৷


     তাতোকৈ কঠোৰ সিদ্ধান্তটো হ’ল তাইৰ যিহেতু চাকৰি নাই, মাহেকীয়া সন্তোষজনক উপাৰ্জন নাই, তাই সন্তান দুটাও লগত নাৰাখে ৷ দেউতাকৰ লগত থৈ যাব সিহঁতক ৷ এজনী পোন্ধৰ বছৰীয়া ছোৱালী আৰু এজন বাৰ বছৰীয়া ল’ৰা তাইৰ ৷ এয়া সিহঁতৰ সোতৰ বছৰীয়া সম্পৰ্কৰ ইতি পৰিল ৷ তাই সুখী নে ? নিজকে বাৰে বাৰে সুধিছে তাই ৷


      ভুল কাৰ সেয়া আজি আৰু প্ৰয়োজনীয় নহয় ৷ ভুল যাৰেই নহওক পৰিণতি সিহঁত দুয়োটাৰ লগতে সন্তান দুটিয়েও ভোগ কৰিব এতিয়া ৷


     সম্পূৰ্ণ ঘৰৰ তৎপৰতাত সিহঁতৰ বিয়াখন হৈছিল ৷ দুয়ো দুয়োকে প্ৰথম কথা পাতিবলৈ যোৱাৰ দিনাই দেখিছিল ৷ মণিষাৰ মামাকৰ ছোৱালীৰ বিয়াত তাই কইনা থ’বলৈ যাওঁতে তাইৰ বৰ্তমানৰ শাহুৱেকে তাইক দেখি পচন্দ কৰি সিহঁতৰ ঘৰলৈ কথা পাতিবলৈ গৈছিল ৷


     ল’ৰা তেওঁৰ গেজেটেড অফিচাৰ আৰু দেখনিয়াৰ ৷ নিজে কাকো পচন্দ কৰি থোৱা নাই বুলি মুকলি কৈ মাকক কৈ ছোৱালী চোৱাৰ অনুমতি দি থৈছিল ৷


     মণিষাৰো এম এ সম্পূৰ্ণ হৈছিল সেইবছৰ ৷ ঘৰত ল’ৰা চোৱাৰ প্ৰক্ৰিয়া চলি আছিল ৷ তাইৰ মনত এজন আছে যদিও তেওঁ তাইক বিশেষ গুৰুত্ব নিদিলে বাবে মনতে সামৰি ৰাখিলে ৷ এতিয়া ঘৰৰ মানুহে পচন্দ কৰাৰ পিছত নিজৰ সন্মতি দিলেই বিয়াৰ কথা আগবাঢ়িব ৷ 


     প্ৰয়োজনীয় দুই চাৰিটা কথা পাতিয়েই পৰিমলক ভাল ল’ৰাৰ প্ৰমাণপত্ৰ ঘৰত দিলে ৷ তাই তাকে চাই জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো ল’লে ৷ সিমানেই তাইৰ পৰিমলক বুজাৰ সময় আছিল তেতিয়া ৷


    তাৰ পিছত বিয়া।


বিবাহ মানেই

এক নতুন জীৱনৰ ৰঙীন পাতনি ৷


কোঁচত এটি এটি কৈ দুটি ফুলে হাঁহি উঠিল ৷ সংসাৰত টকা-পইচাৰ প্ৰাচুৰ্য্য, মিলা-প্ৰীতি আৰু মৰমেৰে সামৰি ৰখা এখন ঘৰ, এগৰাকী নাৰীক আৰু কি লাগে ৷ কিন্তু এয়া কেইটামান বছৰৰ সন্তুষ্টিহে আছিল ৷ লাহে লাহে এইবোৰ আঁতৰি গ’ল, আন কিছু বস্তুৰ প্ৰয়োজন বাঢ়িল জীৱনত ৷ গুৰুত্ব, আত্মীয়তা, সময়... এইবোৰ লগা হৈ আহিল জীৱনত ক্ৰমে ৷


জীৱন বিচিত্ৰ ৷

জীৱনৰ সোঁতত কোন কেনি যায়

তাৰ হিচাব পোৱাই টান ৷


পৰিমল, বিধবা মাকৰ একান্ত বাধ্য একমাত্ৰ পুত্ৰ ৷  মনিষাৰ বিশ্বাসী স্বামী আৰু তাইৰ সন্তান দুটাৰ অতি দায়িত্বশীল পিতৃ একেলগে সকলোবোৰ ভূমিকা সি বৰ সুন্দৰকৈ পালন কৰি গৈ আছিল ৷


     মনিষা পৰিয়ালৰ প্ৰাণবিন্দু ৷ সকলো ফালে তাইৰ দৃষ্টি, পৰিয়ালৰ সকলোৰে খোৱা-বোৱা, শোৱা, সময় মতে স্কুললৈ পঠিওৱা, অফিচত পঠিওৱা আদি কামৰ উপৰিও বৃদ্ধা শাহুৰ দায়িত্ব তাই গুৰুত্ব সহকাৰে পালন কৰিছিল ৷ এই সকলোবোৰ কৰোঁতে তাই কিছুমান সৰু সৰু কথা পাহৰি পেলাইছিল ৷


     ভুল হয়তো তাইৰো আছিল পৰিমলক ধৰি ৰখাৰ ক্ষেত্ৰত ৷ এগৰাকী পত্নী হৈ পৰাৰ পিছত তাৰ মাজত পতিয়ে প্ৰেমিকা এগৰাকীও বিচাৰি ফুৰে ৷ কিন্তু পত্নী গৰাকীয়ে দায়িত্বৰ চাপত পৰি নিজৰ প্ৰেমিকা মনটো কৰবাত হেৰাই পেলায় ৷ বহু সময়ত সেয়ে পতিয়ে প্ৰেমৰ সাগৰ বিচাৰি আন এগৰাকী নাৰীৰ সান্নিধ্যলৈ গুচি যায় ৷ এয়া সত্য, এয়া বাস্তৱ ৷ যিটো ঘটি গৈছিল মনিষা আৰু পৰিমলৰ জীৱনত ৷


     মনিষাই ঘৰৰ আউল মাৰি ৰাতি ভাগৰি বিছনাত পৰে ৷ কেতিয়াবা পৰিমলে ইচ্ছা কৰিলেও তাই হাঁহিমুখে সঙ্গ দিব নোৱাৰে ৷ নিজে সেই সময়কণ উপভোগ কৰিব নোৱাৰে ভাগৰত আৰু পৰিমল অসন্তুষ্ট হৈ পৰে সেই মুহূৰ্তত ৷


     সি সেইসময়ত তাইক বুজি নাপায়, তাইৰ কষ্টক উপলব্ধি কৰিব নোৱাৰে বাবে খঙাল হৈ পৰে ৷ সি ধৰি লয় মনিষাৰ তাৰ প্ৰতি প্ৰেম নাই, তাৰ লগত সুন্দৰ সময় অকণ পাৰ কৰাৰ আগ্ৰহ নহয় ৷


     এনে এটা মানসিক অসন্তুষ্টি চলি থকা সময়তে সিহঁতৰ ভাৰাঘৰত এগৰাকী কোৰ্টত কাম কৰা ছোৱালী আহিল ৷ সৰু বয়সৰ নহয় তাই ৷


নাম স্বপ্নালী বৰুৱা ৷


     মনিষাই তাইৰ লগত কথা পাতি গম পোৱা মতে তাইক জীৱনত পুৰুষে প্ৰতাৰণা কৰিছে বহুত, সেয়ে তাই এনে সম্পৰ্কৰ পৰা আঁতৰি আছে ৷ তাইৰ প্ৰতি মনিষাৰ মৰম বাঢ়িল ৷ ভাল কিবা অলপ বনালে তাইলৈ অলপ দিয়ে ৷ ল’ৰা-ছোৱালী দুটাৰ পঢ়া-শুনাকে ধৰি বহুত দিশ তাইও চাই দিয়ে ৷ বৰ প্ৰতিভাবান তাই ৷


     মনিষাই ভালেই পালে সিহঁতক চোৱা মানুহ এগৰাকী হ’ল বুলি ৷ কিন্তু এই ভালেই কেতিয়া যে কাল হ’ল সেই হিচাপ মনিষাই বহু পিছতহে কৰিলে ৷


     এটা গভীৰ বিশ্বাস ৰাখি স্বপ্নালীক মনিষাই ঘৰখনৰ এজনী কৰি ৰাখিছিল ৷ কিন্তু তায়েই যে এদিন মনিষাক আঁতৰাই তাইৰ ঠাই ল’ব সেয়া তাইৰ মনলৈ এবাৰো অহা নাছিল ৷


     অফিচলৈ ওলাই যোৱাৰ পৰত স্বপ্নালীৰ দেৰি হোৱা দেখিলেই মনিষাই পৰিমলক তাইকো নমাই থৈ যাবলৈ কয় ৷ পৰিমলে হাঁহি মুখে তাইক উঠাই লৈ যায় ৷ লাহে লাহে দেৰি বুলি কথা নাইকিয়া হ’ল ৷ সদায়েই স্বপ্নালী পৰিমলৰ লগত যোৱা হ’ল ৷ পৰিমলৰ মাকে কথাটো ইমান ভাল নাপাই মনিষাক কওঁতে তাই মাকক বুজাইছিল,


: মা, পৰিমলে তেনে একো নকৰে । আৰু স্বপ্নালী, কিমান ভাল দেখা নাই জানো ৷ মানুহক বিশ্বাস কৰিব লাগে মা ৷ এনেই তাই মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই এটা দুখ লৈ জীয়াই আছে । তাৰ পিছত আমি যদি এনে সৰু মনোভাব দেখুৱাওঁ, তাই বৰ কষ্ট পাব ৷



     মনিষাৰ বিশ্বাসকে মানি মাকে একো নোকোৱা হ’ল ৷ কিন্তু কথাবোৰ মনিষাই ভবাৰ দৰে সহজ হৈ নাথাকিল ৷


     অফিচত যোৱাৰ উপৰিও সিহঁতৰ হলিগলি বহু মানুহৰ চকুত পৰিল ৷ ৰেষ্টুৰেণ্ট, পাৰ্ক, নদীৰ পাৰৰ বহু দৃশ্য তাইৰ চকুৰ আগত দাঙি ধৰিলে মোবাইলৰ ফটোৰ জৰিয়তে তাইৰ বান্ধৱী স্নেহাই ৷ লাহে লাহে তাইৰ মনত এটা এটা সন্দেহৰ শিলেৰে গঢ় লৈ উঠিল অবিশ্বাসৰ সেই প্ৰাচীৰখন ৷ 


     পৰিমলৰ লগত তাই আৰু সহজ হ’ব নোৱাৰা হ’ল ৷ স্বপ্নালীক তাই মুখ খুলি একো নকৈ নামাতি বুজালে মনৰ সকলো পৰিতাপ ৷


     অৱশেষত তাই নিজৰ লগত যুঁজি যুঁজি এটা সিদ্ধান্তত স্থিৰ হৈ পৰিমলৰ লগত মুকলি কৈ সকলো কথা পাতিবলৈ সাজু হওঁতেই এদিন এটা ঘটনা ঘটি গ’ল ৷ স্বপ্নালীয়ে সিহঁতৰ ঘৰ এৰি আন এঠাইত এটা অকলশৰীয়া আহল-বহল ঘৰ ল’লে এটা পৰিয়াল থাকিব পৰা ধৰণে আৰু সকলোৰে পৰা বিদায় লৈ তাই গ’লগৈ ৷


     তাই গ’ল কথা গুচিল বুলি স্বস্তিৰ নিশ্বাস পৰিয়ালৰ বাকীবোৰে ল’লেও মনিষাই ল’ব পৰা নাছিল ৷ তাইৰ মনত খুটি আছিল পৰিমলে নিশা অলপ দেৰিলৈ টিভি চাম বুলি তাইক শুৱলৈ পঠিয়াই স্বপ্নালীৰ লগত তাইৰ কোঠাত শৰীৰৰ উত্তাপ কমাই অহা সময়বোৰ ৷


     পৰিমল স্বপ্নালীৰ প্ৰতি আকৰ্ষিত হোৱাৰ লক্ষ্যণ দেখি মনিষাই নিজকে তাৰ প্ৰেয়সী কৰি সজাবলৈ চেষ্টাৰ সীমা নাছিল ৷ নিজৰ সংকোচিত মনটোক প্ৰসাৰিত কৰিছিল ।


     ৰাতি বিছনাত নিজে আগভাগ ল’বলৈ তাক জপটিয়াই ধৰিছিল, কিন্তু স্বপ্নালীৰ প্ৰেমেৰে পূৰ্ণ হৈ থকা পৰিমলে তাইক ঠেলা মাৰি দি সিকাটি হৈ শুই পৰিছিল ৷ তাইৰ সেই দুখবোৰ কেৱল তাই জানিছিল ৷


     আনে কোৱাৰ আগতে তাইৰ চকুত ধৰা পৰিছিল সিহঁতৰ প্ৰেম ৷ কিন্তু লোকলজ্জা আৰু পৰিমলে অন্ততঃ তাইৰ লগতে সন্তান আৰু মাকৰ কথা ভাবি বেছি আগ নাবাঢ়ে, এই বুলি ভাবি তাই পতিয়ন গৈছিল ৷ কিন্তু কথাটো তাইৰ ধৰণে ভাবি লওঁতেই আন এটা খবৰে মনিষাৰ দুভৰিৰ তলৰ মাটি কঁপাই দিলে ৷


: স্বপ্নালী মাক হ’বলৈ ওলাইছে

আৰু তাইৰ সন্তানৰ পিতৃ মই ৷



     পৰিমলে নিজ মুখে তাইক ক’লেহি আৰু ক’লে তাই এইখন সংসাৰত আউল নলগাই তাতে থাকিব বেলেগে ৷ মাত্ৰ পৰিমলে তাইৰ সন্তানৰ পিতৃত্ব স্বীকাৰ কৰি ল’ব লাগিব আৰু নাম দিব লাগিব ৷ অৰ্থাৎ তাৰ তাই দ্বিতীয় পত্নীৰ স্থান ল’ব ৷ মনিষা ৰৈ গৈছিল একে ঠাইতে সেই কথা শুনি ৷


     তাৰ পিছৰ দিনবোৰ বৰ অসহনীয় আছিল ৷ ঘৰৰ সকলোৱে মানে দুয়োটা পৰিয়ালৰ সকলোৱে এইবোৰ নধৰি আগবাঢ়িবলৈ দিছিল মনিষাক ৷ তাই চেষ্টা কৰি চাইছিল, কিন্তু তেনেকৈ ল’ব পৰাটো সহজ নহয় বাবে তাই শেষত ইমান কঠোৰ সিদ্ধান্ত এটা লৈছিল ৷


     লাজৰ ওৰণিখন তাই আঁতৰাই দিছিল ৷ পৰিমলে তাইক কাবৌ কৰিছিল, আনকি স্বপ্নালীয়েও ৷ তাই নলৈ স্বপ্নালীক কৈছিল,


: তোমাৰ বিশ্বাস হেৰুৱা দুখে মোৰ বিশ্বাস কাঢ়ি নিলে ৷ তোমাক সেই সুখ দি মই নিজৰ কৰি ল’লোঁ বিশ্বাসহীনতাৰ দুখ ৷ আগবাঢ়া তোমালোক, ময়ো আগবাঢ়িম ৷ কিন্তু মোৰ খোজৰ বাটত তোমালোক নাথাকা । মানে মই তোমালোকক নিবিচাৰোঁ ৷  



     ইতিমধ্যে দুয়োটা সন্তানক তাই বুজাই সবল কৰি তুলিছিল ৷ মাক-দেউতাকৰ বিচ্ছেদ মানে কেৱল দুয়োটাৰে বিচ্ছেদ, এনে নহয় ৷ সেই বিচ্ছেদ হয় পৰিয়ালতো ৷ সন্তানৰ মাজতো ৷


     শেষত এই জটিল জীৱনৰ মুখামুখি হৈ দুয়োটা সন্তানে ভাগি পৰিব বুলি, সকলোৱে ভাবি লোৱা ধাৰণাক ভুল প্ৰতিপন্ন কৰিলেও সিহঁতে সিহঁতৰ মত দিলে এই বিচ্ছেদ প্ৰয়োজনীয় বুলি ৷ 


: মাকৰ ইমান ত্যাগক দেউতাকে অপমান কৰিলে যেতিয়া তেওঁ দেউতা হোৱাৰ যোগ্য হ’লেও মাৰ বাবে পতি হোৱাৰ যোগ্য নহয় ৷


     অৱশেষত সন্তান দুটাৰ কথাত গুৰুত্ব বুজি আইতাক মানে পৰিমলৰ মাকে এটা সিদ্ধান্ত ল’লে ৷ কাৰণ সেইখন ঘৰ আইটাকে তেওঁৰ পতিৰ পৰা তেওঁ পাইছিল আৰু তাৰ উত্তৰাধিকাৰী কোন হ’ব সেয়া তেওঁ সিদ্ধান্ত কৰিব ৷


     সেই সিদ্ধান্ত মৰ্মে পৰিমলে বিচ্ছেদৰ পিছত সন্তান আৰু আন সকলো এৰি যোৱাৰ কথাই মনিষাৰ পৰিকল্পনাক সলনি কৰি পেলালে ৷


      মনিষাৰ শাহু মাকে আদালতৰ সহায়ত পৰিমলক ত্যায্য পুত্ৰ কৰি মনিষাক সন্তান দুটাৰ সৈতে কন্যা বুলি গ্ৰহণ কৰি সকলো সম্পত্তিৰ অধিকাৰী কৰি এটা ঐতিহাসিক নিদৰ্শন দাঙি ধৰিলে ৷


     আইন মতে দুয়োটা সন্তানৰ দায়িত্ব পিতৃয়ে পায় যদিও বহু বিতৰ্ক আৰু যুক্তি যুদ্ধৰ অন্তত লগতে ল’ৰা-ছোৱালী দুটাৰ ইচ্ছালৈ গুৰুত্ব দি স্বপ্নালী আৰু পৰিমলে সেই দায়িত্ব মনিষাক দিলে আৰু সিহঁতৰ প্ৰতিপালনৰ খৰচ বহন কৰিবলৈ ৰাজি হ’ল ৷


     সকলো পুনৰ এটা গতানুগতিক জীৱনলৈ ধাৱমান হ’ল ৷ মাত্ৰ মনিষা সেইখিনিতে ৰৈ গ’ল ৷ তাইৰ বিশ্বাসৰ পঁজাটোৰ চালি খহাই নিয়া ধুমুহাজাকৰ আতংকৰ মাজত তাইৰ জীৱনটো অভিশপ্ত হৈ ৰ'ল ৷


◆◆◆ সমাপ্ত ◆◆◆



✍️ নিৰুপমা ডেকা


নিয়তিৰ বাট আৰু আৰ্তনাদ
           Read Now:

অভিশপ্ত জীৱনৰ আৰ্তনাদ
A Real Assamese Story Of Nogaon,
Assamese Emotional Sad Love Story,
Heart Touching New Assamese Girl Life Story,
"The Cry Of Cursed Life"
Written By
Nirupoma Deka
The Lession Of Story
MANIKHA, Nogaon, Assam
Photo Gallery
Hafiza Tiku
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস
সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক ।
Google -ত DailyAssameseStatus অথবা
DailyAssameseStatus.Blogspot.Com
লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ
অতি সহজতে চাব পাৰিব ]

No comments:

Post a Comment