আহা এবাৰ কাষলৈ | দ্বীপশিখা | Aha Abar Kakholoi By Dipsikha | Assamese Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আহা এবাৰ কাষলৈ | দ্বীপশিখা | Aha Abar Kakholoi By Dipsikha | Assamese Love Poem


আহা এবাৰ কাষলৈ


বতাহৰ গাঁত ভেজা দি ৰ'দৰ ছায়া হৈ আহা

তুমি কেৱল মোৰ হৈ আহা

তোমাক মৰমেৰে চাবলৈ, মাতিবলৈ

মোৰ তাত এখন হৃদয় আছে

যিখন হৃদয়ৰ ছাঁত তুমি জিৰাব পাৰিবা ।


প্ৰতিটো পুৱাৰ আৰম্ভনি আৰু নিশাৰ শেষ ভাৱনাত

তুমিয়েই বিলীন হৈ থাকা মোৰ হৃদয়খনত ;

এই হৃদয়ৰ দুৱাৰ মাত্ৰ তোমাৰ বাবেই

খোল খায় ।


তোমাৰ ভালপোৱাৰ সৌন্দৰ্যত প্ৰতি পলে

মোৰ মন মাতাল হয় ;

যিয়ে প্ৰেমৰ দাবী জনায় ,,,

এয়াই নেকি ভালপোৱাৰ অন্য এক নাম ??


তোমাৰ বাবে কবিতা সজোৱা শব্দৰ সতে

যোঁজা কথা বহু আছে কিন্তু শব্দ হ'লে এটাও নাই ;

অনুভৱী মোৰ মন কিয় জানো তোমাৰ আগত

মৌন হৈ যায় ?


আহিবা মোৰ কাষলৈ

দুয়ো বহি কথা পাতিম ;

ভালপোৱাৰে সমৃদ্ধ এই পৃথিৱীখনত দুয়ো মিলি

জোনাকী বাট বিছাৰিম !


বিছাৰিম এটি সৰু পঁজা

য'ত দুয়ো উমলিব পাৰিম ;

বতাহৰ গাঁত ভেজা দি ৰ'দৰ ছায়া হৈ আহা

তুমি কেৱল আৰু কেৱল মোৰ হৈ আহা ।।


দ্বীপশিখা

No comments:

Post a Comment