জীৱন বৰ অনুপম | ভাগ্যশ্ৰী কাশ্যপ | Jibon Bor Anupam | Emotional Assamese New Poem By Bhgyasree Kashyap - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

জীৱন বৰ অনুপম | ভাগ্যশ্ৰী কাশ্যপ | Jibon Bor Anupam | Emotional Assamese New Poem By Bhgyasree Kashyap


জীৱন বৰ অনুপম


জীৱন বৰ অনুপম

যদিহে কৰা তাক লাঞ্চনা / তিৰস্কাৰ,

তেনে'হলে নাপাবা আৰু তাক দুনাই ঘূৰাই

এই জীৱন এনেকুৱাই…

যিয়ে পায় তেওঁ সকলোবোৰ পায় আৰু নোপোৱাই সকলো পালেও হঠাতে

হেৰুৱায় !!


কোনোয়ে কোনোয়ে কয় -

জীৱন হেনো দুদিনীয়া ।

হয়, জীৱন দুদিনীয়াই

সেয়ে যি পাইচা, যি হেৰুৱাইছা

তাক লৈ সদায় সুখী হ'বলৈ চেষ্টা কৰা

যদিহে নকৰা চেষ্টা জীৱন হ'ব বেথা ।।


পোৱা নোপোৱাৰ হিচাপ কৰি থাকি কি লাভ ?

যদিহে বিচৰাবোৰ সকলোৱে পাই

তেন্তে সকলো বস্তুৰ মাদকতাই বা ক'ত?

সুখ দুখে হয় জীৱনৰ এক অপৰিহাৰ্য্য অংগ ।

যদিহে নাথাকে জীৱনত দুখ

তেনেহ'লে সুখৰ মূল্যই বা ক'ত ??


পোহৰ আছে বাবেইতো আন্ধাৰ হয় ।

ঠিক তেনেকৈ সুখ আছে বাবেইতো

দুখৰ অনুভৱ হয়‌ ।

তেন্তে দুদিনীয়া জীৱনত

কাৰোবাৰ লগত শত্ৰুতা অথবা

হিংসা বিদ্ৰোহ কৰি লাভ ??


এদিনটো সকলো মৰিবই লাগিব ।

সেইবাবে যিমান দিন জীয়াই থকা

সকলোৰে লগত হাঁহি ধেমালিৰে পাৰ কৰা

মিত্ৰতাৰ হাতেৰে জীৱনটো উপভোগ কৰি চোৱা

দেখিবা জীৱনটো কিমান সুমধুৰ / সুখময়,

কিমান অনুপম ।

সঁচাই, জীৱন বৰ অনুপম ।।


✍️ভাগ্যশ্ৰী কাশ্যপ 


Masuma Mehjabin's Photo
Jibon Bor Anupam
Emotional Assamese New Poem
By Bhgyasree Kashyap

No comments:

Post a Comment