ছোৱালীৰ ১২ টা নজনা কথা | ছোৱালীৰ ভিতৰুৱা কথা | ছোৱালীৰ পেটত কথা নাথাকে | Suwalir Nojona Kotha | Assamese Girl Real Fact | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ছোৱালীৰ ১২ টা নজনা কথা | ছোৱালীৰ ভিতৰুৱা কথা | ছোৱালীৰ পেটত কথা নাথাকে | Suwalir Nojona Kotha | Assamese Girl Real Fact | Daily Assamese Status


ছোৱালীৰ ১২ টা নজনা কথা -

১২ টা ছোৱালীৰ ভিতৰুৱা কথা জানোক ।

আহক বন্ধুসকল আজি আমি জানো ছোৱালীবোৰৰ

১২ টা নজনা কথা ।

১২ টা ছোৱালীৰ গোপন কথা জানোক -


১/ ছোৱালীৰ পেটত কথা নাথাকে। কাৰোবাৰ পৰা কিবা গোপন কথা এটা শুনিলে সেই মানুহজন বা মানুহজনীয়ে নক'ব ক'লেও তাই ঘৰৰ মানুহ বা লগৰ ছোৱালীৰ আগত ক'বই। "ঐ তোক কথা এটা কম বিদ্যা শপত বেলেগৰ আগত নকওঁ বুলি ক।" 🙄


২/ ছোৱালীৰ আলমিৰাত (গডৰেজত) কাপোৰ ঢেৰ থাকে কিন্তু ক'ৰবাত যাবৰ সময়ত কাপোৰ নাইকীয়া হয়। কোনোবাই লগ ধৰিলে ক'ব "নাযাওঁ মোৰ ভাল কাপোৰ এযোৰে নাই।" 🙄


৩/ ছোৱালীয়ে কেতিয়াও অলপতে সন্তুষ্ট হ'ব নোৱাৰে। ক'ৰবাত যাবৰ সময়ত তিনিযোৰ মান কাপোৰ পিন্ধি আইনাত চাব কোনযোৰে মোক ভাল লাগিব। তাৰ পিছতহে এযোৰ পচন্দ কৰিব। 🙄


৪/ অকল ল'ৰাইহে যে ছোৱালীক মেচেজ কৰে, ফোন কৰে তেনে নহয়। ধুনীয়া ল'ৰাৰ ফটো দেখিলে ছোৱালীও মেচেজ কৰে। "Hi" বুলি কৈ প্ৰথম আৰম্ভণি ছোৱালীৱেও কৰে। 🤣


৫/ ধুনীয়া ছোৱালীবোৰে কেতিয়াও তাইতকৈ বেছি ধুনীয়া ছোৱালীৰ লগত বন্ধুত্ব নকৰে। তাই লগত থকা পিছতো তাইৰ লগৰ জনীকহে যদি কোনোবাই পচন্দ কৰে? তাই বহুত দুখ পায়, হুমুনিয়াহ ওলাই আহে সেয়ে ধুনীয়া ছোৱালীবোৰে কেতিয়াও তাইতকৈ বেছি ধুনীয়া ছোৱালীৰ লগত বন্ধুত্ব নকৰে। 😥


৬/ ছোৱালী এজনীয়েও বিচাৰে ক'ৰবাত ওলাই গ'লে বাটৰ কাষত ৰৈ থকা ডেকা ল'ৰাই তাইক জোকাওক (অশ্লীল কথাৰে নহয়), ধুনীয়া লাগিছে বুলি কওক। নোজোকালে মনতে ভাবে "মই ধুনীয়া নহয় নেকি? মোক যে ল'ৰাবোৰে নোজোকাই কিয়?" মানে জোকালেহে ভালপায়। 😜


৭/ ছোৱালীবোৰে বিয়াৰ ঘৰত, আলহী ঘৰত লিপষ্টিক গুচি যাব বুলি ভালকৈ নাখায়। তিনিটা আঙুলিৰে চিকুটি থাকিব, খুচৰি থাকিব। ৰেষ্টুৰেণ্টত বিৰিয়ানি, পোলাওৰ হাড্ডি থকা মাংস কেইটুকুৰা নাখায় এৰি আহিব আৰু ঘৰত চব… চাফা। আনকি খোৱা বস্তুক লৈ ঘৰত ভায়েক ভনীয়েকৰ লগতো কাজিয়া লাগি যায়। 🤣


৮/ ছোৱালী এজনীক যদি কোনোবা ধুনীয়া ল'ৰা এটাই মেচেজ কৰে, প্ৰপ'জ কৰে তাই লগৰ কেইজনীক কৈ ফুটনি মাৰে "ঐ মোক ল'ৰা এটাই মেচেজ কৰিছে, প্ৰপ'জ কৰিছে নহয়... ফটো চাবি নেকি?" 😳


৯/ ছোৱালীবোৰে গাঁৱত বিয়া-সবাহ থাকিলেও আনদিনাতকৈ ধুনীয়াকৈ সাজি-কাছি যায়। ক'ব নোৱাৰি নহয় কোন ধুনীয়া ল'ৰাৰ মাক, খুড়ীয়েক, নবৌয়েক বিয়া খাবলৈ আহিছে! কিজানিবা সোধেই "কাৰ ঘৰৰ ছোৱালী তুমি? বিয়া বাৰুৰ কথা ভাবিছা নেকি? তোমাৰ মা'ৰ লগত চিনাকি কৰাই দিবাচোন।" 🙄


১০/ এজনী ছোৱালীয়ে তাইৰ প্ৰেমিকে আন ধুনীয়া ছোৱালীক লভ ৰিয়েক্ট কৰা, ধুনীয়া লাগিছে বুলি কমেণ্ট কৰা, বাইকত উঠাই নিয়া একদম সহ্য কৰিব নোৱাৰে। মুখ ফুটাই একো নকলেও ওচৰত পালে যেন "চোবাই খাই পেলাম" তেনেকুৱা ভাব দেখুৱাই থাকে। 🤣


১১/ ছোৱালীয়ে ছোৱালীক বেছি হিংসা কৰে। ছোৱালীৰ ফটোত লাইক, কমেণ্ট নকৰে (বেছিকৈ ল'ৰাইহে কৰে) আনকি কোনোবা লগৰ ছোৱালীয়ে ফটোত বেছিকৈ লাইক, কমেণ্ট পালেও জ্বলে। YouTube ৰ নিচিনা Dislike অপচনটো থকা হ'লে Dislike কৰিহে থৈ দিলেহেঁতেন বাপ্পেকে। 🤣


১২/ কিছুমান ছোৱালীয়ে আকৌ বয়ফ্ৰেণ্ড নাথাকিলেও, বয়ফ্ৰেণ্ডে এৰি নগ'লেও এনেও অৰিজিৎ সিং'ৰ ট্ৰেজেডি গান শুনি চকুপানী বোৱাই থাকে। ইহ্ তাইক যেনিবা গিৰিয়েকে এৰি থৈ বেলেগ এজনীহে আনিলে। 😏


     আৰু বহুত আছে কৈ শেষ নহয় যদিও আজিলৈ ইমানেই লিখিলো। বেছিকৈ লিখিলে আকৌ কিছুমান ছোৱালীৰ পৰা বেছি গালি খাব লাগিব যে। মোৰ এই পোষ্টটো পঢ়াৰ পিছত কথাবোৰ মিলি যোৱা ছোৱালী কেইজনীৰ তামাম খং উঠিছে কিজানি! 🤔


[ বিঃদ্ৰঃ- এই পোষ্টটো কেৱল হাস্যৰসৰ বাবেহে। কাৰো মনত দুখ দিয়া বা ইতিকিং কৰাৰ অলপো আমাৰ ইচ্ছা নাই। সকলো ছোৱালীকে সন্মান কৰোঁ। সকলো ছোৱালীয়ে ভালে থাকক, কুশলে থাকক। 🙏🏻

লিখা:- হেৰেম্ব বৰ্মন ]

ছোৱালীৰ ১২ টা নজনা কথা


ছোৱালীৰ ভিতৰুৱা কথা
ছোৱালীৰ পেটত কথা নাথাকে
12 টা ছোৱালীৰ গোপন কথা জানোক
হেৰেম্ব বৰ্মন
Suwalir Nojona Kotha
Assamese Funny Post By Heremba
Assamese Comedy Post By Heremba Barman
Assamese Girl Real Fact
Daily New Assamese Status
Axomiya Love Status
Sad Status
Emotional Assamese Status
Heremba Barman Best Assamese Status
New Romantic Status
Heart Touching Assamese Status
Jibon Mulok Daily Status
Axomiya Hahir Status

No comments:

Post a Comment