অনুৰণন | এক মিনিটৰ গল্প | আস্থা দত্ত | Astha Dutta Assamese New Short Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অনুৰণন | এক মিনিটৰ গল্প | আস্থা দত্ত | Astha Dutta Assamese New Short Story | Daily Assamese Status


অনুৰণন

এক মিনিটৰ গল্প | চুটি গল্প


চিয়াহী : মৰমৰ কলম, আৰু মাথো কেইটামান মুহূৰ্ত!

আৰু মাথো কেইটামান মুহূৰ্তৰ পাছত মই বিদায় লম। শূণ্যতাত বিলিন হৈ যাব মোৰ অস্তিত্ব।


কলম : তেনেকৈ নকবা চিঁয়াহী। তুমিয়েইটো জানা,

তোমাৰ অবিহনে মোৰ জীৱন অসাৰ। তুমি আছা বাবেই মই আঁছো। ভাবিলে বৰ ভয় লাগে, কেনেকৈ পাৰ কৰিম তুমিহীন বিষন্ন সময় বোৰ।


চিয়াহী : তোমাৰ হৃদয়ত কিহে গুজৰি গুমৰি আছে,

মই বুজিছোঁ। পৰা হ'লে নিশ্চয় থাকিলো হেঁতেন তোমাৰ কাষত, প্ৰতিপল-প্ৰতিক্ষন। কিন্তু  মোৰ যে আয়ূস ইমানেই আছিল।


কলম : জানা, চিয়াহী!

যিদিনা তুমি চিৰদিনৰ বাবে গুচি যাবা মোৰ জীৱনৰ পৰা, সেইদিনা ময়ো বৰণ কৰিম অৰ্ধমৃত্যু জীয়াই থাকিম, কিন্তু মোৰ জীৱনৰ একো মূল্য নাথাকিব।


     শৰীৰ থাকিব, কিন্তু সেই শৰীৰৰ ভিতৰত নাথাকিব তোমাৰ উমাল সান্নিধ্য। পংগু হৈ পৰা মই ডাষ্টবিনত আবদ্ধ হৈ অকলে অকলে অপেক্ষা কৰি থাকিম মোৰ জীৱনৰ অন্তিম দিনটোলৈ।


চিয়াহী : দুখ নকৰিবা, এয়া যে প্ৰকৃতিৰ নিয়ম।

কোনেনো শুনিব কোৱা আমাৰ হৃদয়ৰ বিষাদৰ অনুৰণন?


কলম : জানো। কেতিয়াবা কি ভাব হয় জানা?

কেতিয়াবা এনে ভাব হয় যেন তোমাৰ জীৱনৰ ইতি পৰাৰ আগতেই যদি চুৰ্ণ-বিচূৰ্ণ হৈ গ'লহেঁতেন মোৰ দেহ! তেতিয়া অন্তত বুকুত কঢ়িয়াই লৈ ফুৰিব লগা নহ'লহেঁতেন তুমিহীনতাৰ জীয়া জুইকুৰা।


চিয়াহী : তেনেকৈ নক'বা।

তুমি ভাবিছা নেকি তোমাৰ অবিহনে মই জীয়াই থকিব পাৰিলো হেঁতেন বুলি? যদি কেনেবাকৈ হয়ো চূণ-বিচূৰ্ণ তোমাৰ দেহ, তেতিয়া অন্তত জীৱন্তে সমাধিস্থ হ'ম মই। নিঃশেষ হম নিমিষতে। কাৰন তুমিয়েই মোৰ পৰিচয়, মোৰ সকলো।


কলম : (নিৰৱ)


চিয়াহী : বাৰু বাদ দিয়া এইবোৰ শুনাচোন।

তুমি কেলেই ভাবিছা যে মই নহলে তুমি অকশৰীয়া হবা বুলি?


     কিয় পাহৰি গ'লা; আমাৰ মিলনে যে জন্ম ক'ত হেঁপাহৰ বৰ্ণমালা। নীলিম আশাত ক'ত শব্দগাথা। কিমান ওখ ওখ টেবুলত, ওখ ওখ বুক ছেলফত বাস কৰে সিহঁতে এতিয়া। সিহঁতো আমাৰে সন্তান।


     আমাৰ জীৱনৰ সৃষ্টিৰ নীলাভ স্মৃতিবোৰ বুকুত সামৰি পাৰ কৰিব নোৱাৰিবানে জীৱনৰ বাকী কেইটা প্ৰহৰ?


কলম : ও' ও' তুমি থিকেই কৈছা। মই পাৰিম।

মৰমৰ চিয়াহী, তোমাক কথা দিছোঁ, মই ভাগি নপৰো। য'ত আমাৰ প্ৰেমৰ চিনাকী আছে, তাতে তোমাৰ সুবাস আছে।


     তুমি গুচি যাবা। ময়ো এদিন গুচি যাম। ৰূপান্তৰৰ বৰষুণত তিতি ভৱিষ্যত বৰ্তমান হ'ব। বৰ্তমান অতিত হ'ব, কিন্তু সোঁৱৰণীৰ পৃষ্ঠাত থাকি যাব আমাৰ প্ৰেমৰ সজল চানেকি বোৰ জনম জনমলৈ.....


◆◆ সমাপ্ত ◆◆


✍️             



সন্তান জন্ম দিয়া যন্ত্ৰ-
             Read Now:

পুলিচ বিষয়াৰ পত্নী-
           Read Now:


অনুৰণন

এক মিনিটৰ গল্প

Written by Ashta Dutta

Astha Dutta Assamese New Short Story

Emotional Assamese Story

Heart Touching Daily Assamese Status

Reliance Trends | Ajio Shopping Marketing


[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

1 comment:

  1. ভাল লাগিল পঢ়ি গল্প কেইটা।।

    ReplyDelete