ত্ৰিকোণমিতি | নাৰীৰ এক জীয়া সংগ্ৰাম কাহিনী | মিনাক্ষী কলিতা | Trigonometry By Minakshi Kalita - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ত্ৰিকোণমিতি | নাৰীৰ এক জীয়া সংগ্ৰাম কাহিনী | মিনাক্ষী কলিতা | Trigonometry By Minakshi Kalita


ত্ৰিকোণমিতি 

এক জীয়া সংগ্ৰাম কাহিনী

     বিয়াৰ পিছৰ প্ৰথমটো পুৱাই মোৰ নতুন ঘৰখনৰ পৰিৱেশ দেখি একে ঠাইতে থৰ লাগিছিলো মই। থৰ লাগিবৰে কথা! কিয়নো মোৰ সুদীৰ্ঘ চাব্বিশ বছৰীয়া জীৱন কালত যে কাহানিও দেখা নাছিলোঁ এনেকুৱা এখন চিত্ৰ। 


     এজুম মানুহেৰে পৰিপূৰ্ণ ঘৰ এখনত জন্ম হৈছিলো মই। কোনোবাই পৰিয়ালত কোন কোন আছে বুলি সুধিলে আঙুলিৰ মূৰত গণি গণি হিচাপ দিব লগীয়া হৈছিল। আঙুলি মুৰত নগণিলে যদি কোনোবাজন ৰৈ যায় হিচাপৰ পৰা। 


     মা-দেউতা, ককা-আইতা, বৰদেউতা-বৰমা, দুজন-খুড়া, দুগৰাকী-খুড়ী আৰু দেউতা, বৰদেউতা, খুড়া গোটেই কেইজনৰ মুঠ দহজন ল'ৰা ছোৱালী। অৰ্থাৎ আমি দহজন ভাই ভনী। তাৰে আমি চাৰিগৰাকী বাই ভনী আৰু বাকী ছয় জন ককাই ভাই। 


     ঘৰখনত পুৰুষ নাৰীৰ সংখ্যা হিচাপ কৰিবলৈ গ'লে নাৰীতকৈ পুৰুষৰ সংখ্যা আছিল বেছি। কিন্তু কাম বা নীতি নিয়মৰ ফালৰ পৰা যদি লক্ষ্য কৰো তেতিয়াহলে ঘৰখনত দেখা যায় এক বিপৰীত চিত্ৰ। 


     ঘৰখনৰ প্ৰতিগৰাকী নাৰীৰ বাবে নিৰ্দিষ্টকৈ নীতি নিয়ম আৰু কামৰ একোখনকৈ দীঘলীয়া তালিকা প্ৰস্তুত কৰি থোৱাৰ বিপৰীতে প্ৰতিজন পুৰুষ আছিল সম্পূৰ্ণ মুক্ত। তেওঁলোকৰ নিজৰ ব্যক্তিগত কৰ্মক বাদ দি ঘৰখনৰ বাবে কৰিবলগীয়াকৈ নাই কোনো নিত্য কৰ্মৰ তালিকা নাইবা কোনো নিৰ্দিষ্ট নীতি নিয়ম। 


     মোৰ দুয়োজন খুড়া চৰকাৰী চাকৰিয়াল হোৱাৰ নিচিনাকৈ দুয়োজনী খুড়ীও আছিল চৰকাৰী চাকৰিয়াল। কিন্তু খুড়াহতে বিচনাৰ পৰা উঠিয়ে একান্ত নিজৰ কৰ্মখিনি কৰিয়ে অফিচলৈ যাৱলৈ ওলোৱাৰ বিপৰীতে খুড়ীহতে বেলি উদয় নোহোৱাতে বিচনা এৰি ঘৰখনৰ সমস্ত কাম কৰিহে যাৱ লাগে নিজৰ অফিচলৈ। 


     খুড়ীহত তেওঁলোকৰ লগত একে সময়তে ঘৰৰ পৰা ওলাই যোৱাৰ কথাটো জনাৰ পিছতো খুড়াহতে নিজৰ তিয়নি কেইখনো মেলিবলৈ খুড়ীহতৰ কাৰণে নেৰাকৈ আহা কোনোদিনে নেদেখিলো। আনকি একেলগে যাৱ ওলোৱাৰ পিছত ভাতকেইটাও খুৰীহতে তেওঁলোকৰ মুখৰ আগত তুলি দিলেহে হয়। 


     কেতিয়াবা যদি কিবা কাৰণত খুড়ীহতৰ অফিচলৈ অলপ পলম হয় তথাপি তেওঁলোকে কোনো কাৰণতে ভাতকেইটা নিজে উলিয়াই নাখায় খুড়ীহতক বাঢ়ি দিয়াতো দূৰৰে কথা। 


     মা আৰু বৰমাৰ কথা নকলোৱে যেনিবা। কিয়নো তেওঁলোক যে গৃহিনী। সেয়েহে তেওঁলোকৰ কোনো ইচ্ছা অনিচ্ছা নাই। নাই দুখ ভাগৰ। দিনৰ পিচত দিন ঘৰখনৰ পুৰুষ কেইজনক লাগ বুলিলেই প্ৰতিটো বস্তু হাতত তুলি দিয়াই হৈছে তেওঁলোকৰ জীৱনৰ মুল কৰ্তব্য। 


     ৰাতিপুৱা বিছনা এৰাৰ পৰা ৰাতি বিছনাত পৰালৈকে তেওঁলোকে ককা, দেউতা নাইবা বৰদেউতাই বিচৰা ধৰণে কৰিব লাগে প্ৰতিটো কাম। বিচৰাৰ লগে লগে হাতত তুলি দিৱ লাগে প্ৰতিটো বস্তু। কেতিয়াবা যদি কেনেবাকৈ তাৰ অকণমান হেৰফেৰ হয় তেতিয়াহলে কিমান যে নুশুনে কথা। 


"দিনৰ দিনটো কি কৰি থকা! 

এইখিনিও যে সময় মতে দিব নোৱাৰা…" 


     দেউতা বৰদেউতা হতৰ মতে দিনৰ দিনটো মা বৰমা হতৰ একোয়ে কাম নাথাকে। অথচ ভালকৈ উশাহ এটা লৱলৈও যেন সময় নাপায় তেওঁলোকে। 


     ঠিক একে নিয়মে চলিছিল ঘৰখনৰ সন্তান কেইটাৰ মাজতো। ল'ৰা আৰু ছোৱালী কেইটাৰ মাজত ৰাখিছিল তেওঁলোকে আকাশ পাতাল পাৰ্থক্য। 


     ঘৰখনৰ গোটেই কেইটা ল'ৰাক সম্পূৰ্ণ নীতি নিয়মৰ পৰা মুক্ত কৰি দিয়াৰ উপৰিও সকলো ক্ষেত্ৰতে সিহঁতক দিছিল অফুৰন্ত স্বাধীনতা। 


     মন যোৱাৰ লগে লগে সিহঁতে কৰিব পাৰিছিল মন যোৱা প্ৰতিটো কাম। মন গ'লেই ঘৰৰ পৰা ওলাই যোৱাৰ নিচিনাকৈ ল'ৱ পাৰিছিল প্ৰতিটো বস্তুৰ সোৱাদ। তাৰ বিপৰীতে আমাক ছোৱালী কেইজনীক ৰাখিছিল সজাত বন্দী একো একোটা পখী কৰি। 


     আমি কৰবালৈ ওলাৱলৈ হ'লে ৰ'ৱলগীয়া হৈছিল গৰাকীয়ে জপনা খুলি দিয়ালৈ। যিমানেই প্ৰয়োজনীয় কাম নাথাকক কিয় ঘৰৰ বাহিৰলৈ ওলাৱলৈ হ'লে আমি ল'বলগীয়া হৈছিল এজন এজনকৈ ঘৰখনৰ প্ৰতিজন পুৰুষৰে অনুমতি। 


"লাও যিমানে ডাঙৰ নহওঁক, পাতৰ তল।" 


     এয়াই আছিল তেওঁলোকৰ মত। শিক্ষা দীক্ষা সকলো ফালৰ পৰা আমিও ল'ৰাকেইজনৰ সমকক্ষ আছিলো যদিও আমাৰ কিন্তু নাছিল সিহঁতৰ নিছিনা অধিকাৰ নাইবা কোনো স্বাধীনতা। 


     মন যোৱা কোনো এটা কামে কৰিব নোৱাৰিছিলো আমি। আমাৰ ভৰি হাত সকলো বন্ধা আছিল এডাল শিকলিৰে। 


     বন্ধৰ দিনবোৰত নাইবা ঠাণ্ডাৰ দিনবোৰত কেতিয়াবা অলপ দেৰিলৈকে শুৱলৈকে মন গ'লেও আমি শুৱ নোৱাৰিছিলো। 


"ছোৱালী মানুহ ইমান দেৰিলৈকে বিছনাত থাকিলে ভাল নেদেখি...

ছোৱালী মানুহ ইমান দেৰিলৈকে শুৱ নাপায়।" 


     একেখন ঘৰৰ একে সন্তান হৈও ল'ৰা কেইটাই বাহী চোতাল গৰকিৱ নাপায়। বাহী চোতাল গৰকিলে হেনো ল'ৰা মানুহৰ অমংগল হয়। সেয়েহে বাহী চোতাল সাৰি উঠাৰ পিছতহে সিহঁতে বিছনা এৰিব লাগে। আনকি কেতিয়াবা সিহঁত ৰাতিপুৱাই কৰবালৈ যাবলগীয়া হ'লেওঁ সিহঁত উঠাৰ আগতেই আমি কোনোবা এজনী নাৰীয়ে ৰাতি নৌপুৱাওতে বিছনা এৰি বাহী চোতাল সাৰিব লগীয়া হয়। 


     খোৱা বোৱাৰ ক্ষেত্ৰতো সেই একে নিয়ম। পুৰুষে খাই উঠাৰ পিছতহে খাৱ পাৰে নাৰীয়ে। নাৰী কেইজনীৰ যিমানে ভোক নালাগক কিয় বা কৰবালৈ যাব লগীয়াই নাথাকক কিয় পুৰুষ কেইজনে খাই বৈ উঠাৰ পিছতহে তেওঁলোকে খাব পাৰিব। 


     আমি সৰু থাকোঁতে ঘৰত মাংস ৰান্ধিলে দাদা ভাইটিহতক ভাজি থকাৰ পৰা খাৱলৈ দিছিল অথচ আমি খুজিলে যে আইতাই কৈছিল… 


"ছোৱালী মানুহে এনেকৈ ওপৰতে খাৱলৈ নাপায়।" 


     কেনেকুৱা লাগিছিল বাৰু তেতিয়া আমাৰ অকণি অকণি মনকেইটা। 


আইতাওটো এগৰাকী নাৰীয়ে আছিল.. 

তেন্তে তেওঁ কিয় কৈছিল তেনেকুৱা কথা! 

নে পৰম্পৰা তথা নীতি নিয়মে বাধ্য কৰিছিল 

তেওঁক তেনেকৈ কৱলৈ! 


Emotional Assamese Story,
Trigonometry Sad Assamese Short Story,
Minakshi Kalita Axomiya Story
Rajlaxmi Borah

     কিন্তু বিয়াৰ পিছদিনা ৰাতিপুৱাই নতুন ঘৰখনত দেখিছিলোঁ মোৰ ঘৰখনৰ এক সম্পূৰ্ণ বিপৰীত দৃশ্য। 


     বিছনাৰ পৰা উঠিয়ে যেতিয়া বাহী চোতাল সাৰিবলৈ ওলাই আহিছিলোঁ তেতিয়াই দেখিছিলোঁ এফালে শাহু মায়ে চোতালত সাৰি আছিল আৰু আনফালে শহুৰ দেউতাই বিয়াত ব্যৱহৃত হোৱা কিছুমান বস্তু যে অত তত পৰি আছিল সেই সকলোবোৰ ঠানথিত লগাই আছিল। আৰু তাৰ মাজতে মায়ে ঠায়ে ঠায়ে থূপ কৰি থৈ যোৱা জাৱৰ জোথৰ বোৰো টুকুৰি এটাত ভৰাই  পিছফালে পেলাই থৈ আহিছিল। দেখিয়ে আচৰিত হৈছিলো মই। 


"দেউতা কি কৰিছে আপুনি... চাওঁ মোক দিয়ক…" 


     দেউতাৰ কাষলৈ আগবাঢ়ি গৈ মই কোৱা কথাষাৰত দেউতাই হাঁহি এটা মাৰি কৈছিল, 


"মোৰ আয়ুস কমিব বুলি ভয় খাইছা!" 


     সৰুৰ পৰাটো ঘৰত তেনেকৈয়ে শুনি আহিছিলো। তথাপি দেউতাৰ কথাষাৰত একো উত্তৰ দিয়া নাছিলোঁ। মায়ে কৈছিল... 


"আমি এইখিনি কৰিম যোৱা। তুমি বাচন খিনিকে পাৰিলে ধোঁৱাগৈ।" 


     বাচন ধুৱলৈ আহি দেখিছিলোঁ ননদ মমীয়ে গোটেই খিনি বাচন ধুৱলৈ উলিয়াই নিছিল। তাইৰ সৈতে লগলাগি বাচন কেইখন ধুই অতাই গা পা ধুই অহালৈ ইতিমধ্যে মোৰ স্বামী প্রণৱে গোটেই কেইখন বিছনা ঠিকঠাক কৰাৰ বিপৰীতে দেওঁৰ ৰাজে গোটেই কেইটা ঘৰ সাৰি পেলাইছিল। 


     গা পা ধুই যেতিয়া চাহৰ যোগাৰৰ কাৰণে আটা মথিবলৈ লৈছিলোঁ তেতিয়া মমীয়ে গেছটোৰ এফালে ৰুটি ভাজিবলৈ কেৰাহীটো বহাই দিয়াৰ বিপৰীতে আনফালে প্রণৱে উঠাই দিছিল চাহৰ চচপেনটো। 


     মই বেলি থকা ৰুটিকেইখন মমীয়ে ভজাৰ পিছতে ৰাজে আনি সজাই দিছিল প্লেট কেইখনত। মায়ে কাপে কাপে ঢালি দিছিল প্রণৱে বনাই অনা চাহখিনি। ৰাজে সজাই থোৱা প্লেট এখন দেউতাই নিজে নিজৰ ফালে আগবঢ়াই নিয়াৰ লগতে এখন মাৰ ফালেও আগবঢ়াই দিছিল। 


     পৰিবেশটো দেখি মনটো ভৰি পৰিছিল মোৰ। আগতে এনেকুৱা পৰিবেশ এটা দেখাৰ সৌভাগ্যই যে হোৱা নাছিল মোৰ। মোৰ দেউতা খুড়াহতে মা খুড়ীহতৰ বাবে এনেকৈ প্লেট আগবঢ়াই দি গোটেই কেইজনে একেলগে বহি খোৱাটো বহু দুৰৰে কথা। মাহতে তেওঁলোকক ভগাই দিয়াৰ পিছত মা হতৰ বাবে কিবা ৰৈছেনে নাই সেয়া খৱৰ ৰখাও যে কোনোদিনে দেখা নাপালো মই। 


     জীৱনত প্রথমবাৰৰ বাবে সিদিনাই একেখন ডাইনিং টেবুলত পুৰুষৰ লগত একেলগে বহি পুৰুষৰ সমান একে বস্তুৰে চাহ খাইছিলোঁ। 


     ইমান বছৰেটো দেউতা দাদা হতে খাই উঠাৰ পিছতহে মাহতে আমাক খাৱলৈ দিছিল। আৰু আমি খাই উঠাৰ পিছত হে মাহতে খাইছিল। তাৰোপৰি খাৱলৈ বনোৱা প্ৰতিটো বস্তু পুৰুষ কেইজনে হেঁপাহ পলুৱাই খোৱাৰ পিছত অৱশিষ্ট যিখিনি ৰৈ যায় সেইখিনিহে ভাগ হৈছিল আমাৰ মাজত। 


     একেলগে বহি চাহ খাই থাকোতে ওলাইছিল নানা কথা। ঘৰৰ চাৰিবেৰৰ ভিতৰৰ কথাৰ পৰা দেশৰ ৰাজনীতিলৈকে যাৰ মনত যি আছিল সকলোবোৰ মুকলিকৈ কৈ গৈছিল প্রত্যেকে। জমি উঠিছিল চাহৰ আদ্দা। মইহে একো কৱ পৰা নাছিলোঁ। সৰুৰে পৰা এনেকৈ কথা পতাৰ সুবিধা যে কোনোদিনে পোৱা নাছিলো। 


"লিকি তুমিয়ো কিবা কোৱা আকৌ…" 


     একো এটা নমতাকৈ নীৰৱে তেওঁলোকৰ কথা শুনি থকা দেখিয়ে প্রণৱে কৈছিল। 


"মই কি কম বাৰু!" 


     ইয়াৰ বাহিৰে মই যে কৱলৈ একো কথাই বিচাৰি পোৱা নাছিলো। 


"তোমালোকৰ ঘৰৰ কথাকে কোৱা!" 


     দেউতাই তেনেকৈ কোৱা মাত্ৰকে মোৰ কি হৈছিল নাজানো। কোনো লুক ঢাক নকৰাকৈ কৈ পেলাইছিলো সকলোবোৰ। 


     মোৰ ঘৰৰ কথাবোৰ শুনি আচৰিত হৈছিল সকলো।


"এতিয়াৰ যুগতো বাৰু এনেকুৱা মানুহ থাকে নে!" 


     মমীয়ে কৈছিল। লগতে তাইৰ চকু দুটাত মোৰ ঘৰখনৰ প্ৰতি খঙ স্পষ্টভাৱে জিলিকি উঠিছিল। 


"কিছুমান মানুহে নাৰীক সন্মান দিব নিবিচাৰে। নিবিচাৰে নাৰীৰ প্ৰাপ্ত অধিকাৰ তথা মৰ্যদা দিব। তেনে মানুহে নাৰীক কেৱল ভোগৰ আহিলা, পণ্য সামগ্ৰী নাইবা ঘৰখনৰ সমস্ত কাম বন কৰাৰ লগতে সন্তান জন্ম দিয়া এটা যন্ত্ৰ হিচাপেহে গণ্য কৰে। 


     তেওঁলোকৰ মতে নাৰীৰ নাথাকে কোনো নিজস্বতা। পুৰুষক সকলো প্ৰকাৰে সন্তুষ্ট কৰাই তেওঁলোকৰ মতে নাৰীৰ জীৱনৰ উদ্দেশ্যে।" 


     অতি ক্ষোভেৰে দেউতাই কথাখিনি কৈছিল। আৰু লগতে এদিন আমাৰ ঘৰৰ পুৰুষ মহিলা সকলোকে এদিন মোৰ নতুন ঘৰখনলৈ নিমন্ত্ৰণ দিয়াৰ প্ৰস্তাৱো সিদিনাই দিছিল দেউতাই। 


     আৰু সেইমৰ্মে প্রণৱে গৈ মোৰ ঘৰৰ সকলোকে আজি ভাত খোৱাকৈ নিমন্ত্ৰণ জনাই আহিছিল। 


     দেউতা খুড়াহত আহি পোৱা সময়ত যেতিয়া প্রণৱ আৰু দেউতাই লগলাগি বাহিৰৰ চৌকাত বিভিন্ন প্ৰকাৰৰ আঞ্জা ৰান্ধি আছিল সেই দৃশ্য দেখি মোৰ দেউতা খুৰাহত আচৰিত হৈছিল নে নাই মই নাজানো কিন্তু আমাৰ পূৰ্বপৰিকল্পিত সিদ্ধান্ত অনুসৰি যেতিয়া দেউতা বৰদেউতা খুড়াহতৰ লগত মা বৰমা খুড়ীহতক একেলগে বহুৱাই ভাত খাবলৈ দিছিলো তেতিয়া মোৰ ঘৰৰ গোটেই কেইজন পুৰুষৰ চকুত আমাৰ প্ৰতি তীব্ৰ বিতৃষ্ণা ফুটি উঠাৰ বিপৰীতে নাৰী কেইগৰাকীৰ চকুত তিৰবিৰাই উঠিছিল আশাৰ ৰেঙণি। 


"ঘৰৰ সকলোবোৰ কাম ঘৰখনৰ প্ৰতিজন সদস্যৰ মাজত সমানে ভগাই কৰিলে যিদৰে আনন্দ লাগে সেই একেদৰে ঘৰৰ প্ৰতিজন সদস্যই একেলগে বহি এসাঁজ খাই জানো সিমানেই আনন্দ নালাগে।" - দেউতাই কৈছিল। 


"ঘৰৰ প্ৰতিজন সদস্যই একেলগে বহি খোৱা ভাতসাজৰ সোৱাদে সুকীয়া। লাগিগে সেইয়া নিমখ ভাতেই হওঁক।"


- দেউতাই কোৱা কথাষাৰত মই লগে লগে উত্তৰ দিছিলো।


     শহুৰ দেউতা আৰু মোৰ কথাখিনিত মোৰ ঘৰৰ প্ৰতিজন পুৰুষে তলমুৰ কৰি থকাৰ বিপৰীতে নাৰী কেইগৰাকীৰ দুওঁঠত ঢৌ খেলিছিল একোটা হাঁহিয়ে। 


     মোৰ ঘৰৰ মানুহ কেইজনক উদ্দেশ্য কৰি দেউতা আৰু মই কোৱা কথাখিনিৰ পৰা কোনে কি বুজিলে মই ভালদৰে অনুমান কৰিব নোৱাৰিলো যদিও এইখন ঘৰত ভৰি দিয়াৰ পিছত ইমান দিনে জীৱনটোক নিৰ্দিষ্ট মান নিৰ্দ্ধাৰিত ত্ৰিকোণমিতিৰ একোটা সুত্ৰ বুলি ভাবি অহা মই বাৰুকৈয়ে উপলব্ধি কৰিছো যে, 


     মানুহৰ জীৱনটো এটা ত্ৰিকোণমিতিৰ সূত্ৰ নহয়। ত্ৰিকোণমিতিৰ সুত্রবোৰৰ একোটা নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰি থোৱাৰ নিচিনাকৈ ঘৰ এখনৰ দৈনন্দিন সকলো কাম আৰু নীতি নিয়ম কেৱল মাত্ৰ নাৰীয়ে অকলে কৰিব লাগিব বা মানিব লাগিব বুলি কোনো সংজ্ঞা নিৰ্দ্ধাৰণ কৰা নাথাকে। 


     একেটা কামকেই পুৰুষ নাৰী সকলোৰে মাজত ভগাই কৰিব পাৰি নাইবা কেতিয়াবা ইজনে আনজনৰ কামবোৰ সলাইয়ো কৰিব পাৰি। তাৰ বাবে প্রয়োজন মাথোঁ পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ সহযোগিতা আৰু বুজাবুজিৰ। 


- সমাপ্ত -


নলবাৰী কলেজ, নলবাৰী।

সন্তান জন্ম দিয়া যন্ত্ৰ -
             Read Now:

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী -
           Read Now:


ত্ৰিকোণমিতি
An Assamese Oldies Short Memorable Story,
Assamese Trejedy Story Of Household
Sad Story In Assamese For Girls,
Axomiya Story,
Daily Assamese Status
"Trigonometry"
Written By
Minakshi Kalita
The Lession Of Story


Human life is not a triangular thread

As Trigonometry
Minakshi Kalita

⬇️
Some people don't want to respect women.
Don't want to give women the right
and dignity they have.

⬇️
Such people treat women as only
a tool of enjoyment,
goods or all the work in the house
as a machine to make and have children.
⬇️ According to them,
women do not have any uniqueness.
Pleasing men in all ways is according to them
for the purpose of women's lives.

⬇️
It is not as happy to sit together
and eat as much as it is fun to share all the
household chores
equally among each member of the house.

⬇️ It is different from the taste
of rice that every member of the house sits
together and eats,
Let it be salt edifying.

⬇️
Human life is not a triangular thread.
Like setting a certain value
of triangular formulas, all the daily functions
and rules of a house are not defined
as just that women have to do it
alone or obey. 

⬇️
The same thing can be shared
with all of the male women or sometimes
the actions of each other can be carried out.
All that is needed is the cooperation
and understanding of each person in the family. 

Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment