মনৰ মাজত লুকাই আছে
মনৰ মাজত লুকাই আছে
এবুকু ৰঙীন সপোন
পোৱা-নোপোৱাৰ বেদনাৰে,
অন্য এক নিৰাশাৰ সপোন ।
তথাপিও মোৰ মনৰ মাজত
লুকাই থকা সপোনে
মোক লৈ যায় গভীৰৰ পৰা গভীৰলৈ
কল্পনাৰ বিশাল সাগৰ খনলৈ…
অপেক্ষা মাথো
হৃদয়ৰ গভীৰ কোণত
সজীৱ হৈ থকা স্মৃতিবোৰ
এদিন হঠাতে নাইকিয়া হৈ পৰিব ।
নাইকিয়া হৈ পৰিব সকলো ।
তাহানিতে মেৰিয়াই লোৱা
বিষাদৰ চাদৰ খনো
হঠাতে নাইকিয়া হৈ পৰিব ।
আনকি মোৰ শৰীৰটোও
জুই চিতাত দাহ গৈ
অস্তিত্ব বিহীন হৈ পৰিব ।
শত্ৰুৱেও উচুপি ক'ব
তাই বৰ ভাল ।
কৰ্কশ মাত দিয়া জনে ক'ব
তাই আমাক এৰি থৈ গুচি গ'ল ?
মই ওপৰৰ পৰাই
অলপ শান্তি বুটলিম !
যদি পুনৰ ঘূৰি আহিব পাৰো
তেওঁলোকৰ প্ৰশ্নৰ প্ৰত্যোত্ত্বৰ নিশ্চয় দিম ।।
আশা
পৃথিৱীৰ এই মনোৰম উপহাৰবোৰৰ মাজত
নিজক সজাই ৰাখিব পৰা হ'লে...
কোনো চিন্তা নোহোৱাকৈ,
কোনো ঘাত-প্ৰতিঘাত নোপোৱাকৈ,
কেৱল মাথো
প্ৰকৃতিৰ সৌন্দৰ্যবোৰক লগত লৈ !!
ব্যস্ত পৃথিৱীত আজি মই সঁচাই নিসংগতা
নাই কাৰো সহায়-সহযোগিতা,
নাই মোৰ কোনো আশা,
নাই কাৰো ওপৰত ভৰসা ।
আছিল মাথো দুটি মান মিঠা সপোন
কিন্তু… ব্যস্ত পৃথিৱীৰ মাজ মজিয়াত
নিসংগ হৈ সপোনবোৰো আজি মৃতপ্ৰায়
আশাবোৰো যেন হৈ পৰিছে দিশহাৰা !!
হয়তোবা আশাবোৰেই এনেকুৱা…
বাস্তৱৰ ওচৰত হাৰ মনা
ব্যস্ত পৃথিৱীৰ চৌদিশে দেখা পাওঁ
মাথো শূণ্যতা,
নিস্তব্ধতা আৰু নিসংগতা
মায়াবী জীৱন সংগ্ৰামত যাত্ৰী মই
সঁচাই অকলশৰীয়া…..!!
ছাঁ- পোহৰৰ খেলা
নিৰুত্তৰ এই বাস্তৱ
য'ত সপোনে পল খেদিছিল
তাতে কল্পনাই শিপালে,
য'ত সেউতীয়ে তগৰ বিচাৰিছিল
তাতে তগৰ শুকাই মৰহি গৈছিল ।
সপোনক অলীক কল্পনা কৰি,
বাস্তৱক অবাস্তৱ কৰি
দৰ্শনৰ বীজ সিঁচিলে ।
লাখজনৰ বুকুত বিষৰ বীজ এটি সিঁচিলে,
য'ত লুকাই থাকিল
শত আঘাতৰ ৰক্ত ধুৱা শ্ৰাৱণৰ মহাবান ।
আৰু সেই উদাস চকুযুৰিত ?
ভাহি আহিব ধৰে লাহে লাহে
ব্যৰ্থতাৰ চৰম লজ্জা.....
নহ'বইনো কিয়…!
এতিয়াচোন সকলোৰে
ছাঁ- পোহৰৰ খেলায়ে প্ৰিয় ।।
No comments:
Post a Comment