বিয়লিৰ মৰম | এটা সঁচা ভালপোৱাৰ কাহিনী | Biyolir Morom | Assamese True Love Story | Sad With Emotional Assamese Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বিয়লিৰ মৰম | এটা সঁচা ভালপোৱাৰ কাহিনী | Biyolir Morom | Assamese True Love Story | Sad With Emotional Assamese Love Story


বিয়লিৰ মৰম


এটা সঁচা ভালপোৱাৰ আঁৰৰ কাহিনী
প্ৰেমৰ কোনো বয়স নাথাকে,
নাথাকে কোনো ভালপোৱাৰ সীমা

     : মা, কি শুনিছোঁ এইবোৰ?

এই পঞ্চাশ বছৰ বয়সতো তই 16 বছৰীয়া ডেকা ল'ৰা এটাৰ লগত ঘূৰি ফুৰিছ? লাজ নালাগেনে তোৰ? 


     মই, নাক উলিয়াব নোৱাৰা হৈছোঁ মা... তোক ইমান চৰিত্ৰহীনা বুলি জনাই নাছিলোঁ।


     আৰু আজি? মোৰ আৰু ভাইটিৰ পৰা দুই লাখ কৈ টকা বিচাৰি হাহাকাৰ খন কৰাৰ মতলব টো তোৰ কি?


     চা, মা… দেউতা নথকাৰ পিছত তই একেবাৰে অকলশৰীয়া হৈ গৈছো। সেইটো আমিও বুজিছো, কিমান জটিল সময়ৰ মাজেৰে তই জীৱনটো কটাই আছ!! মইয়ো তোৰ ছোৱালী জনী হৈ অকনো সময় দিব পৰা নাই তোক। ঘৰ-সংসাৰ পাতি নিজৰ পৰিয়ালটোৰ লগতেই ব্যস্ত হৈ পৰিছো। ইফালে সৰু ভাইটিয়ে তো দিল্লীৰ চাকৰি জীৱনটো লৈয়েই ব্যস্ত। ঘৰখনত তোৰ একমাত্ৰ সংগী হিচাপে আছে তনয়া। পিছে কি হব!! 


     সেইজনীয়ে ঘৰত আছে যদিও, থকা-নথকা সমান। বেচেৰীয়ে তোক একো কথাতে সংগ দিব নোৱাৰে। বুজি পাওঁতো মা! তই মানসিক ভাৱে একেবাৰে অকলশৰীয়া। 


     কিন্তু সেইকাৰণেই যে এইটো বয়সত 16 বছৰ বয়সীয়া ডেকা ল'ৰা এটাৰ লগত ঘূৰি ফুৰিবি, সেইটোতো কোনোপধ্যেই হজম কৰিব নোৱাৰি!! যোৱা এমাহে তনয়াক মোমায়েক হঁতৰ ঘৰত থৈ আহি, সেই ল'ৰা জনৰ লগতেই তই বোলে ঘৰত ঘণ্টাকে ঘণ্টাই সোমাই থাক, দুয়ো একেলগে বজাৰলৈ যাৱ। যোৱা এমাহে ৰাস্তাই ঘাটে তহঁতক একেলগে নেদেখা মানুহ নাই।


     মুঠতে তোৰ এই কুকৰ্ম বিলাকৰ কথা গোস্বামী খুড়াই সহ্য কৰি থাকিব নোৱাৰি অৱশেষত আমালৈ ফোন কৰি জনালে।


     নাহিম বুলি ভাবি আছিলোঁ যদিও, তই যেতিয়া আমাৰ পৰা দুই লাখকৈ টকা খুজি সৰু ভাইটি আৰু মোক ভাবিবলৈ বাধ্য কৰাইছ যে ইমান টকাৰে তইনো কি কৰিবলৈ ওলাইছ!! সেইবোৰ ভাবিয়েই থাকিব নোৱাৰা হৈ আজি আহি ওলালোঁ।


     ক.... মা.... তই কি ভাবি, কি চিন্তা কৰি এইবোৰ কৰি আছ? ইমান বোৰ বদনাম শুনাৰ আগতেই তোৰ লগত সমস্ত সম্পৰ্ক শেষ কৰি দিব লাগিছিল।


     চি চি!! পঞ্চাশ বছৰ বয়সীয়া বিধবা মহিলা এগৰাকীয়ে 16 বছৰীয়া ডেকা ল'ৰা এটাৰ প্ৰেমত পৰি হাবুডুবু খাই ফুৰিছে।


     চি চি…  আৰু সেইজনী মহিলাৰে জীয়েক হৈ মোৰ তো মৰি যাবলৈয়ে মন গৈছে।



কি শব্দ কি ভাষা এইখিনি ?

     নিজৰেই গৰ্ভৰ সন্তানক তুলি তালি ডাঙৰ কৰি, শিক্ষা-দীক্ষাৰে স্বাৱলম্বী কৰি এঘৰলৈ উলিয়াই দিয়াৰ পিছত, সেইজনী ছোৱালীৰে প্ৰথম মাতৃত্বত শুশ্ৰূষা আগবঢ়াই, পানী কেঁচুৱা নাতিনীয়েকক পৈণত কৰি হাতত তুলি দিয়া আদৰৰ জীয়েক ভাৰ্গবীৰ মুখৰ পৰা নিগৰা অশ্ৰাব্য প্ৰতিটো শব্দই জোঙাল শেল হৈ বিন্ধিছে সত্যৱতী দেৱীৰ বুকুত।

     চিঃ…  নিজৰ মমতাৰ ওপৰতে ধিক্কাৰ ওপজিছে তেওঁৰ। সন্তানৰ মুখতে মাতৃৰ নিজৰ চৰিত্ৰ স্খলনৰ এই যি মহা অভিযোগ, সেয়া শুনাটো ও মহাপাপ।



সত্যৱতী দেৱী ?

    হয়, সত্যৱতী দেৱীৰ আজি পঞ্চাশ বছৰ বয়সত কোনোবালৈ মৰম জাগিছে।



ভালপোৱা ?

সেয়া, ভালপোৱা…

দুৰ্বাৰ ভালপোৱা...


     কেতিয়া যে চিনাকি হৈ হিয়াত ঠাই ল'লে এই মাধুৰ্য্য নামৰ ল'ৰাটোৱে!!


     ছমাহ মান আগতে সন্মুখৰ জগত চলিহাৰ ঘৰত ভাড়াতিয়া হিচাপে আহি এই ঠাইখিনিৰ বাসিন্দা হৈছিল ল'ৰা জন। 



ভাড়া ঘৰৰ ল'ৰা ।

     প্ৰথমতে, বোৱাৰী তনয়াৰ লগত অকলশৰে ঘৰ খন চলাই নিয়া সত্যৱতী দেৱীয়ে তিনি মাহ মান সন্মুখৰে চলিহা হঁতৰ ঘৰত কোন নো ভাড়াতিয়া হিচাপে আহিছে আৰু গৈছে অকণো মন কৰিবলৈ সময়ে পোৱা নাছিল।


     কিন্তু,,,  দুমাহ মান আগতেহে নজৰ পৰিছিল, যেতিয়া সুঠাম-সুগঢ়ি ল'ৰা জনে সঘনাই সত্যৱতী দেৱী হঁতৰ খিৰিকীৰ ফালে জুমি জুমি অনৰগল চাই আছিল।


     সদায় এনেকৈ কি চাই থাকে ল'ৰা জনে!



কাৰণ কি ?

     কি কাৰণত সদায় এনেকৈ কিয় চাই থাকে, জানিবৰ বৰ মন গৈছিল সত্যৱতী দেৱীৰ। সেয়ে এদিন চলিহা হঁতৰ ঘৰলৈ গৈ, চলিহানীৰ লগতে অকলে থকা ভাড়াতিয়া মাধুৰ্য্যৰ লগত চিনাকি হৈ আহিছিল।



কেৱল চিনাকীয়েই নে ?

     লাহে লাহে সত্যৱতী দেৱীয়ে মন কৰিলে যে ল'ৰা জনৰ কিবা এটা দুৰ্বলতা আছে। সত্যৱতী দেৱীয়ে মাতিলে বা ল'ৰা জনৰ ফালে চালেও ল'ৰা জনৰ আনুগত্য খিনি স্পষ্টকৈ ফুটি উঠে।


     কেইদিনমান ভালকৈ কথা-বতৰা পাতি সত্যৱতী দেৱীয়ে গম পালে যে মাধুৰ্য্যই অন্তৰেৰে পছন্দ কৰি পেলাইছে, সত্যৱতীৰ বোৱাৰীয়েক তনয়াক। পিছে, মাধুৰ্য্যৰ অন্তৰৰ এই অনুৰাগৰ কথা উমানেই পোৱা নাই তনয়াই।



কি কৰা যায় ?

ল'ৰাটো দেখিবলৈ বেছ মৰম লগা। ব্যৱহাৰ খিনিও খুবেই ভাল। তনয়াৰ বাবে হয়তো উৎকৃষ্ট।


     কিন্তু ক'বতো নোৱাৰি, বিয়াৰ আগতে ল'ৰাই যি ৰঙেই নেদেখুৱাওক কিয়, বিয়াৰ পিছত ৰংবোৰ সলনি হওঁতে নো কিমান সময় লাগে!!


বিয়া

     পাঁচবছৰ আগতে বোবা ছোৱালী এজনীৰ প্ৰেমত পৰি, ঘৰৰ অমতত বিয়া কৰাইছিল সত্যৱতী দেৱীৰ ডাঙৰ ল'ৰা প্ৰান্তিক শৰ্মাই। পিতৃহীনা তনয়া আৰু মাকক মোমায়েকৰ ঘৰ খনে বৰ আদৰত ৰাখিছিল। 


     প্ৰান্তিক-তনয়াৰ প্ৰেমৰ সম্পৰ্কটোত সন্মতি দি, তনয়াৰ হাত খন প্ৰান্তিকৰ হাতত তুলি দি চিৰদিনলৈ চকু মুদিছিল তনয়াৰ মাকে।



মৃত্যু


     কাৰোবাৰ মৃত্যুৱেও দায়িত্বৰ মেৰপেছত বৰ জটিল ভাবে বান্ধিব পাৰে কাৰোবাক।


      মাক-দেউতাকৰ বৰ আদৰৰ ল'ৰা প্ৰান্তিকৰ বাবে, এতিয়া তনয়াক বিয়া কৰোৱাটোৱেই যেন জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছিল।


     হাহাকাৰ কৰি উঠিছিল প্ৰান্তিকৰ দেউতাকে। তনয়া ৰাভাক কোনোপধ্যেই ঘৰৰ বোৱাৰী কৰিব পৰা নাযায়। সেয়া অসম্ভৱ।


অসম্ভৱ এই বিয়া

      শ্ৰাব্যশক্তি থাকিলেও, বাক শক্তিহীনা ছোৱালী জনীক ঘৰৰ ডাঙৰ বোৱাৰী কৰি অনা কথাটোৱে যেন জুই জ্বলাইছিল গোটেই ঘৰ খনত।


     বয়স নো কিমান হৈছিল প্ৰান্তিকৰ!

     খুব বেছি পঁচিছ বছৰ।



এতিয়াই ছোৱালী চপোৱাৰ কথা ?


     প্ৰান্তিকৰ তলত সৰু ভনীয়েক আৰু ভায়েক জনে তেতিয়াও পঢ়া-পাতি শেষ কৰাই নাছিল। তিনিওটা সন্তানৰে কেৰিয়াৰৰ কথা আছে। সৰু দুজনৰ পঢ়ুৱৈ মগজুত এইবোৰে কি প্ৰভাৱ পেলাব!!


: যদি, তই সেই বোবা ছোৱালী জনীক পাহৰিব নোৱাৰ তেন্তে আজিয়েই ওলাই যা মোৰ ঘৰৰ পৰা।


তোৰ দৰে পাগল প্ৰেমিক এটাৰ দেউতাক হিচাপে মই সমাজত পৰিচয় দিব নোৱাৰো।


আজিৰ পৰা মোৰ দুটাকৈ সন্তান। এজনী ছোৱালী, এজন ল'ৰা।


আজিৰ পিছত ভাবিম, তই মোৰ বাবে মৰি গ'লি।


সঁচাকৈয়ে মৰি গ'ল ল'ৰাটো ।

     তনয়াৰ লগত সংসাৰ পাতি ভাড়াঘৰ এটা লৈ বহু কষ্টেৰে ছমাহ কটাইয়ে মৰি গ'ল। এদিন চলাই থকা বাইক খনৰ পৰা ডাম্পাৰ ট্ৰাক এখনে মহটীয়াই টানি লৈ গৈ মাৰি পেলায় ল'ৰাটোক।


     তনয়াৰ শিৰৰ পৰা প্ৰান্তিকৰ নামৰ সেন্দুৰ খিনি নিমিষতে উটি যায়। সত্যৱতী দেৱীয়ে খবৰটো পাই লৰ দিয়ে ভাড়া ঘৰটোলৈ।


ঘৰৰ প্ৰথম বোৱাৰীৰ প্ৰথম দৰ্শন এয়া এগৰাকী শাহুৱেকৰ।


আহ, সহ্য নহয় !

     পুতেকৰ নামৰ সেন্দুৰ অতাই, শুভ্ৰ বসনত ভিজা খোলা চুলিৰে-চকুৰে টুপটুপাই পানী সৰাই, তনয়াই বাউলি হৈ সোমাই পৰিছিল শাহুৱেক সত্যৱতী দেৱীৰ বুকুৰ মাজত।


     আপোনজনক হেৰুওৱাৰ যন্ত্ৰণাত চিঞৰি চটফটাই থকা তনয়াৰ মুখেৰে এবাৰলৈ হ'লেও প্ৰান্তিকৰ নামটো নুফুটিল।


পা... পা... কৈয়েই মাটিয়ে-পকাই বাগৰি বাগৰি চিঞৰি থাকিল। নাই, আৰু চাই থাকিব নোৱাৰি।



চাই থাকিব নোৱাৰি !

     তনয়াৰ মোমায়েক আৰু মামীয়েকৰ আগত হাত যোৰ কৰি, সত্যৱতী দেৱীয়ে ঘৰলৈ লৈ আহিল ঘৰৰ লখিমী জনীক।


     নিজৰ দেহাটোক এদিন সন্তানে মুখাগ্নি কৰিব বুলি হেঁপাহ পুহি ৰখা দেউতাক এজনে, যেতিয়া সেই পুতেকৰে চিতাৰ জ্বলা জুইকুৰা দুচকুত প্ৰজ্বলিত কৰি ঘৰ আহি সোমোৱা গাভৰু বোৱাৰীয়েকৰ উকা জীৱনটো দেখি শুনি... লাহে লাহে ঘৰৰ পৰিবেশটো অসহ্যকৰ হৈ আহিছিল মানুহ জনৰ বাবে।


     কিছুমান কথা পাহৰিব খুজিলেই তো পাহৰিব নোৱাৰি!! যেনেকৈ পাহৰিব পৰা নাছিল প্ৰান্তিকক দেউতাকে শেষ বাৰৰ বাবে দিয়া কৰ্কশ মাতষাৰ।


"ভাবিম, তই মোৰ বাবে মৰি গ'লি"


     কথাষাৰ ভাবি ভাবিয়েই, প্ৰান্তিক যোৱাৰ এবছৰ পিছত সেই বাটে দেউতাকেও চিৰ বিদায় মাগিলে।


জীয়ৰীৰ বিয়া ।

     প্ৰান্তিক আৰু দেউতাকৰ অভাৱ খিনি সময়ৰ সোঁতত কোব খাই খাই ক'ৰবাত ধূসৰ হোৱাৰ সময়তে, একমাত্ৰ জীয়ৰী ভাৰ্গবীৰ বিয়া খন আহিল।


     ননন্দ হ'লেও এজনী অন্তৰংগ বান্ধৱীৰ বিয়াৰ পিছত পুনৰ বাৰ অকলশৰীয়া হৈ পৰে মুকবধিৰ তনয়া। তথাপি তনয়াৰ সাহস, মৰম, আশীষ হৈ সদায় ছাঁটোৰ দৰে লাগি থাকে সত্যৱতী দেৱীয়ে।


     সৰু পুতেক সম্ৰাটেও ইতিমধ্যে ইঞ্জিনীয়াৰিংৰ পঢ়া শেষ কৰি নতুন দিল্লীত ভাল চাকৰি এটাত সোমাই তাতেই থাকিবলৈ লৈছে।


     এতিয়া ঘৰখনত একেবাৰে অকলশৰীয়া দুয়োজনী শাহু-বোৱাৰী। মাজে মাজে ভাৰ্গবীয়ে আহি থাকে যদিও, এতিয়া তাইও কণমানি কুঁহিৰ মাক। মাকৰ ঘৰখনক সময় দিবলৈ সময়ৰ অভাৱ। কিন্তু, সত্যৱতী দেৱীয়ে!!



বুঢ়াকালত সংগীৰ অভাৱ ।

     সত্যৱতী দেৱীয়ে বুঢ়াকালত সংগীৰ অভাৱ বুলিয়েই যে তনয়াক নিজৰ ভৱিষ্যতৰ লাখুটি কৰি ৰাখি তাইৰ জীৱন-যৌৱনৰ ওপৰত অভিশাপ হৈ ৰব... তেনে নহয়।



তেনে হ'ব দিব নোৱাৰি !

     পিন্ধন-উৰণ, চাল-চলনত নিজৰ ছোৱালীৰ নিচিনা ৰখা দীপলিপ তনয়াক দূৰৰ পৰাই দেখিয়ে মুগ্ধ হোৱা ল'ৰাটোৰ বিষয়ে অলপ জানিবলৈ মন গৈছিল সত্যৱতী দেৱীৰ।


     সেয়ে তনয়াৰ অজ্ঞাতে, যোৱা ডেৰমাহ ধৰি সেই মাধুৰ্য্য নামৰ ল'ৰা জনৰ লগতেই যিমান পাৰে সিমান অন্তৰংগ হ'ব বিচাৰিছে সত্যৱতী দেৱীয়ে। ঘৰত, বজাৰত, পাৰ্কত, চিনেমা হ'লত… মুঠতে ল'ৰা জনক সম্পূৰ্ণকৈ তেওঁ বুজি লৈছে। 


     আনকি মাধুৰ্য্যৰ অজ্ঞাতে যোৱা সপ্তাহত তাৰ নিজৰ ঠাই মঙলদৈলৈ গৈ ঘৰ-পৰিয়াল, বন্ধু-বৰ্গ, ভাল-গুণ, বেয়া-দোষ সকলোৰে বিশদ অধ্যয়ন কৰি আহিছে সত্যৱতী দেৱীয়ে।


"ল'ৰা জনৰ লগত এনেকৈ ঘূৰি ফুৰিলে,

মানুহে বেয়া বুলিব, বোলক।

তনয়াৰ তো ভাল হ'ব...


মানুহে চৰিত্ৰহীনা বুলি কব,

কওঁক।


অন্ততঃ এজন সৎ চৰিত্ৰবান

ল'ৰাৰ লগত মোৰ তনয়া আই

জনীয়েতো জীৱনটো জীয়াব পাৰিব!"


     ইতিমধ্যে মাধুৰ্য্যই, তনয়াৰ বাক অক্ষমতাৰ বিষয়ে সকলো জানিও আঁকোৱালি ল'বলৈ সাজু। সাজু হৈছেহি তাৰ মুকলি চিন্তা ধাৰাৰে সজীৱ ঘৰ খনেও।


কিন্তু, তনয়াই ?

     আগতে কেতিয়াবা শাহুৱেকে তাইক আন কাৰোবাৰ লগত বিয়া দিম বুলি ক'লে, তাই মাথোঁ এটা কাৰণতে আপত্তি কৰে। তাই কাহানিও মমতাৰ সাগৰ শাহুৱেকক এৰি আন এঘৰলৈ যাবলৈ নিবিচাৰে। 


     মাকে দুই লাখকৈ টকা বিচাৰিছে জীয়েক আৰু সৰু পুতেকৰ পৰা।


     টকাৰ নাম লোৱাৰ লগে লগে, মাকক অসভ্য আচৰণ কৰি, অশ্ৰাব্য অপবাদ দি একপ্ৰকাৰ খেদি আহিছে একমাত্ৰ জীয়েক ভাৰ্গবীয়ে।



হ'লে কি হব ?

মাকে সন্তানক ক্ষমা কৰেই,

মাক যে সদায় মাকেই হয়।



ভুলৰ স্বীকাৰ ।

     : মা, মোৰ ভুল হৈ গ'ল ও, একো নভবা নিচিন্তাকৈয়ে তোক ইমান কথা শুনালো।


     তই বিচাৰিছ যদি সেয়াই হওক। তনয়াক মই সৈমান কৰাম। মই বুজালে তাই বুজিব।


     হব দে, তই যে মোৰ আৰু ভাইটিৰ পৰা দুই লাখকৈ টকা খুজিছ... আমি বাৰু দিম। পিছে সেইখিনি টকা তনয়াৰ নামতেই বেংকত ফিক্স কৰি থৈ দিবি।


     আৰু মা, তই নিচিন্ত হৈ থাক। তনয়াৰ বিয়া খনত দৰা ঘৰৰ মান-মৰ্য্যদা ৰাখি যিমান ভালকৈ পাতিব পাৰি আমি পাতিম দে মা।


দ্বিতীয় বিয়া ।

     আজি তনয়া ৰাভা শৰ্মাৰ, মাধুৰ্য্য কটকীৰ লগত বিয়া।


    ৰঙা পাটৰ কাপোৰ সাজ আৰু সোণৰ গহনাৰে জকমকীয়া কইনা জনীক চাই, চকু নৰোৱা মানুহ নাই।


     দৰাৰ সাজত তনয়া ইমান যে ধুনীয়া দেখাইছে, হেৰোৱা প্ৰান্তিকেই যেন মাক সত্যৱতীৰ ভৰি চুই নতুন জীৱনৰ পাতনি মেলিছে।


     সঁচাকৈয়ে অস্তাচলত যেন হেৰাই যাবলৈ ওলোৱা বিয়লিৰ বেলিৰ উজ্বল মৰম খিনিৰে আজি ৰাঙলী হৈ পৰিছে সত্যৱতী দেৱী। 



বিয়াৰ পাছত ।

     বহুতেই কয়, বিয়াৰ পাছত স্বামী-স্ত্ৰীৰ মৰমবোৰ ক্ৰমান্বয়ে শূণ্য হৈ পৰে। কিন্তু তনয়া-মাধুৰ্য্যৰ মৰম-ভালপোৱা বোৰ কোনোদিনে কমি নগ'ল।


     স্বামী-স্ত্ৰীৰ ভালপোৱাই নতুন নতুন গঁজালি মেলিয়ে থাকিল কিন্তু শূণ্য হৈ নপৰিল।


     তনয়া-মাধুৰ্য্যৰ মাজত না দুয়োৰে কেতিয়াবা ডাঙৰ কাজিয়া হ'ল, না মৰম বোৰ কমি গ'ল। সকলোবোৰ ঠিকেই চলি থাকিল।...


সমাপ্ত…...



Follow on- INSTAGRAM

আধৰুৱা স্মৃতি -

এগৰাকী নাৰীৰ জীয়া কাহিনী -

অস্তাচলত ভালপোৱাৰ গান -

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment