সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | খণ্ড ৬ | Surja Phoolar Dekholoi | Sad Assamese Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | খণ্ড ৬ | Surja Phoolar Dekholoi | Sad Assamese Novel



সূৰ্যফুলৰ দেশলৈ


| খণ্ড ৬ |

     হেণ্ডবেগটো খুলি হাতত থকা পইচাকেইটা হিচাপ কৰিলোঁ। চাৰিখন পাঁচশ টকীয়া আৰু দুখন এশ টকীয়া নোট বেগটোত সোমাই আছিল। 


     এপাকত বেগটো বিছনাৰ ওপৰতে লুটিয়াই দিলোঁ। জানোচা মই গম নোপোৱাকৈয়ে চুকে কোণে ৰৈ গৈছে আৰু কেইটামান টকা! কেইটামান দুটকীয়া আৰু এটকীয়া খুচুৰা পইচা বিছনাত পৰি ৰ'ল।


     সেই টকা বাইশ শ মই পাঁচবাৰ মান হিচাপ কৰিলোঁ। যেন বাৰে বাৰে হিচাপ কৰিলে প্ৰতিবাৰ হিচাপত বাঢ়িহে যাব টকাকেইটা।


     প্ৰতিটো হিচাপতে মনলৈ আহিছিল ঘৰভাড়াৰ কথা, প্ৰতিটো হিচাপত চাই পেলাইছিলোঁ প্ৰায় খালি হৈ পৰা চাউল দালিৰ টেমাবোৰলৈ। পাচলি থোৱা প্লাষ্টিকৰ খৰাহীটোলৈ চাই দেখোঁ চাৰিটামান আলু, দুটা নে তিনিটা কণী, দুটা পিয়াজৰ লগতে পটল কেইটামান আছিল।


     বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ চালোঁ। আজি আঠাইশ তাৰিখ। প্ৰতিমাহৰ সাত তাৰিখৰ ভিতৰত আদায় দিব লাগে ঘৰভাড়া।


     আজি এবছৰে প্ৰতি মাহৰ সাত তাৰিখৰ আগতেই মই ঘৰৰ মালিকৰ হাতত তুলি দিছোঁ বাৰশ টকা।


     কোনোদিনেই মোক ভাড়াৰ বাবে একো ক'বলগীয়া হোৱা নাই যদিও আনকেইটা কোঠাৰ আবাসীসকলক সাত তাৰিখ পাৰ হোৱাৰ পিছতেই বাৰে বাৰে ভাড়াৰ বাবে তাগিদা দিবলৈ অহা মই বহুবাৰ দেখিছোঁ। যি কথা মোৰ খুবেই অপ্ৰিয়। কেৱল এই ক্ষেত্ৰতে নহয়। যিকোনো কাম এটাৰ বাবে বাৰে বাৰে তাগিদা দিবলগীয়া হ'লে মই অত্যন্ত লাজ পাওঁ। 


      ভাড়াৰ কথাটো মনলৈ অহাৰ লগে লগে বেগটোৰ পৰা দুখন পাঁচশ টকীয়া আৰু দুখন এশ টকীয়া নোট উলিয়াই তুলিখনৰ তলতে সুকীয়াকৈ ভৰাই ৰাখিলোঁ। যাতে বাকী থকা এহেজাৰ টকাৰে মই যেনেতেনে চলি হ'লেও সময়মতে আদায় দিব পাৰো ভাড়াৰ টকাকেইটা।


     আজি ক'তো মোৰ ইণ্টাৰভিউ দিবলৈ যাবলগীয়া নাছিল। যোৱা পোন্ধৰদিনে গুৱাহাটীৰ প্ৰায় আটাইকেইটা সংবাদ মাধ্যমলৈকে মই গৈছোঁ। আনকি কোনোবাটোলৈ কেতিয়াবা দুবাৰকৈও গৈছোঁ। গতিকে কোনো এটা এনেকুৱা ঠাই এতিয়া বাকী নাছিল য'লৈ আকৌ এবাৰ মই যাব পাৰোঁ।


     প্ৰতিটো অফিচৰ পৰা ওলাই আহি অন্ততঃ মই ইমানখিনি অনুমান কৰি পেলাব পৰা হৈছোঁ, যে আজি বা কাইলৈ নালাগে এক দুই মাহলৈকো কোনোটো অফিচৰ পৰা এটা ভাল খবৰ আহিব পৰা আশা নাই। 


     কিন্তু মোক যে এতিয়া এটা চাকৰিৰ খুবেই প্ৰয়োজন। এমাহ দুমাহ দূৰৰ কথা, চাকৰি এটাৰ অবিহনে আৰু এসপ্তাহো কটাব পৰা অৱস্থা এটাত বৰ্তমান মই নাই।


     কোনোবা এটা সংবাদ মাধ্যমে

     মোক মাতিব বুলি অপেক্ষা কৰি বহি থাকিব

     মই কোনোপধ্যেই নোৱাৰোঁ।


     হঠাৎ মোৰ মনলৈ আহিল গুৱাহাটীৰ যিকোনো এটা কোম্পানীত চাকৰি এটা বিচৰাৰ কথা। অন্ততঃ কোনোবা এটা সংবাদ মাধ্যমৰ পৰা এটা খবৰ অহালৈকে!


     কথাষাৰ ভাৱি পিছমুহূৰ্ততে আকৌ নিজকে সুধিলোঁ-


"মই ঠিকেই আছোঁ নে? কেনেকৈ আহিল মোৰ মনলৈ এই চিন্তা?" 


      বুজা হোৱাৰে পৰা, নিজাকৈ সপোন এটা দেখিবলৈ শিকাৰে পৰা সংবাদ মাধ্যমৰ চাকৰিৰ বাহিৰে বেলেগ চাকৰিৰ সপোন যে মই কেতিয়াও দেখিবলৈ শিকাই নাই। আনহে নালাগে কোম্পানীবোৰত কেনেকৈনো চাকৰি এটাৰ বাবে আবেদন কৰে তাৰো স্পষ্ট ধাৰণা এটা মোৰ নাই। 


      জাৰ্নেলিজম পঢ়িবলৈ গুৱাহাটীলৈ গুচি অহাৰে পৰা কলেজৰ বন্ধবোৰতো মই বায়'ডাটা দি থৈ আহিছিলোঁ বিভিন্ন সংবাদ মাধ্যমত। 


      মহানগৰীৰ ৰাস্তাৰ কাষৰ টেবুলত সজাই থোৱা শাৰী শাৰী চৰকাৰী চাকৰিৰ লোভনীয় বিজ্ঞাপনেও কোনোদিনেই মোক আকৰ্ষণ কৰা নাছিল। টেবুলত বহি ফাইলত ব্যস্ত হৈ পৰা বিয়াগোম বিষয়া একোজন হোৱাতকৈ ৰ'দে বৰষুণে চেনেলৰ বুম এটা লৈ খবৰ সংগ্ৰহ কৰি ফুৰা ছোৱালী এজনী হোৱাৰহে সপোন সদায় দেখি আহিছিলোঁ মই।


      সপোন দেখিছিলোঁ জুপিতৰা বাহঁতৰ দৰে টেলিভিছনৰ পৰ্দাত বাতৰি পঢ়াৰ। আৰু আজি সেইজনী ছোৱালীয়েই দিশহাৰা হৈ ভাৱি পেলাইছোঁ যিকোনো চাকৰি এটাৰ বাবে কোম্পানী এটাত ইণ্টাৰভিউ দিয়াৰ কথা। 


     জীৱনে মানুহক ক'ৰপৰা আনি

     ক'ত থেকেছা মাৰি পেলাই থৈ যায়হি??

     সেয়াটো কোনেও নাজানে_____


     _____য'ৰপৰা মূৰ দাঙি উঠিবলৈ আমি কাষত যিহকে পাওঁ তাকেই খামুচি লবলৈ বাধ্য হৈ পৰো। 


     হঠাৎ মোৰ মনত পৰিল কেইদিনমানৰ আগতে কথা প্ৰসংগত দেৱাশ্ৰী বায়ে সিহঁতৰ অফিচত পদ এটা খালি হোৱাৰ কথা কোৱা। কি চাকৰি, কি কথা একোৱেই নাজানোঁ। কিন্তু কথাটো মনত পৰাৰ লগে লগে দেৱাশ্ৰী বাৰ কোঠালৈ বুলি উঠি আহিলোঁ মই। 



     ৰাতিপুৱাৰ ন বাজিছিল। আধা ঘণ্টাৰ পিছতেই দেৱাশ্ৰীবা অফিচলৈ ওলাই যাব। মই লৰালৰিকৈ তাইৰ কোঠাৰ দুৱাৰত টোকৰ দি মাত দিলোঁ


: বা..মই কৃষ্ণাক্ষী।


: আহাঁ।


      দুৱাৰখন কেৰেচিয়াকৈ খোল খাই আছিল। দেৱাশ্ৰী বায়ে 'আহাঁ' বুলি কোৱাৰ লগে লগে দুৱাৰখন ঠেলি সোমাই গ'লো মই। কমলাৰঙী কুৰ্তী এটা পিন্ধি অফিচলৈ যাবলৈ সাজু হৈ আছিল তাই। চকুত কাজল বুলাই আইনাখন চাই বহি থকা তাইক একো কথাৰ অৱতাৰনা নকৰাকৈ সুধিলোঁ


: বা তোমালোকৰ অফিচত যে পোষ্ট এটা খালি হোৱাৰ কথা কৈছিলা, এতিয়াও আছে নেকি?


      চকুৰ তলৰ পতাখন টানি কাজলডাল বুলাবলৈ লৈ সেই ভাঁজতেই মোলৈ চাই বায়ে কৈ উঠিল


: কালি ছোৱালী এজনীয়ে সেইটো পোষ্টত জইন কৰিলে নহয়! তুমি মোক আগতেই ক'ব লাগিছিল।


     মই মনে মনে ৰ'লো। 


      হয়তো! কেনেকৈনো জানিব তেওঁ? তেওঁহে নালাগে… দহ মিনিটৰ আগলৈকে মই নিজেই  কেতিয়াও ভৱা নাছিলো জীৱনত সংবাদ মাধ্যমৰ বাহিৰে বেলেগ এটা চাকৰি কৰাৰ কথা।


        সেয়ে হয়তো দেৱাশ্ৰী বায়ে চাকৰি এটা খালি হোৱাৰ কথা কওঁতেও মই এবাৰলৈও চাকৰিটোৰ বিষয়ে উৎসুক হোৱা নাছিলোঁ। এবাৰলৈও ভৱা নাছিলোঁ চাকৰিটোত এবাৰ এটা ইণ্টাৰভিউ দি চোৱাৰ কথা।


      ওলাই আহিলোঁ দেৱাশ্ৰী বাৰ কোঠাটোৰ পৰা। চকু পৰিল চোতালত উলিয়াই ৰখা ওপৰ মহলৰ ভাড়াকোঠাৰ ছোৱালীজনীৰ স্কুটিখনত।


     স্কুটিখনৰ আগফালৰ লাইটটোৰ তলতে ডাঙৰকৈ ৰঙা আখৰেৰে 'প্ৰেছ' বুলি লিখি থোৱা অংশটোলৈ চকু গ'ল। নতুনকৈ চৌহদটোলৈ অহা ছোৱালীজনীয়ে এদিন চিনাকী হওঁতে বাতৰি কাকতৰ অফিচ এটাত তাই চাকৰি কৰাৰ কথা কৈছিল।


     স্কুটিখন উলিয়াই বাহিৰত থৈছে যেতিয়া তাই চাগৈ অফিচলৈ যাবলৈ ওলাইছে। ভাৱ হ'ল,


"তাইকোতো মই এবাৰ সুধি চাব পাৰোঁ চাকৰি এটাৰ বিষয়ে!" 


       কথাষাৰ মনলৈ অহাৰ লগে লগে বিশেষ একো চিন্তা নকৰাকৈয়ে লৰালৰিকৈ চিৰিৰে উঠি গ'লো। আধা বাট পাওঁতেই  চকুত পৰিল ফোনত কথা পাতি নামি আহিছে তাই।


      ওপৰলৈ উঠি গৈ থকা মোক দেখিয়েই হয়তো বুজিছিল মই যে তাইৰ ওচৰলৈকে আহিছোঁ।  কাৰণ ওপৰ মহলত এটাই কোঠা আছিল। যিটো আছিল তাইৰেই কোঠা।


"অকণমান দেৰিকৈ কল কৰি আছো দেই"  -বুলি  ফোনৰ সিপাৰৰ কাৰোবাক কৈ ফোনটো ৰাখি সুধি পেলালে তাই,


: মোৰ ওচৰলৈকে আহিছিলা নে? ভালে আছা?


     এইবাৰ থতমত খালোঁ মই। একো নভৱাকৈ গুচি আহিলোঁ হয়, কিন্তু কেনেকৈ কওঁ তাইক মই যে তাইৰ ওচৰলৈকে আহিছোঁ? 


       কেনেকৈ কওঁ কেতিয়াও কাৰো ওচৰত বস্তু এটাৰ বাবে হাত পাতি নোপোৱা; আনকি মা আৰু দেউতাকো কোনোদিনেই কিবা এটা বস্তুৰ আব্দাৰ কৰি নোপোৱা মই জনী আজি প্ৰায় অচিনাকী ছোৱালী এজনীৰ ওচৰত চাকৰি এটাৰ খবৰ সুধিবলৈ আহিছো!


      তাইক নহ'লে কৈয়েই পেলাওঁ নেকি মই যে ছাদত বতাহ খাবলৈহে যাবলৈ বিচাৰিছোঁ! নহ'লে কৈ পেলাওঁ নেকি, তাইৰ ওচৰত আজিৰ খবৰ কাকতখন বিচাৰিহে আহিছোঁ বুলি?


     কি কওঁ কি নকওঁ ভাৱ এটাৰে মনে মনে ৰৈ থাকোঁতেই আকৌ সুধি উঠিল তাই,


: মনে মনে ৰ'লা যে কৃষ্ণাক্ষী? কোৱা আকৌ?


       মোৰ নামটো ছোৱালীজনীৰ মনত আছিল। কিন্তু তাইৰ নামটো বৰ চেষ্টা কৰিও মই মনত পেলাব নোৱাৰিলোঁ। যাৰ নামটোৱেই নাজানো, তেওঁৰ ওচৰত মই চাকৰি এটা বিচাৰি আহিছোঁ!!


      ছোৱালীজনীৰ নামটো মনত পেলাব নোৱাৰি নিজলৈকে প্ৰচণ্ড খং উঠিল। মই সুধি পেলালো,


: মোৰ নামটো তোমাৰ মনত আছে?


     এইবাৰ তাই মোৰ মুখলৈ চাই হাঁহি উঠিল। 


: তাৰমানে মোৰ নামটো তোমাৰ মনত নাই? বাৰু নতুনকৈ চিনাকি হওঁ দিয়া। হাই ! মোৰ নাম প্ৰিয়ম্বদা। প্ৰিয়ম্বদা মহন্ত। 


     হাতখন আগবঢ়াই দিলে তাই। মই এইবাৰ বৰ আলফুলে ধৰিবলৈ লৈও সজোৰে চেপি উঠিলোঁ তাইৰ হাতখন।


      প্ৰয়োজনতকৈ অধিক সময় মুঠিত লৈ থাকিলোঁ প্ৰিয়ম্বদাৰ হাতখন। মোৰ অস্থিৰতাৰ কিবা এটা যেন উমান পাইছিল তাই। ঘামি উঠা মোৰ হাতখন মুঠিৰ পৰা উলিয়াই মোৰ কান্ধত মিহি চাপৰ এটা মাৰি কৈ উঠিল,


: এই! আৰ ইউ অ'কে? কৃষ্ণাক্ষী, ঠিকেই আছা নে তুমি?


     এইবাৰ মই তাইক মুহূৰ্ততে সুধিলোঁ,


: এটা চাকৰি হ'ব নেকি তোমাৰ অফিচত? সৰুকৈ হ'লেও!


: চাকৰি? চাকৰি এটাতো তুমি কৰি আছিলা!


: মই মোৰ চাকৰিটো সলাবলৈ বিচাৰিছোঁ প্ৰিয়ম্বদা। কিবা পদ খালি আছে নেকি তোমালোকৰ অফিচত?


      সোঁৱে বাঁৱে মূৰ জোকাৰি কৈ উঠিল তাই,


: নাই অ' ! নতুন খবৰ কাকত। লগাতকৈ বেছিহে মানুহ আছে। পোষ্ট এটা আছে, এতিয়া নালাগে। অহা ছমাহলৈও খালি হোৱাৰ আশাই ক্ষীণ। 


      ঢিমিক ঢামাককৈ জ্বলি থকা শেষ

      আশাখিনিও যেন নোহোৱা হৈ থাকিল।


      মুখেৰে ধন্যবাদ সূচক কিবা এটা বিৰবিৰাই নামি আহিলোঁ মই। মোৰ পিছে পিছে তায়ো নামি আহিল। নামি আহোঁতে মোক উদ্দেশ্যি কৈ কৈ আহিল,


: পৰাপক্ষত চাকৰি সলাবলৈ নিবিচৰাই ভাল জানানে। মেডিয়া হাউচ বোৰত চাকৰি বৰ কমকৈ ওলায়। কিবা এটা পাই নোলোৱাকৈ যে আগৰটো কেতিয়াও এৰি নিদিবা। 


       মই তাইলৈ চাই মুৰ দুপিয়াই হাঁহি এটা মাৰিবলৈ চেষ্টা কৰিছিলোঁ। তাই হেলমেটটো পিন্ধি থাকিয়েই মোলৈ চাই হাঁহি পেলালে।


      সঁচাকৈয়ে যদি কথাটো প্ৰিয়ম্বদাক কোৱাৰ দৰে হ'লহেঁতেন! সঁচাকৈয়ে যদি মোৰ হাতত এটা চাকৰি থাকিলেহেঁতেন আৰু মই সলাবলৈ মন গৈছে বাবেহে বিচাৰি ফুৰিলোঁহেঁতেন আন এটি চাকৰি! 


      কিন্তু মোক যে উলিয়াই দিয়া হৈছে।

      বন্ধ কৰি দিয়া হৈছে সেই ঠাইলৈ

      দুনাই যাব পৰা সমস্ত দুৱাৰ।


      বৰ অসহায় অনুভৱ কৰিছিলোঁ মই। ইমানেই বেছি অসহায় লাগিছিল যে কোনোফালেই একো বাট নেদেখা হৈছিলোঁ। ইমান ডাঙৰ মহানগৰী খনত মোৰ বাবেহে এটা চাকৰি নোলাব লাগে নে? 


      ক'ত জানো পঢ়িছিলোঁ, মহানগৰে কাকো নিৰাশ নকৰে। মহানগৰীয়ে যাদুৰ কাঠিৰে চুই সকলোৰে আঁচলত আঁকি দিব জানে সুখৰ ঠিকনা!!


      কিন্তু মোক?

      মোৰ সুখবোৰ ক'ত?


     মই যে আজি বৰ আন্ধাৰ দেখিছোঁ সেই কথা বাৰু এই ৰঙীন মহানগৰীয়ে জানে নে?


       হঠাৎ চকু পৰিল চোতালত পৰি থকা আজিৰ খবৰ কাকত খনলৈ। হয়তো ভিতৰলৈ নিবলৈ সময় পোৱা নাছিল কোনেও।


      কাকতখন নিজৰ কোঠালৈ লৈ আনিলো মই। খুব খৰকৈ লুটিয়াই বিচাৰিলো এটি চাকৰিৰ বিজ্ঞাপন। পাত্ৰ পাত্ৰীৰ আৱশ্যক, ভাড়াঘৰ, খালি গাৰ্লছ হোষ্টেলৰ বিজ্ঞাপনবোৰৰ তলতেই থকা এটা বিজ্ঞাপনলৈ চকু গ'ল মোৰ। 


      কোনোবা কোম্পানীত মেনেজাৰৰ আৱশ্যক। বয়স হ'ব লাগিব ওঠৰৰ পৰা পঁচিশ বছৰৰ ভিতৰত। দৰমহাৰ উপৰিও দিয়া হ'ব আকৰ্ষণীয় ইছেন্টিভ। বিজ্ঞাপনটোৰ তলত এটা ফোন নম্বৰো উল্লেখ কৰা আছিল।


       মই খৰধৰকৈ নম্বৰটো ডায়েল কৰিলোঁ।

সস্তীয়া হিন্দী গীতৰ কলাৰ টিউন এটাৰে ফোনটো বাজি উঠিল। সিপাৰে এক পুৰুষ কণ্ঠ,


: হেল্ল'...


      খপজপাই উঠিলোঁ মই


: ছাৰ এটা এড দেখিছিলোঁ চাকৰিৰ বাবে। কেতিয়া আছে বাৰু ইণ্টাৰভিউ?


: এতিয়াই আহিব পাৰে। আমাৰ ইণ্টাৰভিউ চলি আছে। আপুনি এঘাৰ বজাৰ ভিতৰত আমাৰ অফিচ পোৱাকৈ আহিব। মই এইটো নম্বৰতে এড্ৰেচটো পঠিয়াই আছোঁ।


      মানুহজনে অনা অসমীয়া মানুহৰ দৰে ভঙা ভঙা অসমীয়াৰে কথাকেইটা কৈ ফোনটো ৰাখি থ'লে। আৰু অলপ সময়ৰ পাছতে মোৰ মোবাইলত জিলিকি উঠিল এটা মেছেজ। 


      এড্ৰেচটোৰ সৈতে কোম্পানীটোৰ নামো পঠিয়াইছিল তেখেতে। জিলিকি আছিল এটা নাম,



"হেপী ইণ্ডিয়া ডট কম।"


      নামটোলৈ চাই থাকিলোঁ কিছুপৰ। কেতিয়াও এনেকুৱা নামৰ অফিচ এটা দেখাতো বাদেই, শুনাৰ কথাও মোৰ মনত নপৰে।


      কিহৰ অফিচ? কি কথা? মই একোৱেই নুসুধিলোঁ। কিন্তু সিদ্ধান্ত ল'লো ইণ্টাৰভিউটো দিবলৈ যোৱাৰ। 


       আইনাখনৰ সন্মুখলৈ উঠি গ'লো।

অনুষ্ঠান এটা আৰম্ভ হোৱাৰ আগত টিভিত কোৱাৰ দৰে কৈ পেলালো,


: নমস্কাৰ। 'হেপী ইণ্ডিয়া ডট কম'লৈ

আপোনালোক সকলোকে স্বাগতম জনাইছোঁ।

ষ্টুডিওত মই কৃষ্ণাক্ষী বৰুৱা।...



      কাকতখন লৈ লৰালৰিকৈ ভিতৰলৈ আহোঁতে দুৱাৰখন খোল খাই থাকিল। দুৱাৰৰ চুক এটাৰ পৰা মেকুৰী এটাই চুপি চুপি চাই আছিল ভিতৰলৈ।


      কিয় জানো বৰ অকলশৰীয়া লাগিছিল মোৰ। মেকুৰীটোক দেখি যেন মই সকাহ পাইছিলোঁ। এতিয়া অন্ততঃ কোঠাটোত মোৰ বাহিৰেও কোনোবা এটা আছিল। মেকুৰীটো গুচি যায় বুলি মই বৰ সন্তৰ্পনে খোজ দিলোঁ কোঠাটোত।


      সি নগ'ল। এইবাৰ তালৈ চাই মই কৈ উঠিলোঁ,


: ঐ মেও মাইনা! গম পাইছ নে মই যে আজি এটা চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যাম!!


       জিভাখনেৰে কোৱাৰীটো চেলেকি সি যেন অভিনন্দন জনালে; মোৰ নতুন চাকৰিৰ সন্ধান কৰিবলৈ।


       দুৱাৰখন বন্ধ কৰি মজিয়াত চিৎ হৈ শুই পৰিলোঁ। মই যেন উশাহ ল'ব নোৱাৰা হৈ আহিছিলোঁ। এইবাৰ লাহে লাহে পিন্ধি থকা ফ্ৰকটোৰ বুকুৰ বুটামত হাত দি এটা এটাকৈ গোটেই কেইটা খুলি দিলোঁ।


      বন্ধ বুটাম কেইটা খুলি দি যেন মই উশাহবোৰ বুকুলৈ আহিবলৈ এটা ৰাস্তা মুকলি কৰি দিছিলোঁ।


      উন্মুক্ত হৈ পৰা বুকুখনত খৰকৈ হাত ফুৰালোঁ।

      আৱেগ নামৰ একো বস্তুৱেই আৰু বুকুখনত

      বাকী থকাগৈ নাছিল। 


      কাষতে পৰি থকা মোবাইলটো টানি আনিলো। মজিয়াৰ ধূলিত লাগি কেঁচকৈ এটা শব্দ হ'ল। মোবাইলটোত বাৰু স্ক্ৰেট্‌চ পৰিল নেকি? চোৱা নহ'ল। মেছেজ বক্সটো খুলি নামটো আকৌ এবাৰ পঢ়ি পেলালোঁ,


"হেপী ইণ্ডিয়া ডট কম"


(আগলৈ...)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]




পঞ্চম খণ্ডৰ লিংক -

সপ্তম খণ্ডৰ লিংক -

             Read Now :

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী

সপ্তম খণ্ডৰ লিংক -

             Read Now :


সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
The Lesson Of Story
কৃষ্ণাক্ষী বৰুৱা
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment