বেশ্যা | অঞ্জনাৰ কি হল শেষত | এটি দুখৰ জীয়া কাহিনী | দশম খণ্ড | Besya by Anjana | Assamese Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অঞ্জনাৰ কি হল শেষত | এটি দুখৰ জীয়া কাহিনী | দশম খণ্ড | Besya by Anjana | Assamese Novel


বেশ্যা -

ধাৰাবাহিক উপন্যাস

     এসপ্তাহ হ'ল অজয় অহা নাই আশ্ৰমলৈ। সি ফোন কৰি জনাম বুলি কৈছিল কেতিয়া লগ কৰিব লাগে। কিন্তু ফোন কৰা নাই আজিলৈকে। পাহৰিলে চাগে, হয়তো অফিচৰো ব্যস্ততা বাঢ়িব পাৰে; বুজনি দিলে তাই মনটোক।


"অঞ্জনা ফোন আহিছে তোমাৰ।"


"কোনে কৰিছে?"


"ছাৰে বিচাৰিছে তোমাক।"


     আশ্ৰমৰ অল্পভাষী আচল নাম কাবেৰী। মুখামুখি হ'লে মৃদ্যু হাঁহি এটা মৰাৰ বাহিৰে তাই কাৰোৱেই লগত খোলাকৈ কথা নাপাতে। সেয়ে আশ্ৰমত অল্পভাষী বুলিয়ে সকলো ছোৱালীয়ে ধেমালিতে ঠাট্টা কৰে, অৱশ্যে কাবেৰীও সেই ঠাট্টাৰ মূল বুজে।


     দিনৰ বেছিভাগ সময় কিতাপ পঢ়াতে ব্যস্ত হৈ থাকে তাই। কিন্তু কথাবোৰ কাবেৰীয়ে বৰ ধুনীয়াকৈ খাপ খুৱাই ক'ব জানে। কব গলে যি ল'ৰাই তাইৰ লগত কথা পাতিব তাইৰ কথন শৈলীতে প্ৰেমত পৰিব সেইয়া সঁচা। দেখিবলৈও খুব ধুনীয়া।

 

"যোৱা আক' অঞ্জনা, কি হ'লনো আৰু তোৰ। মোৰ ফালেনো ইমানকৈ চাবলৈ কি ওলালে!"


"এনেই তোমাকে চাইচো। এদিন তোমাৰ লগত অকলশৰীয়াকৈ কথা পাতিবৰ মন গৈছে। পাতিবানে?"


"কি কথা হ'বা অকলশৰীয়াকৈ?"


"এনেয়ে দিয়া। পাতিম কিন্তু দেই, না নকৰিবা।"


"বাৰু। এতিয়া যোৱা ছাৰ ৰৈ আছে।"


     অঞ্জনা দৌৰি যোৱাদিয়েই গ'ল। কৰবীয়ে তাইৰ ফালে কিছুসময় চাই থাকিল। এনেতে নীলাই আহি হেচুঁকি দিলে কৰবীক,


"কি হ'ল অ' ভেবা লাগিলা যে!"


"নাই। এই অঞ্জনাক চাইচো ইমান ধুনীয়া তাই।"


"উম সচাঁকৈ।"


"উম, উম।"


"কিন্তু ভগৱানে এফালে দিলে আনফালে নিদিয়ে। ইমান ধুনীয়া অঞ্জনাও আমাৰ দৰে একে নাৱৰেই যাত্ৰী।"


"হয় অৱশ্যে!!"


"এৰা অ, সচাঁকৈ। আমাক জানো কিয় জন্ম দিয়ে; ইশ্বৰেহে জানে। পৰিয়াল, সম্পৰ্ক, ভালপোৱা এইবোৰ আমাৰ বাবে নহয় কৰবী।"


"উপায় নাই। মৰো বুলিলেও যে মৰিব নোৱাৰোঁ আমাৰ দৰে পাপী জীৱবোৰ!"


"হয় দিয়া। তোমাক যে কোনোবা নিবলৈ অহা কথা আছিল নাহে নেকি?"


"ক'ত নো নীলা। আজিকালি সকলো সম্পৰ্ক‌ই স্বাৰ্থপৰৰ চামনি পৰা। কিবা এটা নাপালে ক'তনো নিব মোক।"  -ম্লান হাঁহি এটা মাৰিলে কৰবীয়ে।


"তোমাৰ বৰদেউতা নাছিল জানো তেওঁ?"


"উম, নামতহে!"


"মানে! নিজৰ নহয়?"


"হয়। কিন্তু যিজনে ভটিজী চিনি নাপাই তেওঁকনো কি নিজৰ বুলি কম?"


"তেনেহলে কিয় নিবলৈ আহিছিল তেওঁ?"


"স্বাৰ্থত। মোৰ নামত থকা আমাৰ ঘৰ আৰু মাটিডোখৰ লাগে তেওঁলোকক। তেওঁৰ দৰে নিকৃষ্ট মানসিকতাৰ মানুহ এজনক এই সম্পত্তি মই কেতিয়াও নিদিও।"


"ড'কোমেন্টবোৰ ক'ত আছে?"


"তাতেই আছে, দেউতাৰ সৰু লাইব্ৰেৰী এটা আছে। তাৰেই ড্ৰয়াৰ এটাৰ ফাইলত ভৰাই থোৱা আছে। সেইখিনি ম‌ই ইয়ালৈ লৈ আহিলো বুলি কোৱাৰ বাবে মোক নিয়াৰ কথা কৈছিল। তালৈ গলে মই যে মই হৈ নাথাকো সেইয়া জানো, সেয়ে নাজাওঁ আৰু নিদিও।"


"তোমাৰ চোন মাক-দেউতাৰ সম্পত্তি আছে। তাতেই গৈ থাকিব পাৰা; ইয়াত থকাতকৈ!!"


"বিশ্বাস কৰিবা কথা এটা ক‌ওঁ!"


"কি কথা কোৱা?"


"কাকো নক'বা কিন্তু। অৱশ্যে তুমি নকোৱাই

তথাপি সকিয়াইছো।

বৰতাৰ ফালৰ পৰা এবাৰ প্ৰেগনেণ্ট হৈছিলো মই।"


     কৰবীৰ চকুপানী ওলাল।

কিমান যে কষ্টত দিনবোৰ গৈছিল তাইৰ; তাই বুজাব নোৱাৰে।


     প্ৰতিটো দিনেই তাইৰ বাবে  অভিশপ্ত হৈ পৰিছিল। বৰমাক শিক্ষয়িত্ৰী হোৱাৰ হেতুকে স্কুললৈ যায়গৈ। সৰুটো পুতেকক বৰদেউতাকে ৮.৩০ বজাতে স্কুলত থৈ আহেগৈ। ডাঙৰটো মেছত থাকে, এইবাৰ বি.এ থাৰ্দ চেমিছটাৰ।


     বৰদেউতাকে ঘৰৰ পৰা অলপ দূৰত গেলামালৰ ডাঙৰ দোকান এখন দিয়ে স'লচেলাৰ আৰু ৰিটেইলাৰ দুইটাই। দোকান চাবলৈ এক্সট্ৰা তিনিটা মানুহ থাকে।


     বৰদেউতাক সদায় ১০ মান বজাত আৰু দুপৰীয়া ১ মান বজাত আহি তাইৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ে প্ৰায়েই।


     কৰবীৰ মাক-দেউতাকৰ এটা এক্সিডেন্টত মৃত্যু হৈছিল। বৰদেউতাক থকাৰ বাবে তাই নিজকে সুৰক্ষিত বুলি ভাবিছিল যদিও; সেইয়া হৈ নুঠিছিল।


     প্ৰতিদিনেই শোষণ কৰিছিল তাইক। ক'ৰবালৈ ফুৰিবলৈও ওলাই যাব নিদিয়ে। আনৰ আগত বৰমাকে কয়,


"আমাৰ ছোৱালী নাই যে এইক বৰ্তাকে এপলকো আতঁৰ হ'ব নিদিয়ে।"


     মানুহ জনৰ বেয়া চৰিত্ৰ বৰমাকে দেখা নাছিল, তাইৰো ক'বলৈ সাহস নাছিল। হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ পাছৰ ঘটনা এইবোৰ।


     এমাহ তাই কিমান কষ্টৰে কটাবলগীয়া হৈছিল কোনেও নাজানে। মাহেকীয়া নোহোৱাত তাই বৰমাকক কৈছিল। বৰমাকৰ লগত ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তাই প্ৰেগনেণ্ট।


     বৰমাকে বাৰে বাৰে সোধাতো তাই বৰমাক আৰু বৰদেউতাকৰ বিশ্বাসৰ বান্ধোনটো চিঙি যাব বুলিয়ে মুখ নুখুলিলে। মেছত থকা ককায়েক আহিও তাইক মাৰিছিল ল'ৰাটোৰ নাম সুধি কিন্তু তাইৰ সাহস নহ'ল ক'বলৈ। নকলে কাকো।


     বৰমাকে এবৰছন কৰিবৰ বাবে কিবা টেবলেট আনি দিছিল আৰু তাৰ তিনিদিনৰ পাছত একেৰাহে ১৩ দিন তাইৰ ৰক্তক্ষৰণ হৈছিল। তেতিয়াই তাই সিদ্ধান্ত লৈছিল পলাই গৈ কোনোবা আশ্ৰমত থাকিব। বৰদেউতাকে মাত মতা নাছিল মাত্ৰ কৈছিল,


"আমাৰ মৰমৰ সুবিধা লৈছ। কোনো ঘৰত নাথাকো যে কোন আহে, কোন যায়, কেনেকৈ ক'বা??"


     থুৱাই দিবলৈ মন গৈছিল কৰবীৰ।

কিন্তু বহুত ধৈৰ্য্য ধৰি একো নোকোৱাকৈ থাকিল। তাইৰ বাবেই ককায়েক হতঁক আলৈ-আথানি কৰিবৰ মন নাছিল। সেয়ে সকলো বদনাম মূৰ পাতি লৈ ওলাই আহিছিল।


     বৰমাকে কেইবাবাৰো আহিছিল তাইক নিবলৈ, কিন্তু তাই নগ'ল। আজলী বৰমাকে যে নাজানে 'তেওঁৰ লম্পট স্বামীৰ কথা!!'


"বিশ্বাস হোৱা নাই কৰবী। বৰদেউতাই....?"


"সন্দিকৈ কলেজ' কিতাপখন পঢ়িছা?"


"উম।"


"তাত দেখোন নীলঞ্জনাই নিজৰ দেউতাকৰ দ্বাৰাই যৌন উৎপীড়নৰ বলি হৈছিল; তেওঁতো মোৰ বৰদেউতাহে। আজিকালি গল্প-উপন্যাসৰ এই কাল্পনিক চৰিত্ৰবোৰেই বাস্তৱ সমাজত ভুমুকি মাৰিছেহি।"


"এৰা! হয় অ' কৰৱী... সঁচা কথা কৈছা।"


     দীঘলকৈ হুমনিয়াহ এৰিলে দুয়ো। দুয়োজনীয়ে লাহে লাহে নিজৰ নিজৰ ৰুমৰ ফালে খোজ ল'লে।



     অজয়ে কাইলৈ লগ কৰিবলৈ মাতিছে। মীৰা দিদিকো লগ কৰাই দিয়াৰ কথা কৈছে। অজয়ৰ লগত কালিলৈ সকলো কথা খোলাকৈ পাতিব।


     এতিয়া তাইৰ বা অজয়ৰ প্ৰেম কৰাৰ বয়স নাই। এইবোৰ কৰি সময় নষ্ট কৰাতকৈ যিমান মৰম আছে, হেঁপাহ আছে, কথা আছে, সকলো বিয়াৰ পাছতে কৰিব। অঞ্জনাৰ মনতো ভাল লাগিল, অন্ততঃ ভগৱানে তাইৰ ভাল লগা কিবা এটা দিছে।


     তাই অপেক্ষা কৰিবলৈ মন যোৱা নাই, এতিয়াই যদি সেই সময়খিনি আহিলহেতেন!!


     সময়বোৰ হয়তো ভাললৈ আহিছে তাইৰ। এই ভাল সময়বোৰ ৰৈ নাযায় কিয়! এবাৰতো ৰৈ যা, মাথো এবাৰ! নিজৰ মাজতেই কথা পাতিলে তাই।


    সন্ধিয়া লাগিল। ধূপ-ধূনা জ্বলাই সকলোৱে যিয়ে যেনেকৈ পাৰে ব্যস্ত হ'ল। অঞ্জনা অকণ পেহীৰ লগত পাকঘৰত সোমাল। পেহীক ইটো-সিটো কৰাত অঞ্জনাই প্ৰায় সহায় কৰি দিয়েহি।


     ন' বজাৰ লগে লগেই ভাত খাবৰ হয়েই। সকলোকে ভাত-পানী দি আজৰি হৈহে শেষত অকণ পেহী, অঞ্জনা, নীলা আৰু নীলাৰ মাক মানে ৱাৰডেনে খাই সদায়।


     আজিও তাৰ ব্যতিক্ৰম নহ'ল। ন বজাৰ লগে লগেই ভাত দি, নিজেও খাই বাচনবোৰ ধুই-পখালি শুবলৈ আহিল।


     নীলা আজি মাকৰ লগতেই শুৱ। সেয়ে অঞ্জনাই নিজৰ বিচনাখনকে ভালকৈ জাৰি-জোকাৰি পাৰি ল'লে। নহ'লে আগতে তাই নহ'লে অঞ্জনাই দুইজনীৰে বিচনা চাফা কৰে। বিচনাত পৰাৰ লগে লগেই তাইক টোপনিটোৱে হেঁচা মাৰি ধৰিলে।


     চিলমিলকৈ টোপনি আহিছিল হে মাত্ৰ অঞ্জনাৰ। চিঞৰি উঠিল তাই। কোনোমতে পেটতোত ধৰি হাওলি হাওলি নীলাক মাতিবলৈ যত্ন কৰিলে,


"নীলা, নীলা, পেহী... উঠকচোন সোনকালে, বাইদেউ.....?"


     কোনোবাই চুৰি মাৰিছে অঞ্জনাক। চাইদত লাগিল সোঁফালে। লাইট অফ আছিল বাবে চিনি নাপালে তাই।


"অঞ্জনা...!! কোনে কোনে কৰিলে এইবোৰ? দেখিলা নে??"


     পেহীয়ে চিঞৰি চিঞৰি ক'লে। সকলো উঠি আহিল। নীলাই অঞ্জনাৰ পেটত টানকৈ কাপোৰ এখন বান্ধি দিলে তেজ ৰোৱাকৈ। কিন্তু তেজ ৰোৱা নাই।


     অঞ্জনা এসময়ত অচেতন হ'ল।


     আশ্ৰমত নিশা এক ভয়ংকৰ ধৰনেৰে হুলোস্থূল হৈছে। কোনে মাৰিব পাৰে অঞ্জনাক? কিন্তু কিয়??


     ইয়াত সকলো সমান। সকলো অনাথ, কিন্তু তাৰ মাজতে অঞ্জনাৰ ওপৰত এই দৰ্বিসহ কাম কৰিবলৈ কোনে সাহস কৰিলে? ক'ৰ হ'ব পাৰে এই হত্যাকাৰী? আশ্ৰমৰ ভিতৰৰ নে বাহিৰৰ??


     ভিতৰৰ হ'ব নোৱাৰে! কিন্তু বাহিৰৰ কেনেকৈ হ'ব? অঞ্জনাৰ জানো বাহিৰৰ মানুহ চিনাকি আছিল?? থাকিব‌ও পাৰে গাভৰু ছোৱালী বিশ্বাস নাই?


       অঞ্জনাক লৈ আশ্ৰমত এতিয়া সকলোৰে মুখে মুখে অনেক ধৰনৰ কথা ওলাইছে। কি সঁচা, কি মিছা, কোনেও নাজানে? তাৰ উত্তৰো নাই কাৰো ওচৰত!!


     নীলা, ৱাৰডেন আৰু কৰবীয়ে ডাক্তৰৰ ওচৰলৈ যাব ওলাইছে; অঞ্জনাৰ লগত। নীলাই টেঁটু ফালি কান্দিছে অম্বুলেন্সত উঠিও। অঞ্জনাৰ মূৰটো নীলাৰ কোলাতে আছে। কাৰো মুখত মাত নাই।


     আশ্ৰমতো এতিয়া এক ভয় লগা নিস্তব্ধতাই বিৰাজ কৰিছে।


     আশ্ৰমত এইয়া প্ৰথম ঘটনা। সকলোৰে ভয় লগাতো স্বাভাৱিক। আশ্ৰমৰ মুৰব্বী অজয়লৈ খৱৰ দিয়া হৈছে। সকলো উদ্বিগ্ন হৈ পৰিছে অঞ্জনাক লৈ।


      সকলোৱে মনত প্ৰশ্ন জাগিছে,

      যদি অঞ্জনাৰ কিবা হৈ যায়?

      যদি আশ্ৰম বন্ধ হৈ যায়?

       ক'ত থাকিম?... থাকিম ক'ত আমি??...


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা বেশ্যা ধাৰাবাহিক উপন্যাস লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

নৱম খণ্ডৰ লিংক -
             Read Now :

খণ্ড এঘাৰৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Assamese Love Story New
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status


Photo- মন ময়ুৰী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment