এজন স্বামীৰ কৰ্তব্য
পত্নীয়ে নিজৰ মৰমৰ ঘৰখন এৰি থৈ আহি মোৰ লগত সংসাৰ কৰিছে৷ সেয়েহে মই পত্নীক মৰম কৰো৷
কেতিয়াবা পত্নীৰ দেউতাকটো হৈ জীৱনৰ কথাবোৰ বুজাও, মাকৰ দৰে বুকুৰ মাজত শুৱাই লওঁ, ভায়েকটোৰ দৰে পত্নীৰ লগত কাজিয়া কৰো৷
কেতিয়াবা ককাদেউতাকৰ দৰে জুহালত বহি বুঢ়িআইৰ সাধুবোৰ কওঁ, বাইকজনীৰ দৰে মনৰ গোপন কথাবোৰ খুলি কওঁ৷ পত্নীয়ে সেয়েহে ঘৰখনলৈ কেতিয়াও মনত পেলাই দুখ কৰি নাথাকে কাৰন তাই মোৰ মাজতেই নিজা ঘৰখনৰ মৰমবোৰ পাই আছে৷ সেয়েহে তাই সুখী৷
মাজনিশা মোৰ বুকুৰ মাজত শুই পত্নীয়ে কয়,,,,
: তুমি মোক বহুত ভালপোৱা ন?
: পাওঁ, মই তোমাৰ মাজতেই জীৱনৰ সকলো সুখ লাভ কৰিছো৷
: মই যদি মৰি যাওঁ তেতিয়া কি কৰিবা?
: ময়ো তোমাৰ চিতাখনতেই শুই দিম৷
: পাৰিবা জানো?
: কিয় নোৱাৰিম?
: বেছিকৈ ভাল নাপাবা ৷
: কিয়?
: মোৰ চকুপানী ওলাই যায়৷
: মই দুহাতেৰে মোহাৰি দিম৷
: মই যদি দুখ পাওঁ?
: হৃদয়ৰ মাজত জন্ম হোৱা মৰম নামৰ মলমবোৰ সাঁনি দিম৷
: তেতিয়া কি হ'ব ?
: মৰমবোৰে গান গাব৷
: কি গান?
: এমুঠি সুখৰ গান ৷ যি গানে আমাৰ জীৱনটো সুখময় কৰিব৷
: এয়াই মৰমৰ সংসাৰ নহয় নে ?
: এয়া মৰমৰেই নহয় । সুখ আৰু সঁচা অনুভূতিৰ সংসাৰ৷
: আমাৰ সংসাৰলৈ আৰু এজন সদস্যৰ এই দুদিনমানতেই আগমন ঘটিব৷
: সন্তানটো লৰা নে ছোৱালী হব বাৰু?
: পেটটোলৈ চাই ছোৱালী হব যেনহে লাগিছে৷ যিয়েই নহওঁক সন্তান হলেই হ'ল৷ লৰা ছোৱালী এইবোৰ বাছি থকাটো বেয়া৷ ভগৱানে যি দিয়ে, সেয়াই যথেষ্ট৷
: হয় দিয়া৷ মই বাপেক হব পাৰিলেই হ'ল৷
: মোৰ প্ৰসৱৰ সময়ত তুমি মোৰ লগতেই থাকিবা৷ মই সাহস পাম৷
: প্ৰথম সন্তান জন্ম দিবা আৰু মই তোমাৰ কাষত নাথাকিম নে? নিশ্চয় মই তোমাৰ কাষতেই থাকিম৷ সুখে দুখে মই সদায় তোমাৰ ছাঁতোৰ দৰেই লাগি থাকিম৷
পত্নীৰ প্ৰসৱৰ সময় হৈ আহিছে৷ মোক তাই বাৰে বাৰে কৈছে,,,
: এই সময়কনত মোৰ লগতেই থাকিবা দেই৷ মই বিষবোৰ সহ্য কৰিব পৰা নাই৷ তুমি মোৰ ওচৰত থাকিলে সাহস পাম৷ মই হাতত হাত থৈ সহাৰি জনাইছো৷
: তই পত্নীৰ কাষলৈ এইকন সময়ত যাব নালাগে৷
: কিয়? তাইতো মোৰ পত্নী? মই তাইৰ লগতেই থাকিম৷
: এই প্ৰসৱৰ সময়কনত নাৰ্ছ বাইদেউ আৰু আশা কৰ্মীৰ হাতত তোৰ পত্নীক এৰি দে৷ তেওঁলোক আছে নহয়৷ ইমান চিন্তা নকৰিবি৷
: নাই মই নোৱাৰো৷ প্ৰসৱৰ সময়ত পত্নীৰ বাবে এজন স্বামীৰ বিশেষ প্ৰয়োজন৷ মই পত্নীৰ শিতানৰ কাষতে বহি থাকিম ৷ মই মানুহজনীৰ কাষত থাকিলে তাইৰ প্ৰসৱ বেদনাবোৰ অলপ হলেও কমিব ৷
: তোৰ লাজ নালাগেনে? তই সঁচাকৈ নিলাজ দেই৷
: এইটো লাজৰ কথা নহয় ৷ প্ৰসৱৰ সময়ত পত্নীৰ কাষত নিজৰ স্বামীজন থকাটো বিশেষ জৰুৰী৷ মই পত্নীৰ কাষত থাকিলে মনোবল আৰু সাহসবোৰ দুগুনে বাঢ়ি যাব৷ এই প্ৰসৱৰ সময়কনত নাৰীৰ বিশডাল হাড় ভাঙি যোৱাৰ দৰে বিষৰ অনুভৱ হয়, যি পুৰুষে কেতিয়াওঁ সহ্য কৰিব নোৱাৰে৷ এই সময়কন নাৰীৰ বাবে মৃত্যুৰ লগত যুঁজ দিয়াৰ সময় ৷ এই যুঁজত নিজৰ স্বামীৰ উপস্থিতিত পত্নীৰ মনোবল বৃদ্ধি হয় আৰু প্ৰসৱ যুদ্ধত এগৰাকী নাৰী বিজয়ী হৈ পৰে৷
পত্নীৰ প্ৰসৱৰ দিনা মই কাষতে থাকি নিজৰ দায়িত্ব পালন কৰিলো৷ মোক পত্নীয়ে দেখা পাই প্ৰসৱৰ যন্ত্ৰনাবোৰ পাহৰিয়েই পেলালে ৷ মই হাতত হাত থৈ কৈছিলো মই তোমাৰ কাষত সদায় আছো সেয়েহে চিন্তা নকৰিবা৷ জীৱনে মৰনে সদায় মই তোমাৰ কাষতেই থাকিম৷ সেয়েহে পত্নীয়ে হয়তো প্ৰসৱৰ যন্ত্ৰনাবোৰ অকনো অনুভৱেই নকৰিলে৷
আহক আপুনিও পত্নীৰ প্ৰসৱৰ সময়ত নিজৰ দায়িত্ব পালন কৰক আৰু সংসাৰখন সুখৰ বন্তিৰে সদায় আলোকিত কৰক৷
লিখা- প্ৰহ্লাদ জ্যোতি ।
No comments:
Post a Comment