সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | পঞ্চম খণ্ড | Assamese Novel by Gayatri Sharma - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | পঞ্চম খণ্ড | Assamese Novel by Gayatri Sharma

সূৰ্যফুলৰ দেশলৈ
খণ্ড ৫

     চাকৰি এটাৰ সন্ধানত থকা আজি প্ৰায় পোন্ধৰ দিন পাৰ হ'ল। হাতত থকা পইচা কেইটাও ইতিমধ্যে শেষ হৈ আহিছে। ঘৰ ভাড়া, খোৱাৰ খৰছৰ উপৰিও চাকৰি বিচাৰি অ'লৈ ত'লৈ যোৱাৰ খৰছ এটাও যোৱা পোন্ধৰ দিনৰ পৰা যোগ হৈছে। শৰীৰটোৱে টনালৈকে খোজকে কাঢ়ো। তথাপিও কিছুমান ঠাইলৈ চিটি বাছ, ৰিক্সা বা ট্ৰেকাৰত যাবলগীয়া হয়েই। 


     গুৱাহাটীৰ এই জুলাই মাহৰ গৰমত প্ৰত্যেকদিনাই পকা ৰ'দ এছাটি মূৰত লৈ ওলাই গৈছোঁ। ঘূৰি আহি মাইগ্ৰেইনৰ বিষত প্ৰায় প্ৰতিদিনেই গিলিছোঁ একোটাকৈ টেবলেট। গলিটোৰ মূৰৰ ফটোষ্টেটৰ দোকানখনৰ পৰা বায়'ডাটাখনৰ দহটা কপি উলিয়াই লৈছোঁ আৰু ঘূৰি ফুৰিছোঁ প্ৰতিটো সংবাদ মাধ্যমৰ দুৱাৰে দুৱাৰে।


     কেতিয়াবা নিৰাশ হৈছোঁ, কোনোবাটোত বায়'ডাটাখন ৰিচেপশ্যনতে ৰাখি পিছত খবৰ দিম বুলি বিদায় দিছে। কোনোবাটোত ছাৰ বা মেমক লগ কৰাই দিম বুলি প্ৰায় এঘণ্টা বহিবলৈ দি কৈ উঠিছে- 


: আজি ছাৰ/মেম অত্যন্ত ব্যস্ত। কোনোপধ্যেই আপোনাক সময় দিব নোৱাৰে। কাইলৈ আকৌ এবাৰ আহকচোন।


     গৈছোঁ মই! তালৈকো আকৌ গৈছোঁ পিছদিনা। জানোচা ঘূৰি আহিব পাৰো এটা ভাল খবৰৰ সৈতে। কিন্তু প্ৰতিবাৰেই উভতি আহিছোঁ শূন্য দুহাত লৈ।


     সকলো আশা শেষ হোৱাৰ সময়তে দুদিনৰ আগতে বায়'ডাটা দি থৈ অহা ' দৈনিক সংবাদ' নামৰ চেনেল এটাৰ পৰা আজি ৰাতিপুৱা হঠাতে এটা ফোন আহিল। চেনেলটোৰ প্ৰগ্ৰেম প্রডিউচাৰে এজনে মোক এবাৰ লগ পাবলৈ বিচাৰিছে। তাকো এঘণ্টাৰ ভিতৰতে। মই থকা কোঠাটোৰ পৰা সেই অফিচটোলৈ প্ৰায় পঞ্চল্লিছ মিনিটৰ বাট।


     লৰালৰিকৈ গাটো ধুই মুখত একো এটা নিদিয়াকৈয়ে মই ' দৈনিক সংবাদ' নামৰ অফিচটো পালোগৈ। এঘণ্টাৰ ভিতৰতে মোক লগ পাবলৈ খোজা মানুহজনে ৰিছেপশ্যনৰ চ'ফা এখনত মোক প্ৰায় তিনিঘণ্টা সময় বহুৱাই থ'লে। এপাকত উঠি গৈ ৰিচেপশ্যন টেবুলত বহি মোবাইল চাই থকা ছোৱালীজনীক সুধি পেলালোঁ


: ছাৰ বৰ ব্যস্ত হৈ আছে নেকি? মোক  এঘণ্টাৰ ভিতৰতে মাতি পঠিয়াইছিল তেখেতে। এবাৰ সুধি চাব নেকি বাৰু?


     মোবাইলৰ পৰা মূৰটো নদঙাকৈয়ে ছোৱালীজনীয়ে কৈ উঠিল,


: হয়তো কিবা এৰাব নোৱাৰা কামত ব্যস্ত হ'ল। আপুনি বহকচোন। তেওঁ মাতিবই।


     ছোৱালীজনীক যে এই বিষয়ে সুধি একো লাভ নহ'ব সেই কথা মই বুজি উঠিছিলোঁ। আকৌ চ'ফাখনতে বহি মই অপেক্ষা কৰিলোঁ মোক মাতি পঠিওৱা সেই মানুহজনলৈ।


     ৰিচেপশ্যনৰ ফোনটো বাজিলেই বৰ আশাৰে বাৰে বাৰে মই চাই পেলাইছিলো ছোৱালীজনীৰ মুখখনলৈ। প্ৰায় ফুচফুচাই পতা ফোনকলবোৰ বৰ চেষ্টা কৰি শুনিবলৈ বিচাৰিছিলোঁ, জানোচা মানুহজনে মাতি পঠিয়াইছে মোক! কিন্তু এবাৰো মোৰ নামত অহা নাছিল সেই ফোনবোৰ। 


     ভোকত পেটটো কলমলাই উঠিছিল। মূৰৰ বিষটোৱেও বৰ আমনি কৰিছিল। ভোক আৰু পিয়াহত চ'ফাখনত মূৰটো আওজাই দিওঁতেই হঠাৎ দেখিলো ধুনীয়াকৈ মেক আপত থকা মেৰুণ ৰঙৰ কোট পেন্ট পৰিহিতা যুৱতী এগৰাকীৰ সৈতে খুব উচ্চ স্বৰত হাঁহি হাঁহি বাহিৰলৈ ওলাই আহিছে এজন ব্যক্তি। তেওঁক দেখিয়েই ৰিচেপশ্যনৰ ছোৱালীজনীয়ে কৈ উঠিল,

 

: শশাঙ্ক দা। আপোনাক লগ পাবলৈ অথনিৰেপৰা এখেত বহি আছে। আপুনি বোলে মাতি পঠিয়াইছিল!


     মই গম পাইছিলোঁ সেইজনেই মোক এঘণ্টাৰ ভিতৰতে লগ কৰিবলৈ মাতি পঠিওৱা মানুহজন। লগে লগে ফাইলটো হাতত লৈ বহি থকাৰ পৰা থিয় দিলোঁ। মোৰ ফালে নোচোৱাকৈ ৰিচেপশ্যনৰ যুৱতীগৰাকীক উদ্দেশ্যি মানুহজনে কৈ উঠিল


: ইস ৰাম! আজি এই নেহাৰ বাৰ্থদে' আছিলতো! আমি চেলিব্ৰেট কৰি আছিলোঁ। একদম পাহৰি গ'লো। এওঁক দহ মিনিটত মোৰ কোঠালৈ পঠিয়াই দিবা। মই অলপ বাহিৰৰ পৰা আহোঁ।


'বাহিৰৰ পৰা আহোঁ' বুলি মানুহজনে সোহাঁতৰ মধ্যমা আৰু তৰ্জনী আঙুলি দুটা নিজৰ ওঁঠত লগাই দেখুৱালে। অৰ্থাৎ চিগাৰেট হুপিবলৈ বাহিৰলৈ যাব খুজিছিল তেওঁ। 


     দহ মিনিটৰ ঠাইত প্ৰায় আধা ঘণ্টা বহাৰ পিছত লেণ্ডফোনটোত 'হয় ছাৰ। পঠিয়াই আছোঁ ছাৰ' - এই ধৰণৰ কথা বাৰ্তা কিছুমান পাতি মোলৈ চাই যুৱতীগৰাকীয়ে কৈ উঠিল 


: আপুনি সোমাই যাওক।


     খুব ক্ষিপ্ৰতাৰে বহি থকাৰ পৰা থিয় হৈ মই আগবাঢ়ি গ'লো আৰু দুৱাৰমুখ পাই যুৱতীগৰাকীলৈ ঘূৰি চালোঁ। মোৰ দুচকুৰ প্ৰশ্নটো বুজিব পাৰি লগে লগে তেওঁ ক'লে


: সোমাই গৈ বাওঁফালে ঘূৰি দুটা কোঠা পাৰ হৈ 'শশাঙ্ক তামূলী' বুলি লিখা যিখন নামফলক দেখিব সেইটোৱেই তেখেতৰ কোঠা। 


     ধন্যবাদ জনাই ফাইলটো বুকুতে সাবটি সোমাই গ'লো মই।


     নিজৰ নিজৰ কামত ব্যস্ত হৈ থকা মানুহবোৰে মোলৈ মূৰ তুলি চালে। হয়তো উৎসুকতাত! নতুবা ভৱিষ্যতলৈ কেতিয়াবা সহকৰ্মীও হ'ব পাৰো- এনে ধৰণৰ এটা ভাৱত। মোৰ ক'লা ৰঙৰ ফাইলটোৱেই কৈ উঠিছিল মই যে এটা চাকৰি বিচাৰি আহিছোঁ। 


     অলপ দূৰ গৈয়ে মোৰ চকুত পৰিল নীলাত বগা আখৰেৰে 'শশাঙ্ক তামূলী' বুলি লিখি থোৱা নামফলকখনত। নামফলক লগোৱা আইনাৰ দুৱাৰখনত টোকৰ দিবলৈ লৈ নাজানো কিয় মোৰ মনত পৰিল গীতাৰ্থ ভৰদ্বাজৰ কোঠাটোলৈ। এনেকৈয়ে এদিন এখন নামফলক লগোৱা দুৱাৰত টোকৰ দি হেৰুৱাই থৈ আহিছিলোঁ মোৰ চাকৰিটো।


     লাহে লাহে টুকুৰিয়াই উঠিলোঁ দুৱাৰখনত। ভিতৰৰ পৰা মাত আহিল- 


: প্লিজ কাম।


     মই সোমাই গ'লো কোঠাটোলৈ। অলপদেৰিৰ আগতে লগ পোৱা মানুহজন থিয় হৈ আছিল কোঠাটোৰ একমাত্ৰ খিড়িকীখনৰ কাষত। বাহিৰলৈ চাই আছিল তেওঁ। ক'লা জিন্স আৰু ডাঠ সেউজীয়া ৰঙৰ চাৰ্ট পৰিহিত ক্ষিণকায় মানুহজনৰ হাতত আছিল এটা কফিৰ কাপ। চকুত ডাঠ ক'লা ফ্ৰেমৰ চশমা। চশমাযোৰ চকুতকৈ অলপ তলত নাকত পিন্ধি আছিল তেওঁ। সোমাই যোৱাৰ লগে লগে মোলৈ সেই চশমাৰ ফাঁকেৰে মানুহজনে মূৰৰ পৰা ভৰিলৈকে চাই পেলালে। 


এটা অসহ্যকৰে চাৱনি।



     তাৰ পিছত আঙুলিয়াই দেখুৱালে সন্মুখৰ চকীখনলৈ। ধন্যবাদ জনাই চকীখনত মই বহি পৰাৰ লগে লগে তেওঁৰ পৰা প্ৰথম প্ৰশ্নটো আহিল


: কি নাম আছিল তোমাৰ? 


     মানুহজনৰ মাতটোত কিবা এক আচৰিত গাম্ভীৰ্য আছিল। এক মিনিটৰ আগতে মোলৈ এটা গা শিৰশিৰাই যোৱা চাৱনিৰে চোৱা মানুহ যেন এইজন নহয়। এইটো যেন অফিচটোৰ আটাইতকৈ গহীন গম্ভীৰ দায়িত্বশীল মানুহ এজনৰ কণ্ঠস্বৰ। হাতৰ ফাইলটো কোঁচত থৈ মই সৰু অথচ স্পষ্ট মাতেৰে ক'লো


: কৃষ্ণাক্ষী বৰুৱা ছাৰ।


     এইবাৰ তেওঁ হাতৰ চাহকাপত সুৰুৎ সুৰুৎকৈ শ্ৰুতিকটু দুটামান শোহা মাৰি মোক ক'লে

 

: বৰ ধুনীয়া নাম। কিন্তু ছাৰ নহয়, দাদা দেই। এই অফিচত ছাৰ নচলে।  


     থতমত খালোঁ মই। তথাপি ওঁঠৰ কোণেৰে হাঁহি এটি বৰ কষ্টৰে উলিয়াবলৈ চেষ্টা কৰিলো। তেওঁ পুনৰবাৰ কৈ উঠিল


: কি কাম কৰিবলৈ মন কৃষ্ণাক্ষী বৰুৱা? ডেস্কত নে এংকৰিং?


     প্ৰশ্নটোত তভক মাৰি ৰ'লো মই। এই যেন প্ৰায় দুদিন ধৰি ভোকত থকা মানুহ এজনক কোনোবাই সুধিছে 'কি খাব আপুনি? চাইনীজ, ইণ্ডিয়ান নে কণ্টিনেণ্টেল?' মানুহজনৰ এনেকুৱা লাগিছে কি খাদ্যৰে ভোক নিবাৰণ কৰে তেওঁ। মোৰো সেই একেই অৱস্থা হ'ল। খপজপাই ক'লো


: যিকোনো হ'লেই হ'ল ছাৰ। ডেস্ক বা এংকৰিং..


: আঃসা। ছাৰ নহয়। দাদা, দাদা। শশাঙ্ক দা। বাৰু! তুমি তেনেহলে সকলোতে এক্সপাৰ্ট হা! যিকোনো কাম হ'লেই হ'ল?


     কি প্ৰশ্ন এয়া? মই উত্তৰেই বা দিলোঁ কি? কেনেকৈ দিব লাগিছিল মই এই প্ৰশ্নৰ উত্তৰ? কিবা ভুল কৰি পেলোৱা নাইতো!


     মানুহজনে পুনৰ কৈ উঠিল,


: ধেমালি কৰিছোঁ চুইট গাৰ্ল। তুমি এটা কাম কৰা। আজি এটা স্ক্ৰীন টেষ্ট দি দিয়া। মই এতিয়াই ব্যৱস্থা কৰি দিছোঁ। 


     লগে লগে তেওঁ সন্মুখত থকা ইণ্টাৰকমটোত ফোন লগাই কাৰোবাক মাতি পঠিয়ালে তেওঁৰ কোঠালৈ। হয়তো মোক স্ক্ৰীন টেষ্টৰ বাবে লৈ যাবলৈ। স্ক্ৰীন টেষ্ট অৰ্থাৎ  মেকআপ এটা দি কেমেৰাৰে চাব কেনেকুৱা দেখি মোক টিভিত? আৰু দুশাৰীমান ক'বলৈ দি তেওঁলোকে পৰীক্ষা কৰিব এই কামৰ বাবে অৰ্থাৎ এংকৰিং কৰাৰ বাবে মই উপযুক্ত হয়নে নহয়! 


     মনত পৰিল 'খবৰ 24×7' ত ইণ্টাৰভিউ দিবলৈ যোৱাৰ দিনটোৰ কথা। কেনেকৈ দুবাৰমান খোকোজা লাগিছিল সন্মুখত থকা 'টেলি প্ৰম্পটাৰ' টোত চাই চাই কথাবোৰ ক'বলৈ। প্ৰগ্ৰেম প্ৰডিউচাৰৰ 'জীন্নত ফাৰহানা' বায়ে বাৰে বাৰে সাহস দিছিল,


: তুমি পাৰিবা কৃষ্ণাক্ষী। ভাৱি লোৱা তোমাৰ সন্মুখত কোনো নাই। কোনেও দেখি থকা নাই তোমাক। এটা অকলশৰীয়া কোঠাত তুমি বহি আছা আৰু পঢ়ি গৈছা 'টেলি প্ৰম্পটাৰ'ত ওলাই থকা শাৰী শাৰী বাক্য। কাম অন য়াৰ ইউ কেন ডু ইট।


     সাহসৰ যেন অন্য এটা নাম আছিল জীন্নত বা। ইমান শক্তিশালী ব্যক্তিত্ব, প্ৰতিটো কাম কৰিবলৈ থকা অদম্য হেঁপাহ! কিমান যে কথা শিকিবলৈ থাকি গ'ল মোৰ তেওঁৰ পৰা।


     মানুহজনে এইবাৰ টেবুলত থকা পেপাৰ ৱেইটটো লাটুম গুটি এটাৰ দৰে ঘূৰাই ঘূৰাই কৈ উঠিল-


: ক'ত থাকা তুমি?


     মই তেতিয়াও সহজ হ'ব পৰা নাছিলোঁ তেওঁৰ অলপ আগৰ 'চুইট গাৰ্ল' সম্বোধনটোত। তথাপি সেই অসহজতা অকণো ধৰা পৰিবলৈ নিদিয়াকৈ কোনোমতে মাতটো উলিয়াই দাদা বা ছাৰ একো নোকোৱাকৈ মই কৈ উঠিলোঁ-


: কাহিলীপাৰাত।


     তেনেতে দুৱাৰ খুলি পেঞ্চিল হিলৰ খট্‌ খট্‌ শব্দ তুলি এগৰাকী যুৱতী সোমাই আহিল। মোৰ উত্তৰলৈ বিশেষ মন নিদিয়াকৈ তেওঁ যুৱতীগৰাকীক কৈ উঠিল-


: কাশ্মিৰী...এওঁক এটা স্ক্ৰীন টেষ্ট কৰাই লোৱানা। বাই দি ৱে' ইউ আৰ লুকিং চ' হট টুডে' হা!


     শশাঙ্ক তামুলীয়ে প্ৰশংসা কৰিছিল কাশ্মিৰী বোলা যুৱতীগৰাকীৰ।


     যুৱতী গৰাকীলৈ চালোঁ। বুকুৰ অংশত 'M not a Monday person' বুলি লিখি থোৱা অকণমান টান বগা টি-চাৰ্ট এটা আৰু নীলা জিন্সৰ সৈতে পেঞ্চিল হিল পাম্পশ্বু পৰিহিতা ছোৱালীজনী সঁচাকৈয়ে খুব ধুনীয়া। মই ছোৱালীজনীৰ সৈতে যাবলৈ বুলি উঠি দুৱাৰমুখ পাওঁতেই শশাঙ্ক তামূলীয়ে তেওঁক উদ্দেশ্যি কৈ উঠিল


: এই কাশ্মিৰী! এটা ডার্ক কালাৰৰ ব্লেজাৰ বা কিবা এটা পিন্ধাই স্ক্ৰীনত চাবা হে! তেওঁ পিন্ধি থকা কাপোৰসাজেৰে নহ'ব। সাংঘাতিক 'ডাল' লাগিছে। বুজিছা নহয়?


'বুজিছা নহয়' শব্দটোত যেন লুকাই আছিল হাজাৰটা অৰ্থ। 


     মুখ টিপি হাঁহি উঠিল ছোৱালীজনীয়ে। নিজৰ অজানিতেই পিন্ধি অহা কাপোৰসাজলৈ চালোঁ। আকাশ নীলা কুৰ্তী এটা আৰু বগা লেগিংচ এটা পিন্ধি আহিছিলোঁ মই। এইসাজ কাপোৰ মোৰ ভাল বুলি ভৱা কাপোৰবোৰৰ ভিতৰৰ এসাজ আছিল। বৰ অসহজ লাগিল মোৰ। হাতৰ ফাইলটো নিজৰ অজানিতে বুকুত হেঁচি ধৰিলোঁ।


     মোক মেক-আপৰ কোঠাটোলৈ সুমুৱাই ছোৱালীজনীয়ে মেকআপ আৰ্টিষ্ট এগৰাকীক কৈ উঠিল


: শশাঙ্ক দাই পঠিয়াইছে। স্ক্ৰীন টেষ্ট হ'ব।


: পাফ দিওঁ নে ফুল মেক আপ লাগিব?


     জানিব খুজিলে মেক আপ আৰ্টিষ্ট গৰাকীয়ে।


: এহ দিলেই হ'ল আৰু কিবা অলপ। বিশেষ কথা নাই।


     কথাষাৰ কৈ মেক আপ আৰ্টিষ্ট গৰাকীলৈ চাই মুখ টিপি হাঁহিলে তেওঁ। 


     প্ৰায় পোন্ধৰ মিনিট সময় মানুহগৰাকীয়ে মোক সজোৱাৰ পিছত সন্মুখৰ আইনাত মোলৈ চাই কৈ পেলালে


: তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। এনেকুৱা ডাঙৰ চকু আঁকিবলৈ খুব ভাল। তুমি বৰ ধুনীয়া। চুলিখিনি কাৰ্ল কৰি দিওঁ নে?


    মই মনে মনে থাকিলোঁ। আগৰ অফিচটোৰ মেক আপ আৰ্টিষ্ট অৰ্চনাবালৈ মনত পৰিল মোৰ। মেক আপ কৰাৰ পিছত প্ৰতিবাৰ তেওঁ লগাতকৈ বেছি সময় খৰছ কৰি আঁকি পেলাইছিল মোৰ চকুহাল। এবাৰ চকুযুৰি আঁকি উঠি তেওঁ মোক সুধিছিল


: সঁচা কথা কোৱাচোন কৃষ্ণাক্ষী। কোনো ল'ৰাই তোমাক কেতিয়াও কোৱা নাই তোমাৰ চকুযুৰিৰ কথা? কোনেও? কেতিয়াও? 


     এটি হাঁহিৰে সামৰি থৈছিলোঁ মই কথাষাৰ। কোৱা নাছিলোঁ মোৰ দুচকুত জাহ যাব খোজাজনৰ কথা। টিউচনৰ পৰা আহোঁতে পিছে পিছে চাইকেল মাৰি কেৱল মোৰ চকুহাল চাবলৈকে অহা ল'ৰাজনৰ কথা মই কোৱা নাছিলোঁ। কোৱা নাছিলোঁ দিনত ভদ্ৰতাৰ মুখা পিন্ধি মাজৰাতি মোলৈ বিভিন্ন অশ্লীল কথাৰ লগতে দুচকুৰ প্ৰশংসা কৰি মেছেজ পঠিওৱা অৰ্চনা বায়ে চিনি পোৱা অফিচৰ সেই বিবাহিত পুৰুষজনৰ কথাও। মই একোৱেই কোৱা নাছিলোঁ।


: হ'ল যদি এই ব্লেজাৰটো পিন্ধি ষ্টুডিঅ'লৈ আহিবা।


     হঠাৎ সেই ধুনীয়া যুৱতী গৰাকীৰ মাতত সম্বিৎ ঘূৰিল মোৰ। মাতটো বৰ কৰ্কশ। ব্লেজাৰটো প্ৰায় দলিয়াই দিয়াদি চকীখনত থৈ গপগপাই ওলাই গৈছিল তেওঁ।


     স্ক্ৰীন টেষ্ট হৈ গৈছিল। এবাৰো খোকোজা নলগাকৈ পঢ়িবলৈ দিয়া প্ৰতিটো বাক্য পঢ়াৰ পিছত মোক ঘৰলৈ যাবলৈ কোৱা হৈছিল। সোধো নোসোধোকৈ মই তেওঁক বৰ বিনম্ৰতাৰে সুধিলোঁ


: কিমান দিন মানত জনাব বাৰু? 


     কৰ্কশ মাতটোৰে খুব হুটাকৈ তেওঁ কৈ উঠিছিল


: সেইটো মই নাজানোঁ। অফিচৰ পৰা ফোন আহিব। তুমি এতিয়া যাব পাৰা। 


     মেক-আপ ৰুমলৈ গৈ ক্লিঞ্জাৰৰ বটলটোৰ পৰা কপাহত এসোপা ক্লিঞ্জাৰ ক্ৰীম লগাই মুখখনৰ মেক আপবোৰ গুচাই ওলাই আহিলোঁ মই। ৰিচেপশ্যনৰ ছোৱালীজনীয়ে বৰ মৰমলগাকৈ সুধিলে


: বা.. কেতিয়াৰ পৰা মাতিছে আপোনাক?


     হয়তো তেওঁ মোক হঠাৎ বহুৱাই পেলাইছিল সহকৰ্মীৰ আসনত।


: জনাম বুলি কৈছে। দুই এদিনতে।


'দুই এদিনতে' শব্দটো মোৰ মুখেৰে কিয় জানো ওলাই আহিছিল! মোৰ উত্তৰত তেওঁ ক'লে


: মই জনাত এতিয়া কোনো চাকৰি খালি হোৱাই নাই। 


     মূৰটো দুপিয়াই ফাইলটো বুকুতে সাবটি ওলাই আহিছিলোঁ মই। উভতি আহোঁতে গোটেই বাটটো ছোৱালীজনীৰ কথাষাৰ মোৰ কাণত ভাঁহি থাকিল


"মই জনাত এতিয়া কোনো চাকৰি খালি হোৱাই নাই।" 



     প্ৰচণ্ড গৰমত চিটি বাছখনৰ পৰা গণেশ মন্দিৰৰ ওচৰত নামি প্ৰায় এক কিলোমিটাৰ বাট খোজকাঢ়ি এইমাত্ৰ ৰূমৰ দুৱাৰ খুলিছোঁ। মাৰ ফোন আহিল-


: ডাঙৰ আই অফিচতে আছ নে? কিবা খালি নে?


: অফিচতে আছোঁ মা। ভাত খালোঁ। ঘৰলৈ গৈ ফোন কৰিম।


    আজি পোন্ধৰ দিন মাঁহতক এনেকৈয়ে মিছা কথা কৈ আহিছোঁ মই। দুৱাৰখন জপাই দি মজিয়াতে বহি পৰিলোঁ। ঘামি জামি আধ্যা পৰিছিলোঁ। মেক আপ আৰ্টিষ্টগৰাকীয়ে কাৰ্ল কৰি দিয়া চুলিখিনি বাছৰ বতাহ লাগি জঁট বান্ধি কুটুলা কুটুল হৈছিল। চুলিখিনিৰ ভিতৰত দুয়োহাতৰ আঙুলিবোৰ ভৰাই দি জঁটবোৰ ভাঙিবলৈ চেষ্টা কৰি থাকিলোঁ মই। ফেনখন চলাই দিবলৈকো যেন গাত হুঁছ নাছিল। মাথোঁ কাণত ভাঁহি থাকিল এশাৰী বাক্য


: মই জনাত এতিয়া কোনো চাকৰি খালি হোৱাই নাই।


বিষে চুমা কলিজাত 

শোকৰ উজান !

উশাহবোৰৰ চটফটনি...

শেঁতাপৰা হাঁহিয়ে বুকুখনক সোধে 

সূৰ্যোদয়লৈ কিমান পৰ ।।


(আগলৈ...)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



চতুৰ্থ খণ্ডৰ লিংক -

ষষ্ঠ খণ্ডৰ লিংক -

             Read Now :




সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment