বৰ্ণালীৰ প্ৰথম প্ৰেম | ভাল পাওঁ তোমাক মৌচুমী আহিবা মোৰ জীৱনলৈ | বৰ্ণালী পাঠক | Prothom Prem By Barnali Pathak | Anurag Saikia | New Assamese Sad Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বৰ্ণালীৰ প্ৰথম প্ৰেম | ভাল পাওঁ তোমাক মৌচুমী আহিবা মোৰ জীৱনলৈ | বৰ্ণালী পাঠক | Prothom Prem By Barnali Pathak | Anurag Saikia | New Assamese Sad Love Story

প্ৰথম প্ৰেম

ভাল পাওঁ তোমাক মৌচুমী আহিবা মোৰ জীৱনলৈ

     অন্যদিনতকৈ আজি মানুহৰ সমাগম বেছি হৈছে। হোৱাৰ কথাও, আজি দেওবাৰ যে। বাহিৰৰ মানুহো আহিব চাগৈ আজি বহুত।


     ইমানবোৰ মানুহ বায়ে অকলে চম্ভালিব নোৱাৰিব বুলি পুৱাতেই আহিছোঁ তাইৰ ঘৰলৈ।


     বাইদেউৰ শহুৰেক ঢুকালে পাঁচদিন আগতে। তিলনীৰ দিনৰে পৰা যাঁচা দিয়া মানুহৰ ভিৰ। তাতে বৰদেউতা বৰ সৰবৰহী মানুহ আছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত মানুহজনকো সকলোৱে ভাল পাইছিল। শ্রাদ্ধতো বহু মানুহ হ'ব বুলি অনুমান কৰিছেই বাহঁতে।


     পাকঘৰত চাহৰ যোগাৰত ব্যস্ত মই। মোক আহি বাইদেৱে ক'লে,


: মুনু… মোৰ লগৰ দুটামান আহিছে দূৰৰ পৰা। অলপ জলপানৰ যোগাৰ কৰচোন। তিনিজন আছে হা, ভিতৰৰ ৰূমতে বহুৱাইছোঁ।


     মই মূৰ দুপিয়াই যোগাৰত লাগিলোঁ, তাই পুনৰ ঘূৰি গ'ল।


    ওচৰৰ মানুহবোৰক প্ৰসাদ, চাহ-মিঠাই দিছোঁ যদিও দূৰণিবতীয়া আলহীবোৰক জা-জলপান ভালকৈয়ে খুৱাই পঠিওৱাৰ যোগাৰ কৰিছে বা-ভিনদেৱে।


     কোমল-চাউল আৰু দৈৰে সজোৱা তিনিটা বাতি লৈ ৰূমটোলৈ সোমাই গ'লোঁ।


     ৰূমটোত সোমাইয়ে বুকুখন চিৰিংকৈ উঠিল মোৰ। সন্মুখত মোৰ অতিকৈ চিনাকি এহাল চকু। যিহাল চকু আজিও মোৰ সপোনত আহে। কঁপি উঠা হাতখন কিবাকৈ চম্ভালি আগুৱাই গ'লোঁ।


     চকুহালৰ গৰাকীয়ে মোলৈ চাই এক বিষাদভৰা হাঁহি উপহাৰ দিছে। লাহেকৈ সুধিছে,


: ভালে আছা মৌচুমী? বহুদিনৰ মূৰত দেখিলোঁ তোমাক!


বহুদিন??


     হয়, বহুবছৰ হ'ল অনুৰাগ দাক নেদেখা। অৱশ্যে মাজে সময়ে ফোনত কথা পাতি পাইছোঁ, কিন্তু বহু বছৰৰ ব্যৱধানত। মনক বুজাব নোৱাৰিলে নিলয়ে গম নোপোৱাকৈ মেছেজ বা ফোন কৰোঁ অনুৰাগ দাক। কিন্তু মুখামুখি হোৱা বহুবছৰেই হ'ল।


প্ৰায় ৫ বছৰ চাগৈ।


চাগৈ নহয়, ৫ বছৰেই হ'ল।

৫ বছৰ আগতেইতো ঘটিছিল ঘটনাবোৰ।

৫ বছৰ আগতে এদিন মোৰ মুখখন দুহাতত সামৰি তেওঁ কৈছিল,


"ভাল পাওঁ তোমাক মৌচুমী, আহিবা মোৰ জীৱনলৈ?"


     আৰু সেই সন্ধিয়াই হৈছিল চিৰজীৱনলৈ আমাৰ বিচ্ছেদ।


: মৌচুমী… ভালে আছা ন?


     অনুৰাগ দাই আকৌ সোধাত তন্দ্ৰা ভাঙিল মোৰ। খকমককৈ কৈ উঠিলোঁ,


: আছোঁ অনুৰাগ দা… আপোনালোকে জলপান খাওকচোন।


     ততাতৈয়াকৈ ঘূৰিবলৈ ওলাওতেই পুনৰ সুধিছে অনুৰাগ দাই,


: নিলয় আৰু ছোৱালী দুজনী অহা নাই? কিমান ডাঙৰ হ'ল সিহঁতে?


: আজি অহা নাই। মইহে দিনটোলৈ আহিছোঁ। মিমি ৪ বছৰ আৰু ৰুণি ২ বছৰ।


: আচ্ছা...


      আৰু কিবা সোধাৰ আগতেই পলাই অহাৰ দৰেই মই আহি পাকঘৰ পালোহি।


     হাতৰ ট্ৰেখন কাষৰ টেবুলত থৈ থৰ লাগিলোঁ। মনটো ঘূৰি গ'ল বাইশ বছৰ আগৰ সেইদিনটোলৈ।


     যোৰহাট ইঞ্জীনিয়াৰিং কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী, হোষ্টেলৰ পৰা ঘৰলৈ অহা বাইদেউক বিচাৰি প্ৰথমবাৰ ঘৰলৈ আহিছিল অনুৰাগ দা। অনুৰাগ দাৰ আচল ঘৰ বঙাইগাঁও জিলাত যদিও বাইদেউৰ লগত চিনাকি কলেজতহে হৈছিল। তৃতীয় বৰ্ষলৈ দুয়ো ভাল বন্ধু হৈ পৰিছিল।


     প্ৰথম দৃষ্টিতেই সেই সুগভীৰ দুচকুৰ গৰাকী প্ৰেমত পৰিছিলোঁ মই। অনুৰাগ দাই চিনাকি হৈ কিবাকিবি সুধিছিল। কি উত্তৰ দিছিলোঁ মনত নাই, কিন্তু সেই প্ৰথম চিনাকি আজিও সজীৱ হৈ আছে। গাল দুখন গৰম হৈছিল জীৱনত প্ৰথমবাৰ। মূৰৰ পৰা ভৰিলৈ এক অনামী শিহৰণে কোবাইছিল। বহুবল্কী মই শব্দ হেৰাইছিলোঁ।


     লাহে লাহে চিনাকি বাৰ হৈছিল অনুৰাগ দাৰ লগত। মোৰ লগতো বন্ধুত্ব গঢ়লৈ উঠিছিল। বন্ধত তেওঁ যোৰহাট বা ইফালে আহিলেই লগ ধৰিবলৈ আহিছিল। ফোনত কথাও পাতিছিলোঁ প্ৰায়েই।


     মোৰ হিয়াৰ বেদীত অনুৰাগ দাৰ মূৰ্ত্তি  থাপিছিলোঁ। নিশ্চিত আছিলোঁ যে তেওঁৰ মনতো মোৰ বাবে বিশেষ স্থান আছে। বন্ধুত্বৰ আঁৰত লুকুৱাই ৰাখিছোঁ কেৱল দুয়ো। বহু আগ্ৰহেৰে বাট চাইছিলোঁ অনুৰাগ দাই মুখ খুলি কোৱালৈ।


     আমাৰ দুয়োৰে সুন্দৰ সংসাৰৰ নানাৰঙী সপোন দুচকুত আহি ওলমিছিল ।


     মোৰ সপোনৰ অকালমৃত্যু ঘটাই এদিন বাইদেৱে কৈছিল,


: মুনু… অনুৰাগৰ গাৰ্লফ্রেণ্ড তহঁতৰ কলেজৰে। অৱশ্যে তহঁতকৈ সৰু ছোৱালী, এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিবহে। চিনাকি হ'বিচোন। তাইৰ নাম মিনাক্ষী বৰা, আৰ্টছৰ।


     পলকতে খহি পৰিছিল দুভৰিৰ তলৰ মাটিবোৰ যেন। কিবা অজুহাত দেখুৱাই উঠি আহিছিলোঁ বাহঁতৰ কাষৰ পৰা।


     পিছত বাৰ মুখত শুনিছিলোঁ অনুৰাগ-মিনাক্ষীৰ প্ৰেমগাথা। মূৰ ঘূৰাইছিল মোৰ। গোটেই ৰাতি কান্দি গাৰু তিয়াই পেলাইছিলোঁ।


     অলপদিন কথা পতা নাছিলোঁ অনুৰাগ দাৰ লগত। পৰাপক্ষত দূৰত থাকিছিলোঁ। এদিন ঘৰলৈ অহাত অনুৰাগ দাই কাৰণ জানিব খোজোতে ওলাই গৈছিল মনৰ কথাবোৰ।


     মোক হতাশ কৰি অনুৰাগ দাই কৈছিল,


: ক্ষমা কৰিবা মৌচুমী, তোমাক মই কেৱল বন্ধু বুলিহে ভাবোঁ। মোৰ প্ৰেম কেৱল মিনাক্ষী। তাই মোক পাগলৰ দৰে ভাল পায়, আৰু মইও তাইক।


     ভাঙি পৰিছিলোঁ যদিও কাকো একো নক'লোঁ। বাইদেৱে আজিও নাজানে মোৰ মনৰ কথা।


     অনুৰাগ দাক পাহৰি জীৱন আগুৱাবলৈ চেষ্টা  কৰিলোঁ। কষ্ট হৈছিল বহুত কিন্তু, বিশেষকৈ মিনাক্ষীক সন্মুখত দেখিলে।


     দেখাত বেয়া নহ'লেও মোতকৈ ধুনীয়া নহয়। কলেজত মোৰ পিছত ল'ৰাৰ দীঘল শাৰী। কিন্তু অনুৰাগ দাৰ বাহিৰে কোনো ল'ৰায়েই মোৰ হিয়াত স্পন্দন বঢ়াবলৈ সক্ষম হোৱা নাছিল।


বৰ্ণালীৰ প্ৰথম প্ৰেম


     জীৱনৰ প্ৰথম প্ৰেম হেৰুৱাই ভিতৰি ভিতৰি দুখত ভাঙি পৰিছিলোঁ। বহু সময় লাগিল সেই যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ।


     কিন্তু প্ৰথম প্ৰেম যে অনুৰাগ দায়েও হেৰুৱালে।


     কি যে ঘটনা ঘটালে দেখাত নিৰীহ যেন লগা মিনাক্ষীয়ে!


     মই য়ুনিভাৰ্ছিটীত সোমাইছিলোঁ। বা-অনুৰাগ দাহঁতে ডিগ্ৰী শেষ কৰি চাকৰিৰ সন্ধানত আছিল। হঠাতেই এদিন শুনিলোঁ মিনাক্ষীৰ বিয়া। দৰাও আমাৰ লগৰ বিকাশ।


     অনুৰাগ দাৰ প্ৰেমৰ লঠিয়াই ধনীৰ দুলাল বিকাশৰ নামৰ সেন্দূৰ পিন্ধি সকলোকে হতবাক কৰি দিলে তাই।


     ভাঙি পৰিছিল অনুৰাগ দা। সকলো বাদ দি ৰূমত বন্ধ কৰি ৰাখিছিল নিজকে দিনৰাতি। অন্তৰৰ আহ্বান নেওচা দিব নোৱাৰি দৌৰি গৈছিলোঁ অনুৰাগ দাৰ কাষলৈ। বন্ধুবৰ্গ আৰু মোৰ সঁহাৰিত লাহে লাহে স্বাভাৱিক হৈছিল তেওঁ।


     বা-অনুৰাগ দাহঁত চাকৰিত সোমাইছিল। বাৰ বিয়াও হৈ গৈছিল। লাহে লাগে অনুৰাগ দাৰ লগত কথা পতা আকৌ বাঢ়িছিল মোৰ। মন বেয়া লাগিলেই মোৰ লগত কথা পাতি শান্তি পাইছিল তেওঁ।


     এদিন হঠাতেই মোক আচৰিত কৰি কৈ উঠিছিল,


"ভাল পাওঁ তোমাক মৌচুমী, আহিবা মোৰ জীৱনলৈ?"


     বুকুখন আনন্দত নাচি উঠিছিল মোৰ। কিন্তু পিছ মুহূৰ্ত্ততে পিছুৱাই আহিছিলোঁ। তাৰ বাদে উপায়ো নাছিল। তেতিয়ালৈ নিলয় আৰু সম্পৰ্কই এক নাম পাইছিল।


     নিলয়, মোৰ য়ুনিভাৰ্ছিটীৰ সহপাঠী। মোৰ প্ৰেমপ্ৰাৰ্থী,

যাক মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ। মোক সঁচা অন্তৰেৰে ভাল পায় যি। নিলয়ৰ প্ৰথম প্ৰেমত মইজনী।


     অন্তৰত অনুৰাগ দাক ৰাখিও তেওঁৰ লগত বান্ধোনত বান্ধ খাব নোৱাৰিলোঁ।


     দুচকুত পানী লৈ আঁতৰি আহিলোঁ অনুৰাগ দাৰ পৰা। নিলয় আৰু মোৰ বিয়া হৈ গ'ল। মিমি-ৰুণিও আহিল আমাৰ জীৱনলৈ। কিন্তু বুকুৰ গোপনত আজিও অনুৰাগ দায়ে প্ৰথম প্ৰেম হৈ বহি ৰ'ল।


     অনুৰাগ দায়ে বিয়া নাপাতিলে। চিৰজীৱন অকলেই কটালে। মাজে-সময়ে মনক বান্ধি ৰাখিব নোৱাৰি ফোন কৰোঁ। এটা শব্দ নোকোৱাকৈ কেৱল নিস্তব্ধতাৰে পুৰণি আৱেগবোৰ সোঁৱৰোঁ।


: মুনু… ৰাগহঁতে যায়গৈ, তোক মাতিছে।


     বাৰ মাতত ঘূৰি আহিলোঁ বৰ্তমানলৈ। ওলাই গ'লো চোতাললৈ।


     লগৰকেইজন গৈ গাড়ীত বহিল। অনুৰাগ দা সামান্য আগুৱাই মোৰ কাষ চাপি আহিল। তেওঁৰ চকুত চকু থৈ চাইছোঁ। এক বিষাদেৰে ডুবি থকা চকুযোৰত মোলৈ আজিও থকা প্ৰেমখিনি স্পষ্ট  দেখিছোঁ।


     ক্ষীণ সুৰত কৈ উঠিলোঁ,


: সদায় কি অকলশৰেই থাকিব অনুৰাগ দা?


: ক'ত অকলে? তোমাৰ স্মৃতিবোৰ আছে নহয়! তুমি জানো পাহৰিব পাৰিছা মোক?


: নোৱাৰোঁ পাহৰিবলৈ, কিন্তু নিলয়ক এৰি আপোনাৰ কাষলৈওতো আহিব নোৱাৰোঁ।


: নালাগে আহিবলৈ। নিজৰ সংসাৰত সুখেৰে থাকা। মই দূৰৰ পৰাই তোমাক চাই সুখত থাকিম।


     মই কিবা কোৱাৰ আগতেই গাড়ীত গৈ বহিল তেওঁ। ধূলি উৰুৱাই পলকতে আঁতৰি গ'ল গাড়ীখন।


     পিছফালৰ পৰা চাই থকা মোৰ দুগালেৰে বৈ আহিল বন্যা দুজাক। বৈ অহা চকুলোখিনি মচি দিলোঁ মই। মুখত ক্ৰমান্বয়ে ফুটি উঠিল এক বিকৃত হাঁহি।


     অনুৰাগ দাৰ দুচকুৰ কষ্টখিনি স্বচক্ষে প্ৰত্যক্ষ কৰি এক অনাবিল আনন্দ লাভ কৰিছোঁ।


এই দুখ এই কষ্ট তেওঁৰ প্ৰাপ্য।

মোৰ হিয়া ভাঙি মোক যি কষ্ট দিছিল,

তাতকৈ বহুগুণ বেছি কষ্ট জীৱনভৰলৈ দিলোঁ তেওঁক।


     মিনাক্ষীক প্ৰেমৰ জালত পেলাবলৈ ময়েই বিকাশক চেলেঞ্জ দিছিলোঁ। জানিছিলোঁ চেলেঞ্জৰ নামত সি যি কোনো কাম কৰিব পাৰে। মিনাক্ষীক ৰাস্তাৰ পৰা আঁতৰাই মই অনুৰাগ দাৰ হিয়াত স্থান ল'লোঁ। বিকাশ-মিনাক্ষীৰ সংসাৰৰ খবৰ নাজানো। ইচ্ছা কৰিয়েই ৰখা নাই। কৰ'বাত জোলোঙাৰ মেকুৰী ওলাই পৰে যদি?


     অনুৰাগ দাক চালাকীৰে নিজৰ প্ৰেমত পেলাই সম্পূৰ্ণভাৱে মোৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিলোঁ। কিন্তু যেতিয়াই তেওঁ প্ৰেম প্ৰকাশ কৰিলে, আঁতৰি আহিলোঁ তেওঁৰ হিয়াখন ভাঙি।


     কিয় নাহিলোঁ হেঁতেন? মৌচুমী শইকীয়া কিয় কাৰোবাৰ দ্বিতীয় প্ৰেম হৈ সংসাৰ কৰিব?


     মই নিলয়ক ভাল নাপালেও তাৰ প্ৰথম প্ৰেমত মই। অনুৰাগ দাৰ জীৱনত মই সদায় দ্বিতীয় প্ৰেম হ'লোঁ হেঁতেন। তাৰোপৰি মোক দিয়া কষ্ট আৰু মোৰ চকুলো বোৰৰ হিচাপ?


     সেয়ে আঁতৰি আহিও মোৰ প্ৰেমৰ জালৰ পৰা মুক্ত নকৰিলোঁ আজিলৈ। সময়ে সময়ে ফোন-মেছেজ কৰি তেওঁৰ ঘা টুকুৰা সতেজ ৰাখিলোঁ। মৌচুমী শইকীয়াক দুখ দি আজিলৈ কোনো সুখত থকা নাই। সেয়া লাগিলে মোৰ প্ৰথম প্ৰেমেই নহওক কিয়।


     গাড়ীখন এসময়ত নেদেখা হৈ পৰিল। ময়ো ঘূৰি ভিতৰ সোমাই আহিলোঁ। আলহীৰ ভিৰ বাঢ়িছে, বাক সহায় কৰি দিওঁগৈ।


~~~সমাপ্ত~~~


[ বিদ্ৰো: মোৰ এই প্ৰথম প্ৰেমৰ কাহিনীটো অনুৰাগ দাৰ লগত হোৱা এটা সঁচা প্ৰেম কাহিনী আছিল যদিও পিছৰ কথাখিনি ৰহস্য ৰূপে প্ৰকাশিত কৰিলোঁ। এডমিন তথা অনুৰাগ দাই মোক একো ভুল নুবুজে যেন।


কাহিনীয়ে হওঁক বা যৌৱনৰ আমনিয়ে হওঁক

জীৱনত প্ৰেম সকলোৰে হয়

তাৰেই

কাৰোবাৰ প্ৰথম প্ৰেমেই সফল হয়

আৰু কাৰোবাৰ নহয় (আনকি মোৰো নহ'ল)



আধৰুৱা স্মৃতি-

       Read Now :

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস-
       Read Now :

এগৰাকী নাৰীৰ জীয়া কাহিনী-
       Read Now :


বৰ্ণালীৰ প্ৰথম প্ৰেম

An Assamese Sad Story
Heart Touching Assamese Love Story
Sad Love Story In Assamese
"Prothom Prem"
Written By
Barnali Pathak
The Lession Of Article
ANURAG AND BARNALI

Daily Assamese Status

No comments:

Post a Comment