বহু দিন হ'ল | ৰাইহানা ইছলাম | অসমীয়া কবিতা | Raihana Islam Assamese Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বহু দিন হ'ল | ৰাইহানা ইছলাম | অসমীয়া কবিতা | Raihana Islam Assamese Poem

বহু দিন হ'ল


বহু দিন হ'ল নিজৰ মাজত, 
নিজক বিচাৰি নোপোৱা।

ৰাতিপুৱা সেউজীয়া দূবৰিত, 
নিয়ৰৰ কণিকাৰ সৈতে খোজ মিলোৱা।

আবেলিৰ সেন্দুৰীয়া বেলিটো, 
মাৰ যাওতে দেখা।
একেথৰে গগণ পিনে চাই 
ভাল লগা পংক্তি বোৰ, গুণগুণোৱা।

হেৰাই গ'ল দিনবোৰ, 
কিয় বা আজি নিস্তব্ধ পৰিৱেশত, 
চোতালত বহি থাকোতেই 
হঠাৎ ; গগণে মোলৈ চাই 
সুখৰ চকুলো টুকি, 
মোক তিয়াই, পুৰনি বন্ধুত্বক 
জীপাল কৰি তুলিলে !

- ৰাইহানা ইছলাম

No comments:

Post a Comment