জাৰৰ দিনত দুখীয়াৰ মৰমবোৰ বেছিকৈ বাঢ়ে
ফটা কঁথাখনৰ তলত মৰমবোৰে
অভিমানত হাঁহে
এখন ফটা কেঁথাৰ তলতেই
আমাৰ জীৱনে লুকা ভাকু খেলে৷
পত্নীলে বেয়া লাগে
জাৰৰ নিশা কি দৰে কঁপি কঁপি
মোৰ বুকুৰ মাজত সোমাই পৰে
ময়ো বুকুৰ মৰমবোৰে ঢালি দিওঁ তাইৰ বুকুত
মৰম লগা চাৱনী পত্নীৰ দুচকুত৷
পত্নীয়ে সদায় কয়
নতুন কম্বল এখন কিনি আনিবা
ফটা কঁথাখনক বহুতৰ ঘৰতেই নাই
সকলোৰে ঘৰত দামী গৰম কাপোৰে
ললে যে ঠাই৷
এখন নতুন কম্বল কিনিবলৈ মোৰ টকা নাই
ফটা কঁথাখনেই আমাৰ
জীৱনৰ কথাবোৰ বুজি পায়
সেয়েহে কঁথাখন দুখীয়াৰ ঘৰত সদায় থাকে
শীতৰ দিনত মৰমতে আমাক আকোৱালী ধৰে৷
শীতৰ পুৱাত পত্নীয়ে আলু পুৰা খুৱাই
গৰৈ মাছৰ পুৰাৰ লগত কৰ্কৰা ভাত
গাহৰী মঙহৰ লগত লাই শাক৷
মৰমবোৰ বাঢ়ি যায় শীতৰ দিনত
শুই যাওঁ সদায় সন্ধিয়া পৰত
পত্নীক সদায় চুমা দিও মাজ নিশা মনে মনে
হিম চেঁচা বতাহজাকে
আমনি কৰে দুয়োকে ঘনে ঘনে৷
প্ৰহ্লাদ জ্যোতি বৰা
No comments:
Post a Comment