এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana Part 8 | Papari Phukan | Sad Assamese Story | Emotional Axomiya Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এছ আই অঞ্জনা | এগৰাকী নাৰীৰ জীয়া কাহিনী | দ্বিতীয় অধ্যায় | S I Anjana Part 8 | Papari Phukan | Sad Assamese Story | Emotional Axomiya Novel


এছ আই অঞ্জনা

এগৰাকী নাৰীৰ জীয়া কাহিনী
অষ্টম খণ্ড

      মাৰ্ডাৰ কেছটোৰ পৰা অহাৰ পাছত অঞ্জনাৰ মনটো বেয়া লাগিল। বৰুৱা ককাইদেউৱে লৰা-লৰিকৈ পানী এগিলাচ আনি দিলে তাইক। তাই একে উশাহতে পানী গিলাচ শেষ কৰিলে। কেছটোলৈ যাবলৈ তাইৰ অলপো মন নাছিল। কিন্তু থানাত আৰু কোনো নথকাত যাব লগা হ'ল। 


     তালৈ গৈ তাইৰ মনটো বৰকৈ গধূৰ লাগি আহিল। আপোনজনক হেৰুৱাৰ কষ্ট কিমান তাই জানে, আপোন জনৰ হেৰুৱাৰ ভৰ তাই বুটলি পাইছে। মানুহ ঘৰলৈ যোৱাৰ লগে লগে তাৰ পৰিবেশটোৱে তাইক বৰ কষ্ট দিলে।


     মাকে মনত পেলাই পেলাই কান্দি আছে।

দেউতাক পুৰুষ কাৰণে বুকুত শিলৰ ভৰ সহ্য কৰি কথাবোৰ কৈ আছে। কোনোবা সময়ত তেওঁৰো দুচকুত দুটোপাল চকুপানী নিগৰি ওলাই আহিছে, কান্ধত লৈ থকা ফঁটা গেঞ্জিটোৰে চকুলো মোহাৰি পেলাইছে, প্ৰকৃতস্হ হ'বলৈ তলমূৰ কৰিছে। অঞ্জনাৰ বুকুতো কিহবাই খুছি দিয়া যেন লাগিল। 


     ল'ৰাজনৰ দেউতাক এম. ই. স্কুলৰ প্ৰধান শিক্ষক আৰু মাক হাই স্কুলৰ শিক্ষয়িত্ৰী। ল'ৰা জন এইবাৰ ডিগ্ৰী লাষ্ট ইয়েৰত পঢ়ি আছিল, ছোৱালী জনী নাইনত। স্কুললৈ আহোঁতে পলোৱাই লৈ আহিছিল তাইক।


     ছোৱালী জনীলৈ চাব নোৱাৰি। আউল-বাউল চুলিৰে খিৰীকিৰে বাহিৰলৈ চাই আছে। সিহঁতৰ বিয়াৰ চিন হিচাপে দামী ফ্ৰেমৰ মাজত থকা ফটোকপি বুকুত সামৰি লৈ ফেঁকুৰি ফেঁকুৰি কান্দিছে; এটা সময়ত আকৌ উশাহ ঘূৰাব নোৱাৰাকৈ কান্দোনত ভাগি পৰিছে। তাইৰ কান্দোনত খবৰ ল'বলৈ অহা মানুহবোৰেও চকুলো নুটুকাকৈ থাকিব পৰা নাই।


     বৰ কষ্ট সচাঁকৈ হঠাতে এনেকৈ বুকুৰ আপোনজন আঁতৰি গ'লে। অঞ্জনাৰো চকুপানী ওলোৱাৰ উপক্ৰম হৈছে, তথাপি কোনোমতে সামৰি ওলাই আহিল তাৰপৰা। কোনেও নেদেখাকৈ জেপৰ পৰা ৰুমাল খন উলিয়াই চকুপানী মোহাৰি ল'লে।


       আপোনজনক হেৰুৱাৰ কষ্ট কিমান

       সেইয়া মাত্ৰ হেৰুৱা জনেহে বুজে?


      কোৱামতেটো ল'ৰা জনক মাৰ্ডাৰ কৰিছে বুলিয়ে কৈছে মাক-দেউতাকে। অৱশ্যে ল'ৰাজনে অলপ মদ-পানী নোখোৱাও নহয়। কিন্তু তেওঁলোকৰ মতে সি সিমান লেবেজান হৈ নাখায়। 


      পাঁচজন ল'ৰাৰ নাম দিছে। সেইকেইজনক কেছটোৰ প্ৰকৃত সত্যটো নোলোৱালৈকে থানালৈ আহি‌ থাকিবলৈ অৰ্ডাৰ দিলে তাই।


"মেম।" - চেকেণ্ড অফিচাৰ জন আহি অঞ্জনাক মাত লগালে।


"অ গগৈ ক‌ওঁকচোন?"


"বাহিৰত কেছ এটা আহিছে।"


"আপুনিয়ে চাওঁক গৈ চোন, মোৰ গা-টো বৰ ভাল লগা নাই দেখোন আজি।"


"জ্বৰ হৈছে নেকি? টেবলেট আছিল খাব পাৰিলে হেঁতেন!"


"হ'ব লাগিলে কম বাৰু। ধন্যবাদ।"


"তেওঁলোকে আপোনাৰ আগতহে ক'ব বোলে কথাবোৰ।"


"এনেই কেনেকুৱা ধৰণৰ যেন লাগিল আপোনাৰ?"


"লগত ছোৱালী এজনী আহিছে। কিবা বিয়া-বাৰুৰ কথাই হ'ব চাগে।"


"হয় নেকি? বলকচোন আপুনি। মই গৈছোঁ বাৰু।"


      তেওঁ ওলাই গ'ল। অঞ্জনাও বেচিনটোলৈ উঠি গৈ মুখখন ধুই গামোচা খনেৰে মুখখন মোহাৰি ল'লে। এটা দীঘলীয়া হুমনিয়াহ আপোনা-আপোনি ওলাই আহিল তাইৰ।


"বাইদেউ, বহকচোন। মই সিহঁতক মাতি আনো।"


      বৰুৱা ওলাই গ'ল বাহিৰলৈ। কিছুসময় পাছত বৰুৱাৰ পাছে পাছে সিহঁত দুটাও সোমাই আহিল।


"বহক।"


"বাইদেউ মানে কথাবোৰ এনেকৈ...?" - লগত অহা ছোৱালী‌ জনীয়ে মাত লগালে।


"কিবা অসুবিধা হ'ব নেকি?"


"এনেকৈ সকলোৰে আগত ক'ব নোৱাৰি।"


"কিয়?"


"মানে.....?" - ছোৱালী জনীয়ে বৰ সেমেনা-সেমেনি কৰি আছিল। সেয়ে অঞ্জনাই ক'লে,


"বলক তেনেহ'লে সৌ তালৈ। আহক।" - অঞ্জনা উঠি গ'ল। পাছে পাছে সিহঁত দুটাও।


"বহক।"


      অঞ্জনাই আগবাঢ়ি গল যদিও বৰ ভাল নালাগিল। কিবা প্ৰেগনেন্ট-চেগনেন্ট কথা নহয়তো? লাজো লাগিল তাইৰ। সচাঁকৈ যদি এনেধৰণৰ কথা হয় তেন্তে তাইনো বাৰু কি সমিধান দিব? জাতিভেদৰ কথা হ'লেও আজিকালি মাত মাতিবলৈ ভয়।


"বাইদেউ এওঁ মানে আপোনাক চিনি পায়।"


     ছোৱালী জনীয়ে মাত লগালে প্ৰথমেই। হয় তাইৰো মানুহ জনক ক'ৰবাত দেখা দেখা লাগিছে। বজাৰ-সমাৰ কৰি ফুৰোঁতে ক'ৰবাত দেখা পাইছে সম্ভৱ।


      বগাকৈ মানুহজন, অলপ শকত। বগা চাৰ্ট আৰু কলা ৰঙৰ জিনচ্ এটা পিন্ধিছে ল'ৰাজনে। লগতে এটা অফ হোৱাইট কালাৰৰ কোট।


"মোক? মইটো ক'তো দেখা মনত পৰা নাই।"


"ঠিকেই। দেখা নাই বাৰু কিন্তু চিনি পাওঁ আপোনাক।"


      এইবাৰ ল'ৰা জনে মাত লগালে।

কিন্তু মাতষাৰো দেখোন শুনা শুনা লগা নাই। ল'ৰা জনে চশমাযোৰ আৰু টুপিটো খুলি টেবুলট থলে। 


      ওহো তাই চিনি নাপাই। কিন্তু কেনেকৈ চিনি পালে তাইক? নে তাইৰ জীৱনৰ লগত এইয়া নতুন খেল ৰচিচে ভগৱানে??


     ভয় লাগিল তাইৰ। বুকুৰ ধপধপনিবোৰ বাঢ়ি যোৱা যেন লাগিল। তাই আৰু ভগৱানক তাইৰ জীৱনৰ সতে খেলিবলৈ নিদিয়ে। প্ৰতিবাদ কৰিব তাই, এইবাৰ আৰু তাই সমস্যাৰ পৰা নপলাই। আগতেও পলোৱা নাছিল, কিন্তু তথাপি পলৰীয়াই হৈছিল তাই।


"দাদা, আপুনি বাইদেউৰ লগত কথাবোৰ পাতি লোৱা। মই যাওঁ।"


"তোমাৰ ঘৰ?"


"মই ইয়াৰে বাইদেউ। মই আহোঁ।"


      ছোৱালী জনী ওলাই গ'ল। অঞ্জনা এইবাৰ অলপ থৰ লাগিল। কি কথা পাতিব ল'ৰা জনে তাইৰ লগত? আগতেচোন কেতিয়াও দেখা মনত নপৰে। অজয় নেকি? ইমানদিনে লগ নোপোৱা এয়া অজয় নেকি??


      ওহো! ওহো! অজয় নহয়।

অজয়ে যিমান ৰূপ সলাই তাইৰ ওচৰলৈ আহিলেও তাই চিনি পাব‌ই। অজয়ৰ লগত তাইৰ আত্মাৰ মিলন হৈছে, সেইয়া কেতিয়াও মিছা হ'ব নোৱাৰে।


আগলৈ…..


[ "বেশ্যা"ৰ দ্বিতীয় অধ্যায় "এছ. আই. অঞ্জনা" প্ৰতিদিনে নিশা ন বজাত (9 pm) আপলোড কৰা হৈ থাকিব। অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা DailyAssameseStatus লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on-  INSTAGRAM 


বেশ্যা - প্ৰথম খণ্ডৰ লিংক 

             Read Now :

এছ আই অঞ্জনা - সপ্তম খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা - নৱম খণ্ডৰ লিংক
             Read Now :

এছ আই অঞ্জনা -
এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Love Story
"S. I. Anjana -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী


Special Thanks-

মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
S. I. Anjana Volume 2 | Heart Touching
Daily Assamese Status

No comments:

Post a Comment