মৰ্মান্তিক
মই যোৱাৰ দিনা তুমি আহিবানে ?
বিদায় মৌন সেই প্রহৰটোত
মোৰ উভতি নহাৰ কবিতাবোৰ পঢ়ি
তুমি মাথোঁ খিলখিলাই হাঁহি দিবা !
কিন্তু, মই নাথাকিম সেইদিনা
তোমাৰ হাঁহিবোৰৰ সৈতে বিলীন
হ'বলৈ .....
এটুপি দুটুপিকৈ নিগৰি অহা
তোমাৰ চকুলোৰ অসংখ্য টোপাল
বোৰৰ মূল্য,
সেইদিনা যেন নিচেই তুচ্ছ হৈ ৰ'ব .....
তোমাৰ হৃদয়ৰ অসংখ্য হাহাকাৰৰ
বিননিয়ে
মোক জানো পুনৰ উভতাই আনিব
পাৰিব ?
হয়তো নোৱাৰে, কাহানিও নোৱাৰে ...
নিশাবোৰ পুনৰ আঁতৰিব,
প্ৰভাতৰ প্ৰথম কিৰণ আকৌ পৰিব.....
পখীটিয়ে গীত জুৰিব,
গছৰ সেউজীয়াবোৰ পুনৰ যেন
নাচি উঠিব !
তেন্তে বিষাদৰ বলিয়া বা
মই যোৱাৰ দিনা কিয় বলিব ?
তুমিও চোন একেদৰেই থাকিবা,
তোমাৰ সেই সীমাবদ্ধতা বোৰৰ মাজত .....
তেন্তে আক্ষেপৰ সেই ধ্বনি
তোমাৰ হৃদয়ৰ প্ৰান্তে প্ৰান্তে কিয়
বাজিব ?
বিশাল পৃথিৱীখন একেদৰেই ৰৈ যাব !
ৰৈ যাব আকাশ বতাহ, আৰু নদীৰ
কল কল শব্দবোৰ;
কেৱল নাথাকিম মই সেইদিনা .....
গছৰ সৰাপাত বোৰে সুৰ তুলিব
কোনোদিনে উভতি নহাৰ বাটেদি
তাই গ'লগৈ আৰু
ৰৈ গ'ল মাথোঁ মৰ্মান্তিকতা .....
শেষত তোমাৰ প্ৰজ্ঞা