নিমাতী ঘাটৰ বিননি
মৃত্যুৰ সিপাৰে স্তব্ধ হৈ ৰ'ল
সেই অনল প্ৰস্তাৱবোৰ !
ক'তজনৰ যে অস্পৃশ্য আশা
নিৰাশা হৈয়ে মৰহিল ।
আজি ৰাজফেঁটী নিমাতে ৰৈছে ।
ভগ্ন স্বপ্নবোৰৰ হিয়া ভগা কান্দোনত
কঁপি উঠিছে স্নায়ুৰজ্জুৰ ষট্পদ !
মৃতদেহৰ দ'মটোত খেপিয়াই ফুৰিছিলো
মই তেজ-মঙহৰ আপোন জনক !
অৱশেষত পাইছিলো এটি
গেলিব ধৰা কাঠৰ দৰে চেঁচা পৰা শৰীৰ !
নাকত লাগিছিল আপোনত্বৰ গোন্ধ!
চকুলোবোৰেও বৈ বৈ ভাগৰি পৰিছিল!
শুকাই গৈ চামনি বান্ধিছিল গালে মুখে !!
সঁচাকৈ ! মৃত্যুও যে ইমান বেদনাদায়ক !
এমুঠি উশাহৰ চেতনাত ধৰফৰাই ধৰফৰাই
ক'তজন যে হেৰাই গ'ল আমাৰ পৰা !!
কিন্তু ৰজাঘৰীয়াই নুবুজিলে ।
ৰজাঘৰীয়াৰ স্থবিৰ প্ৰজ্ঞাই কাঢ়ি নিলে ।
আপোন সুৰক্ষাৰ কথাকে
পাহৰি পেলালে অভাৱী ৰজাঘৰীয়াই ।
পাহৰি পেলালে দলং নিৰ্মাণৰ কথা ।
মৃত্যু হ'ল সাঁচিপাতৰ সোণালী আখৰৰ ।
মৃত্যু হ'ল পৱিত্ৰ প্ৰতিশ্ৰুতিৰ ।।
নৈৰ পাৰত এতিয়াও বিনাই
নিষ্পাপী আত্মাই ।
কাউৰীঠেঙীয়া প্ৰতিশ্ৰুতিবোৰ
আজি পুৰণি হ’ল !
মৃত্যুৰ আবেগত তলসৰা শেৱালিৰ
হেঁপাহবোৰো হেৰাল !
অন্যায়ৰ বুকুত আশ্রয় ল’লে
দায়িত্ববোধৰ সপোন বোৰে।
সপোনবোৰ সীমিত সত্ত্বা ! তথাপি মৰ্মান্তিক !
সেই সপোনবোৰৰ বুকুতে
আশ্রয় ল’লে দুৰ্বল মানুহে ।
অগণন মৃতদেহৰ গেলা-পঁচা গোন্ধ ।
অৱসাদগ্রস্ত হেজাৰ সপোন পক্ষী
সেই মৃত্যুৰ ঢৌত হেৰাই গ’ল!
কাৰোবাৰ মুখৰ হাঁহি হৰিল চিৰদিনলৈ ।
যুগে যুগে বিচাৰে ৰূপান্তৰৰ যাত্রী ।
মানুহে প্ৰাপ্যৰ বাবে অহংকাৰ নকৰে,
মাথোঁ নিজৰ সুৰক্ষা বিচাৰে !!
লিখা:- অলিম্পিয়া গগৈ (নৱম শ্ৰেণী)
____________________________
ব্যক্তিগত অনুভৱ-
✍️
"দেশ সুৰক্ষাতকৈ বৰ্তমানৰ পৰিস্থিতিত
নিজৰ সুৰক্ষা মেইন ।"
✍️
"সময়ত আপোন জনেও হেৰাই যায়,
আৰু দুখ-কষ্ট সহিব লাগে নিজেই ।"
Instagram Post-