ৰাতিপুৱা শুই উঠিয়েই অঞ্জনা গা ধুবলৈ বুলি বাথৰুমলৈকে গ'ল। সবিতা অহা নাই। যোৱা কালি জীয়েকৰ জন্মদিনলৈ যোৱাৰ বাবে বৰ ভাল পাইছে সবিতাহঁতে।
এই সৰু সৰু মানুহ বোৰৰ সুখবোৰেই ভাল আছিল। তাইয়ো এনে হৈ থাকিব পৰা হ'লেই ভাল আছিল। কিন্তু নোৱাৰিলে।
আপোনবোৰেই তাইক বাধ্য কৰালে জেদি হ'বলৈ। কোনোদিনে তাই ডাঙৰ সপোনক লৈ ওমলা নাছিল, বিলাসী সপোন নো কেনেকুৱা তাই অনুভৱো কৰিব নাজানিছিল। মাক নাছিল কিন্তু দেউতাকৰ লগতেই তাই সৰু সৰু সপোনবোৰৰ ভাগ-বতৰা কৰিছিল।
দেউতাক আঁতৰি যোৱাৰ পাছত হে তাইৰ সপোনলৈ ভয় লগা হৈছিল, আপোন মানুহ বোৰলৈ ভয় কৰা হৈছিল। ভয় কৰি কৰিয়ে এসময়ত কঠোৱা হৈ জেদি হৈ পৰিছিল। ভিতৰৰ কোমল, নিৰ্জু, নম্ৰ অঞ্জনাৰ নিজক শেষ কৰিবলৈও ভয় নোহোৱা হৈছিল। যন্ত্ৰ হৈ পৰিছিল তাই। মৰি গৈছিল তাই।
কেতিয়াবা নিজৰ আগৰ ৰূপটোক, মনটোক বিচাৰি বিচাৰি হাবাথুৰি খাইছিল তাই। হাঁহি ভালপোৱা, ধেমালি কৰি ভালপোৱা অঞ্জনাই কেতিয়াবা ড্ৰেছিং খনত নিজৰ মুখখন চালে তাই নহয় যেন অনুভৱ কৰে। কাৰণ অনবৰতে হাঁহো হাঁহো কৰি থকা মুখমণ্ডলত এক বিভীষিকা বিয়পি থকা দেখা পাইছিল, এজনী কঠোৰ মানুহ দেখিছিল।
সকলো সময়ৰ হাতোৰা। সময়ৰ হাতোৰাই কিছুমান মৃসণ কৰে, কিছুমান আকৌ পিতি পিতি টান কৰি পেলায়। তাই টান হৈ পৰিল।
ভাতকেইটা খাইয়ে তাই গাড়ীখনৰ ওচৰলৈ আহিল। ড্ৰাইভাৰ ল'ৰাটো আহি ৰৈয়ে আছেহি। ৰুমৰ পৰা ভালেখিনিয়ে আঁতৰ হয় থানালৈ। তাই মুলিয়াবাৰীৰ একেবাৰে মূৰলৈ থাকে। সেইডোখৰ ঠাই পি. এন. জি. বি ৰোড বুলিও কোৱা শুনিছে তাই বহুতকে। তাই নকয়; সেইফালেদি পেঙেৰী, বৰডুমচালৈ যায় বাবে পেঙেৰী ৰোড বুলিহে কয় তাই।
গাড়ীখনত আহি বহাৰ লগে লগে ষ্টাৰ্ট দিলে দিলীপে। ৰাস্তাটো বৰ ভাল নহয়, পকা যদিও ভগা প্ৰায়ে। লাহে লাহে গাড়ীখন আগুৱাই গৈ থাকিল।
ৰাস্তাৰ কাষে কাষে আই. অ. চি ৰ কোৱাৰ্টাৰবোৰ আছে। অলপ ভিতৰলৈ বি-টাইপ ক'লনিটো আছে। হুঁচৰি বৰ ধুনীয়াকৈ মাৰে তাত। একেবাৰে মঞ্চত মৰাৰ দৰেই। বিহুৰ সময়চোৱাত ৯, ১০ টালৈ বিহুৰ আখৰা চলে পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত। মৌ-কুঁৱৰী, মৌ-কোঁৱৰ, বিহুৱতী, হুঁচৰি সকলো বোৰেই। মাৰ্চৰ মাজভাগৰ পৰাই আখৰা চলে ইয়াত।
প্ৰেক্ষাগৃহৰ কাষতে ৰাস্তাৰ মাজভাগতে থকা ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোৱে সেইচোৱা অঞ্চলৰ এক বিশেষ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। সেইখিনিৰ পৰাই আৰম্ভ হয় ভাল লগা প্ৰাকৃতিক পৰিৱেশৰ।
প্ৰকৃতিৰ সৌন্দৰ্য্যৰ লগতে অঞ্জনাৰো মনটো আজি বৰকৈ ভাল লাগি আছে। টোপনিটো পূৰা হোৱাৰ বাবেই চাগে মনটো আজি মুকলি লাগিছে তাইৰ। নহ'লে আগতে ৰাতি এপৰলৈ শুবই নোৱাৰে। ইটো-সিটো চিন্তা, কামৰ হেঁচা, ডিউটি আদিয়েও তাইৰ টোপনিটোত ব্যাঘাত জন্মাই। কিন্তু কালি সবিতাহঁতৰ ঘৰৰ পৰা আহিয়েই ফ্ৰেচ হৈ বিচনাত পৰাৰ লগে লগে যিটো টোপনি আহিল একেবাৰে ৰাতিপুৱা হে সাৰ পালে।
গাড়ীখনৰ পৰা নামি টিফিনটো লৈয়ে অঞ্জনা থানাৰ ভিতৰলৈ সোমাই গ'ল। ন' বাজিবৰ হৈছে। কামকৰা মানুহ এগৰাকী আজিকালি ৰেগুলাৰকৈয়ে আহে থানাখনৰ ভিতৰ-বাহিৰবোৰ সাৰিবৰ বাবে।
তাই প্ৰথম আহোঁতে থানাখনৰ অৱস্থা যিহে আছিল। গছৰ পাতে, তামোলৰ পিকে নধৰা। সেইবোৰ সকলো চফা কৰি আটোম-টোকাৰি কৰি ল'লে তাই। এতিয়া কোনেও তাই দেখাকৈ তামোল এখনো মুখত নিদিয়ে।
বৰুৱা ককাইদেউ আহিল। তেওঁ প্ৰায়ে সময়তে আহে। বাকী কেইজনৰ হে অলপ কনপ্লেইন বেছি। কাৰোবাৰ ল'ৰা স্কুলত থৈ আহিব লাগে, কোনোবা জনৰ মানুহ গৰাকী লগত নাই, কাম-বন কৰি আজৰি হৈ আহোঁতে প্ৰায় দহ বাজি পাৰ হয় সদায়েই।
"এওঁলোকৰ নাকি লগাব লাগিব।" - অঞ্জনাই মনতে ভাবিলে।
চুচুক-চামাক কৰি থকা বৰুৱা ককাইদেউক তাই নিজৰ ৰুমলৈ মাতিলে। তাইৰ হাতত টোপোলা এটা দি ক'লে
"কালি নাম এষাৰ পাতিছিলোঁ, তাৰেই বুটমাহৰ ভাগ এটা আৰু এই পায়স অকণ আপোনালৈ দি পঠাইছে আমাৰ তেওঁ।"
"অহ, হয় নেকি! দিয়ক তেনেহ'লে। বহুদিন হ'ল নামৰ মুখৰ প্ৰসাদৰ সোৱাদ নোপোৱাই হ'লো। পায়স বাৰু সবিতাই দিয়েহি কেতিয়াবা ঘৰত বনালে।"
বুটমাহ কেইটামান মুখত লৈ চোবালে তাই। সচাঁকৈয়ে এই প্ৰসাদৰ সোৱাদ অপূৰ্ব। বুটমাহৰ মাজত থকা কাবেলি বুট কেইটামান বাছি খালে তাই।
বুটমাহ অঞ্জনাই খাই এনেও ভাল পায়। তাতে নামৰ মুখৰ প্ৰসাদ যেতিয়া কথাই নাই।
এজন দুজনকৈ থানালৈ সকলোৱেই আহিল। আহি নিজৰ নিজৰ কামত লাগিল। সকলোকে নিজৰ নিজৰ ডিউটিলৈ পঠালে। তাইয়ো যাব লাগে এঠাইলৈ মাৰ্ডাৰ কেছ এটা আছে।
আগলৈ …..
No comments:
Post a Comment