ৰাতিপুৱাৰ ৰ'দ
ৰাতিপুৱাৰ ৰ'দ জাক
বৰ লাজকুৰীয়া,
দেখা দিবই নোখোজে
যেন ন কইনা জনীহে !
ডাৱৰৰ ওৰণি আঁতৰাই
কেতিয়ানো আহিব ওলাই
মোৰ অপেক্ষাৰ অন্ত পেলাই
ভাৱিচোন উৱা-দিহ পোৱা নাই ।
শীতৰ সেমেকা পুৱাটি
তুমি আহি তপতাই দিয়াহি ।
তোমাৰ অবিহনে শীতৰ প্ৰকোপ নকমে,
সেয়েহে হিল দল ভাঙি আহা সদল বলে ।
এচেৰেঙা ৰঙা ৰ'দ ! তুমি ক'ত আছা
অতি শীঘ্ৰে মেঘমুক্ত হৈ দেখা দিয়া ।
কোমল পুৱাটিত বহিছোঁ পীৰালি পাৰি,
জঠৰ দেহাটি তোমাৰ পৰশত উঠক ঠন ধৰি ।
এহাতে এবাটি ৰঙা চাহ আন হাতে গুড়ৰ চপৰা,
ৰাতিপুৱাৰ এই চাহ কাপ কি যে সোৱাদ লগা ।
উৱলি যোৱা চাদৰে বতাহ জাকক
ৰোধিব নোৱাৰে
ৰদৰ সন্মুখত পুৰণি চাদৰ খনে কিনো
কৰিব পাৰে।
হেৰৌ ৰাতিপুৱাৰ ৰঙা ৰ'দ আহা সোনকালে,
তুমি নহ'লে শীতৰ প্ৰকোপ নকমেহে নকমে ।
গৰম কাপোৰ কিনিবলৈ চন্দুকত সাঁচতীয়া
ধন নাই
শীত কালৰ পৰম মিত্ৰ ৰ'দালি তুমি
কিয় বুজা নাই !
দুখীয়াৰ দুখ বুজিবলৈ কোনো নাই সঁচা !
কিন্তু সকলোৰে ত্ৰাণকৰ্তা তুমিতো আছা !
হে সুৰুজ দেৱতা ওলাই দেখা দিয়া,
পুৱাৰ কিৰণ খিনি ছটিয়াই দিয়া।
উত্তাপৰ লগতে ধৰণীখনে পোহৰো পাব
পোহৰ পাই প্ৰকৃতিয়ে এটি ন দিনৰ বাবে
সাজু হ'ব ।
ৰাম প্ৰসাদ ৰাভা
No comments:
Post a Comment