বেশ্যা | অঞ্জনাক চুৰি মাৰিছিল পেটত | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস - খণ্ড ১২ | Tai Besya By Papori Phukan | Sad Assamese Story | Emotional Assamese Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অঞ্জনাক চুৰি মাৰিছিল পেটত | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস - খণ্ড ১২ | Tai Besya By Papori Phukan | Sad Assamese Story | Emotional Assamese Novel

বেশ্যা

অঞ্জনাৰ জীয়া কাহিনী

     বৰ কষ্ট হয় যেতিয়া আপোন মানুহৰ কাষত থাকিও অচিনাকিৰ দৰে থাকিব লগা হয়। সময়বোৰ বৰ নিষ্ঠুৰ।


     জেউতীৰ আগত সময়বোৰ পেণ্ডুলামৰ দৰে উলমি ৰয়হি। কিমান বছৰ হ'ল বাৰু এই আশ্ৰমত তাইৰ হিচাপ‌ কৰা হোৱাই নাই! আশ্ৰমলৈ আহি দুবছৰ মান থকাৰ পাছত ৱাৰডেদনৰ দায়িত্ব দিলে। আগৰ গৰাকীৰ হাই ব্লাড প্ৰেচাৰত মৃত্যু হৈছিল। 


     মানুহক মৃত্যুৰ মুখলৈ মাতি নিবলৈ কোনো ডাঙৰ বেমাৰৰ প্ৰয়োজন নহয়; হয় মাথো আপোনতকৈও আপোন মানুহৰ বিশ্বাসঘাটকতাৰ। যিয়ে প্ৰতিদিনে, প্ৰতিপলে অলপ অলপকৈ নিজৰ খুব কন্দুৱাই।


      হিচাপ কৰিবৰ মন নাযায় জেউতীৰ তৰুণৰ লগত কটোৱা কিছুমান দুৰ্বিসহ সময়ৰ কথা। মাত্ৰ কেইটামান অন্তৰংগ মুহূৰ্তৰ কথা মনত ৰখাৰ বাহিৰে। কিয় জানো ইমান আপোন, ইমান ভালপোৱা মানুহজনক পাছলৈ ভয় কৰিবলৈ লৈছিল জেউতীয়ে। প্ৰতিটো ক্ষণেই যেন তাইৰ বাবে মৃত্যুৰ যন্ত্ৰনা কঢ়িয়াই আনিছিল।


       কিয়?? কিয় হৈছিলগৈ তৰুণ পাছলৈ এনেকুৱা তাই ভাবি ভাবি উত্তৰ বিচাৰিবৰ যত্ন কৰে; কিন্তু উত্তৰ নাপায়।


"তৰুণ বাৰু সচাঁকৈয়ে আন ছোৱালীৰ প্ৰেমত পৰিছিল নেকি?"


       ওহো! নহয়। জেউতীয়ে নিজেই উত্তৰ দিয়ে। তৰুণে মাত্ৰ তাইক ভাল পাইছিল, মাত্ৰ জেউতীক ভাল পাইছিল আনক নহয়। তেন্তে ইমান ভালপোৱা থকাৰ পাছতো এখন সংসাৰ এনেকৈ নিচিহ্ন হয়নে? ক'ত ভুল হৈছিল তাইৰ? ক'ত ভুল কৰিছিল বাৰু তৰুণে?


       নাই আউল লগা সময়বোৰৰ জঁটবোৰ ভাঙিবৰ যত্ন নকৰে তাই। যি হয় এতিয়া হ'বলৈ দিব লাগে মাথোঁ।


     চিন্তাৰেই যদি জীৱনৰ আউলবোৰ ভাঙিব পাৰিলেহেতেন তেন্তে জীয়াই থকাৰ মাদকতাই বেলেগ হ'লহেতেন। কিন্তু ভগৱানো বৰ টেঙৰ, সমস্যা দিয়ে তাৰ সমিধানো দিয়ে কিন্তু বহুত দেৰিকৈয়ে। দেৰিকৈ মানে জীৱনৰ সকলোবোৰ ৰং শেষ হোৱাৰ পাছত, বহুত দেৰি হয় তেতিয়ালৈকে। 


    সময়বোৰ সলনি হয়, মানুহবোৰ সলনি হয়, সম্পৰ্কবোৰতো মামৰে ধৰেগৈ তেতিয়া। হুমনিয়াহ এটা এৰে জেউতীয়ে।


◆◆◆◆◆◆◆◆◆◆

      বিশদিন হৈছে। অঞ্জনাই লাহে লাহে অলপ নিজেই খোজ কাঢ়িব পৰা হৈছে। কাপোৰবোৰ নীলাই নহ'লে জেউতীয়েই ধুই দিয়ে। দিনত প্ৰায় নীলা নাথাকেই। তাইৰ টেইলৰিং চেন্টাৰ আছে, তালৈ যায়গৈ। আশ্ৰমলৈ আহিও যিসকলৰ হেঁপাহ আছে তেওঁলোককো শিকাই দিয়ে।


      অঞ্জনাৰ লগত হোৱা ঘটনাৰ তদন্ত কৰিবলৈ জেউতীয়েই জোৰ কৰিছে। যদি কেনেবাকৈ জেউতীৰ দ্বাৰা এই ঘটনা হ'ল হেঁতেন আৰু তেতিয়া যদি অঞ্জনাৰ মৃত্যু হ'ল হেঁতেন তেতিয়া??


      উফ! ঈশ্বৰ ৰক্ষা কৰিলা। নহ'লে যে তাই গোটেই জীৱন এটুকুৰা নুশুকোৱা ঘাঁৰ দুৰ্গন্ধত সদায় মৰি মৰি জী থাকিব লগা হ'ল হেঁতেন।


"বাইদেউ।" -পাছফালে কাৰোবাৰ মাত শুনি উভতি চালে।


"অঞ্জনা তুমি! চাওঁ খোজটো লাহেকৈ দিয়া। মোক মাতি দিয়া হ'লেই ধৰি ধৰি আনিলোগৈ হেঁতেন নহয়!"


      অঞ্জনাৰ বাহু দুটাত ধৰি তাইক লাহেকৈ বহুৱাই দিলে। ফুলনিখনৰ মাজত থকা বাঁহৰ ঘূৰণীয়া কৈ সজাঁ ঘৰটোত প্ৰায়ে জেউতী বহেহি। টকৌ পাতেৰে চালখন চোৱা, ঠাণ্ডা বতাহ মাৰি থাকে, সকলোৰে প্ৰিয় ঠাই এইডোখৰ।


"অঞ্জনা, তুমি ইয়ালৈ বাৰু কেনেকৈ আহিলা? মানে এইখন চহৰলৈ?"


"সেইবোৰ ধেৰ কথা বাইদেউ, বেয়া লগা।"


"তোমাৰ মা-দেউতা?"


"আছিল। মাই মোৰ সাত বছৰ হ‌ওঁতেই দেউতাৰ লগত কাজিয়া কৰি ওলাই গৈছিল। দেউতা মোৰ হায়াৰ চেকেণ্ডেৰী ৰিজাল্ট দিয়া দিনাই ঢুকাইছিল।"


"মা আকৌ নাহিল নেকি? দেউতাই আনিবলৈ নগল নেকি?"


"গৈছিলো মই আৰু দেউতাই কিন্তু মামা হঁতৰ ঘৰত মা নাছিল। মামাই হেনো খঙত কিবা-কিবি কৈ ঘৰলৈ পঠায় দিছিল। কিন্তু মা ঘৰলৈ অহা নাছিল।"


"ক'তো খবৰ নকৰিলা আৰু?"


"মাৰ সম্পৰ্কীয়, দেউতাৰ সম্পৰ্কীয় সকলোতে খবৰ কৰিলে। দেউতাই নিজেও গৈ খবৰ কৰিছিলগৈ কিন্তু ক'তোৱেই নাছিল মা আৰু মোৰ সৰু সৰু ভন্টি দুজনী!"


"আৰু বেলেগত খবৰ নকৰিলাগৈ?"


"যিমান পাৰি সিমান চেষ্টা কৰিছিল দেউতাই কিন্তু সকলোতে বিমুখ হৈ দেউতা ভাগি পৰিছিল পাছলৈ!"


"কাজিয়া কিয় হৈছিল?"


"দেউতাই প্ৰায় মদ খাই মাৰ লগত কাজিয়া কৰিছিল সেয়ে মাৰ সহ্যৰ সীমা হয়তো পাৰ হৈ যোৱাত ঘৰলৈ আৰু উভতি অহা নাছিল।"


"মা লৈ মনত নপৰে তোমাৰ?"


"পৰে। পৰিলেনো কি কৰিম। মা বা দেউতা যিকোনো এজন যদি আজি মোৰ সতে থকিলেহেঁতেন তেন্তে আজি এই অৱস্থা মোৰ নিশ্চয় নহ'ল হেঁতেন।"


"দেউতা কেনেকুৱা আছিল?"


"প্ৰথম অৱস্থাত বেয়া বুলিয়ে কম বাৰু মাক অশান্তি কৰাৰ বাবে। কিন্তু পাছলৈ দেউতাই মদ খাবলৈ একেবাৰেই এৰি দিছিল।"


"মাৰ কথা দেউতাই নকয়?"


"পুৰুষে মনৰ ভাবনো কেতিয়া প্ৰকাশ কৰে ক‌ওঁকচোন। মাৰ কথা বাৰু মোৰ আগত নকয় কিন্তু ভাত ৰান্ধোতে পাকঘৰত, মোৰ জ্বৰ হ'লে শিতানত বহি প্ৰায়ে কান্দে। তেতিয়া বুজা নাছিলো, এতিয়া বুজো তেওঁৰ হয়তো সেই সময়ত খুউব মালৈ মনত পৰে। হয়তো বৰ অকলশৰীয়া অনুভৱ কৰে।"


"ভালপাই বিয়া হৈছিল নেকি?"


"উম! ভালপাই বিয়া হৈছিল। হয়তো মৰাৰ সময়লৈকে তেওঁ মাকেই ভাল পাইছিল নহ'লেনো বাৰু মোৰ সাত বছৰ হ‌ওঁতেই মা গুচি গৈছিল; তেওঁতো বেলেগ বিয়া কৰাব‌ও পাৰিলেহেতেন! খুঁৰাহতে জোৰো কৰিছিল বিয়া কৰাবলৈ কিন্তু এইষাৰ কথা ক'লেই দেউতা উঠি গৈছিল।"


"দেউতাৰ নাম কি আছিল?"


"তৰুণ কাকতি।"


     হয়, তৰুণ কাকতিয়ে হয়। যিজন জেউতীৰ দুৰ্দান্ত প্ৰেমিক, জেউতীৰ দ্বিতীয়টো হৃদযন্ত্ৰ। কিন্তু মাজতে বাৰু এইবোৰ কি হ'লগৈ, সকলো যে তল-ওপৰ হ'ল! নিমিষতে তাচপাতৰ ঘৰৰ দৰে হুৰুমকৈ খহি পৰিল।


      দুখন অভিন্ন হৃদয় ফাঁট মেলিছিল। হৃদয় দুখনে তেজৰ চকুপানী টুকিছিল কিন্তু দুয়ো দেখিও নেদেখাৰ দৰে হৈছিল। সময়বোৰ নিষ্ঠুৰ আছিল নে হৃদয় দুখনত অভিমানৰ পাহাৰে গঢ় লৈছিল নাজানে কিন্তু সংসাৰখন ভাঙি গৈছিল।


      চকুৰ আগত সংসাৰখন ভাগি যোৱা দেখি‌ও নিৰৱে চোৱাৰ বাদে ৰক্ষা কৰিবলৈ হেঁপাহ নোহোৱা হৈছিল জেউতীৰ।


"মা তো এবছৰৰ পাছত অহা হ'লেও দেউতাই আদৰি ল'লে হেঁতেন মই জানো। নিজৰ ভালপোৱা জনক ভুলবোৰ শুধৰোৱাৰ আৰু এবাৰ তো সুবিধা দি চাব পাৰিলে হেঁতেন মাই। ইমানেই অভিমানবোৰ বাঢ়ি গৈছিল নে তেওঁৰ যে দেউতাক নিজৰ ভুল স্বীকাৰ কৰাৰোঁ সুবিধা নিদিলে। বৰ নিষ্ঠুৰ তেওঁ। ইমান সৰুতে মোক এৰি থৈ গ'ল অথচ উভতি নাহিল। ইমান নিষ্ঠুৰ মাক মোৰ বাহিৰে যেন আনে নাপায়। দেউতাৰ বাবে নহয়, অন্ততঃ এবাৰ মোৰ কথাটো ভাবি চাব লাগিছিল!


"দেউতাই দেখোন তোমাক মা নোহোৱাকৈ য়ে ইমান ডাঙৰ কৰিলে।"


"কৰিলে। তথাপি মাৰ অভাৱ অনুভৱ কৰোঁ কেতিয়াবা। কিন্তু তেওঁতকৈ মোৰ দেউতালৈহে বৰকৈ মনত পৰে।"


"স্বাভাৱিক কথা। দেউতা ঢুকুৱাত তুমি ক'ত আছিলা? খুঁৰাহতৰ লগত?"


"আছিলোঁ দুদিনমান। কিন্তু বিক্ৰী কৰি দিছিল লোকৰ হাতত। বাদ দিয়ক সেইবোৰ কথা কলে মোৰ মনটোহে বেয়া লাগে। বলক যাওঁ চাহ একাপ খাবৰ মন গৈছে।"


      অঞ্জনা বহাৰ পৰা পেটটোতে ধৰি লাহেকৈ থিয় হ'ল। জেউতীয়ে ধৰি দিলে।


      সৰুতে দিব নোৱাৰা মৰম এতিয়া দিব তাইক, যত্ন এতিয়া ল'ব তাইক, সুখেৰে ভৰাবলৈ যত্ন কৰিব সময়বোৰ। যদি অজয়ে তাইক বিয়া কৰোৱাৰ কথা কয় তেন্তে কন্যাদান তাইয়েই কৰিব। হাতখন অঞ্জনাৰ মূৰত বুলাই দিলে জেউতীয়ে। অঞ্জনাই তেওঁ লৈ চাই হাঁহিলে।


     ইমান ধুনীয়া তাইৰ ছোৱালীজনী কিন্তু অচিনাকি তাই নিজৰ ছোৱালীজনীৰ বাবেই। কোনোবা দিনা জানো ক'ব পাৰিব তাইক যে তেওঁৱেই তাইৰ মাক? কি বুলি ভাবিব বাৰু তাইক স্বাৰ্থপৰ, নিষ্ঠুৰ নে চৰিত্ৰহীন?


      এইকেইটাৰ একোৱে নহয় তাই। কিন্তু সেই সময়ত তাইক অলপ সুখৰ, অলপ শান্তিৰ ঠাই অকণ লাগিছিল। হয়তো তাৰ বাবেই ওলাই আহিছিল জেউতীয়ে। ঘৰলৈ যাম বুলিয়েতো ভায়েকৰ পৰা গালি খাই উভতি খোজ লৈছিল তাই কিন্তু ক'ত ভুল লাগিছিল বাৰু??


      গেটৰ মুখত অজয়ৰ গাড়ীখন দেখি সকলো নিজ নিজ কামত ব্যস্ত হ'ল। অঞ্জনাৰ ওপৰত হোৱা আক্ৰমণটোৰ পৰা অজয় আগতকৈ অলপ বেছিকৈয়ে কঠিন হৈ পৰিছে। ইতিমধ্যে অঞ্জনা আৰু অজয়ৰ ভালপোৱাৰ কথা আশ্ৰমত সকলোৱে গম পাইছেই। সকলোৱেই শুভেচ্ছা দিছে তাইক। 


      অজয় আহি পোনে পোনে অফিচলৈ গ'ল। ৱাৰডেনক লগ কৰি সকলোকে প্ৰাৰ্থনা গৃহলৈ আহিবলৈ ক'বলৈ ক'লে। ৱাৰডেনে সকলোকে খবৰ দিলে। যথাসময়ত সকলো গোট খালে। 


       অজয়ে হাতত ফাইল এটা লৈ সন্মুখৰ চকীতে বহিল। বুকুত সকলোৰে এক অজান আশংকা কাৰণ অজয়ে কৰিম বোলাতো কৰিব‌ই।


"আপোনালোকে ভয় নাখাব। মই ইয়াত আপোনালোকক গালি দিবলৈ অহা নাই। মাত্ৰ কথা এটা জনাওঁ যে অঞ্জনাৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত সোনকালেই হ‌ওঁক আৰু অপৰাধী ধৰা পৰক। যদি তদন্তত ধৰা নপৰে, তেন্তে বেলেগ ব্যৱস্থা কৰিম। মুঠতে অপৰাধী ধৰা পৰিব লাগে।"


"হয়, ছাৰ তদন্ত আৰম্ভ কৰিলে ভাল হয়। নহ'লে বৰ ভয় লগা হৈছে। কোনে জানে কাক বা হত্যা কৰে সেইজনে।"


"হয় ছাৰ। বৰ লাজ লগা কথা হৈছে এনে এখন পবিত্ৰ ধামটো এনে অপবিত্ৰ কৰ্ম।"


      অজয়ৰ কথাখিনি সকলোৱে দাঙি ধৰিলে।


"চিন্তা নকৰিব অতি সোনকালেই অপৰাধী ধৰা পৰিব। কোনেও যেন বেয়া নাপায়, কাৰণ আশ্ৰমত এই ঘটনা হৈছে যেতিয়া ইয়াৰ পৰাই আৰম্ভ কৰিব লাগিব। সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ।"


"নাপাওঁ ছাৰ নাপাওঁ।"


       সমস্বৰে চিঞৰিলে সকলোৱে এইবাৰ। সকলোবোৰ ওলাই গ'ল। অজয়ে ওলাই আহোঁতে অঞ্জনাৰ কাণে কাণে কোৱাৰ দৰেই ক'লে,


"কেবিনলৈ আহিবা!"


      অঞ্জনাৰ বুকুখন চিৰিংকৈ উঠিল। অজয়ৰ মাতষাৰত তাইৰ সঞ্জীৱনি আছে। শুনিলেই এটা মিঠা আৱেগে হেঁচা মাৰি ধৰেহি।


"উম হব যাম।"



    অজয়ে কেবিনলৈ গৈ চকীখনতে আঁউজি অঞ্জনাৰ কথাই ভাবিলে। ইমান ভাল আৰু বহল হৃদয়ৰ ছোৱালী জনীৰো শত্ৰু থাকিব পাৰেনে বাৰু!


      কাকোৱেইটো তাই বে‌য়া ব্যৱহাৰ নকৰে আনকি আনে তাইৰ বিষয়ে বেয়াকৈ পাতি থকা শুনিলেও লাজতে আঁতৰি আহে। নিজৰ বদনাম শুনিলে জানো লাজ নালাগে! আনৰ কথা নাজানে তাই, তাইৰ হেনো বৰ লাজ লাগে এদিন অজয়ক কৈছিল।


      বৰ সৰল সংস্কাৰ দিছে তাইক ঘৰৰ মানুহে। স্বভাৱ-চৰিত্ৰ একোহৰ ফালেই তাইক ৰেড মাৰ্ক দিব নোৱাৰি।


"সোমাওঁনে?"


     অজয়ে দুৱাৰ মুখলৈ চালে। পেটটোত ধৰি কুঁজা হৈ থিয় দি আছে অঞ্জনাই। অজয় উঠি গ'ল।


      অঞ্জনাক বাওঁ হাতখনত ধৰি লাহেকৈ চকীখনত বহোৱাই দিলে। সিও এখন চকী তাইৰ কাষলৈ টানি অঞ্জনাৰ দুয়োখন হাত নিজৰ হাতৰ মুঠিত বন্দী কৰি ল'লে। ইমান মৃসন, ইমান কোমল, মনটো শাঁত পৰি যাব পৰা এক আকৰ্ষণীয় শীতলতা অঞ্জনাৰ দুহাতত।


"ভাল পাইছানে আগতকৈ অলপ!"


"ওম। আগতকৈ বহুখিনি ভাল পাইছোঁ। আশ্ৰমৰ সকলোৱেই ইখন-সিখন কৰি দিছে কিন্তু নীলা আৰু বাইদেউৰ ওচৰত আটাইতকৈ বেছি কৃতজ্ঞ হৈ ৰম মই। বাইদেউৱে মোৰ পেন্টি পৰ্যন্ত ধুই দিয়ে নিজৰ পেটৰ সন্তানৰ দৰে।"


"ইমান ভাল মনৰ মানুহবোৰৰ মাজতো যে কোনোবা আছে তোমাক বেয়া পোৱা, তোমাক হিংসা কৰা আচৰিত লাগে ভাবিলে।"


"আশ্ৰমৰ বাহিৰৰো হ'ব পাৰে! আশ্ৰমৰ মানুহবোৰৰ কথা আপুনি তেনেকৈ সন্দেহ নকৰিবচোন।"


"আকৌ আপুনি?"


      অজয়ে তাইলৈ চাই হাঁহিলে। অঞ্জনাও হাঁহিলে।


"হ'ব দিয়া। বেলেগ কথা কোৱা। বেয়া সময়বোৰৰ কথা ভাবি এই ভাল সময়কণ বেয়া নকৰিবাচোন। কিমান দিন যে ভালকৈ কথা হোৱা নাই আমি!"


"ওম, হয় দিয়া। বাকী কোৱা। কিমান ভালপোৱা মোক?"  -অজয়ে কৈ উঠিল।


"তুমিতো কোনোদিনেই মোক স্পষ্টকৈ আৰু চিধা-চিধিকৈ ভালপাওঁ বুলি কোৱা নাই! ইয়াৰ উত্তৰ মই আকৌ কিয় দিম!"


     অঞ্জনাই ধেমালি কৰি হাঁহিলে। হয়তো সি এদিনো অঞ্জনাক "ভাল পাওঁ" বুলি কৈ পোৱা নাই। কিবা এটা মনত পৰাত সি বাহিৰলৈ ওলাই গ'ল। বাহিৰৰ পৰা আহি তলত বহি হাত এখন আগবঢ়াই দি ক'লে,


"অঞ্জনা, তোমাক মই নিজৰ আত্মাতকৈও বহুত বেছি ভাল পাওঁ। তোমাৰ হৃদয়ত আশ্ৰয় দি অলপ মুকলিকৈ উশাহ ল'বলৈ সুধিবা দিবানে?

     মই ডেউকা ভগ্ন পখী/

     তোমাৰ বিশাল হৃদয় খনৰ

     লগৰী কৰি ল'ব পাৰিবানে,

     হেৰৌ মোৰ সপোনৰ নাৰী?"


      অজয়ে এখন হাতত থকা গোলাপ ফুলপাহ আগবঢ়ায় দিলে। অঞ্জনাই দুহাত মেলি ফুলপাহ লৈ বুকুত সাৱটি ল'লে।


       ইমান ধুনীয়াকৈ ভালপোৱাৰ আবেদন কৰিছে অজয়ে। ইমান খাপ খোৱা কথাবোৰ পলকতে কেনেকৈ সজাই তোলে বাৰু অজয়ে??  -তাই ভাবিলে।


      আগতে কাৰো পৰা কেতিয়াও তাই এনেকৈ ভালপোৱাৰ প্ৰস্তাৱ পাই পোৱা নাই। কলেজত থাকোঁতে কোনোবাই ঠাট্টাত জোকোৱা-জকৈৰ বাহিৰে একো নাছিল তাইৰ জীৱনত। কিন্তু অজয়ে দিয়া এই প্ৰস্তাৱত অঞ্জনাৰ বুকুখনৰ মাজেৰে সৰ্বশৰীৰত এচাটি শীতল বতাহে হৃদয়খন শাঁত পেলাই থৈ গ'ল।


"আজিলৈকে কাকোৱেই মই প্ৰথম দেখাতে প্ৰেমত পৰি পোৱা নাছিলোঁ। কলেজত থাকোঁতে আওপকীয়াকৈ প্ৰেমৰ প্ৰস্তাৱ অসংখ্য পাইছোঁ যদিও সঁহাৰি দিয়া নাছিলো। কিন্তু প‌ইচাৰ বিনিময়ত, দেহৰ ওপৰত ৰাজত্ব কৰিব অহা তোমাৰ মাজত কিবা এটা পূৰ্ণতা পাইছিলো আৰু প্ৰেমত পৰিছিলোঁ। কিন্তু জনা নাছিলোঁ তুমি যে ইমান ভাল।"


     অঞ্জনাই অজয়ক ডিঙিত ধৰি সাৱটি ল'লে, অজয়ো। অজয়ে ভাবিলে তাৰ কথাবোৰ তাইক ক'ব লাগিব আজিয়েই।


"অঞ্জনা, তোমাক কথা কিছুমান ক'বলৈ আছে!"


"কোৱা!"


     উঠি গৈ খিৰিকীৰ কাষত অঞ্জনাৰ ফালে পিঠি দি থকা অজয়ক পাছফালৰ পৰা সাৱটি ল'লে তাই। অজয়ে তাইৰ সোঁহাত খনত চুমা এটা দিলে।


"কৰ পৰা আৰম্ভ কৰোঁ বাৰু?"


"য'ৰ পৰা তুমি নিজক স্তব্ধ কৰি থৈছা তাৰ পৰাই কোৱা!"


       অজয়ে ঘূৰি অঞ্জনাৰ ফালে চালে। ইমান ধুনীয়াকৈ কথা কয় তাইও, কিয় বাৰু অঞ্জনাই? সাৱটি ল'লে তাইক,


"মই তোমাক সন্তানৰ সুখ দিব নোৱাৰিম অঞ্জু!"


"নালাগে।"


     অজয়ে অঞ্জনাক এৰি তাইলৈ এপলক চালে। ইমান সহজে তাই মানি লৈছে।


"কি চাইচা?"


"ইমান সহজে যে তুমি কথাষাৰ মানি লৈছা?"


"অ, কিয়? সন্তান নহ'লে আমি জানো ইজনে-সিজনৰ মৰমৰ দাবীত, হেঁপাহৰ খাতিৰত জী থাকিব নোৱাৰিম?"


"পাৰিম, কিন্তু তুমি কথাটো বুজা নাই!"


"আৰু কি বেলেগকৈ বুজিব লাগে!"


"মই তোমাক শাৰীৰিক সুখ একেবাৰেই দিব নোৱাৰোঁ।"  - অজয়ে তলমূৰ কৰিলে।


       ভালপোৱাৰ তুলনাত শাৰীৰিক ক্ষুধা ডাঙৰ নেকি? শৰীৰ নহ'লে প্ৰেম, সংসাৰ এইবোৰৰ মূল্য নাই নেকি বাৰু?


      যদি শৰীৰৰ প্ৰয়োজন নাই তেন্তে কিয় পুৰুষ আৰু মহিলা উভয়েই কেতিয়াবা সকলো সম্পৰ্ক চেৰ পেলাই আদিম বাসনাত মত্ত হয়, নিজৰ কামনাৰ জুইকুৰা নুমুৱাবৰ বাবে আনৰ সহায় লয়; প্ৰত্যক্ষ ভাৱে এগৰাকী থকাৰ পাছতো!


      কি ধৰনৰ ভালপোৱা এইয়া বা কি ধৰনৰ স্বামী-স্ত্ৰীৰ সম্পৰ্ক অজয়ে নাজানে। অজয়ৰো মন যায় শাৰীৰিক মিলনৰ তৃপ্তি ল'বলৈ কিন্তু সি অক্ষম। সকলো আছে তাৰ কিন্তু তাৰ পুৰুষত্বৰ গৌৰৱ ৰক্ষা কৰিব পৰা বা ভৱিষ্যত দিব পৰা ক্ষমতা নাই। তাৰো মন যায় কিন্তু বিফল হয় সি।


     ডাক্তৰি চিকিৎসাও কৰিছিল কিন্তু নোৱাৰিলে সি তাৰ পুৰুষত্ব ঘূৰাই আনিবলৈ। উপায় নাই তাৰ। সকলো নাৰীয়ে প্ৰিয়জনৰ এই গভীৰতম আলিংগন বিচাৰে; বিচাৰিব‌ই ই স্বাভাৱিক।


      অঞ্জনাই যদি ইয়াৰ বাবেই তাক গ্ৰহণ নকৰে তেতিয়াও তাৰ ক'ব লগা একো নাই। সৰুতে এবাৰ দুখ পাইছিল সি লগৰ বিলাকৰ লগত ফুটবল খেলি থাকোঁতে। তেতিয়াৰ পৰাই সি তাৰ পুৰুষত্ব হেৰুৱায় পেলাইছিল।


      তেতিয়া এইবোৰ সি একো অনুভৱ কৰা নাছিল। কিন্তু ডাঙৰ হোৱাৰ লগে লগে সি কথাটো অনুভৱ কৰিব পাৰি ভাগি পৰিছিল।


     ডাঙৰ হোৱাৰ বাবে ঘৰতো এই বিষয়ে ক'বলৈ লাজ কৰিছিল। চাকৰি কৰিলে চিকিৎসা কৰাম বুলি ভাবিছিল আৰু চাকৰি পোৱাৰ পাছত ডাক্তৰৰ ওচৰলৈ গৈ অজয় বিমুখ হৈছিল। ডাক্তৰজনে অজয়ৰ গুপ্তাংগ পৰীক্ষা কৰি কৈছিল,


'সৰুতে চিকিৎসা কৰা হ'লে ভাল হ'ল হেঁতেন কিন্তু এতিয়া আশা কম। কোনোদিনে শাৰীৰিক সুখ অনুভৱ কৰিব নোৱাৰিব।"


      ভাগি পৰিছিল সি এই কথাটোৰ বাবেই। 


      শৰীৰক কিছুমান বেমাৰ-আজাৰৰ পৰা আঁতৰ কৰি ৰাখিবলৈ, সৌন্দৰ্য্য ধৰি ৰাখিবলৈ সময়ৰ লগে লগে হেনো শাৰীৰিক মিলনৰো কিছু প্ৰয়োজন!


      সি কেতিয়াবা কেতিয়াবা তাৰ সমস্যাৰ সমিধান বিচাৰি ইউ টিউবত চাৰ্চ কৰিও চাইছিল, আৰু সি এইবোৰ চাই বেছিকৈ ভাগিহে পৰে। বহুসময় তলমূৰ কৰি থকিল সি।


"উঠাচোন। এনেকৈ ইমান ঠাণ্ডাখনত পকাত বহি ল'লা যে!"


      ইমান সময়ে অজয়ে অঞ্জনা গ'লগৈ বুলিয়ে ভাবিছিল কথাবোৰ শুনি। কিন্তু কান্ধত অঞ্জনাৰ বিশ্বাসৰ হাতখনৰ স্পৰ্শ পাই অজয় থিয় হৈ ৰ'ল। লাজ লাগিছে তাৰ।


"চাওঁ, এইফালে চোৱাচোন!"


     অজয়ৰ মুখখন তাইৰ দুহাতৰ মাজত লৈ কপালত এটা হেঁপাহেৰে পূৰ্ণ হৈ থকা চুমা এটা আঁকি দিলে ঠিক সেই প্ৰথমদিনা দিয়াৰ দৰেই।


"হ'ব। নিজক আৰু কষ্ট নিদিবা। যিকোনো মূল্যৰ বিনিময়ত তোমাক মই অকলশৰীয়া নকৰোঁ। তুমি ভয় খাইছিলা?"


"ভয় খোৱাটো স্বাভাৱিক কথা। নাৰী আৰু পুৰুষ উভয়ৰে এই হেঁপাহ থাকে যে বিয়াৰ প্ৰথম নিশা এটা ধুনীয়া আৰু ধুনীয়া স্মৃতি ৰৈ যাওঁক যুগ-যুগান্তৰলৈ। কিন্তু মই কি দিম তোমাক বিয়াৰ প্ৰথম নিশা?"


"তোমাক পোৱাটোৱেই মোৰ বাবে এটা ধুনীয়া স্মৃতি; তাতকৈ আৰু মধুৰ কি হ'ব পাৰে মোৰ বাবে। মোৰ মধুৰ স্মৃতি তুমিয়েই, তোমাৰ শৰীৰটো নহয়।"


"অঞ্জু??"


"এই ঠাইডোখৰত যদি মোৰ বাবে সচাঁ হেঁপাহ আছে তেন্তে বাকী একো নালাগে। এই ঠাইডোখৰৰ বাদে মোৰ নিৰাপত্তাৰ ঠাই আৰু ক'তো নাই।"


      অঞ্জনাই অজয়ৰ বুকুত হাতখন দি ক'লে আৰু অজয়ৰ বুকুৰ মাজত কুৰুকি কুৰুকি সোমাই গ'ল। অজয়ো সাৱটি ল'লে তাই।


       হয় চাগে!! এয়াই সচাঁ ভালপোৱা। ইয়াত শৰীৰ নাই, মাত্ৰ দুখন মৰমেৰে উপচি পৰা হৃদয় আছে। অঞ্জনাক সাৱটি লৈ চকুহাল মুদি দিলে অজয়ে।


আগলৈ……...


[ বিঃদ্ৰঃ- অঞ্জনাৰ এই জীয়া কাহিনী প্ৰায় শেষ পৰ্যায় আহি পাইছেহি, হাতত ৮- ৯ টা খণ্ডহে এতিয়া মাথো বাকী। ইমানবোৰ মৰম দি ইমানখিনিলৈ আগবাঢ়ি যাবলৈ সহায়, সহযোগিতা আৰু সাহস দিয়াৰ বাবে সকলোকে পুনৰ ধন্যবাদ 🙏🙏


লগতে এই ধাৰাবাহিক উপন্যাস খনৰ নতুন পাঠক সকলক জনাওঁ যে অঞ্জনাৰ এই জীয়া ঘাট, প্ৰতিঘাটৰ কাহিনীটো প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ আছে। আগৰ বা পিছৰ খণ্ড সমূহ পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা বেশ্যা ধাৰাবাহিক উপন্যাস লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


শেষত আটাইলৈ পুনৰ মৰম আৰু ধন্যবাদেৰে-



Follow on- INSTAGRAM

১১ খণ্ডৰ লিংক -

১৩ খণ্ডৰ লিংক -
            Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story With Love
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment