বেশ্যা | তাই বেশ্যালয়ত আছিল | ধাৰাবাহিক উপন্যাস খণ্ড ১১ | Tai Besya By Anjana | Sad Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | তাই বেশ্যালয়ত আছিল | ধাৰাবাহিক উপন্যাস খণ্ড ১১ | Tai Besya By Anjana | Sad Assamese Story


বেশ্যা


        অজয় পোনে পোনে অঞ্জনাক ৰখা কেবিনলৈয়ে গ'ল। নীলা, কৰবী আৰু ৱাৰডেন গৰাকী চাইদৰ বিচনাখনতে বহি আছে। মুখৰ মাত নাই কাৰোঁ। অঞ্জনাক চেলাইন দি থোৱা আছে।


"কেনেকৈ হ'বলৈ পালে এইবোৰ?"  -অজয়ৰ খং উঠিল।


"নাজানো ছাৰ, আমিবোৰ সকলো শুলোৱেই তেতিয়া। তাই অকণ পেহীৰ লগত পাকঘৰৰ কামবোৰ সামৰি আকৌ হাত-ভৰি ধুইহে শোৱে সদায়। ১১.৩০ মান বাজিছিল চাগে।"  -ৱাৰডেনে ক'লে।


"আপুনি ৱাৰডেন। নিয়ম অনুসৰি আপুনিহে দেৰিকৈ শোৱনি কোঠালৈ যাব লাগে। সকলোকে এবাৰ চেক কৰিব লাগে শোৱাৰ আগতেই। আপোনাৰ অমনোযোগিতাৰ বাবেই যোৱাবছৰ লিচা পলাই যাব পালে। আশ্ৰমৰ চাৰিবেৰৰ মুৰব্বী আপুনি গতিকে আপুনিয়ে যদি এনে হয় তেন্তে কেনেকৈ হ'ব। অব্যাহতি লাগিলে জনাব, দিম নহয়।"


       ৱাৰডেন তলমূৰ কৰিলে। একো ক'ব‌ও পৰা নাই। অজয়ে অঞ্জনালৈ চালে। বেয়া লাগিল তাইলৈ। কিয় এনে হয় এইৰ লগত সদায়। সি তাইৰ জীৱনটোত অলপ ৰামধেনু বুলিয়া ৰং সানিবৰ যত্ন কৰিছিলহে তাতো এই ঘটনা।


      বেয়াবোৰ কিয় বাৰে বাৰে অঞ্জনালৈকে ঠেলে ভগৱানে। সাৱটি ল'বৰ মন গৈছিল তাৰ, কিন্তু নোৱাৰে সন্মানৰ কথা আছে। অজয় ওলাই গ'ল। ডাক্তৰৰ লগত কিবা পাতিলে।


"ছাৰ, ছাৰ অঞ্জনাৰ কিবা হৈছে। উশাহবোৰ দীঘল দীঘলকৈ লৈছে। চাওঁকচোন... আহক।"


      কৰবীয়ে ডাক্তৰৰ জনৰ হাতত ধৰি টানি অনাদিয়ে আনিলে। পাছে পাছে অজয়। ভয় লাগিল তাৰ। কেনেবাকৈ অঞ্জনাক সি…?? নাই নাই নহয় এইবোৰ।


"অ.টি লৈ নিব লাগিব।"


      অঞ্জনাৰ বিচনাখনৰ কাষতে থকা চুইচ এটা টিপি দিলে ডাক্তৰ জনে। লগে লগে নাৰ্চ তিনিগৰাকী উধাতু খাই আহিল। অঞ্জনাক অপাৰেশ্যন থিয়েটাৰলৈ নিয়া হ'ল। বাহিৰত অজয়ৰ লগতে কৰবী, নীলাহতোঁ ৰৈ আছে।


      নীলাই কান্দিছে। কৰবীয়ে বুকুত সামৰি লৈছে নীলাক। চকুপানী মচি দি মৌন ভাষাৰেই বুজাইছে নাকান্দিবা অঞ্জনা ভাল হ'ব!


      কি হ'ল? কিয় হ'ল?...

সকলোৰে ৰহস্যৰ অন্ত নোহোৱা হ'ল! ডাক্তৰজন বাহিৰলৈ আহি অজয়ক মাতি কিবা এটা ক'লে। অজয়ে ওলাই গ'ল,


"তেজ দিব লাগিব। বি পজিটিভ। বহুত তেজ গৈছে তাইৰ। মাজে মাজে চেঞ্চ অহাৰ দৰে কৰে কিন্তু সম্পূৰ্ণকৈ নাহে। এনেকৈয়ে যদি হ'বলৈ হয় ডাঙৰ সমস্যা হ'ব।"


      বৰুৱা ওলাই গৈছে।


"আপোনালোকেও খৱৰ কৰক ক'ত পাৰে।"


       ডাক্তৰজনে ৱাৰডেনক উদ্দেশ্যি ক'লে। ডাক্তৰজন অ.টি লৈ সোমাই গ'ল। নীলাই মাকৰ ফালে চাই হাতত ধৰি চোঁচৰাই নিয়াৰ দৰেই টানি নিলে মাকক। কৰবীয়ে একো ধৰিব‌ই নোৱাৰিলে।


"তুমি কিয় এই কাম কৰিলা মা?"  -নীলাই কঁপিছে খঙত।


"মই জানিছিলোৱে, ত‌ই যে মোকেই ধৰিবি। কিন্তু মই এই কাম কৰা নাই নীলা!"  -নীলাৰ মাক কিছুসময় মনে মনে থাকিল।


"তেন্তে কোনে কৰিছে এই কাম? ছাৰ আৰু অঞ্জনাৰ যে আগৰ পৰা চিনাকি আছে এই কথা একমাত্ৰ তুমি জানিছিলা, তাকো সন্দেহত!!"


"কথাটো হয়, কিন্তু অঞ্জনাক মই মৰা নাই সচাঁকৈ কৈছোঁ।"


"প্ৰমাণ দিব পাৰিবা?"


"প্ৰমাণ? অ' পাৰিম আহ এইফালে।"


     মাকে নীলাৰ হাতত ধৰি চিকিৎসালয়ত থকা প্ৰাৰ্থনা গৃহলৈ লৈ গ'ল।


"চা, নীলা এইয়া ঈশ্বৰৰ শপত লৈ কৈছোঁ মই অঞ্জনাক মৰা নাই।"


      নীলা আৰু মাক দুয়ো তলমূৰ কৰিলে। মাকে যদি এই কাম কৰা নাই তেন্তে কোনে কৰিব পাৰে বাৰু? তাৰমানে এই আশ্ৰমত আৰু কোনোবা অঞ্জনাৰ শত্ৰু আছে? কোন হ'ব পাৰে?


      নীলাই এফালৰ পৰা সকলোকে নিজৰ দৃষ্টিৰে অপৰাধী সজাই চালে, কিন্তু সঠিক উত্তৰ নোলাল। দুয়ো অ.টি ৰ সন্মুখলৈ আহিল। ব্লাড বেংকত তেজ নাপালে, অঞ্জনাৰ গ্ৰুপৰ লগত মিলা। 


      অজয়ে নিজৰ তেজ পৰীক্ষা কৰোঁৱালে ৰিপ'ৰ্ট অহা নাই। চৌব্বিছ ঘন্টাৰ ভিতৰত তেজ দিব‌ই লাগিব নহ'লে অঞ্জনা কমালৈও যাব পাৰে। তেজ প্ৰায় নাইয়েই বুলিব পাৰি অঞ্জনাৰ গাত।


"অজয় বৰুৱা কোন?"


      ওচৰৰ লেব'ৰেটৰিটোৰ পৰা মানুহ এজন আহি সুধিলে।


"হয়, মইয়ে অজয় বৰুৱা।"


      অজয়ে থিয় হ'ল। মানুহজনে দিয়া ৰিপ'ৰ্টটো হাত পাতি ল'লে। বহি পৰিল সি, তেজৰ গ্ৰুপ মিলা নাই। কি কৰিব এতিয়া। অজয় ইতিমধ্যে ভিতৰি ভিতৰি ভাগিয়ে পৰিছে অঞ্জনাক হেৰুৱাৰ ভয়ত।


"ছাৰ, আমিও এবাৰ টেষ্ট কৰাই চাওঁ নেকি মিলেই বা!"  -অজয়ে মূৰ তুলি চালে।


"যি ভাল দেখে কৰক। মই অঞ্জনাক হেৰুৱাব নোখোজো সেইয়া জানি ল'ব। অঞ্জনা নহ'লে আপোনালোকক পুনৰ অঘৰী হ'বলৈ এৰি দিয়া হ'ব।"


      অজয়ৰ মুখৰ পৰা ওলোৱা এই কথাখিনিয়ে কষ্ট দিলে তিনিওকে। তিনিও ওলাই গ'ল লেবটোলৈ। প্ৰথমে নীলাৰ মাকেই সোমাল। তিনিওৰে তেজ লোৱা হ'ল। এতিয়া অপেক্ষা মাথোঁ ৰিপ'ৰ্টৰ।


      নীলাৰ মাকে বাৰে বাৰে হাতযোৰ কৰিছে যাতে তেজৰ গ্ৰুপ মিলে। উভতি নাহি তিনিও তাতে ৰৈ থাকিল।


      আধাঘন্টা মানৰ পাছত তেজৰ ৰিপ'ৰ্ট সকলোৰে হাতত পৰিল। নীলাৰ মাকৰ তেজৰ গ্ৰুপ মিলিছে, মনটো ভাল লাগিল তিনিওৰে। অজয়ৰ ওচৰলৈ গৈ কথাটো জনালে, অজয়ে ডাক্তৰজনক জনালৈগৈ।


      ডাক্তৰজনে নীলাৰ মাকক ভিতৰলৈ সোমোৱাই নিলে। অক্সিজেন দি থোৱা অঞ্জনাক দেখি বুকুখনৰ কোনোবা খিনিত বিষ এটাই ওক দিয়া যেন পালে তেওঁ।


      অঞ্জনাৰ কাষৰ বিচনাখনতে নীলাৰ মাকক শুৱাই লৈ তেজ ল'বৰ বাবে যো-জা কৰিলে তেওঁলোকে। বাহিৰত উৎকণ্ঠাই বিৰাজ কৰিছে।


      অজয়ে ইফালৰ পৰা সিফাললৈ খোজ চলাইছে। অঞ্জনাক হেৰুৱাৰ এসাগৰ বেদনাই সঘনাই তাৰ মনটো খুলি খুলি খাব ধৰিছে। ভিতৰি ভিতৰি সি বৰ কষ্ট পাইছে, কান্দিছে সি; কিন্তু উলিয়াই কান্দিব পৰা নাই।


      পুৰুষৰ কষ্টটো অলপ বেছিকৈয়ে হয় দুখ লাগিলে, কাৰণ পুৰুষে উলিয়াই কান্দিব নোৱাৰে। মাথো গোটেই জীৱনটোত পাই যোৱা দুখবোৰ, কষ্টবোৰ সামৰি যায় সযতনে।


      মহিলা সকলৰ দৰে দুখৰ ভাগ-বতৰা নকৰে তেওঁলোকে বন্ধুসকলৰ লগত। কৰিলেও হয়তো খুব কম সংখ্যকেহে কৰে। সেয়ে পুৰুষৰ পূৰ্ণতা-অপূৰ্ণতাবোৰ কোনোৱেই নাজানে, শেষত সেইয়াও মাটিৰ লগত মিহলি হয়।


      বহুত সপোন, বহুত আশা মাটিৰে সৈতে সমান হৈ পৰে প্ৰায়বোৰ পুৰুষৰে। পুৰুষৰ জীৱন মহিলাসকলৰ দৰেই কিন্তু অলপ বেছিকৈ খহতা। সেই "ওলট-পালট" পদ্যটোৰ দৰে।


      ৱাৰডেনে অঞ্জনাৰ ফাললৈকে একেৰাহে চাই আছে। কোনোবা এপলকত চকুপানী ওলাইছে। কোনে কৰিলে বাৰু এই কাণ্ড? তেওঁতো ভাবিছিলহে! অজয়ক জোঁৱাই ৰূপত পোৱাৰ হেঁপাহ আছে, অঞ্জনাকো হত্যা কৰাৰ কথা ভাবিছিল কিন্তু এতিয়াতো তেওঁ কৰা নাই। তেন্তে কোনে কৰিব পাৰে বাৰু? বাহিৰৰ কোনোবা নেকি?


       নাই নাই, এনেকৈ নহ'ব। অজয়ক তদন্ত কৰিবলৈ ক'ব লাগিব। নহ'লে ভৱিষ্যতে বা আৰু কিমান ডাঙৰ ঘটনা হয় কোনে জানে! বাওঁহাত খনেৰে তেওঁ চকুপানী মচি ল'লে। অঞ্জনা ভাল হ‌ওঁক, এই মূহুৰ্তত তেওঁ তাকেই কামনা কৰিলে।



      তেজ দি হোৱাৰ পাছত নীলাৰ মাক ওলাই আহিল বাহিৰলৈ।


      বাহিৰত অজয়হঁত ৰৈ আছে। ডাক্তৰে আৰু দুঘণ্টামানৰ পাছত চেতনা অহাৰ কথা কৈছে অঞ্জনাৰ। দীঘল লোহাৰৰ বেঞ্চখনতে তেৱোঁ আহি বহি ল'লে।


      অজয়ে আঁঠুৰ ওপৰত ভেঁজা দি হাত দুখনেৰে মুখখন ঢাকি বহি আছে। নীলাই বেঞ্চখনৰ ওচৰতে তললৈ মূৰ কৰি থিয় হৈ আছে। কৰবী নাই।


       অহা-যোৱা কৰা মানুহৰ ভৰিৰ শব্দ আৰু মনে মনে কথা পতাৰ শব্দৰ বাহিৰে আন কোনো শব্দ নাই। সকলো নিতাল মৰা। কাৰো যেন ক'বলৈ একোৱেই নাই, ইজনে-সিজনৰ যেন অচিনাকি।


"বাইদেউ। চাহ অকণ আটায়ে খাওঁ বুলি আনিলোঁ।"


      কৰবীয়ে ৱাৰডেনৰ ওচৰত ৰৈ কথাটো ক'লে। এৰা, চাহ এটোপাৰ প্ৰয়োজন হৈছিল অজয়কো। কিন্তু অঞ্জনাৰ চেতনা অহাৰ পাছত হে খাব সি মনতে প্ৰতিজ্ঞা কৰাৰ দৰেই কৰি থৈছে। ডিচপ'জেলৰ গিলাচ এটাত চাহ বাকি ৱাৰডেনে অজয়লৈ আগবঢ়াই দিলে।


"ছাৰ, চাহ....?"  -অজয়ে মূৰ তুলি চালে।


"নাখাওঁ। আপোনোলোকে খাওঁকচোন। ৰাতি পুৱাবৰে হৈছে, ম‌ই একেবাৰে ৰাতিপুৱা মুখ-হাত ধুইয়ে খাম।"


     নীলাৰ মাকে জোৰ নকৰিলে। অজয়ৰ মনৰ অৱস্থা তেওঁ বুজিছে।


      প্ৰিয়জনক এনে অৱস্থাত দেখিলে কেনে লাগিব পাৰে সেইয়া তেওঁ ভালকৈয়ে বুজে। সেয়ে অজয়ক একো আমনি নকৰিলে।


"মই মুখ খন ধুই আহোঁ, এইখিনি চাবচোন আপুনি!"


      অজয় উঠি গ'ল। নীলাৰ মাকে অজয়ে দিয়া কাগজবোৰ চাই গ'ল এনেই এখন এখনকৈ।


     এক মূহুৰ্তৰ বাবে তেওঁ থৰ হৈ পৰিল। এইয়া কেতিয়াও হ'ব নোৱাৰে। নোৱাৰে... নোৱাৰে... নোৱাৰে, তেওঁ মনৰ ভিতৰতে বাৰে বাৰে দোহাৰিলে। কাগজখিনি তাতে থৈ ওলাই গ'ল বাহিৰলৈ।


     অঞ্জনা তেওঁৰ ছোৱালী?? নাই নহয়, হ'ব নোৱাৰে কেতিয়াও। কিন্তু অঞ্জনাৰ ইমানবোৰ প্ৰমাণ আৰু তাইৰ ব্লেক ছন্দ হোৱাইট ফটোকপিয়ে জানো মিছা কথা ক'ব। নীলাৰ মাক জেউতী এইবাৰ কান্দি উঠিল।


      তাইৰ ছোৱালী অঞ্জনা।...

 হয়, তাইৰে ছোৱালী অঞ্জনা। নীলা আৰু অঞ্জনা দুজনী ছোৱালী আছে এতিয়া তেওঁৰ কাষত, কিন্তু সৰুজনীক তেওঁ লগত অনা নাছিল। তাইক আনৰ হাতত তুলি দিছিল ডাঙৰ কৰিবলৈ, ডাঙৰ মানুহ কৰিবলৈ। ক'ত বা আছে এতিয়া? যদি অঞ্জনাৰ দৰে তাইও এনেকৈ আছে ক'ৰবাত?


      নাই নাই হ'ব নোৱাৰে। তাইক যিগৰাকীৰ হাতত দিছিল তেওঁ ভাল ঘৰৰ মানুহ আছিল। জেউতীয়ে কান্দোনক ধৰি ৰাখিব পৰা নাই। তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে।


      জেউতী আশ্ৰমলৈ অহাৰ আগতে অঘৰী মানুহৰ দৰেই ঘূৰি ফুৰিছিল। এখন হাতত নীলা মানে ৰঞ্জনা আৰু কঁকালৰ ভাঁজত সৰু ছোৱালী সুৰঞ্জনা। অঞ্জনাক তেওঁ এৰি আহিছিল মদপী বাপেকৰ ওচৰত। তেতিয়াৰ পৰা আজি দেখিছে অঞ্জনাক।


     কেইবছৰ হ'ল বাৰু এতিয়া অঞ্জনাৰ? তেওঁ মনত পেলাবলৈ যত্ন কৰিলে। নীলাৰ যদি এতিয়া ২৪ বছৰ হৈছে তেন্তে তাইৰ ২৬ বছৰ।


     সাত বছৰ বয়সতে এৰি আহিছিল তাইক আৰু এতিয়া এই কপালখনে সুদীৰ্ঘ ১৯ বছৰৰ পাছত লগ পাইছে তাকো এনেকৈ!!


     অঞ্জনাৰ শিতানৰ মূৰত বহি মৰম কৰিবলৈ মন গ'ল তেওঁৰ। মন গ'ল এবাৰ সেই সৰুতে অঞ্জনাক বাঁউসিত পেলাই নিচুকাই শুৱাবলৈ জোনৰ সাধু, তৰাৰ সাধু, পৰীৰ সাধু কোৱাৰ দৰে সাধু কথা ক'বলৈ।


      অ, সময় উভতি আহচোন পাৰ' যদি উভতি আহ। মই আৰু সিহঁত তিনিজনীক লৈ কেতিয়াও ধেমালি নকৰোঁ। তাঁহাতকে বুকুত সাৱটি সৰগৰ সপোন ৰচিম। জেউতী হুকহুকাই কান্দি উঠিল।


      অঞ্জনাই জানো আকোঁৱালি ল'ব তাইক মা বুলি? ? ?...


      কেনেকৈ চিনাকী দিব তাইক তাইয়ে যে তাইৰ মাক। নে তাইক এনে অভিশপ্ত জীৱনৰ উপহাৰ দিয়াৰ বাবে দোষী সজাব? বুকুখন কঁপি উঠিল জেউতীৰ। কি হৈ গ'ল, কি হ'ল এইবোৰ?


     সঁচাই নাৰীক বহুত ধৈৰ্য্যৰ প্ৰয়োজন।

ক'ত, কেনেকৈ, কেতিয়া কাৰ সতে সংযোগ হয় ক'ব নোৱাৰি।


      নাই নাই… তাই চিনাকি নিদিয়ে অঞ্জনাক। নীলাকো এই বিষয়ে একো নকয়। নীলা নামটো তাইক আশ্ৰমৰ মালিকে দিয়া প্ৰথম স্কুলত নামভৰ্তি কৰোঁৱাৰ দিনা, মানে অজয়ৰ দেউতাকে। ৰঞ্জনা নামটো হেনো পুৰণিকলীয়া। 


"আজিকালি আগুৱাই যাবলৈ পঢ়া-শুনাৰ লগতে এটা আকৰ্ষণীয় নামো লাগে, সেইবুলি নাম মানে পুৰণিকলীয়া নাম নহয়, ৰঞ্জনাৰ ঠাইত নীলা দিওঁ।"


      অজয়ৰ দেউতাকে কৈছিল।



"মা, অথনিৰে পৰা বিচাৰি ফুৰিছোঁ। অঞ্জনাই চকু মেলিছে। আহা, চেলাইন দিছে আকৌ।"


      নীলাই আহি মাকক ক'লেহি। জেউতীৰ মনটোৱে হাহাকাৰ কৰি উঠিল। তাইৰ ডাঙৰজনী ছোৱালী অঞ্জনা। দেউতাক আৰু তাইৰ হেঁপাহৰ, মৰমৰ প্ৰথম উপহাৰ অঞ্জনা। প্ৰথম অৱস্থাত দেউতাক ঠিকেই আছিল, কিন্তু পাছলৈ যে কি হৈছিল ইমানকৈ মদ খাইছিল, মাৰ-ধৰ কৰিছিল জেউতীক।


     ভাল পাই বিয়া হোৱাৰ বাবে জেউতীয়ে ঘৰতো একো ক'ব নোৱাৰিছিল দেউতাকৰ বিৰুদ্ধে। সেয়ে হয়তো শেষৰবাৰ যাওঁতে ভায়েকে ভাত-পানী খোৱাই-বোৱাই বায়েকক অলপমান গালি-শপনি পাৰি ঘৰলৈ পঠিয়াই দিছিল। কিন্তু জেউতীয়েহে আৰু সহ্য কৰিবলৈ ধৈৰ্য্য নোহোৱাৰ বাবেই ঘৰলৈ নাহি ট্ৰেইনত উঠি দিছিল আৰু দুমাহমান অঘৰী হৈয়েই কটাইছিল।


     হাতত থকা বেগটোতে যি এটুকোৰা কাপোৰ আছিল তাৰেই দিন পাৰ কৰিছিল। ভিক্ষাৰ প‌ইচাৰে বস্তা দুখন কিনিছিল।


       ৰাতি হ'লে বজাৰৰ ঘৰ এটাতে শুইছিল আৰু দিনত বস্তাৰ টুকুৰা কেইটা বেগত সামৰি থৈ দিনটোৰ বাবে আলিয়ে-গলিয়ে ঘূৰিছিল পেটৰ তাড়নাত; সন্তানক জীয়াই ৰখাৰ তাগিদাত।


      এনেকৈ ঘূৰি ফুৰোঁতেই সুৰঞ্জনাক দিয়া মানুহ গৰাকী লগ পাইছিল আৰু তাইক তেওঁৰ হাতত তুলি দিছিল। তেওঁ ভিক্ষা কৰি দুজনী ছোৱালীৰ জীৱন ধ্বংস কৰিব নোৱাৰে। বেলেগ ভাল মানুহ পালে ৰঞ্জনাকো দিয়াৰ কথা ভাবিছিল। কিন্তু ভাগ্যক্ৰমে অজয়ৰ দেউতাকে পাই আশ্ৰমলৈ আনিলে।


      সুৰঞ্জনাই অচিনাকি মানুহগৰাকীৰ কোলাত যে কিমান কান্দিছিল। মাত দুই-এটা ফুটিছিল। ফুটা-নুফুটা মাতেৰেই কৈছিল,


"অ মা, মা, মা। মই নাদাওঁথোন। মোক নিয়াহিথোন। অ মা, মা আহ না, মোক তুমি লও না। মোক এলি দিয়ানা, মা, মা, মা.....?"


      _____আৰু শুনিবলৈ ধৈৰ্য্য নাছিল জেউতীৰ। তাই কান্দি কান্দি ৰঞ্জনাক দাঙি লৈ ৰাস্তাৰ ইপাৰে দৌৰি গুচি আহিছিল আৰু ডাঙৰ গছ জোপাৰ তলত বহি খুব কান্দিছিল। উপায় নাছিল তাৰ বাহিৰে। ৰঞ্জনাক বুকুত সামৰি লৈ ফেঁকুৰি ফেঁকুৰি কান্দিছিল।


      মানুহ গৰাকীয়ে তেওঁৰ ঠিকনাটো দি থৈ গৈছিল। কিন্তু আজিলৈকে যোৱা নাই। পুৰণা কথাবোৰ ভাবি ভাবি জেউতী পুনৰ কান্দি উঠিল।


       তাই নিষ্ঠূৰ নাছিল কিন্তু পৰিস্থিতিয়ে নিষ্ঠুৰ হ'বলৈ বাধ্য কৰাইছিল। ক্ষমা কৰিবা ভগৱান। চকুহাল মুদি ওপৰলৈ চাই হাতযোৰ কৰিলে জেউতীয়ে।


"মা, আহা সোনকালে আক'। কিনো ভাবি ভাবি আহি আছা জানো।"


       নীলাই হাতখনত ধৰি টানি নিলে মাকক। ৰুমলৈ গৈ দেখে অজয়ে অঞ্জনাৰ হাতখন ধৰি বহি আছে। কৰবী কাষতে বহি আছে।


       অঞ্জনাক দেখাৰ লগে লগে জেউতীৰ শোকটো পুনৰ উজাই আহিল। কাষলৈ গৈ অঞ্জনাৰ মূৰত হাত ফুৰাই দিলে। এটোপাল গৰম চকুপানী অঞ্জনাৰ কপালত পৰিল। অঞ্জনাই লাহেকৈ চকুটো মেলি হাঁহিলে। দুচকুৰ কোণেদি অঞ্জনাৰো চকুপানী বৈ গ'ল।


        _____এইবাৰ জেউতীয়ে শব্দ কৰিয়ে কান্দি উঠিল। অঞ্জনাৰ বাওঁ হাতখন ধৰি জেউতীয়ে নিজৰ দুহাতৰ মাজত লৈ হাতত চুমা এটা দি ফেঁকুৰি উঠিল জেউতী।


      নীলা অবাক হ'ল। কি হ'ল? কি হৈছে, একো বুজা নাই নীলাই। যিজনী ছোৱালীক তেওঁ হত্যা কৰিবলৈ ইমান দিনৰ পৰা তাইক কুটুৰি আছে আজি তাইৰ অৱস্থা দেখি কিয় কান্দিছে মাকে??


       এসময়ত তেওঁৰ কান্দোন বোৰ শব্দ হৈ ওলাই আহিল। অঞ্জনাই চকুৰেই বুজাইছে নীলাক, তেওঁক আৰু নাকান্দিবলৈ ক'বলৈ। নীলাই বুজিব পাৰি মাকক বাহিৰলৈ উলিয়াই আনিলে। বাহিৰলৈ আহিও মাকৰ কান্দোন কম নোহোৱাত তাই মাকক বুকুত সামৰি লৈ মূৰত হাত ফুৰাই দিলে।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM


দশম খণ্ডৰ লিংক -
             Read Now :

খণ্ড ১২ লিংক -
             Read Now :


বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Heart Touching Assamese Story
Love Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment