অপেক্ষা | তুমি গুচি গলা কিন্তু এবাৰো মোক নকলা | সাধনা সন্ধিকৈ | দুখৰ কবিতা | Assamese Sad Poem For Love | Heart Touching Assamese Poem By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অপেক্ষা | তুমি গুচি গলা কিন্তু এবাৰো মোক নকলা | সাধনা সন্ধিকৈ | দুখৰ কবিতা | Assamese Sad Poem For Love | Heart Touching Assamese Poem By Sadhana Handique | Daily Assamese Status


অপেক্ষা তোমাৰ বাবে


তুমি গুচি গ'লা দূৰলৈ,

মাথো যাও বুলি কৈ!

কেনি যোৱা? কলৈ যোৱা?

বুকুৰ মাজতে হেজাৰটা প্ৰশ্ন

থাকি গ'ল তোমাক শুধিবলৈ!

তথাপিও ৰৈ আছো,

তুমি ঘূৰি আহি কবাহি বুলি।

মই জানো তুমি আৰু কেতিয়াও নাহা!!

তুমি আহিলেও একো নোকোৱা বুলি জানিও,

ৰৈ আছো জানোচা তুমি কোৱা বুলি।

তুমি আৰু নাহা বুলি জানিও বাট চাইছো

কিজানি তুমি আহা!!

এয়া হয়তো অপেক্ষা নাজানো____

তথাপি ৰৈ আছো

ইয়াৰ উত্তৰ পাম বুলি।।

◆◆◆◆◆◆◆

অপেক্ষা- তোমাৰ বাবে

এক অজান অনুভূতিৰে!!

No comments:

Post a Comment