বেশ্যা | এগৰাকী নাৰীৰ জীয়া প্ৰেম কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৩ | Besya | Sad Assamese Story By Papori Phukan | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | এগৰাকী নাৰীৰ জীয়া প্ৰেম কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৩ | Besya | Sad Assamese Story By Papori Phukan | Daily Assamese Status

বেশ্যা -

এগৰাকী নাৰীৰ জীয়া সুখ দুখ তথা
ঘাট প্ৰতিঘাটৰ প্ৰেম কাহিনী

       অজয়ক শান্ত কৰি অঞ্জনা ওলাই গ'ল। নিশাও বহুত হ'ল। নীলা আৰু মাকে আজিকালি অঞ্জনাৰ ৰুমতেই থাকে। ৰুমলৈ আহি অঞ্জনা শুবলৈ বুলি বিচনাতে বহি লৈ পানী এগিলাচ খাই ল'লে।


"অঞ্জনা, আহিলা। বহুত নিশা হ'ল শোৱা এতিয়া। টোপনি ক্ষতি হ'লে গাটো আকৌ বেয়া হ'ব, ভাল পাইছাহে লাহেকৈ।"


     জেউতীৰ টোপনি অহা নাছিল অঞ্জনা নহাৰ বাবে। অঞ্জনাক কথা কেইষাৰ কৈ তেওঁ বাহিৰৰ পৰা আহিলগৈ। অঞ্জনা বিচনাত পৰি টোপনি যাবৰ যত্ন কৰিলে। জেউতী আহি তাইৰ কাষতে বহি লৈ মূৰত হাত ফুৰাই দিলে। অঞ্জনাই চকু মেলি চালে। তেওঁৰ হাতখনত চুমা এটা দি ক'লে,


"বাইদেউ, আপোনাক মইও নীলাৰ দৰে মা বুলি মাতিব পাৰিমনে? মাৰ মৰমবোৰ ভালকৈ উপলব্ধি কৰাৰ আগতেই মা মোৰ পৰা ক'ৰবাত হেৰাই গৈছিল।"


      জেউতীৰ বুকুখনত এক মিঠা আৱেগে হেঁচা মাৰি ধৰিলে। কান্দিব মন গ'ল তাইৰ। নালাগিব নো কিয়? নিজৰ সন্তানেই যদি "মা" বুলি নকৈ বেলেগ সম্বন্ধ ধৰি মাতে তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে এজনী মাতৃৰ বাবে!!


      কষ্ট, বহুত কষ্ট হয় এনে হ'লে। এনেকুৱা যেন আৰু কাৰোৰেই সংসাৰত নহ‌ওঁক ইশ্বৰ, জেউতীয়ে মনতে ভাবি লৈ ঈশ্বৰক প্ৰণাম কৰিলে।


"মাতিবা দিয়া।"


      জেউতীৰ মাতটো থোকা-থুকি হৈ ওলাল। অঞ্জনাক কপালতে চুমা এটা দি লাইটটো অফ কৰি নিজৰ বিচনাত বাগৰ মাৰিলেহি। জেউতীয়ে এন্ধাৰৰ সুযোগ লৈ উচুপি উচুপি কান্দিলে।


       অঞ্জনাই অজয়ৰ মৰমবোৰ বুকুত লৈ টোপনি যাবৰ যত্ন কৰিলে। কিন্তু টোপনি নাহে হে নাহে কিয় বাৰু!


      অজয় অক্ষম। তাইক শাৰীৰিক সুখ দিব নোৱাৰে যেতিয়া নালাগে তাইক। কেৱল শৰীৰ হ'লেহে সংসাৰ হয় নেকি? হ'ব একো নাই। তাহাঁতৰ সংসাৰখন যেনিবা আনতকৈ বেলেগ হ'ব য'ত কেৱল মৰম, হেঁপাহ, ভালপোৱাবোৰ থাকিব।


      অঞ্জনাই আগৰ কথা মনত পেলাবলৈ যত্ন কৰিলে,


      অজয়ে বাৰু প্ৰথমদিন বেশ্যালয়ত আহোতে তাইক কামাতুৰৰ দৰে কিবা কৰি পাইছিল নেকি? নাই, নাই পোৱা। তাইক সি প্ৰথম দিনা চুবলৈও লাজ কৰিছিল। লাজ হয়তো নাছিল সেইয়া তাই আজি বুজিলে। সেইয়া অজয়ে নিজৰ অক্ষমতা ঢাকিব খোজা প্ৰয়াস আছিল।


     তাইৰ লগত সময়বোৰ উপভোগ কৰিছিল ঠিকেই কিন্তু কেতিয়াও চোন অজয়ে তাইক বা তাইৰ শৰীৰটোৰ ফালে লোলুপ দৃষ্টিৰে চোৱা নাই আৰু এতিয়াও চোৱা দেখা নাই। 


      অঞ্জনাৰ বেয়া লাগিল তাৰ বাবে। ইমান ধুনীয়া মনৰ মানুহজনৰ মাজতো এটা ডাঙৰ অসম্পূৰ্ণতা! হৈ যায় কেতিয়াবা;ভগৱানৰ সৃষ্টিতো ভুল হ'ব পাৰে।


      হয়! ভুলেই হয়। ন'হলেনো বাৰু তাইৰ পৰা মাক আৰু দেউতাক দুয়োজনকে আঁতৰাই নিয়েনে?


      যি হ'লেও তাই অজয়ক এৰিব নোখোজে, এৰিব নোৱাৰে। অজয়ৰ সৈতে তাইৰ হৃদয়খন একাত্ম হৈ পৰিছে। এৰুৱাই আনিব নোৱাৰে, আহত কৰিব নোখোজে তাই নিজৰ মনটোক। কিন্তু তেওঁতো নিজৰ কথাবোৰ জনাৰ পাছতো বেশ্যালয়লৈ বা কিয় গৈছিল? কি বিচাৰি গৈছিল? শৰীৰ নে অন্য কিবা? অজয়ক সুধিব লাগিব। 


      কথাবোৰ ভাবি ভাবিয়ে টোপনি গ'ল অঞ্জনা। জেউতীয়ে আকৌ উঠি গৈ অঞ্জনাক চাই আহিলগৈ। আঁঠুৱাখন তুলিখনৰ চাৰিওকাষে ভৰাই দিলে ম'হ সোমাব নোৱাৰাকৈ।


      আঁঠুৱাৰ বাহিৰৰ পৰাই অঞ্জনাক আকৌ এবাৰ চালে। কিমান যে সৰুতে এৰি আহিছিল তাইক, নেদেখাকৈয়ে ইমান ডাঙৰ হ'ল। মদপী হ'লেও তৰুণে ভাল শিক্ষা দিছে, ভাল সংস্কাৰ দিছে অঞ্জনাক।


     যিমান খং উঠিলেও কাকোৱেই টানকৈ নকয়, বেয়া ব্যৱহাৰো নকৰে। সকলোবোৰ কামেই নিয়াৰিকৈ কৰে। কথাবোৰৰ সৰল উত্তৰ দিয়ে। কথাবোৰৰ পৰাই জানিব পাৰি তাই কিমান সৰল সংস্কাৰত ডাঙৰ-দীঘল হৈছে। অঞ্জনালৈ কিছুসময় চাই ঘড়ীটোলৈ টৰ্চটো মাৰি চালে। ১.৪০ হৈছে। জেউতীও টোপনি যাবলৈ যত্ন কৰিলে।


      অঞ্জনা তাইৰ ছোৱালী বুলি জনাৰ দিন ধৰি তাইৰ মনটোৱে হেৰুৱা অতীতৰ মাজত মুকুতা বিচাৰিবলৈ আৰম্ভ কৰিছে। ক'তনো পাব তথাপি এক আশা জানোচা পায়েই!


      আশাহীন, সপোনহীন জীৱন হেনো নৰক সদৃশ, জী থাকিও মৃত। সেয়ে আগতে জেউতীয়ে নীলাক লৈ সপোনবোৰ সজাইছিল। একাদিক্ৰমে এতিয়া দুজনী ছোৱালীক লৈ সপোন দেখিব। 


       সপোনবোৰ পূৰণ কৰিব পাৰক বা নোৱাৰক কিন্তু এই সপোনবোৰতো এক জীয়াই থকাৰ মন্ত্ৰনা লুকাই থাকে, এক বিৰল আনন্দ পোৱা যায়। আনৰ দৃষ্টিত যিয়েই নহ‌ওঁক মাক-দেউতাকৰ দৃষ্টিত সন্তান সদায় সুন্দৰ।


      জেউতীয়ে কেতিয়াও অঞ্জনাক বা হেৰুৱা সম্বন্ধবোৰ পাম বুলি সপোন দেখা নাই অথচ তাইক ভাল পাই গ'ল।


      জীৱন…!! এইয়াই জীৱন। কেতিয়াবা বিচাৰিলেও জীৱনত পোৱা নাযায় কিন্তু কেতিয়াবা নিবিচাৰিলেও বহুত কিবাকিবি ভগৱানে দি থৈ যায়।


     তাৰ মাজতে জেউতীৰ দুচকুত তৰুণৰ ছবিখন উলমি উলমি জ্বলি ৰয়। তাই চকুহাল মুদি দিলে।


      ৰাতিপুৱা যেতিয়া অঞ্জনাই সাৰ পালে তেতিয়া প্ৰায় ন' বাজো বাজো। তাই লাহেকৈ উঠি আহিল। তাইক উঠি অহা দেখি জেউতীয়ে লৰা-লৰিকৈ আহি চকী এখন অলপকৈ ৰ'দ পৰা ঠাইত দিলেহি। অঞ্জনাই আহি তাতেই বহিল।


      জেউতীয়ে মুখ ধুবলৈ বুলি কুহুমিয়া গৰম পানী এমগ আনি দিলে লগতে ব্ৰাছডালো। নীলাই দুয়োজনীৰ বাবে চাহ আনিলে।


"মোক উঠাই নিদিলি কিয়? ইমান দেৰি হ'ল!"


"হ'ব দেচোন। কালি যে ৰাতি তোৰ শুওঁতেও দেৰি।"


"ত‌ই টোপনি যোৱা নাছিলি?"


"ওহো। এই ঘটনাটো হোৱাৰ পৰা ভয় লাগে অ। তাতে ত‌ই ইমান দেৰিলৈকে আছ'। কি কথা পাতিলি ক'চোন শুনো।"  -নীলাই হাঁহিলে, লগতে অঞ্জনাইও।


"নাই এনেয়ে। কিনো পাতিম!"


"তথাপি! বিয়া কেতিয়া কৰাম কৈছে?"


"সেই বিষয়ে একো পতা নাই।"


"সোনকালে বিয়া হৈ ত‌ই ইয়াৰ পৰা ওলাই গ'লেই শান্তি পাম মই।"


"আমনি লাগিছে ন মোক আলপৈচান ধৰোঁতে?"


"নহয় অ। কিয় ভাবিলি সেইবুলি। যদি কিবা আৰু ডাঙৰ ঘটনা হয় তোৰ লগত সেয়েহে কৈছোঁ।"


"সেইতো হয় বাৰু!"


      দুয়োজনীয়ে চাহ খোৱাত লাগিল। কৰবীও আহি লগতে বহি ল'লেহি। গোটেই কেইজনীয়ে কিবা ৰস লগা কথা পাতি হাঁহিত ফাঁটি পৰিছে।


      অঞ্জনাই পেটত ধৰি ধৰি হাঁহিছে। কৰবীয়ে কাণত ধৰিছে আৰু নাহাঁহো, আৰু নহঁহোৱাও বুলি তথাপি আকৌ হাঁহিছে তিনিওজনীয়ে। জেউতীয়ে বাৰান্দাৰ পৰা সিহঁতকে চাই আছে। জেউতীও মনটো মুকলি কৰি তাহাঁতকে দেখি মিচিঁকিয়াই আছে। এনেকৈয়ে যদি তাইৰ তিনিওজনী সন্তান থাকিলে হয়?? জেউতীৰ মনটোক আকৌ এজাক কলীয়া ডাৱৰে চানি ধৰিলে।


"ইমানকৈ নাহাঁহিবা তুমি। চিলাইবোৰ ভালকৈ শুকোৱাই নাই। অসুবিধাত পৰিবা। পেটৰ বিষ হ'ব চাবা।"


     অকণ পেহীয়ে ডালিম এটা প্লেট এখনতে আনি দিলে কটাৰী এখনেৰে সৈতে।


"ডালিম ক'ত পালা পেহী?"  -নীলাই ডালিমটো কাটি কাটি সুধিলে।


"ছাৰে আনিছিল কালি অঞ্জনাৰ বাবে।"


"অ।"


     নীলাই ডালিমটো কাটি এটুকুৰা তাই ল'লে আৰু এটুকুৰা কৰবীক দিলে। বাকীখিনি অঞ্জনাৰ ফালে ঠেলি দিলে।


"আৰে, খা আক' নাখাৱ নেকি?"


"নহয় অঞ্জনা, তোমাৰ আইৰণৰ বাবে এইয়া আমাতকৈ বেছি তুমিহে খাব লাগে। আমি এইয়া লৈছোঁ নহয় হ'ব। তুমি খোৱা।"


     কৰবীয়ে মাত লগালে। নীলাই চমুকৈ শলাগি থলে। অজয়ৰ ভালপোৱাৰ তুলনা নাই সচাঁকৈ। ইমান মৰম কিয় কৰে বাৰু তাইক?


"অজয় দা উঠাই নাই নেকি নীলা?"  -অঞ্জনাৰ ঘপহ্কৈ মনত পৰিল।


"ও আইদেউ, ছাৰ কাহানিবাতে অফিচ পালেগৈ। তোক চাই থৈ গৈছে। আমনি নকৰিব ক'লে তোক। যেতিয়া উঠে উঠিব বুলি কৈ থৈ গৈছে।"


      নীলাৰ কথাত তিনিও আকৌ হাঁহিলে। কৰবী আৰু নীলা উঠি গ'ল। চকীখনত অঞ্জনাই অকলেই বহি থাকিল। এখন্তেক চকুহাল মুদি দিলে তাই। অজয় নামৰ এক বিজুলী প্ৰবাহ পাৰ হৈ গ'ল তাইৰ শৰীৰৰ মাজেৰে।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১২ খণ্ডৰ লিংক -
             Read Now :

১৪ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment