কব নোৱাৰোঁ | নকবা ৰোমাণ্টিক নহয় বুলি | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Assamese Poem By Trishna Baishya - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

কব নোৱাৰোঁ | নকবা ৰোমাণ্টিক নহয় বুলি | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Assamese Poem By Trishna Baishya


কব নোৱাৰোঁ 

চকুপানীবোৰে বৰষুণ হৈ থকা বাবে 
নে বৰষুণ হৈ থকাৰ বাবে 
কব নোৱাৰোঁ ।

বিষাদৰ নে সুখৰ 
মৰুভূমিৰ মাজত এজোপা গছ বিচৰাৰ দৰেই 
মইও বিচাৰি ফুৰিছো 
এডাল সচা বিশ্বাসৰ গছ ।

চকুৰ পতা ক'লা পৰিলেও 
আন্ধাৰক কৈ থৈছোঁ পোহৰ নহবলে 
যাতে মানুহে আন্ধাৰৰ ক'লা খিনি হে লক্ষ্য কৰে ।

মোৰ কথা শুনাৰ জানো আন্ধাৰৰ ধৈৰ্য্য 
আছে নে নাই  
কাৰো কথা কাৰোৰে শুনাৰ সময় নাই ।

সেয়েহে
আকৌ মোক পোহৰৰ আগত নাঙঠ কৰিলে আন্ধাৰে,
দেখুৱাই দিলে সেই যন্ত্ৰণা আৰু চকুৰ পতাৰ 
ক'লা ৰং খিনি ।

আকৌ 
যাত্ৰাৰ আৰম্ভণি কৰিছোঁ 
কোনোবা চাগে বিশ্বাসী ওলায় বুলি ।...


নকবা ৰোমাণ্টিক নহয় বুলি 

(ক)
মৌনতা বোৰৰ মাজত জীয়াই থাকি 
ভালপাওঁ বাবে, 
নিৰ্জনতাবোৰ ভাল লাগে বাবে 
ৰোমাণ্টিক নহয় বুলি নাভাৱিবা 
গোলাপ ভাল নালাগে বুলি ? 

নাভাবিবা ফুল ভাল নাপাওঁ বুলি ? 
নকবা ৰোমাণ্টিক নহয় বুলি ? 

যিদিনা ৰোমাঞ্চকৰ তাড়নাত ৰুদ্ধ হ'ম 
সেইদিনা গোটেই পৃথিৱী নাচি উঠিব ; 
আলিংগন কৰিব, 
আউসী এৰি জোনাক হব, 
আকাশ মেঘাচ্ছন্ন হব, 
নামিব বৰষুণ ।...

(খ)
নকবা অহংকাৰী বুলি ? 
মইতো আজন্ম প্ৰেমিক 
এই সৌন্দৰ্যবোৰৰ...

সুন্দৰতা বোৰক অনুভৱ কৰোঁ 
গোলাপ ফুলক নহয়,
ফুলনিৰ বাগিচা খনহে মোৰ প্ৰিয় ।...

(গ)
আবেগবোৰ বোৱাই দি 
মৌনতা বোৰক অন্ত পেলাই 
ক্ষন্তেকৰ বাবে নহয় ;
প্ৰতিটো সময়ত জন্ম হোৱা, 
প্ৰতিটো ক্ষণত নাচি উঠা মুক্ত বিহংগিনী মই । 

তলংগিণী হৈ বৈ যাব পাৰো 
বিখাল মহাসাগৰলৈ, 
ধূলিকণা হৈ বতাহৰ লগত বিলীন হোৱা 
জীৱন তৃষ্ণা মই । 
সেয়ে নকবা, ৰোমাণ্টিক নহয় বুলি ?...

No comments:

Post a Comment