বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৫ | Besya | Assamese Sad Novel By Papori | Emotional Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | খণ্ড ১৫ | Besya | Assamese Sad Novel By Papori | Emotional Assamese Story


বেশ্যা

এগৰাকী নাৰীৰ হৃদয় চুই যোৱা
জীয়া বিষাদ কাহিনী
ধাৰাবাহিক উপন্যাস | খণ্ড ১৫

     নাৰ্কো টেষ্ট কৰা হ'ল। অহা কালিলৈ আকৌ কৰা হ'ব। যিমানখিনিৰ কৰা হ'ল কোনোৱেই অঞ্জনাৰ অপৰাধী নহয়।


      অজয়ে মনে-প্ৰাণে কামনা কৰিছে অপৰাধী যেন আশ্ৰমৰ নহয়। যদি কেনেবাকৈ ওলাই অজয়ৰ বৰ কষ্ট হ'ব। কোনোবা সময়ত সি ভাবে আশ্ৰমখনেই বন্ধ কৰি দিব নেকি বাৰু? এনে কৰিলে তাৰ শাও লাগিব।


      এইখনেইতো তাৰ ঘৰ, তাৰ পৰিয়াল। সকলোবোৰ ওলট-পালট হয়। নাজানে সি কি হ'ব কি নহ'ব, ভাবি পাৰা-পাৰ নাপায়।


      এইকেইদিন অজয়ে তাৰ ঘৰলৈ যোৱাও নাই। অফিচৰ পৰা বাহিৰে বাহিৰে আশ্ৰমলৈকে আহে আৰু পিছদিনা আশ্ৰমৰ পৰাই অফিচ যায়। সি জানে মাতৃসম নিজৰা বাইৰ তালৈ বৰ চিন্তা হয়।


"কি ভাবিছা?" - অঞ্জনাৰ মাতত তাইলৈ চালে সি।


"কি ভাবিব পাৰোঁ বাৰু মই কোৱাচোন?"


"আশ্ৰমৰ কথা?"


"ওম। কথা এটা ক‌ওঁনে?"


"এটা কিয় হাজাৰটা কোৱাচোন?"


      অঞ্জনাই ভাবি ভাবি আচৰিত হয়, প্ৰথম অৱস্থাত ইমান মুদি মানুহজন ইমান ৰোমান্টিক কিয় হৈ থাকে আজিকালি। লাজ লাগে তাইৰ।


"আৰু টেষ্ট কৰাব নালাগে বুলি ভাবিছোঁ।"


"কিয়?"


"মোৰচোন কিবা ভয় ভয় লাগিছে।"


"ভয় লাগিবলৈ কি হ'ল। অপৰাধী ধৰা পৰাটো জানো তুমি নিবিচাৰা?"


"বিচাৰোঁ। তথাপি মোৰ বাবেই যে আশ্ৰমত এনে অভাৱনীয় ঘটনা ঘটিবলৈ পালে আৰু সকলোৰে হাৰাশাস্তি হৈছে। সম্পৰ্কবোৰ চোন কিবা বেয়া হ'ব, বেয়া হ'ব লাগি আছে মনটোতে।"


"একো নহয় চিন্তা নকৰিবা।"


      অজয়ে তাইক বুজাইছে যদিও ভিতৰি ভিতৰি সিও কম অশান্তিত থকা নাই। তথাপি অঞ্জনাক শান্ত কৰাৰ এক ব্যৰ্থ প্ৰয়াস কৰিছে।


"বলক অলপ বাহিৰতে বহোঁ!"


"নালাগে। আমাৰ সম্পৰ্কটো বৰকৈ ৰৌজাল-বৌজাল হোৱাটো মই বিচৰা নাই।"


"ওম। ঘৰলৈ এইকেইদিন যোৱাই নাই নহয়!"


"নাই যোৱা। নিজৰা বাই চিন্তা কৰিছে বৰকৈ মই অনুভৱ কৰিছোঁ। তেওঁ মোৰ মা নহয়, কিন্তু মাৰ কোনোগুণে কমো নহয়। মাৰ অভাৱ মই কেতিয়াও অনুভৱ কৰা নাই।"


"ওম, এই বাইদেউৰ দৰেই। তেওঁকো মোৰ কেতিয়াবা কেতিয়াবা মাৰ দৰেই লাগে। ইমান মৰম, ইমান হেঁপাহ তেওঁৰ মাজত!"


"উপায় নাই!"


      হুমনিয়াহ এৰিলে অজয়ে। আজি কিয় জানো তাৰ অঞ্জনাৰ লগতো কথা পাতিবলৈ মন যোৱা নাই। মনটো বৰকৈ অশান্ত হৈ আছে আশ্ৰমত ঘটনাটো হোৱাৰ পৰাই।


      উপায়বিহীন হৈ পৰিছে সি কাক এৰিব, কাকনো ধৰিব ভাবিয়েই পাৰ পোৱা নাই। অঞ্জনাৰ বাবে আশ্ৰমক আৰু আশ্ৰমৰ বাবে অঞ্জনাক এৰিব নোৱাৰে সি। দুয়োটাই তাৰ জীৱনৰ এক এৰাব নোৱাৰা সম্পৰ্ক, আৱেগ জড়িত হৈ আছে দুয়োটাৰেই লগত।


      সময়বোৰ ধূসৰ হৈ পৰিছে দিনে দিনে। ধূলিয়ৰি মৰুভূমিত স্পন্দিত প্ৰাণৰ সন্ধান কৰিছে অজয়ে।


       অঞ্জনাই সন্ধান কৰিছে ভালপোৱাৰ, আৱেগৰ। সাগৰৰ উত্তাল ঢৌত কক্-বকাবৰ মন গৈছে তাইৰ। গাভৰু নদীত গা ধোৱাৰ হেঁপাহ পুহি ৰাখিছে। এখন উত্তাল সাগৰ লাগে তাইক, এখন গাভৰু নদীৰ প্ৰয়োজন হৈছে তাইক।


     "জীৱন জীৱন 

          তুমি বৰ অনুৰ্বৰা হোৱা 

               কেতিয়াবা কেতিয়াবা কিয়??? 


     কৰ্দয্যময় সময়বোৰৰ মাজতো 

           আকৌ কেতিয়াবা হাঁহিৰ সন্ধান দিয়া, 

                তুমি বৰ অনুপমা তেতিয়া!! 


                      তোমাৰ পূৰ্ণতা ক'ত? 

      মই নাজানো, জানিব নোখোজো। 


                      মোক মাথো, 

      এখন উৰ্বৰা সেউজী পথাৰ লাগে ; 

           খেতিবোৰ মই কৰিম 

                  তুমি একো ভাবিব নালাগে। 


      কি ৰুম, কি সিঁচিম 

            সেইয়া মোৰ কথা। 

                  তুমি মাত্ৰ মোৰ বাবে 

                         উৰ্বৰা হৈ দিয়া

                               উৰ্বৰা হৈ দিয়া।" 


     অঞ্জনাৰ এটা ভাল লগা কবিতা। তাই কলেজত পঢ়োতে নিজেই লিখা এই কবিতাটো। কবিতাটো আজি পঢ়ি কিবা ভাল লাগিল তাইৰ। সময়বোৰ যেন ভাললৈ আহিছে তাইৰ, কবিতাটোৰ দৰেই যেন উৰ্বৰা হৈছে সময়বোৰ।


     অজয়ৰ চিন্তাবোৰ দিনে দিনে বাঢ়িহে গৈছে। আশ্ৰমক লৈ, অঞ্জনাক লৈ। চিন্তা নহয় আচলতে দুচিন্তাহে।


      অঞ্জনাক সি বিয়া কৰাম বুলি ভাবিছে মনে মনে। নিজৰা বাই কোৱাৰ দৰে সিও অনুভৱ কৰে কেতিয়াবা তাক অলপ জিৰণিৰ প্ৰয়োজন, কাৰোবাৰ অলপ অকলশৰীয়া সানিধ্যৰ প্ৰয়োজন। কিন্তু ভয় লাগে তাৰ, অঞ্জনাই সঁহাৰি জনালেও যদি পাছত সলনি হয় তাই??


     পাৰিব জানো তাই আজীৱন শৰীৰৰ দাবী পূৰণ নকৰাকৈ? কিয়, কিয় হয় তাৰ লগতেই এইবোৰ?? কিয় কিয় কিয়?? টেবুলতে ঘোঁচা এটা মাৰি উঠি আহে অজয়ে।


      ওচৰৰ নাহৰজোপাত ফেচাঁই কুৰুলিয়াই আছে। জোনাকী পৰুৱাই নিজৰ পোহৰত বাট বিচাৰি উমলি ফুৰিছে।


      অজয়ৰ মনত নতুন প্ৰাণৰ সঞ্চাৰ হয়, এই অকণমানি পৰুৱা এটিয়েই যদি নিজৰ বাটৰ সন্ধান নিজেই কৰিব পাৰিছে সি কিয় নোৱাৰিব। সিও পাৰিব, পাৰিব লাগিব; সিটো জীৱশ্ৰেষ্ঠ মানুহ! এক নতুন উদ্দীপনা লৈ পাকঘৰৰ ফাললৈ খোজ ল'লে অজয়ে।


আগলৈ……..


(কালি ভাওনা চালোগৈ। জন্ম হোৱাৰ পৰা কালিয়ে প্ৰথম চাইচোঁ, ভটিজা এজনীয়ে সূত্ৰ নাচিছিল বাবে পৰিয়ালৰ সকলোবোৰ গৈছিলো। আজি দিনটো ফ্ৰী হৈয়ে থাকিলোঁ, সেয়ে অলপ আজৰি পাই আজি দুটাকৈ খণ্ড একেলগে দি দিলোঁ। খণ্ড ১৪ আৰু ১৫, দুটা খণ্ডই আগবঢ়ালোঁ। ইমানখিনি মৰম, সহানুভূতি দিয়াৰ বাবে পুনৰ সকলোকে ধন্যবাদ।)


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১৪ খণ্ডৰ লিংক -
             Read Now :

১৬ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment