সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 8 By Gayatri Sharma - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | Serial Assamese Novel | Part 8 By Gayatri Sharma


সূৰ্যফুলৰ দেশলৈ

| অষ্টম খণ্ড |

     হেপী ডট কমৰ মানুহজনে আকৌ এবাৰ সুধি উঠিল


: কাইলৈৰ পৰা আহিবা নহয়? 


     উচপ খাই উঠিলোঁ মই। পাহৰিয়েই গৈছিলোঁ মই যে এটা অফিচত বহি আছোঁ আৰু সন্মুখৰ মানুহজনে মোক যাচি দিছে এটি চাকৰি।


     মই মনে মনে থকাৰ বাবে মানুহজনে চাগৈ মই চাকৰিটো গ্ৰহণ কৰা নাই বুলি ধাৰণা কৰি পেলাইছিল। তেওঁৰ চকুলৈ চাই ৰ'লো মই। মোক দেখিবলৈ এনেকুৱা লাগিছিল যেন যিজন মানুহে মোক চাকৰি এটা যাঁচিছে তেওঁকেই মই সুধিব খুজিছোঁ 'মই কি কৰা উচিত?' তেওঁৰ পৰাই যেন মই জানিব খুজিছোঁ 'মই বহি থকা উচিত নে চকীখনৰ পৰা উঠি গুচি যোৱাই ভাল হ'ব?' 


     মানুহজনে মোলৈ এটা প্ৰশ্নবোধক চাৱনিৰে চাই আছিল। হয়তো ইণ্টাৰভিউ লোৱা মানুহ এজনৰ সন্মুখত এনেকৈ দোমোজাত পৰি ৰৈ থকা মানুহ তেওঁ আগেয়ে কেতিয়াও দেখা নাছিল। হয়তো ময়েই প্ৰথম মানুহ আছিলোঁ যি চাকৰিটো কৰিম বা নকৰোঁ একো নোকোৱাকৈ অপলক নেত্ৰে চাই ৰৈছিলোঁ মানুহজনলৈ। মানুহজনে আকৌ সুধিলে


: জইনিং ফৰ্মেলিটিজবোৰ আজি কৰাও নে কাইলৈ?


     মই এইবাৰো একো নক'লো। এইবাৰ মানুহগৰাকীয়ে অকণমান সময়ৰ আগতে টেবুলৰ খৰাহীটোত দলিয়াই থৈ যোৱা বায়'ডাটা খনলৈ মই চাই ৰ'লো। যিখন বায়'ডাটাৰ দ্বিতীয় পৃষ্ঠাত এতিয়াও স্পষ্ট আখৰেৰে লিখা আছিল 'খবৰ 24×7' ত কৰি অহা চাকৰি এটাৰ কথা।


      দ্বিতীয়টো পৃষ্ঠাই সদম্ভে ঘোষণা কৰিছিল যে কৃষ্ণাক্ষী বৰুৱা এগৰাকী এংকৰ আছিল।


     মোৰ মৌনতাত মানুহজনে অস্বস্তিত ভুগিছিল। বিৰক্তি নে অস্বস্তিৰ এটা ভাৱেৰে দুয়োহাতৰ আঙুলিত আঙুলিবোৰ সুমুৱাই জোৰকৈ মুঠিয়াই ধৰি সেই ভঙ্গীৰেই হাতখন তলৰ ওঁঠত লগাই দুয়ো ভ্ৰূ কোঁচাই মোলৈ চাই ৰৈছিল ।


     আচলতে মই কি উত্তৰ দিম একো চিন্তাই কৰিব পৰা নাছিলোঁ। বাৰে বাৰে মনলৈ অহা যোৱা কৰিছিল সংবাদকৰ্মী হ'ব খোজা কৃষ্ণাক্ষী বৰুৱাৰ মুখখন। মনলৈ অহা যোৱা কৰিছিল ঘোলা দুচকুত ওলমি ৰোৱা দেউতাৰ সপোনবোৰ। অগা দেৱা কৰিছিল আইজনী টিভিত ওলাব, বাতৰি পঢ়িব বুলি বৰ আনন্দ পাই থকা মা আৰু দেউতাৰ মুখ দুখন।


     সকলোবোৰৰ উপৰিও মোৰ মনলৈ ভাঁহি আহিছে বেগটোত থকা টকা বাইশ শ। যি বাইশ শ টকাৰ বাহিৰে মোৰ হাতত আৰু এটকাও নাছিল। চকুৰ আগলৈ আহিছে চাউল ডালিৰ প্ৰায় খালি হ'বলৈ ধৰা টেমাবোৰ। 


     কিন্তু সকলো কথাৰ লগতে জুলাই মাহৰ গৰমত হাতত কিতাপ এজাপ লৈ ৰাস্তাই ঘাটে অফিচে  ঘূৰি ফুৰা ছোৱালী এজনীয়েও মোৰ মনত ধৰা দিছিলহি। যিজনী ছোৱালীৰ কৰুণ মুখখনলৈ চাই মই চাকৰিটোত সন্মত হ'ব পৰা একো এটা বাক্যও ক'ব নোৱাৰিলোঁ। মোলৈ এটা উত্তৰৰ অপেক্ষাত চাই থকা মানুহজনক মই মাথোঁ কৈ উঠিলোঁ


: ছাৰ... মই আজি ঘৰলৈ গৈ চাকৰিটোৰ বিষয়ে ভাবি আপোনাক জনালে হ'ব নে?


    কৃত্ৰিম হাঁহি এটা মাৰিলে মানুহজনে। হাঁহি হাঁহিয়েই ক'লে,


: কামটো টান নহয়। দুবাৰ ভাৱি চোৱাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাৱোঁৱেই। তথাপি তুমি যদি ভাবিবলৈ সময় বিচাৰিছা তেন্তে আবেলিলৈকে মোক জনাবা। যদি উত্তৰটো পজিটিভ হয় তেন্তে কাইলৈ জইনিং ফৰ্মেলিটিজ খিনি আমি কৰি ল'ম। একাপ চাহ খাবা?


     নঞৰ্থক ভাৱে দুবাৰমান মূৰ জোকাৰি চকীখনৰ পৰা থিয় হ'লো মই। থিয় দিয়েই এক মিনিটো তাত নোৰোৱাকৈ পৰ্দা ঠেলি আগবাঢ়ি আহিলোঁ দুৱাৰ মুখলৈ। 


: এক্সিউজ মি!


     মানুহজনে মোক মাতিছিল। এখন্তেক ৰৈ ঘূৰি চালোঁ পিছলৈ। পৰ্দাখনৰ পৰা গাটো উলিয়াই তেওঁ মোৰ ফালে ছাতি এটা দাঙি দেখুৱাইছিল। 


     মোৰ ছাতি। ছাতিটো যে মই চকীখনতে এৰি থৈ আহিছিলোঁ সেই কথা তেতিয়াহে মনলৈ আহিল।  ছাতিটো লৈ পৰ্দাখন ঠেলি মানুহজন আগুৱাই আহিল।


: চোৱা তুমি ইয়াত চাকৰি কৰাটো ভগৱানেও বিচাৰিছে কিজানি।


     ধেমালিৰ সুৰত কৈ উঠিল তেওঁ।


: ঠেংক ইউ।


     মুখত জোৰকৈ এটি হাঁহি আঁকি মই মানুহজনলৈ চাই কৈ পেলালো আৰু ছাতিটো লৈ লেতেৰা চিৰিবোৰেৰে দুপদুপাই তললৈ নামি আহিলো।


     নামি আহোঁতে বোধ হয় জোৰেৰে শব্দ হৈছিল। চিৰিৰ কাষৰ কুকুৰ পোৱালি কেইটাই কেং কেং কৈ মাকৰ বুকুত সোমাইছিলগৈ। মই খোজৰ গতিবেগ কমাই গেইটৰ শলখাত হাত দি ওপৰলৈ চাইছিলোঁ। মানুহজনে অকণমান কুঁজা হৈ, হাত দুখন সাবটি ৰেলিং ডালত থৈ মিচিকিয়া হাঁহিৰে একেথিৰে মোলৈ চাই আছিল। 


      লুংলুঙীয়া পথটোত খৰধৰকৈ খোজ পেলালোঁ মই। হাজাৰ চিন্তাই দোলা দিছিল মনটোত। চাকৰিটো কৰা উচিত নে অনুচিত এই কথাই বাৰে বাৰে খুন্দিয়াই থাকিল মনত। 


     কোনোবা মুহূৰ্তত যদি ভাৱি পেলাইছোঁ চাকৰিটো কৰি পেলাওঁ, আকৌ তাৰ পিছতে মনত ধৰা দিছেহি কিতাপজাপ লৈ বাটে বাটে ঘূৰি ফুৰা ছোৱালী এজনীয়ে। যিজনী ছোৱালীক মোৰ মনটোৱে গ্ৰহণ কৰিবলৈ কোনোপধ্যেই সাজু নাছিল।


     আকৌ ভাৱি উঠিছোঁ, চাকৰি এটা কৰা বা নকৰাৰ কথা ইমান আৰামেৰে  চিন্তা কৰিব পৰা বিলাসীতাও এই মুহূৰ্তত মোৰ আছে নে? কিবা এটা যে পাইছোঁ সেয়াকে ভাগ্য বুলি গ্ৰহণ কৰিব মই নালাগিছিল জানো!


     ৰিক্সা এখনত বহি ক'তো নোৰোৱাকৈ ঘৰলৈ আহিলোঁ। ক'তো মানে গণেশ মন্দিৰতো। যি কাম মই গুৱাহাটীলৈ অহাৰ পৰা আঙুলিৰ মূৰত লিখিব পৰা দিন কেইটামানতহে কৰিছোঁ। নোসোমালেও মূৰটো দোঁৱাই সেৱা এটা হ'লেও কৰি আহিছো আজি প্ৰায় তিনি বছৰে। আজি সেই কামটোও মোৰ কৰা নহ'ল। যি কথা মোৰ অনুভৱ হ'ল মন্দিৰটো পাৰ হৈ বহুদূৰ অহাৰ পিছতহে। 


      ৰিক্সাখন ৰুমৰ গেইটৰ মুখত ৰৈছিল। ৰিক্সাখনৰ হেণ্ডেলডালত পকাই থোৱা কাপোৰ এখনৰ পাক খুলি দীঘলকৈ মেলি লৈ ৰিক্সাচালকে এইবাৰ মুখ মোহাৰিছিল।


     বেগৰ পৰা বিশ টকা এখন উলিয়াই মানুহজনৰ হাতত দিবলৈ খোজাৰ লগে লগে মানুহজনে হাতখন কোঁচাই নিলে আৰু কৈ উঠিল


: বিশ নহয়, ত্ৰিশ টকা।


     সচৰাচৰ হোৱা বিশ টকা ভাড়াৰ পৰিবৰ্তে ৰিক্সাচালক জনে আজি ত্ৰিশ টকা বিচাৰিছিল। 


      মুহূৰ্ততে জাঙুৰ খাই উঠিলোঁ মই। এই কামো মই কেতিয়াও নকৰা কামবোৰৰ ভিতৰৰে এটা আছিল। প্ৰতিদিনে প্ৰতিবাদ নকৰাকৈ মই দি আহিছোঁ তেওঁলোকে খোজা ভাড়াৰ টকা। কেতিয়াবা বেছিকৈ লৈছে বুলি জানিলেও হাঁহি হাঁহিয়েই তেওঁলোকৰ হাতত তুলি দিছোঁ সেই টকা।


     কিন্তু কিয় জানো আজি মোৰ অনুভৱ হৈছিল এই পৃথিৱীৰ প্ৰতিজন মানুহেই কেৱল বাট চাই আছে মোক অন্যায় কৰিবলৈ। ৰাস্তাৰে পাৰ হোৱা প্ৰতিজন মানুহে যেন মোক আজি ভেঙুচালি কৰি শিয়াঁৰি উঠিছিল


"সংবাদ মাধ্যমত কাম কৰিবলৈ যোৱা কৃষ্ণাক্ষী বৰুৱা? চোৱা তোমাৰ কি হ'ল!"


     কেৱল মাত্ৰ মানুহেই নে? প্ৰতিজোপা গছে, প্ৰতিখিলা পাতেও যেন আজি মোলৈকে চাই চিঞৰি উঠিছিল, 


"সাংবাদিক হোৱাৰ সপোনটো কি হ'ল তোমাৰ? কি হ'ল টিভিত ওলাব খোজা সেই শৈশৱৰ সপোনৰ?"


     কাণ দুখন জোৰেৰে হেঁচি ধৰিছিলোঁ। কাৰো কথা, কোনো শব্দ সোমাব নোৱাৰাকৈ হেঁচি ধৰিছিলোঁ কাণ দুখন। দৌৰি যোৱাদি গৈ হাত দিছিলোঁগৈ দুৱাৰৰ বন্ধ তলাত। 


     কোঠাটোলৈ সোমালেই চকুত পৰাকৈ টেবুলখনৰ সন্মুখৰ বেৰত মই আঠা দি লগাই থৈছিলোঁ "খবৰ 24×7" ৰ ডিউটিৰ শ্বিফ্টৰ তালিকাখন। সেই কাগজ খনে মোক কোঠাটোলৈ সোমালেই সোঁৱৰাই দিছিল মোৰ কৰ্তব্য আৰু লক্ষ্যৰ কথা।


     চাকৰিটো যোৱাৰ ইমান দিনৰ পিছতো যিখন আঁতৰাই পেলাবলৈ মোৰ সাহ হোৱা নাছিল। কোনো অৰ্থ নাইকিয়া সেই কাগজখন এৰুৱাই পেলাবলৈ মই বুকুখনক আজিলৈকে মান্তি কৰাবই পৰা নাছিলোঁ।


     আজি যেন সেই কাগজখনেও মোলৈ আঙুলিয়াই ভেঙুচালি কৰি হাঁহি পেলাইছিল। কাগজখনে যেন চিঞৰি চিঞৰি কৈ উঠিছিল


: আঁতৰাই পেলোৱা মোক। এতিয়া কি প্ৰয়োজন এনে এখন তালিকাৰ? কিতাপ বেচি ৰ'দে বৰষুণে ঘূৰি ফুৰিবলগীয়া মানুহৰ কোঠাত এনেকুৱা কাগজে শোভা নাপায়।


     একে আঁজোৰে মই বেৰৰ পৰা কাগজখন এৰুৱাই টুকুৰা টুকুৰকৈ ফালি পেলালোঁ। কাপোৰসাজ নসলোৱাকৈয়ে থিয় দিছিলোঁগৈ বাথৰুমৰ শ্বাৱাৰৰ তলত। পানীবোৰে বুৰাই নিছিল মোক। 


     ধুই নিঃশেষ কৰি পেলাইছিল সৰুতে আইনাৰ সন্মুখত বাতৰি কাগজৰ নুৰা এটা বনাই মিছাকৈ বাতৰি পঢ়া ছোৱালীজনীক।


     ধুই নিছিল জুপিতৰা কলিতাৰ দৰে হ'ব খোজা সপোন পিয়াসী এজনী ছোৱালীক ।


     চুলিবোৰ খামুচি ধৰি চিঞৰি চিঞৰি কান্দি উঠিলোঁ মই। প্ৰায় আধা ঘন্টা সময় বহি থাকিলোঁ শ্বাৱাৰটোৰ তলত।


     সম্পূৰ্ণ আধা ঘন্টা সময় টিভিত বাতৰি পঢ়া ছোৱালী এজনী আৰু হাতত এজাপ কিতাপ লৈ তিনিআলিবোৰত বিক্ৰী কৰি ফুৰা ছোৱালী এজনীৰ মাজত লাগি থাকিল এখন তুমুল যুজঁ।


     এটা সময়ত কিতাপ লোৱা ছোৱালীজনীৰ সন্মুখত আত্মসমৰ্পণৰ ভংগীত মূৰ তল কৰি থিয় দি ৰ'ল সংবাদকৰ্মী কৃষ্ণাক্ষী বৰুৱা। 


      শ্বাৱাৰটো বন্ধ কৰি তেজৰঙা দুচকুৰে থৰক বৰক খোজেৰে মই ওলাই আহিলোঁ বাথৰুমৰ পৰা। টোপ টোপকৈ পানী পৰা তিতা চুলি, সম্পূৰ্ন ভিজা কাপোৰেৰে মোক দেখিবলৈ দুৰ্গাষ্টমীত ঘৰৰ গোসাঁনীক আৰতি কৰিবলৈ ওলাই যোৱা আইতাৰ দৰেই লাগিছিল।


     আইতাৰ সেই সাহসী চকু, লেহুকা এই ভাঙি পৰিব যেন শৰীৰৰ ভিতৰৰ প্ৰচণ্ড শক্তিশালী মানুহজনী মই যেন মুহূৰ্ততে ধাৰণ কৰিহে লৈছিলোঁ মোৰ ভিতৰচ'ৰাত। তিতা গাৰেই বেগৰ পৰা মোবাইলটো উলিয়াইছিলো। আৰু কৰি পেলাইছিলোঁ এটা ফোনকল-


: হেল্ল' ছাৰ... মই কৃষ্ণাক্ষী বৰুৱাই কৈছোঁ। চাকৰিটো মই কৰিম ছাৰ। কাইলৈকে জইন কৰিম। 


     ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি মজিয়াতে বহি পৰিছিলোঁ মই।


     বহি? সেয়া জানো বহি পৰাৰ ভংগী আছিল? বাগৰি পৰিছিলোঁ মই মজিয়াখনত। নাজানোঁ কেতিয়া তেনেকৈয়ে মোৰ টোপনি গৈছিল।


     হঠাৎ খৰমৰাই সাৰ পালোঁ। কোনোবাই যেন কান্দিছে। চিঞৰি চিঞৰি কান্দিছে। উমান ল'লো!আঃ! এয়াতো মোৰেই কান্দোন। বুকুৰ কান্দোন। চকুপানী লুকুৱাই থোৱা বুকুৰ অন্ধকাৰ এচুকৰ দুৱাৰ খুলি ধহমহাই ওলাই আহিব খোজা সেয়া মোৰেই কান্দোন।


     সপোন দেখিছিলোঁ বোধহয়! উচুপি উচুপি সপোনতে কান্দি উঠিছিলোঁ।


     চকুহাল চুই চালোঁ। চকুলোৰে সেমেকি আছিল। কিমান দুখ পালে, বুকুত কিমান দুখে উজান দি উঠিলে সপোনতো কান্দি কান্দি ভাগৰি পৰিব পাৰে মানুহ? গাৰ কাপোৰ গাতে শুকাইছিল। মাৰ ফোন আহিল


: অফিচৰ পৰা আহি আজি ফোন এটাও কৰা নাই। ভয় লাগে নহয়! ইমান দূৰত থাক ছোৱালীজনী..চাওঁ বুলি চাব নোৱাৰোঁ, চোঁও বুলি চুই চাব নোৱাৰোঁ...


     মই যেন চিঞৰি চিঞৰি ক'ব খুজিছিলোঁ -" ভয় নকৰিবা মা। তোমাৰ ডাঙৰ আই বৰ শক্তিশালী। জীৱনৰ লগত অকলে যুজঁ দিব পৰাকৈ। দুখবোৰ অকলে গিলি থ'ব পৰাকৈ।"


     মাতটো স্বাভাৱিক কৰি মাক ক'লো,


: এইমাত্ৰ আহি পালোঁ মা। কি কৰিছা? ভালে আছা?


     প্ৰায় পাঁচ মিনিটমান কথা পাতি ফোনটো ৰাখিলোঁ। দুৱাৰ খুলি বাহিৰলৈ চালোঁ। সন্ধ্যা লাগিছিল। আন্ধাৰৰ প্ৰেমৰ ওচৰত বেলিটোৱে যেন নিজকে লাহে লাহে সমৰ্পন কৰিছিল। চোতালৰ দেৱদাৰু জোপাৰ ফাঁকেৰে তৰা এটাই ভুমুকিয়াই চাইছিল।


     ইমান দেৰি মই কি মজিয়াতে পৰি থাকিলোঁ? 


      নাকত এটা বৰ ধুনীয়া গোন্ধ লাগিল। খিৰিকীৰ কাষতে কিবা এবিধ লতা জাতীয় ফুল ফুলিছিল।


     বাৰ মাহেই ফুলি থাকে এইজোপা ফুল। বতাহে উশাহলৈ কঢ়িয়াইছিল সেই বতৰা। দীঘল ঠাৰি একোডালেৰে ৰঙা আৰু বগা অকণ অকণ ফুলবোৰৰ গোন্ধটো বৰ ধুনীয়া। খিৰিকীৰে সোমাই আহিছিল সেই সুগন্ধি। ফুলজোপাই সুগন্ধি ছটিয়াই মোক যেন নিচুকাইছিল। 


     আন্ধাৰ ভালকৈয়ে হৈছিল। দেৱাশ্ৰী বায়ে অফিচৰ পৰা আহি গান বজাইছিল। মোৰ কাণলৈও ভাঁহি আহিল সেই শব্দ


      "জোনাক গলা জাৰৰ নিশা

               মূৰ থৈ শেঁতা শেতেলিত

                     গণি গণি আঙুলিৰ মূৰত

                            আছে কিমান চকুপানী

               সুখৰ চিকুণ মনি

                      মই ভাগৰা নাই

                            জীৱন হেৰোৱা নাই...."


      কিয় জানোঁ মিচিকিয়াই হাঁহিলোঁ অকলে অকলে। সাজু হ'লো এটা নতুন দিনলৈ। 

এটা নতুন জীৱনলৈ। 


       থাপনাত চাকি এগছি জ্বলালো। বুকু ভাঙি গাই উঠিলোঁ এটি প্ৰাৰ্থনা। প্ৰাৰ্থনা কৰোঁতে গোসাঁইৰ চকুলৈ চাই বুকুৰ ভিতৰত গোসাঁইক ধাৰণ কৰি প্ৰাৰ্থনা কৰা মোৰ অভ্যাস। আজি মই ঈশ্বৰলৈ নাচালোঁ। এবাৰো। এপলকলৈকো।


       সামৰণৰ কাপোৰ এসাজ উলিয়াই ইস্ত্রি কৰি সাজু কৰি ৰাখিলো কাইলৈ পিন্ধি যাবলৈ। 


      গুলপীয়া কুৰ্তী আৰু বগা প্লাজ'ৰে এইসাজ কাপোৰ মোৰ বৰ প্ৰিয়। বহুদিনৰ পিছত এসাজ ভালকৈ ৰান্ধি খাবলৈও মন গ'ল। বৰ যত্ন কৰি ৰান্ধিলো কণী আৰু আলুৰ আঞ্জাখন। মায়ে ৰন্ধাৰ দৰে সোৱাদ আহিবলৈ অকণমান জালুকৰ গুৰিও দি দিছিলোঁ। 


       খিড়িকীখন খুলি দিলো।

       এজাক ধুনীয়া বতাহ বলিছিল।


       বতাহজাকত কঁপি উঠিছিল খিড়িকীৰ কাষতে গজালত ওলমি ৰোৱা ঘণ্টা এটাৰ আকৃতিৰ 'ৱিন্দচাইম' ডাল।


      বাহিৰ হৈছিল বৰ ভাললগা এক মৃদু ধ্বনি। চকু মুদি অনুভৱ কৰিলো সেয়া যেন 'ৱিন্দচাইমৰ' শব্দ নহয়, সুদূৰৰ কোনোবা মন্দিৰৰ পৰা যেন ৰিণি ৰিণি ভাঁহি আহিছিল পবিত্ৰ ঘণ্টাধ্বনি। হঠাৎ যেন মই হৈ উঠিলোঁ পূজাৰীনি। কোনোবাই সেই পূজাৰীনিৰ গাত মুহূৰ্ততে মেৰিয়াই দিলে শুভ্ৰ আভূষণ। বিৰবিৰাই উঠিলোঁ


      "অসতো মা সদ্ গময়

       তমসো মা জ্যোতিৰ গময়

       মৃত্যুৰ মা অমৃতং গময়

       ওম শান্তিঃ শান্তিঃ শান্তিঃ"


(অনুবাদ:- মোক অসত্যৰ পৰা সত্যলৈ লৈ যোৱা

                মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা

                মোক মৃত্যুৰ পৰা অমৃতলৈ লৈ যোৱা…

                ওম শান্তি)


       আন্ধাৰবোৰৰ সুৰুঙাৰে ক'ৰবাৰ পৰা পোহৰৰ ৰেঙনি অকণমান আহিছিল। মোৰ জীৱনলৈ অহাৰ দৰে। 


       কিমান দিনৰ পিছত যে আজি ৰাতি ভালকৈ টোপনি আহিল। 


      সিদ্ধান্ত এটালৈ আহিব পৰাও কম শান্তিনে? হ'লেই বা সেই সিদ্ধান্ত জীৱন সলনি কৰা! তথাপি মই এটা সিদ্ধান্ত ল'লো। বৰ ডাঙৰ সিদ্ধান্ত। 


      "সহজ আছিল জানো কথাবোৰ!

       কান্দোনৰ শব্দবোৰক ঢাকি ৰাখোঁ,

       ওঁঠত হাঁহিৰ নিচান।


       জানো, বুজোঁ, মানো,

       তথাপিও খোজবোৰ আগবাঢ়ে 

       শিকলি এডাল চুঁচৰি চুঁচৰি গৈ থাকে

       খোজবোৰৰ খোজত খোজ মিলাই ।"


আগলৈ…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


সপ্তম খণ্ডৰ লিংক -

নৱম খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment