তাই বেশ্যা | অঞ্জনাৰ বিষাদ কাহিনী | সপ্তম খণ্ড | ধাৰাবাহিক উপন্যাস | Tai Besya Anjana | Assamese Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তাই বেশ্যা | অঞ্জনাৰ বিষাদ কাহিনী | সপ্তম খণ্ড | ধাৰাবাহিক উপন্যাস | Tai Besya Anjana | Assamese Novel

তাই বেশ্যা
অঞ্জনাৰ বিষাদ জীয়া কাহিনী

 

    খিৰিকীৰে বাহিৰৰ কিন্ কিনি্য়া বৰষুণ জাক চাই আছে অঞ্জনাই। আজি আশ্ৰমত কোনোৱেই নাই। সকলো ৰাস চাবৰ বাবে মাজুলিলৈ গৈছে। 


     তাইৰো যোৱাৰ হেঁপাহ আছিল কিন্তু অসুবিধা হোৱাৰ বাবে নগ'ল। ৰান্ধনী গৰাকীও বেছি ঠাণ্ডা পৰিছে বুলি যাবলৈ মন নকৰিলে। এতিয়া এই বিশাল আশ্ৰমত তাই আৰু ৰান্ধনী জনী।


     ভয় লাগে আজিকালি অঞ্জনাৰক আশ্ৰমৰ সকলোলৈকে; কোনে বা তাইক মাৰিব বিচাৰিছে। আজি দুই-তিনি মাহেও গম পোৱা নাই। নীলাকো কোৱা নাই তাই এইবোৰ কথা। জানোচা কথাষাৰ বাগৰি গৈ হত্যাকাৰীয়ে শুনিলে সচেতন হয়।


     মনে মনে তদন্ত কৰি আছে তাই, কিন্তু ধৰা পেলাব পৰা নাই। দেখাত তো সকলোৱেই ভাল পায়, সহায় কৰে, ধেমালি কৰে, সুখ-দুখৰ সমভাগী হয় তাইৰ; কিন্তু তাৰ মাজৰ পৰা শত্ৰু বিচৰা টান।


"মুখৰ আগত টানকৈ কোৱাজনে কেতিয়াও বিশ্বাসঘাটকতা নকৰে, কিন্তু মিঠা মিঠা কথা কৈ আপোন কৰিব বিচৰাজনৰ পৰাহে সাৱধান হৈ থাকিব লাগে"


      ক'ৰবাত পাইছিল তাই কথাষাৰ। কিন্তু ইয়াত যে সকলোৱেই তাইৰ লগত মিঠাকৈয়ে পাতে কথা! তেন্তে কাকনো তাই শত্ৰু বুলি ভাবিব বাৰু? মনটো বেয়া লাগিল তাইৰ।


"অঞ্জনা! কি কৰিছানো? এন্ধাৰেই হ'বৰ হ'ল। হাত-মুখ ধুই প্ৰাৰ্থনা কৰোগৈ ব'লা আক'!"


     অকণ পেহীৰ মাতত তাই পাছলৈ চাই হাঁহিলে।


"চোৱাচোন পেহী, এই অসময়ত নো বাৰু বৰষুণ দিয়েনে! হাত-ভৰিবোৰ বৰফৰ দৰে চেঁচা হৈ পৰিছে। গাড়ীত যে বতাহ সোমালে আৰু ঠাণ্ডা পাব আইতাহঁতে।"


"হয়তো আক'। মই যে পুহতে জন্ম নহয়, বৰ ঠাণ্ডা পাওঁ জন্ম মাহত।"


"আজি যে কোনো নাই; ইমান ডাঙৰ কেম্পাছতোত বাৰু আমি দুজনীয়ে কেনেকৈ থাকিম।"


"ছাৰ আহিব নহয় থাকিবলৈ।"


"অ।"


"তুমি ছাৰক লগেই পোৱা নাই নহয় ন' বৰ ভাল মানুহ। লগ পালে ভাল লাগিব তোমাৰো।"


"উম শুনিছোঁ বাৰু। আজি আহিলে কিবা প্ৰকাৰে হ'লেও তেওঁক লগ কৰিব‌ই লাগিব, বৰ ডাঙৰ কথা এটা হৈছে।"


"কিন্তু তেওঁতো অফিচৰ পৰা গৈহে আকৌ আহিব। ৰাতি দহ-এঘাৰটা বাজিব। ইমান দেৰিলৈকে দুঘুমটি মান পাম। আহিলেহে উঠিম মই। তুমি ৰোৱা যদিও ৰ'বা ইমান ঠাণ্ডা খনত।"


     অকণ পেহী কুঁৱাৰ পাৰলৈ বুলি খোজ ল'লে। পাছে পাছে অঞ্জনাও গ'ল। কথা-বতৰা নোহোৱাকৈয়ে দুয়ো হাত-ভৰি ধুলে। হাত-ভৰি ধুই প্ৰাৰ্থনা গৃহলৈ বুলি গ'ল দুয়ো। প্ৰাৰ্থনা সামৰি পাকঘৰলৈ গ'ল, কিন্তু কাৰো মুখত মাত নাই!


     অঞ্জনাই গেছতে চচটো উঠাই দিলে। কাষৰ টেমাটোৰ পৰা পাউদাৰ গাখীৰ অলপ দিলে। চাহপাত দি উতলাই ডাঠ কৰিলে চাহখিনি। অকণ পেহীয়ে চেনী নাখায়, তাই নিজৰ কাপটোতে চেনী মিহলাই ল'লে।


     পেহীক চাহৰ বাতিটো আগবঢ়াই দিলে। এইবাৰ পেহীয়েকে উঠি গৈ চুকলৈ থোৱা টেমা এটাৰ পৰা নাৰিকলৰ লাৰু চাৰিটা উলিয়াই আনিলে।


"পেহী, এইয়া তুমি কেতিয়া বনালা?"


"কালি ৰাতি বনালো অকলে অকলে। নিৰ্মলা আইতাৰ হাতত দি পঠাইছো, বাটত খাবৰ বাবে। তাৰেই দুটামান থৈ দিলো আমি চাহ লগত খাবৰ বাবে। ছাৰ আহিলেও চাহ অকণ দিব লাগে বুলি ৰাখি থলো।"


"অ অ। ভালেই কৰিলা দিয়া।"


"আজি ভাত খাবৰ বাবে তুমি আৰু ম‌ইহে। মাংসকে অলপ আনি খাব পাৰিলোহেতেন। বলা নহ'লে ওচৰৰ বজাৰৰ পৰাই আহোঁগৈ।"


"ৰাতিয়ে হ'বৰ হ'লচোন এতিয়া।"


"বলা সদায় নাযাওঁ নহয়। তুমি বেলেগ কাপোৰ এজোৰ সলাই লোৱাগৈ। ম‌ইয়ো সলাই ল‌ওঁগৈ। ছাৰ এনেও দেৰিকৈ আহিব।"


     দুয়ো দুফালে গ'ল কাপোৰ সলাবৰ বাবে। কাপোৰ সলাই দুয়ো গেটখন তলা লগাই ওচৰৰ বজাৰখনলৈ বুলি খোজ ল'লে।


     অঞ্জনাৰ সৰু সৰু বস্তু দুটামানো আনিব আছে। এতিয়াই লৈ আনিব লাগিব, তাই ভাবিলে।


     বজাৰখনৰ মাজত থকা কাপোৰৰ দোকান এখনত সোমাই ভাল ভাল কুৰ্টি দুটা, কাশ্মীৰি শ্বল এখন, চুৱেটাৰ এটা ল'লে অঞ্জনাই। অকণ পেহীকো হাত দীঘল ঊনৰ ভাল ব্লাউজ এটা কিনি দিলে তাই।


     তাৰপৰা ওলাই আহি চেন্দলৰ দোকান এখনত সোমাই অলপ ওখ পম্পশ্ব' এজোৰ ল'লে। ঠাণ্ডাত মোজাৰ লগত পিন্ধিলে যাতে ষ্টাইলো দেখে, ঠাণ্ডাও নালাগে।


    মাংসৰ বজাৰখনৰ পৰা খাহী মাংস আধা কেজি লৈ ওচৰৰ গেলামালৰ দোকান খনৰ পৰা মা-মছলা লৈ উভতি আহিল ৰুমলৈ বুলি।


"অঞ্জনা, তুমি যে আজি মাজুলিলৈ যাবলৈ ৪০ হাজাৰকৈ টকা দিলা ক'ত পালা তুমি?"


"সেইয়া পাপৰ ধন বুলি ধৰক পেহী। সেইয়ে পূণ্য ধামলৈ যোৱা সকলক দিলোঁ....??"


     আৰু কিবা কম বুলি ভাবিছিল যদিও ওচৰতে গাড়ী এখন ৰখালে সিহঁতৰ। অকণ পেহীক ইংগিত দিলে উঠিবলৈ তেওঁ উঠিবলৈ গ'ল। কিন্তু অঞ্জনাই গাড়ীখন চিনি নোপোৱাৰ বাবে ঠাইতে ৰৈ থাকিল। তাকে দেখি পেহীয়ে মাত লগালে,


"আহা আক' ছাৰহে, তালৈকে যায় আহা।"


    অঞ্জনা এইবাৰ উঠিলগৈ গাড়ীত।


     অঞ্জনাৰ ভয় লাগিল জানোচা ছাৰে কিবা কয়, এদিনো লগ পোৱা নাই আজি প্ৰথম। তাকো এই ৰাতিখন বজাৰত!! অপৰাধী যেন লাগিল নিজকে।


     আশ্ৰমৰ গেটৰ মুখত গাড়ীখন ৰ'লগৈ। গেটৰ চাবি অঞ্জনাই খুলিলগৈ। পেহীয়ে গাড়ীৰ পৰা নামি পাকঘৰলৈ গ'ল বস্তুবোৰ থবৰ বাবে। অঞ্জনাইও কাপোৰ সলাবলৈ বুলি ৰুমলৈ গ'ল। ৰুমৰ পৰা আহি পেহীৰ কাষ পালেগৈ।


"অ তুমি আহিলা। চাহ লৈ যাব কৈছে তোমাক ছাৰে। যোৱা পতকৈ চাহকণ বনাই দিয়াগৈ। লগ নাই পোৱা নহয় আগতে সেয়ে ভালকৈ কথা পাতিবা, চিনাকি হ'বা। কিবা অসুবিধা পালে জনাবা। ভাল মানুহ ভয় নাখাবা।"


    অঞ্জনা চাহ বনাবলৈ গ'ল। চাহ হোৱাত পেহীয়ে এটা ডাঙৰ কফিকাপত চাহ একাপ, নাৰিকল লাৰু দুটা, ভুজিয়া সৰু বাটি এটাত এবাটি চামুচ এখনেৰে সৈতে ডাঙৰ প্লেট এখনত যোগাৰ কৰি দি নিবলৈ ইংগিত দিলে।


     অঞ্জনাৰ বুকুখনে খৰকৈ উঠা-নমা কৰিব ধৰিলে। ভয়ত নে বেলেগ কিবা তাইয়ো কিন্তু বুজা নাই। সেপ ঢুকি ঢুকি কেবিনটো পালেগৈ। তললৈ মূৰ কৰি কিবা ভাবি আছে সম্ভৱ।


     তাইৰ ভয় লাগিল। ভিতৰলৈ নগৈ দুৱাৰখনৰ পৰা অলপ আঁতৰি ৱালখনত আউজি নিজকে সংযত কৰি ল'লে, যাতে তেওঁ সোধা প্ৰতিটো কথাৰে সঠিক উত্তৰ দিব পাৰে।


"ছাৰ,সোমাব পাৰিমনে?"  -কোনোমতে মাত উলিয়াইছে তাই।


"আহা।"  -মূৰ নোতোলাকৈয়ে ক'লে তেওঁ।


"চাহ আনিছো ছাৰ এইয়া!"


     কথাষাৰ কৈয়েই তাই বেলেগ এফালে চালে। ভয়ত হাত-ভৰিবোৰ ঠাণ্ডাটো গৰম উঠিছে তাইৰ।


"বহা।"


"হ'ব ছাৰ নব'হো।"


"বহি লোৱা।"


     অঞ্জনা বহিল। তেওঁ টুপিটো আৰু চশমাযোৰ খুলি টেবুলত থলে। অঞ্জনা তলমূৰ কৰি আছে। তেওঁৰ হাঁহি উঠিল। তাইলৈ চাই কলে,


"লাৰু খোৱা।"


"মই মানে............???"


"কি হ'ল। আচৰিত কিবা দেখিলা নেকি?


"???????"


     অঞ্জনাৰ দুচকুৰে ধাৰাষাৰ বৰষুণ নামিল। কিবা ক'ব পৰাও শক্তি নাই যেন লাগিল তাইৰ। তলমুৰ কৰি অঞ্জনাই মাথো উচুপিছে।


"অঞ্জনা কিয় কান্দিছা কোৱাচোন?"


"আপুনি.......?"


     একো ক'ব পৰা নাই তাই। কষ্ট হৈছে বুকুখনত থাহ খাই থকা হেঁপাহ বোৰৰ!! উশাহটোও ভালকৈ তাই ল'ব পৰা নাই। ৰুমালখন আগবঢ়াই দিলে তেওঁ।


"দুবছৰ হ'ল বুলিয়ে ক'ব পাৰি এই আশ্ৰমত থকা, কিন্তু এবাৰটো আপুনি লগ কৰিব পাৰে মোক!"  -খং উঠিল তাইৰ।


"কেতিয়াবা কিছুমান ভাল কৰিবৰ বাবে আঁতৰি থকাটো প্ৰয়োজন অঞ্জনা।"


"কি ভাল কৰিব মোৰ!! ইয়াত মোৰ মাত্ৰ চিনাকিয়ে হ‌ওঁক বা আপুনেই হ‌ওঁক কিন্তু আপুনি আৰু মীৰা দিদিৰ বাহিৰে কোনোৱেই নাই। সেই আপোন দুজন হেৰুৱাই মই কিমান কষ্টত আছো, সেইয়া আপুনি নুবুজে!!!"  -উচুপি উঠিল অঞ্জনাই।


"চোৱা অঞ্জনা, মই যদি আগতেই তোমাক লগ কৰিলোহেতেন তেন্তে তোমাৰ মনটো ডাইভাৰ্ট হৈ পঢ়াত মন বহাব নোৱাৰিলা হেতেন। সেয়ে মই জনোৱা নাছিলোঁ যে এইখন মোৰেই আশ্ৰম বুলি??"


"যদি মই সেইদিনা বেলেগ ক'ৰবাত হেৰাই গলোহেতেন; তেতিয়া! তেতিয়া কৰিলা হয়??"


"সেইয়া সম্ভৱ নহয়। ভগৱানে জানে তুমি দোষী নে নিৰ্দোষী। তুমি ইয়াত থাকিবা বুলি তোমাক চেক‌আপ কৰি ডাক্টৰজনে তোমাৰ সকলোখিনি তথ্য দিয়াৰ পাছতে গম পালোঁ। তাত যিদিনা ঘটনাটো ঘটিছিল সেইদিনা মই আৰু মীৰাই নিশা দুই বজালৈ তোমাক বিচাৰিছোঁ কিন্তু নাপালোঁ।"


"মীৰা দিদিয়ে জানেনে মই ইয়াত আছো বুলি!!"


"কোৱা নাই মই।"


"কিয়???"


"সেইবোৰ বাদ দিয়া পৰীক্ষা কেনেকুৱা হ'ল?"


"ভালেই হ'ল।"


"তোমাক লগ কৰিবৰ বাবে পৰীক্ষাতো দি আজৰি হোৱালৈয়ে বাট চাইছিলো মই। ইয়ালৈ মই কেতিয়াও আগতিয়াকৈ নাহো, নিশা দহ-এঘাৰ বজাতহে আহো কিন্তু আজি তোমাক বহুত কথা ক'ব আছে বাবেই সোনকালে আহিলো। আশ্ৰমত আন মানুহো নাই আজি।"


    অঞ্জনাৰ কান্দোন পাছলৈ ফেঁকুৰত পৰিণত হৈছিল। সঘনাই ফেঁকুৰিছিল তাই। অজয়ে অঞ্জনাৰ কাষলৈ গৈ তাইৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ বুজাবলৈ যত্ন কৰিলে।


     অৰ্থহীন কথা কোৱাতকৈ অৰ্থপূৰ্ণ মৌনতা বহুগুণে শ্ৰেষ্ঠ।


     অজয়ৰ মৌনতাই অঞ্জনাক বহু কথাই বুজাই দিলে। দুখন হৃদয়ে মৌনতাৰেই কথা পাতিলে বহু সময়...।


"আৰু কিবা ক'বা অঞ্জু?"


     অজয়ৰ মুখৰ পৰা আপুনা-আপুনি "অঞ্জু" নামটো ওলাই গ'ল। অঞ্জনাই মূৰ ল'ৰালে নকয়।


     আউল-বাউল চুলিখিনি ধুনীয়াকৈ আঁতৰাই দিলে আঞ্জনাৰ। অলপ খীনাইছে অঞ্জনাই। চকুৰ গুৰিবোৰ কলা পৰিছে, চকুহালত নিদ্ৰাবিহীনতাৰ চাপ স্পষ্টকৈ পৰিছে।


     অঞ্জনাৰ কপালখন অজয়ৰ কপালখনত লগাই দুহাতেৰে তাইৰ কাণৰ কাষত ধৰি অজয়ে ফুচফুচাই কোৱাৰ দৰে ক'লে,


"চিন্তা নকৰিবা সোণ মই আছো। একো হ'বলৈ নিদিওঁ তোমাৰ!"


     সাৱটি ল'লে অঞ্জনাক। অঞ্জনাও কুচ-মুচ খাই অজয়ৰ বুকুত কৰুকি কৰুকি সোমাই গ'ল।


     অঞ্জনাৰ নিৰৱ কান্দোনে অজয়ৰ বগা চাৰ্টটোৰ বুকুচোৱা তিয়াই পেলালে। কপালত এটা চুমা আঁকি দিলে তাইক। চকুপানী খিনি মচি দি কলে,


"যোৱা ভাত ৰান্ধাগৈ আকণ বাইৰ লগত। মই চাৰ্টো খুলি বেগটোত ভৰাই লৈ গৈ আছোঁ।"


"তেনেকৈ থ'লে চাৰ্টটো বৰ মুহিব!"


"তাকেই বিচাৰিছোঁ চিন এটা থাকক। লগত থাকিব বা পাওঁ নে নাপাওঁ!!"


"তেনেকৈ নক'বচোন?"


     অজয়ৰ কথাষাৰ শুনি বুকুখন বিষোৱা যেন লাগিল তাইৰ। ইজনে-সিজনক খোলাকৈ কেতিয়াও ভালপোৱাৰ প্ৰকাশ কৰা নাই। অথচ আজি দুয়ো অভিন্ন হৈ পৰিল নজনাকৈয়ে।


     অজয়ক আকৌ এবাৰ সাৱটি ধৰিলেগৈ অঞ্জনাই। অজয়ে বুজিছে অঞ্জনাৰ বুকুৰ ধুমুহাজাকৰ কথা। অজয়ো সাৱটি ল'লে আকৌ তাক...।


"মোক আৰু এৰি নাজাব' প্লিজ অজয় দা। মই মৰি মৰি জী আছোঁ।"


"নাযাওঁ দিয়া। এতিয়াৰ পৰা ধুনীয়াকৈ থাকিবা তুমি।"


     কান্দিব ধৰা অঞ্জনাক পুনৰ সামৰি ল'লে অজয়ে।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা বেশ্যা ধাৰাবাহিক উপন্যাস লিখি Google ত চাৰ্চ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -
             Read Now :

অষ্টম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Love Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী,
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment