বেশ্যা | অঞ্জনাৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | অষ্টম খণ্ড | Besya | Sad Assamese Novel - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অঞ্জনাৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | অষ্টম খণ্ড | Besya | Sad Assamese Novel

বেশ্যা

     অঞ্জনাই অজয়ৰ কেবিনৰ পৰা ওলাই আহিল। অকণ পেহীৰ লগত ভাত-শাক ৰন্ধাত ইটো-সিটো কৰি দিছে। অজয়ো কাপোৰযোৰ সলাই বেলেগ এসাজ পিন্ধি আহি পাকঘৰ পালেহি। আঁৰ চকুৰে অঞ্জনালৈ চালে।


     তাই ব্যস্ত হৈ পৰিছে নহৰু গুচোৱা, পিঁয়াজ কটা, জলকীয়া কটা, আদা গুচোৱা আদি কামত।


     অজয় অহাৰ কথালৈ মনেই কৰা নাই তাই। অজয়ে মূঢ়াটো লৈ জুইৰ কাষতে বহিল। অজয়ক অকস্মাত দেখি হাঁহি এটা মাৰিলে তাই।


"বাই, ত‌ই কিয় নগলি মাজুলিলৈ?


"এ কিনো যাম ইমান ঠাণ্ডাত, সেয়ে মন নগল যাবলৈ। ঠাণ্ডাত বৰ আমনি পাওঁ মই।"


"যোৱা হ'লে সকলোবিলাক সত্ৰ চাই আহিব পাৰিলাহেতেন।"


"হয় বাৰু। কিন্তু মই যোৱা হ'লে এইনো কাৰ লগত থাকিল হেতেন?"


"সেইটো অৱশ্যে হয়।"


"অঞ্জনা তুমি গৈছা নে নাই মাজুলিলৈ?"  -অজয়ে সুধিলে তাইক।


"নাই যোৱা। জীয়াই থাকিলে যাম কেতিয়াবা!"


     অঞ্জনাই অজয়ৰ ফালে চাই হাঁহিলে। হাঁহিৰ অৰ্থ বুজে অজয়ে। অজয়ৰ ভাল লাগিল। তাৰ জীৱনৰ কিছুমান অধ্যায় তাইক ক'ব লাগিব। এখন সংসাৰ গঢ়িবলৈ হ'লে এইবোৰ কথা জনাটো প্ৰয়োজন। নহ'লে পাছত অসুবিধা হ'ব!!


     অতি সোনকালেই সি তাইক তাৰ কিছুমান লুকুৱাই ৰখা সত্য জনাব লাগিব। অফিচৰ ছুটিৰ দিন এটাত তাইক অকলশৰে মাতিব লাগিব লগ কৰিবলৈ। অজয়ে মনতে ভাবিলে।


     অঞ্জনাই বাহিৰা কামবোৰহে কৰি দিছে, ৰন্ধা-মেলা অকণ পেহীয়ে কৰিছে। তাই লেতেৰা হৈ থকা কাপকেইটা আৰু কাঁহি-বাটি দুটামান আছিল ধুবলৈ বুলি উঠি গ'ল। অজয়ো তাইৰ পাছে পাছে আহি অকণ পেহীয়ে নুশুনাকৈ ক'লে,


"ভাত খাই পেহী শোৱাৰ পাছত কেবিনৰ ফালে লগ হবাচোন, কথা পাতিম।"


     কথাষাৰ কৈয়েই অজয়ে তাইৰ উত্তৰলৈ বাট নাচাই তাৰ কেবিনৰ ওচৰৰ বেদৰুমটোলৈ গ'ল।


"পেহী, আজি কিন্তু ভোক লাগিছে দেই। দিনটো নাখালো যে।"


"উম মোৰো লাগিছে। ম‌ইয়ো নাখালো নহয়। তুমি নাখাওঁ ক'লা, অকলে অকলে ভাতেই নোসোমাই লগত খাই খাই।"


"দালিত কি দিলা?"


"একো দিয়া নাই। ডাঠকৈ ৰান্ধিছো পাঁচ ফুৰণ দি তেল মাৰি দিম। ছাৰে খাই ভাল পায়।"


"অ অ।"


     অঞ্জনা ৰুমলৈ গলগৈ। অজ‌য়ক লগ পাই তাইৰ কিমান ভাল লাগিছে তাই বুজাব নোৱাৰে আজি।


     বহুত কথা ক'বলৈ আছে তেওঁক। কিন্তু তাইক যে কোনোবাই হত্যা কৰিব খুজিছে এই কথাটো আজিয়েই ক'ব জানো!!


     নাই নালাগে। আজিৰ ভাল সময়খিনি ভালকৈ উদযাপন কৰিব লাগিব। তাই নিজৰ লগতেই কথা পাতিলে। মীৰা দিদিকো এদিন লগ কৰিব লাগিব। যি হ'লেও মীৰা তাইৰ বাবে ভগৱান।


"অঞ্জনা, ভাত-ছবজি হ'ল নহয়। বলা যোগাৰ কৰোঁগৈ মই ছাৰক কৈ আহো। ঠাণ্ডা হ'লে খাবলৈ ভাল নালাগিব।"


     পেহী অজয়ৰ কেবিনলৈ গ'ল। ভাত খাবৰ বাবে মাতি থৈ আহিলগৈ। দুয়ো পাকঘৰ পালেগৈ।


"ছাৰক এই পীৰাখনকে দিয়া। তেওঁ ঘৰতো প্ৰায় তলতেই খায় হেনো; মাকে কৈছে।"


"অ…!!!"


     অঞ্জনাৰ মনত পৰিল,

অজয়েতো এদিন কোনো নাই বুলিয়ে কৈছিল। কাম কৰা বাই এজনী আছে। সন্ধিয়া হ'লে ঘৰলৈ যায়গৈ। তেন্তে এই মাক জনী কোন? আজি সুধিব লাগিব।


"আহক, এইফালে বহক।"  -অজয়ক বহিব দিলে তাই।


"এই বৰ লাজ কৰে ছাৰ। কিন্তু সাহসটো হ'লে মানিব লাগিব।"


     অকণ পেহীৰ কথাত অজয়ে হাঁহিলে।

তিনিও তলতে বহি ভাত খাইছে। খোৱাৰ মাজতে অজয়ে এবাৰ-দুবাৰ অঞ্জনালৈও চাইছে। তাইয়ো চাইছে। চকুৱে চকুৱে পৰাত লাজত তাইৰ নাকত বিন্দু বিন্দু ঘাম বিৰিঙি উঠা অজয়ে দেখিছে।


     ভাল লাগিল অজয়ৰ। অজয়ে খাই উঠি ৰুমলৈ গলগৈ। পেহী আৰু অঞ্জনাই বাচত-বৰ্তনবোৰ সামৰি ধুই-পখালি পাকঘৰটো চফা কৰি তলা লগাই ওলাই আহিল।


"পেহী ৰুমত সোমাল যে। আহক লগতে শুওঁ।"


"নালাগে যোৱা। লগত শুবলৈ বৰ বেয়া পাওঁ ম‌ই। ভয় খাবা নেকি??"


"ভয় নাখাওঁ বাৰু। হ'লেও একেটা ৰুমত হোৱা হ'লে ভাল আছিল!"


"হ'ব একো নহয় যোৱা। ছাৰ আছেই।"


     অঞ্জনাৰ উত্তৰলৈ বাট নাচাই পেহীয়ে দুৱাৰখন জপাই দিলে। অঞ্জনাই ৰুমলৈ গৈ বিচনাখন চফা কৰি আঁঠুৱাখন তৰি ল'লে। লাহেকৈ তাই অজয়ৰ ওচৰলৈ বুলি ওলাই গ'ল।


"সোমাই আহা!"


     অঞ্জনাৰ ভৰিৰ শব্দ শুনি অজয়ে ৰুমৰ পৰা মাত লগালে। অঞ্জনা সোমাই গ'ল। অজয়ে বিচনাত এনেইয়ে পৰি আছে।


"টোপনি আহিছে যদি শোৱক!"


"নাই অহা। চাওঁ এইখিনিলে আহা। অচিনাকী মানুহৰ দৰে কৰিছা যে!"


     অজয়ে হাতত ধৰি অলপ কাষলৈ টানি আনিলে তাইক। এপলক তাইৰ ফালে চাই থাকিল। কিমান দিন যে দেখা নাই তাইক!! বিচনাৰ পৰা উঠি গৈ অলপ আঁতৰৰ পৰা অঞ্জনাৰ সন্মুখৰ ফালে থিয় হৈ আকৌ চালেগৈ তাইক।


     এনেকৈ জানো ভালপোৱা হ'ব পাৰে,

দুদিনতে?? পাৰে পাৰে, কিয় নোৱাৰে।


     ভালপোৱা হ'বলৈ মানুহক এক যুগ নালাগে।

     সচাঁ ভালপোৱা এক মুহূৰ্ততে হ'ব পাৰে।

     দুখন হৃদয় খন্তেকতে অভিন্ন হ'ব পাৰে।


     সেয়ে হয়তো আজিকালিৰ ভালপোৱাই শব্দৰে উলংগ হ'বলৈও ভয় নকৰে, লাজ নকৰে। অজয়ে নাজানে আৰু এইবোৰ জানিব‌ও নোখোজে।


"এনেকৈ কি চাই আছে?"


"তোমাক। ইমানদিনৰ মূৰত যে লগ পাইছো! ৰ'বা, ভালকৈ চাই ল'বলৈ দিয়া!!"


"লাজ লাগে।"


"মোলৈও লাজ লাগেনে?"


"উম।"


     অজয় আহি অঞ্জনাৰ কাষত বহিল। অঞ্জনাক বুকুত সামৰি ল'লে। অঞ্জনাই কান্দি উঠিল। কপালত তাইক এটা চুমা আঁকি দিলে। অঞ্জনাৰ উচুপনি দুগুণে বাঢ়িল।


"নাকান্দিবা আৰু। এতিয়াৰ পৰা আৰু এৰা-এৰি নহ‌ওঁ।"


"সময়বোৰে বাৰু মোক কিয় ইমান কষ্ট দিয়ে ক‌ওকচোন?? মোৰ ভাল লগা আৰু ভাল পোৱাবোৰ কাহানিও পাই পোৱা নাই। কিন্তু আপুনাৰ অনুপস্হিতিত কিমান কষ্টৰে সময়বোৰ গৈছিল ক'ব নোৱাৰোঁ ম‌ই। প্ৰতিটো ক্ষণেই এটা যুগৰ দৰে লাগিছিল…!!"


"কেতিয়াবা কিছুমান সময়ক উপভোগ কৰিবৰ বাবে ভাল লগা আৰু ভালপোৱা বোৰৰ পৰা আঁতৰি থকাতো প্ৰয়োজন। তেতিয়াহে প্ৰকৃত সুখৰ অনুভৱ কৰিব পাৰি; অঞ্জনা।"


"তথাপি বেয়া লাগে মোৰ!"


     আঁতৰি আহিল অঞ্জনা এইবাৰ অজয়ৰ বুকুৰ পৰা।


"মানুহজন ইমান জধলা হৈ আছে যে! ভালকৈ থাকিবলৈ কৈছিলো তাকো পাহৰিলে?"


"নাই পাহৰা। তোমাৰ কাষলৈ আহিছো যে আজি; তুমি ধুনীয়া কৰি দিবা বুলি জানো। সেয়ে জধলাকৈয়ে আহিলো।"  -দুয়ো হাঁহি উঠিলে।


"কিবা অসুবিধা পাইছা নেকি ইয়াত?"  -অজয়ে সুধিলে।


"নাই পোৱা এতিয়ালৈকে।"


     হত্যা কৰা কথাটো অজয়ক কম বুলিও ক'ব নোৱাৰিলে অঞ্জনাই।


"অফিচৰ বন্ধ এদিনত ক'ৰবাত লগ হ'ম বুলি ভাবিছো; তোমাক ধেৰ ক'ব লগা আছে।"


"হ'ব যাম বাৰু। খবৰটো জনাব আগতিয়াকৈ।"


     অজয়ে পুনৰ তাইৰ কাষলৈ গৈ কঁকালত ধৰি তাৰ কাষলৈ চপাই আনিলে।


"কথা এটা ক‌ওঁ?"


"ক‌ওঁক!"


"সেই যে লিপ কিছ্ নে কি, সেইয়া পাম নেকি?"  -অজয়ে হাঁহি হাঁহি ক'লে।


"নাই নাপাব নহয়।"


     আৰু অলপ কাষলৈ চপাই আনিলে তাইক। অজয়ৰ শৰীৰৰ উত্তাপত নিজকে সংযত কৰিবলৈ যত্ন কৰিলে তাই।


"কি হ'ল?"


"নাইতো; কি হোৱা দেখিলে!"


     অঞ্জনাই তাৰ নিজৰ গাৰ কাপোৰখিনি ঠিকে আছেনে আৰু এবাৰ চালে।


"গম পাইছো। চাওঁ আৰু অলপ কাষলৈ চপা‌ওঁ মোৰ জীউটোক!"


     অজ‌য়ে আৰু টানকৈ ধৰি চপাই আনিলে তাইক। অঞ্জনাৰ বুকুখনে ঘন ঘনকৈ উঠা-নমা কৰিলে। অজয়ে অঞ্জনাৰ সজল চকুযুৰি হেঁপাহ পলোৱাই চাইছে। তাই লাজতে তলমূৰ কৰি আছে।


"এই, কথা এটা সোধোনে?"


"কি?"


"লাজ কৰিবা!"


"আগতে ক‌ওকচোন?"  -অঞ্জনাই সুধিলে।


"শৰীৰৰ মিলনৰ অবিহনে সংসাৰ নহয় নেকি?? সঁচা কথা ক'বা।"


"আনৰ কথা নাজানো। মোক মাত্ৰ মানসিক শান্তি আৰু বহুত বেছি সঁচা ভালপোৱা দিলেই ম‌ই সুখী।"


"শাৰীৰিক মিলন?"


"এইবোৰ সকলো নিজৰ ওপৰত নিৰ্ভৰ কৰে। একেবাৰেই ন'হলেও হয় বুলিও ক'ব নোৱাৰোঁ। কম-বেছি পৰিমানে হয়তো এই অংশৰো এক ডাঙৰ প্ৰয়োজন আছে।"


"তুমিও তাৰ ব্যতিক্ৰম নহয়?"


"কিয় সুধিছে এইবোৰ?"  -অঞ্জনাই প্ৰশ্নবোধক দৃষ্টিৰে অজয়লৈ চালে।


"জানিবৰ মন গ'ল।"


"হ'ব দিয়ক, মোৰ কথা কোৱা নাই। মোক মাত্ৰ সঁচা হৃদয় থকা এজন চৰিত্ৰবান মানুহ লাগে। য'ত ম‌ই আজীৱন নিজৰ ইচ্ছাৰে বুকুত মূৰ গুজি কান্দিব পাৰোঁ, প্ৰতিটো কথাই বিনা সংকোচে ক'ব পাৰোঁ, তেনে এজন পালেই হ'ল। এইয়া কেৱল হয়তো ম‌ইয়েই নহয়, প্ৰতিগৰাকী নাৰীয়েই বিচাৰে; এ‌ইয়া হ'লে শৰীৰৰ দাবীবোৰ গৌণ হৈ পৰে। আই থিংক, ম‌ই ভাবো!!"


"বিয়া হোৱাৰে পৰা যদি শাৰীৰিক মিলন নহয়েই তেন্তে? সেইখন সংসাৰ তেন্তে সংসাৰ হৈয়ে থাকিব জানো?"


"বুজা-পৰা হ'লে সকলো সম্ভৱ। কিন্তু সচাঁ মৰম নিতান্ত‌ই প্ৰয়োজন। এইবোৰ কথা যে ইমানকৈ সুধিছে আজি কিয় আ...পুনি??"


"নাই, নাৰীৰ হেঁপাহবোৰ জানিবৰ মন গ'ল।"


"শোৱক নহ'লে, ম‌ইয়ো যাওঁ। চাওঁ এৰক, ইমান যোৰত ধৰিছা এৰিব নাই পৰা!!"


     অঞ্জনাক এৰি দিলে অজ‌য়ে। তাই ৰুমলৈ গ'লগৈ। অজয়ো লাইট অফ কৰি বিচনাত পৰি টোপনি যাবৰ যত্ন কৰিলে।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -
             Read Now :

নৱম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Assamese Love Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment